অলিভাৰৰ কাহিনী

ডঃ অভিজিত কুমাৰ দত্ত

জীৱ–জন্তুৰ সাধুকথাসমূহ পঢ়িলে অথবা সিহঁতৰ জীৱনৰ ওপৰত নির্মিত কথাছবিসমূহ চালেই আমি যেন বেলেগ পৃথিৱী এখনতহে সোমাই পৰোঁ ৷ জীৱ–জন্তুৰ আচাৰ–ব্যৱহাৰ অথবা সিহঁতৰ স্বকীয় চৰিত্রই আমাক মুগ্ধ কৰি তোলে ৷ সেয়া লাগিলে চৰাই এটাৰ কাহিনীয়েহ হওক, অথবা বাঘ, সিংহ বা ভালুক এটাৰেই কথা হওক ৷ এইক্ষেত্রত  ৰুডয়ার্ড কিপলিঙৰ The Jungle Book নামৰ গ্রন্থখন অথবা গ্রন্থখনৰ আধাৰত নির্মাণ কৰা একে নামৰ কথাছবিখনৰ কথা আমি উনুকিয়াব পাৰোঁ ৷ একেদৰে আমি উল্লেখ কৰিব পাৰোঁ ‘Rise of the Planet of the Apes’, ‘Planet of the Apes’, ’Dawn of the Planet of the Apes’  আদি চলচিচত্রসমূহৰ কথা ৷ এইসমূহ কথাছবিসমূহৰ মূল চৰিত্র চিজাৰ নামৰ চিম্পাঞ্জীটোৰ প্রতি আমি দৰদ অনুভৱ কৰোঁ৷ চিজাৰ আৰু তাৰ লগৰীয়াসকলৰ আলৈ–আথানি দেখি আমি ব্যথিত হৈ পৰোঁ ৷  একেদৰে চিজাৰৰ ঘোঁৰা চালনাই আমাক ৰোমাঞ্চিত কৰি তোলে ৷ স্বাধীনমনা চিজাৰৰ স্বাধীনতাৰ সংগ্রামখনলৈ আমিও যেন পূর্ণ সমর্থন আগববাওঁ ছবিসমূহ চোৱাৰ সময়ত ৷

ৰূপকথাৰ নায়ক চিজাৰৰ দৰেই বিশ্বৰ আন এটি চিম্পাঞ্জী হল অলিভাৰ ৷ এই অলিভাৰ আকৌ এটা আচল চিম্পাঞ্জী৷ যদিও চিজাৰৰ দৰে অলিভাৰৰ জীৱনটো ৰোমাঞ্চেৰে ভৰপূৰ নহয়, তথাপি অলিভাৰৰ জীৱনশৈলী, তাৰ বুদ্ধিমত্তা, অলিভাৰৰ নাৰীৰ প্রতি থকা আকর্ষণ তথা তাৰ খোজকাৰ অভ্যাস আদি লৈ ইতিমধ্যে বিশ্বত যথেষ্ট আলোচনা হৈছে ৷ সেই অলিভাৰৰ জীৱনগাথাই এই লেখাটোৰ বিষয়বস্তু হিচাপে নির্বাচন কৰা হৈছে ৷

আনুমানিক ১৯৫৭ চনত অলিভাৰৰ জন্ম হৈছিল ৷ কংগো অৰণ্যত এদিনাখন অলিভাৰক কৰায়ত্ত কৰা হল৷ চিম্পাঞ্জীটোক প্রশিক্ষণ দিয়াৰ দায়িত্ব অর্পণ কৰা হল প্রশিক্ষক ফ্রেংক আৰু জেনেট বার্জাৰৰ ওপৰত ৷

ফ্রেংক আৰু জেনেটে অলিভাৰক লগ পাই আচৰিত হল ৷ ইয়াৰ কাৰণ হল অলিভাৰৰ খোজ কা ভংগী আৰু তাৰ মুখৰ অৱয়ব ৷ আনবোৰ চিম্পাঞ্জীতকৈ ইয়াৰ মুখখনৰ মানুহৰ মুখৰ সতে অধিক মিল আছে ৷ আনহাতে আনবোৰ চিম্পাঞ্জীয়ে খোজ কাৰ সময়ত আগফালৰ ভৰি দুটাৰো সহায় লয় যদিও অলিভাৰে দেহা পোন কৰি মানুহৰ দৰেই খোজ কাঢ়ে ৷ অলিভাৰৰ গতি–প্রকৃতি দেখি বহুতে আকৌ অলিভাৰ মানুহ আৰু চিম্পাঞ্জীৰ বর্ণসংকৰ বুলি ভাবিবলৈ আৰম্ভ কৰিলে ৷ ফ্রেংক আৰু জেনেটেও অলিভাৰক চিম্পাঞ্জীতকৈ আন কিবা জীৱ বুলিহে গণ্য কৰিবলৈ ধৰিলে ৷

অলিভাৰৰ চৰিত্রৰ সকলোতকৈ আমোদজনক দিশটো আছিল নাৰীৰ প্রতি থকা তাৰ তীব্র আসক্তি ৷ অলিভাৰে মাইকী চিম্পাঞ্জীক লৈ তিলমানো সময়ৰ অপব্যৱহাৰ নকৰে ৷ মানে মাইকী চিম্পাঞ্জীৰ প্রতি সি একেবাৰে আসক্ত নহয় ৷ পিছে নাৰীৰ প্রতি অলিভাৰ প্রায়েহ আকর্ষিত হয় ৷

তেতিয়া অলিভাৰৰ বয়স ষোল্ল বছৰ ৷ অলিভাৰৰ প্রশিক্ষক জেনেট অর্থাৎ ফ্রেংকৰ সহধর্মিণীৰ প্রতি সি আকর্ষিত হল ৷ লাহে লাহে জেনেটৰ প্রতি অলিভাৰৰ প্রেম উথলি উঠিল ৷ পৰিস্থিতি এনে হল যে অলিভাৰৰ বাবে জেনেটে চলা–ফিৰা কৰাও বাদ দিবলগীয়া অৱস্থা এটাৰ সৃষ্টি হল ৷ উপায় নাপাই ফ্রেংক আৰু জেনেটে এসময়ত অলিভাৰক নিউয়র্কৰ এটর্নী মাহকেল মিলাৰৰ হাতত অর্পণ কৰিলে ৷

১৯৭৭ চনত মাইকেল মিলাৰে অলিভাৰক ৰাল্ফ হেলফাৰ নামৰ মানুহজনৰ হাতত গতালে ৷ হেলফাৰ আছিল কেলিফর্নিয়াৰ সৰু উদ্যান এখনৰ গৰাকী ৷ এই উদ্যানখনতেই অলিভাৰৰ প্রদর্শনৰ ব্যৱস্থা কৰা হল ৷ পিছে এই ঠাইতো অলিভাৰৰ ভাত নিমিলিল ৷ এইবাৰ অলিভাৰক বিক্রী কৰি দিয়া হল কেন ডেক্রুৰ বন্যপ্রাণী প্রশিক্ষণ কেন্দ্রলৈ ৷

লাহে লাহে অলিভাৰৰ ওপৰত সমগ্র বিশ্বৰ দৃষ্টি নিবদ্ধ হল ৷ অলিভাৰৰ ব্যৱহাৰ তথা তাৰ গাত থকা মানুহৰ চৰিত্রৰ বাবে অলিভাৰৰ কথা সংবাদ মাধ্যমতো আলোচনা হল ৷ বিখ্যাত সংবাদপত্র দ্য লছ এঞ্জেলছ টাহমছত  অলিভাৰৰ মানুহৰ সতে থকা সম্পর্ক সম্বন্ধে বিভিন্ন লেখা প্রকাশিত হল ৷ বহুজন লেখকে অলিভাৰ আৰু মানুহৰ মাজত থকা সম্পর্কটো সম্পর্কীয় অধিক তথ্য সংগ্রহ কৰাৰ উদ্দেশ্যে অলিভাৰৰ ওপৰত অধ্যয়ন কৰাত লাগিল ৷ বহুজনে আকৌ অলিভাৰক এটি নতুন প্রজাতিৰ চিম্পাঞ্জী বুলিও অভিহিত কৰিলে ৷ এনেদৰে অলিভাৰৰ ওপৰত বিভিন্ন আলোচনা তথা অধ্যয়নৰ সূচনা হল ৷

এহফালে কেন ডেক্রুৰ বন্যপ্রাণী প্রশিক্ষণ কেন্দ্রত জীৱন নির্বাহ কৰিবলৈ আৰম্ভ কৰা অলিভাৰক ১৯৮৫ চনত আকৌ বিক্রী কৰি দিয়া হল ৷ এইবাৰ অলিভাৰৰ মালিকীস্বত্ব লাভ কৰিলে বন্যপ্রাণী প্রশিক্ষক বিল ৰিভাৰছে ৷ পিছে অলিভাৰৰ বাবে বিল ৰিভাৰছৰ প্রশিক্ষণ কেন্দ্রত জীৱন নির্বাহ কৰা অসম্ভৱ হৈ পৰিল ৷ এই প্রশিক্ষণ কেন্দ্রতো অলিভাৰৰ আচৰিত জীৱনশৈলীয়ে তাক আনবোৰ চিম্পাঞ্জীৰ সতে জীৱন নির্বাহ কৰিবলৈ অনুমতি নিদিলে ৷ যিহেতু অলিভাৰে অন্যান্য চিম্পাঞ্জীৰ সতে মিলামিছা নকৰে, তেনেস্থলত অলিভাৰক পোহপাল আৰু প্রশিক্ষণ দিয়াৰ ক্ষেত্রত বিল ৰিভাৰছ যথেষ্ট সমস্যাৰ সন্মুখীন হল ৷

অলিভাৰক আকৌ বিক্রী কৰি দিয়া হল৷ এইবাৰ অলিভাৰৰ নতুন ঠিকনা হল পেনচেলভানিয়াৰ পৰীক্ষাগাৰ এটা৷ উল্লেখযোগ্য যে বাকচ্চায়াৰ কর্পৰেচন নামৰ এহ পৰীক্ষাগাৰটোত জীৱ–জন্তুৰ ওপৰত বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলোৱা হয় ৷  পৰীক্ষাগাৰটোত প্রায় ন বছৰ অলিভাৰৰ ওপৰত বিভিন্ন পৰীক্ষা–নিৰীক্ষা কৰা হল ৷ পৰীক্ষাৰ অন্তত সাধাৰণ চিম্পাঞ্জী এটাৰ দেহত থকাৰ দৰেই অলিভাৰৰ দেহতো আঠচল্লিশডাল ক্রমজমৰ উপস্থিতি ধৰা পৰিল ৷ হয়াৰ লগে লগে অলিভাৰৰ জীৱন ধাৰণৰ প্রণালী অথবা তাৰ মুখৰ অৱয়ব লৈ চলি থকা প্ৰশ্নসমূহৰো সঠিক উত্তৰ এটা ওলাল ৷ অলিভাৰ যে এটি চিম্পাঞ্জীহে আৰু ইয়াৰ সতে মানুহৰ যে কোনো মিল নাই, সেই কথাটোও সকলোৰে বোধগম্য হল ৷

পৰীক্ষাগাৰৰ কামত অনভ্যস্ত আলিভাৰে এই সুদীর্ঘ সময় এটা সৰু সঁজাৰ ভিতৰত কটাবলগীয়া হল ৷ ইয়াৰ ফলত অলিভাৰৰ দেহটোত শাৰীৰিক বিসংগতি আৰম্ভ হল ৷  ১৯৯৬ চনত‘Primarily Primates’ নামৰ সংৰক্ষিত বনাঞ্চলখনৰ কর্তৃপক্ষৰ অনুৰোধৰ প্রতি সঁহাৰি জনাই অলিভাৰক বনাঞ্চলখনলৈ স্থানান্তৰিত কৰা হল ৷ পৰীক্ষাগাৰত থকা আন তেৰটা চিম্পাঞ্জীৰ সতে অলিভাৰো গৈ সেই সংৰক্ষিত বনাঞ্চলত সোমাল ৷

লাহে লাহে অলিভাৰৰ দেহা পৰি আহিল ৷ বন্যপ্রাণীৰ যতন লোৱা ব্যক্তি লি থেইছেন–ৱাটে অলিভাৰৰ চোৱা–চিতা কৰাৰ দায়িত্বত ন্যস্ত হল ৷ অৱশ্যে পিছলৈ অলিভাৰক চোৱা–চিতা কৰিবলৈ ললে এৰিক টার্টন আৰু প্রিচচিলা ফেৰাৰচে নেতৃত্ব দিয়া সমিতি এখনে ৷

লাহে লাহে অলিভাৰৰ বয়স বাঢ়ি আহিল ৷ আনহাতে পৰীক্ষাগাৰত সৰু সজা এটাত বহুদিন কটোৱা বাবে হাড়ৰ বেমাৰকেই ধৰি সি বিভিন্ন বেমাৰত আক্রান্ত হৈ পৰিল ৷ সাধাৰণতে আন চিম্পাঞ্জীৰ সংগ পছন্দ নকৰা অলিভাৰক চোৱাচিতা কৰাৰ সমিতিখন সমস্যাৰ সন্মুখীন হল ৷ অলিভাৰৰ দৃষ্টিশক্তিও লোপ পালে ৷ বহু গুণাগঁথা কৰাৰ পিছতে অলিভাৰৰ সতে ৰেইচিন নামৰ এটা মাহকী চিম্পাঞ্জীক থাকিবলৈ দিয়া হল ৷ হয়তো অলিভাৰেও তাৰ যে জীৱনটো টুটি আহিছে, সেয়া অনুভৱ কৰি জীৱনত প্রথমবাৰৰ বাবে আন এটা চিম্পাঞ্জীৰ সতে সহবাস কৰিবলৈ ললে ৷

দিনটো আছিল ২০১২ চনৰ জুন মাহৰ ২ তাৰিখ ৷  ৰেইচিনৰ কাষতেই শুই থকা অলিভাৰৰ টোপনিতেহ মৃত্যু ঘটিল ৷ তেতিয়া অলিভাৰ বয়স ৫৫ বছৰ ৷ অলিভাৰৰ মৃত্যুৰ পিছত অলিভাৰৰ দেহটো চিতাত তুলি দিয়া হল ৷ অলিভাৰ দেহটো ছাইলৈ সলনি হল ৷ সেহ ছাই সংৰক্ষিত বনাঞ্চলখনত ছটিয়াই দি অলিভাৰক সঁৱৰিলে বনাঞ্চল কর্তৃপক্ষই ৷ এনেদৰেই জীৱনৰ সমাপ্তি ঘটিল অলিভাৰ নামৰ বহু চর্চিত চিম্পাঞ্জীটোৰ ৷

ফোনঃ ৮৬৩৮৩-৮১৮০১

You might also like
Leave A Reply

Your email address will not be published.