সাজপাৰতে প্রকাশ পায় ব্যক্তিত্ব

মনটি ধ্যানী

প্রতিগৰাকী মানুহেই নিজৰ সামর্থ্য অনুযায়ী সকলোতকৈ ধুনীয়া, আধুনিক তথা আকর্ষণীয় পোছাক এযোৰেই পিন্ধিবলৈ আগ্রহ কৰে ৷ সেয়ে আমি আমাৰ উপার্জনৰ এটা মোটা পৰিমাণেই সাজ–পোছাক ক্রয় কৰাত ব্যয় কৰিবলৈ কুণ্ঠবোধ নকৰোঁ ৷ আমি পিন্ধা সাজযোৰাই আমাৰ বাহ্যিক ব্যক্তিত্বক প্রকাশ কৰাত সহায় কৰে ৷ সেয়ে স্থান, কাল আৰু পৰিৱেশসাপেক্ষে কেনে সাজপাৰ পৰিধান কৰিলে নিজৰ ব্যক্তিত্বক সুন্দৰকৈ ফুটাহ তুলিব পাৰি, তাকে চমুকৈ আলোচনা কৰিব লৈছোঁ ৷ আজিৰ আলোচনাৰ বিষয় হব, অফিচত পিন্ধা সাজপাৰ চয়ন কৰোঁতে আমি কেনেবোৰ বিষয় মন কৰিব লাগে ৷

চাকৰিয়াল ব্যক্তি এগৰাকীৰ দিনটোৰ অধিকাংশ সময় অফিচতে পাৰ হয়, যত তেওঁৰ প্রতিভা, দক্ষতাৰ বাহিৰেও দেখনিয়াৰ ব্যক্তিত্বই তেওঁৰ চাকৰিয়াল জীৱনৰ কর্মৰত সময় তথা ভৱিষ্যৎ পদোন্নতিতো প্রভাৱ পেলায় ৷ পৰিপাটী সুন্দৰ সুস্বাহ্য ব্যক্তিত্বই সকলোকে অতি সহজে আকর্ষিত কৰিব পাৰে ৷ অফিচত পিন্ধা পোছাকযোৰ সচৰাচতে সহজ–সৰল হোৱাৰ লগতে এগৰাকী ব্যক্তিৰ উচ্চ চিন্তাধাৰা, গহীন গম্ভীৰ আৰু তীক্ষ্ণ ব্যক্তিত্বক প্রদর্শন কৰি আন দহজনতকৈ বেলেগ এক সুকীয়া পৰিচয় দিব পৰা হব লাগে ৷

পুৰুষ এজনৰ ক্ষেত্রত বগা, আকাশীনীলা, ধোঁৱা ৰং আদি পাতল ৰঙৰ ছার্ট চয়ন কৰিব লাগে ৷ কলা, মাটিয়া বা ধোঁৱা বৰণীয়া ৰেগুলাৰ ফিটিং পেণ্ট পিন্ধিব পাৰে ৷ এক ৰঙৰ, মিহি মিহি লাইন থকা বা চেক থকা কাপোৰৰ ছার্ট পিন্ধিব, বেছি উগ্র চকুত লগা ৰং বা পেটার্নৰ  কাপোৰ অফিচত কেতিয়াও নিপিন্ধিব ৷

টাই পিন্ধাটো যদি ৰুচিসন্মত বা বাধ্যতামূলক তেনেহলে অফিচত পিন্ধা টাহকেইডাল এক ৰঙৰ, ষ্ট্রিপড, সৰু সৰু আর্হিৰে ডিজাইন কৰা হব লাগে, অফিচত পিন্ধা টাই আৰু বিয়া–সবাহত পিন্ধা টাই কেতিয়াও একে হব নোৱাৰে ৷

ঠাণ্ডা দিনত কোট বা সৰল আর্হিৰ ছুৱেটাৰ পিন্ধিব, কিন্তু এটা চামৰাৰ বা জীন্ছৰ জেকেট অফিচত কেতিয়াও নিপিন্ধিব ৷

এযোৰ ফর্মেল জোতা পেণ্টৰ ৰঙৰ লগত মিলাকৈ কলা বা মাটিয়া ৰঙৰ পিন্ধিলে বেছ আকর্ষণীয় লাগিব ৷

অফিচত পিন্ধা কাপোৰসাজ সঠিক ৰং আর্হিৰ হোৱাৰ লগতে চাফ–চিকুণ পৰিপাটীকৈ ইস্ত্রি কৰি লোৱা হবই লাগে ৷ পুৱা অফিচ ওলাই যোৱাপৰত লৰালৰিকৈ জধেমধে কিবা এযোৰ কাপোৰ পিন্ধি যোৱাতকৈ আগ দিনা ৰাতিতে সকলোখিনি পৰিপাটীকৈ যুগুতাই ৰখাৰ অভ্যাস কৰক ৷

ডাঢ়ি–চুলি নিয়মীয়াকৈ কাটিবলৈ কেতিয়াও নাপাহৰিব৷ এখন বগা নিকা ৰুমাল সদায় আপোনাৰ লগত ৰাখিব আৰু মহিলা এগৰাকীৰ ক্ষেত্রত অফিচত পিন্ধা কাপোৰ বুলিলে সচৰাচতে মেখেলা–চাদৰ, শাৰী বা চুৰিদাৰ, চেলোৱাৰ কুর্টা আদি পাৰম্পৰিক সাজ–পোছাকৰ কথাই মনলৈ আহে যদিও বর্তমানৰ আধুনিক ৰুচিৰ লগত মিলাই ট্ৰাউজাৰ, স্কার্ট আদিও পিন্ধিব পাৰি ৷ জীন্চ পেণ্ট, ফ্রক, দীঘল স্কার্ট, কেপৰি পেণ্টজাতীয় সাধাৰণতে পিন্ধা কাপোৰবোৰ অফিচৰ সাজপাৰৰ তালিকাৰ পৰা আঁতৰাই ৰখাই ভাল ৷

অফিচত পিন্ধা কাপোৰসাজ চয়ন কৰোঁতে সদায় মনত ৰখা উচিত যে আপোনাৰ সাজযোৰাই আপোনাৰ মার্জিত গধুৰ ব্যক্তিত্বক যাতে সকলোৰে আগত ফুটাই তুলিব পাৰে ৷

মহিলাৰ ক্ষেত্রত অফিচত পিন্ধা সাজপাৰৰ ৰং কেনেকুৱা হব লাগে সেইটোত বৰ বেছি দৰকাৰী বিষয় যেন মোৰ নালাগে ৷ মন কৰিব লগা কথাখিনি হল, ৰং অতিপাত উগ্র হব নালাগে, চকমকীয়া ফুলাম আর্হিৰ পোছাক যিমান পাৰি আঁতৰাহ ৰাখক, আৰু বহুত দামী জাকতজিলিকা সাজযোৰ অফিচত পিন্ধাতকৈ বিয়া–সকামৰ বাবে সাঁচি ৰাখক ৷ অফিচত পিন্ধা কাপোৰসাজ সাধাৰণতে অতি সৰল আর্হিৰ আৰু সহজে ঘূৰাপকা কৰিব পৰা আৰামদায়ক হোৱাটোও অতি আৱশ্যকীয় ৷

ওখ চেণ্ডেল বা জোতা পিন্ধি গোটেহ দিনটো অফিচত পাৰ কৰাটো অসুবিধাজনক হোৱাৰ উপৰি অস্বাহ্যসন্মত, সেয়ে সমতল বা সামান্য ওখ চেণ্ডেল, পামচু, ৰাজস্থানী জ্যোতি আদি অফিচৰ বাবে পিন্ধা ভাল ৷  বহুত আ–লংকাৰ পিন্ধাতকৈ অতি সাধাৰণ কিন্তু সাজযোৰৰ লগত মিলি যোৱাকৈ দুই এপদ গহনা পিন্ধিব পাৰে, উদাহৰণস্বৰূপে, কপাহী হাতে বোৱা পাতল ৰঙৰ শাৰী এখনৰ লগত কলাৰ লগোৱা প্রিণ্টেডব্লাউজ পিন্ধিলে ডিঙিত অলপ গধুৰ অক্সিডাইজড ছিলভাৰ গহনা এপদ পিন্ধিব পাৰি ৷ এটা কথা মন কৰিব, ডিঙিত গধুৰ অলংকাৰ পিন্ধিলে কাণফুলিযোৰ সদায় একেবাৰে সৰু আৰু সাধাৰণ হব লাগে ৷

এটা সুন্দৰ আর্হিৰ বেগে সকলোৰে দৃষ্টি আকর্ষণ কৰিব পাৰে ৷ অফিচলৈ নিয়া বেগটো আহল–বহল, কিন্তু সহজে লৈ ফুৰিব পৰা এক ৰঙৰ সহজ আর্হিৰ হব লাগে ৷ অফিচ বেগটো কিনোতে দুটকা বেছি ভৰি হলেও পাৰিলে ভাল কোম্পানীৰ বেগ এটা কিনিব লাগে ৷

চুলি যদি চুটিকৈ কটা তেনেহলে পৰিপাটীকৈ কটোৱাহ ৰাখিব আৰু যদিহে দীঘল তেনেহলে পৰাপক্ষত যিমান দূৰ সম্ভৱ খোপা বা বেণী গাঁঠি ৰাখিবলৈ যত্ন কৰিব ৷ অফিচৰ সাজপাৰৰ লগত সামান্য মেকআপ কৰিলে মনোমোহা, আকর্ষণীয় লগাৰ লগতে ব্যক্তিগৰাকীৰ আত্মবিশ্বাস বৃদ্ধি পাব, কিন্তু অফিচ যাওঁতে কেতিয়াও উগ্র মেকআপ কৰাৰ ভুল নকৰিব ৷

এজন ব্যক্তিৰ ব্যৱহাৰে ব্যক্তিজনৰ আভ্যন্তৰীণ পৰিচয় ফুটাই তোলে আৰু সাজ–পোছাকৰ ধৰণ–কৰণে ব্যক্তিজনৰ চিন্তাধাৰাৰ বাহ্যিক ৰূপ প্রদর্শন কৰে ৷

You might also like
Leave A Reply

Your email address will not be published.