নৃত্যৰ ছন্দত গঢ়া জীৱন–কাব্য

চন ১৯৪৭, স্থান পাঠশালা৷ লক্ষ্য এখন নাটক৷ শংকৰদেৱৰ ৰামবিজয় অংকীয়া নাটখন মঞ্চস্থ হব অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত৷ নাটখনত ৰামৰ চৰিত্র ৰূপায়ণ কৰিব ৰামকৃষ্ণ তালুকদাৰে আৰু সীতাৰ চৰিত্র ৰূপায়ণ কৰিব ৰুমী বর্মনে৷ নাটক মঞ্চস্থ হল৷ ৰাম–সীতাৰ অভিনয়ক ৰাইজে বাঃ বাঃ দিলে৷ উক্ত নাটকখনৰ জৰিয়তে প্রথম পৰিচয় ঘটিছিল ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমী বর্মনৰ৷ কিন্তু ৰাম–সীতাৰ কাল্পনিক যুটি কালৰ সোঁতত জীৱন নাটতো যে সঁচা হব, সেই কথা হয়তো তেতিয়া সপোনৰো অগোচৰ আছিল৷ কিন্তু বিধাতাই যেন তেওঁলোকৰ যুটি ঠিক কৰি থৈছিল৷ কোৱা হয় আমি কোনেও কাকো অকাৰণে লগ নাপাওঁ৷ ইয়াৰ অন্তৰালত নিষ্চয় কিবা এটা কাৰণ থাকে৷ অভিনয়ৰ জৰিয়তে ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমী বর্মনৰ চিনা–পৰিচয় হৈছিল যদিও সত্রীয়া নৃত্যৰ প্রতি থকা প্রবল হাবিয়াসেহে দুয়োকে একত্রিত কৰিছিল৷
ৰামকৃষ্ণ তালুকদাৰ সত্রীয়া সংসৃক্তিৰ জগতখনৰ এক উজ্জ্বল নক্ষত্র৷ নৃত্য–কলাকে নিজৰ জীৱনৰ অবিচেছদ্য অংগৰূপে গণ্য কৰা ৰামকৃষ্ণ তালুকদাৰৰ জন্ম হৈছিল ১৯৬৩ চনৰ ৪ ছেপ্ঢেম্বৰত বৰপেটা জিলাৰ পাঠশালাৰ নিকটৱর্তী বামাখাটা গাঁৱত৷ লোকগীতৰ প্রবীণ শিল্পী গজেন্দ্র নাথ তালুকদাৰ আৰু মাতৃ ধনেশ্বৰী তালুকদাৰৰ চতুর্থ পুত্র ৰামকৃষ্ণ তালুকদাৰ৷ সৰুৰে পৰা বামাখাটা সত্রৰ সাত্ত্বিক পৰিৱেশৰ মাজত ডাঙৰ–দীঘল হোৱা তালুকদাৰে সত্রীয়া নৃত্যৰ প্রতি আকর্ষিত হয়৷ পিতৃ–মাতৃৰ পৰাই তেওঁ এই নৃত্যৰ প্রাথমিক শিক্ষা লাভ কৰিছিল৷ বাল্যকালতে তেওঁ সত্রীয়া নৃত্যৰ প্রশিক্ষণ লাভ কৰে৷ এই নৃত্যৰ শুদ্ধ প্রণালীবদ্ধ শিক্ষা লোৱাৰ উদ্দেশ্যে তেওঁ গুৱাহাটীলৈ ঢাপলি মেলে৷ সত্রীয়া নৃত্যৰ বৈজ্ঞানিক প্রশিক্ষণৰ বাবে তেওঁ নামভর্তি কৰে অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ত৷ উল্লেখ্য, সত্রীয়া নৃত্যত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্রথম শ্রেণীৰ প্রথম স্থান লাভ কৰা অসমৰ প্রথমগৰাকী ব্যক্তি তেৱেঁই আছিল৷ নৃত্য কলাকে জীৱনৰ একমাত্র সমল হিচাপে লৈ তেওঁ আগুৱাই যাবলৈ মন মেলিলে৷ লক্ষ্ণৌ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা নৃত্য বিশাৰদ, মুম্বাইৰ অখিল ভাৰতীয় গন্ধর্ব মহাবিদ্যালয়ৰ মণ্ডলৰ পৰা নৃত্যালংকাৰ, মধ্যপ্রদেশত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ আনহাতে পত্নী ৰুমী তালুকদাৰ এগৰাকী প্রতিভাশালী নৃত্য পটীয়সী৷ কলাৰ সাধনাই দুয়োকে লাহে লাহে ওচৰ চপাই আনিছিল৷ ৰুমী তালুকদাৰৰ জন্ম হৈছিল বৰপেটাৰ পাঠশালাত৷ পেছাত তেওঁ এগৰাকী অভিনেত্রীহে আছিল যদিও ধীৰে ধীৰে সত্রীয়া নৃত্যৰ প্রতিহে তেওঁ মন ঢাল খালে৷ সত্রীয়া নৃত্য প্রশিক্ষণৰ বাবে তেওঁ বৰপেটাৰ পৰা গুৱাহাটীলৈ অহা–যোৱা কৰিছিল আৰু ইয়াৰ মাজে মাজে ৰামকৃষ্ণ তালুকদাৰক লগ পাইছিল৷ তেনেদৰে কিছুদিন পাৰ হোৱাৰ পাছত দুয়োৱে অনুভৱ কৰিলে হূদয়ত মিঠা প্রেমৰ অনুভূতি৷ হূদয়ত প্রেমৰ বীজ অংকুৰিত হোৱাৰ যেন উমান পালে৷ আৱেগ–নুভূতিবোৰ আৰু অধিক তীব্রতৰ হল৷ প্রেমৰ সুগন্ধি চৌদিশে বিয়পিবলৈ আৰম্ভ কৰিলে৷ দুয়োখন ঘৰতো জনাজাত হল৷ আপত্তি বিশেষ নকৰিলে৷ প্রেমৰ শুভ পৰিণতি বিবাহ সম্পন্ন হল দুয়োৰে৷ যুগ্মজীৱনৰ পাতনি মেলিলে দুয়োৱে৷ বিয়াৰ পাছৰে পৰা ৰুমী তালুকদাৰে অভিনয়ৰ পৰা একপ্রকাৰ আঁতৰি আহি নিজকে সত্রীয়া নৃত্যত নিমজ্জিত কৰিলে৷ দুয়োৰে যুগল সত্রীয়া নৃত্যই ইতিমধ্যে দেশ–বিদেশত স্বীকৃতি লাভ কৰিলে৷ আধুনিক প্রযুক্তিবিদ্যা প্রয়োগ কৰি সত্রীয়া নৃত্যক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰা প্রথমজন ব্যক্তিয়েই হল ৰামকৃষ্ণ তালুকদাৰ৷ এই যাত্রাপথত তেখেতক পদে পদে সহায়, অনুপ্রেৰণা তথা উৎসাহ জগাই আহিছে তেওঁৰ সহধর্মিণীয়ে৷ সত্রীয়া নৃত্যতে জীৱন সমর্পণ কৰা শিল্পীজনে কিন্তু সমান্তৰালভাৱে কথক নৃত্যতো বুৎপত্তি লাভ কৰে৷ তেখেতৰ প্রেৰণাৰ অমল উৎস তথা সহধর্মিণী নৃত্য পটীয়সী ৰুমী তালুকদাৰৰ আৰু শিল্পীজনাৰ দ্বৈত প্রচেষ্টাত গগ লৈ উঠিছে নর্তন কলা নিকেতন৷ ১৯৮৭ চনত স্থাপন হোৱা নর্তন কলা নিকেতন অসমৰ চুকে–কোণে প্রসাৰতা লাভ কৰি বাৰটা শাখা কেন্দ্র মুকলি কৰে৷ নূপুৰ আৰু গুঞ্জন দুয়োগৰাকী সু–পুত্রীয়েও পিতৃ–মাতৃৰ আদর্শ সাৰোগত কৰি আগবাঢ়ি গৈছে সত্রীয়া নৃত্য জগতত৷ দুয়োৰে মাজত মতৰ অমিল হয় নেকি বুলি সোধা এক পত্রত দুয়ো একেমুখে উত্তৰ দিছিল নাই নহয়, আমি দুয়ো দুয়োকে ব্যক্তিগত স্বাধীনতাখিনি দিওঁ, কোনো কামতে হকা–বাধা নকৰোঁ৷ আমি ভাবোঁ সেইখিনি যিকোনো এহাল দম্পতীৰ ক্ষেত্রত প্রয়োজন৷ বিয়া হল বুলিয়েই নিজৰ স্বাধীনতাখিনি নাইকিয়া হব, তেনে কথা নাই৷ ইজনৰ সিজনৰ প্রতি সন্মান থাকিব লাগে আৰু যত সন্মান থাকে, তাত সম্পর্ক দৃঢ় হয়৷ এইখিনিতে দুয়ো আৰু এটা মন্তব্য কৰে যে আজিকালি লৰা–ছোৱালী খুব তীব্র, জীৱনশৈলী ক্ষিপ্র৷ গতিকে প্রেম সোনকালে হয় আৰু বেছিদিন নিটিকে৷ আগতে আমি চিঠিৰ মাধ্যমত নিজৰ মনৰ ভাব ব্যক্ত কৰিছিলোঁ৷ চিঠি এখন পাবলৈ বহুদিন অপেক্ষা কৰিছিলোঁ আৰু পালেও লুকাই–চুৰকৈ পঢ়ি আমেজ লৈছিলোঁ৷ কিন্তু আজিকালি প্রেমৰ আদান–প্রদান মবাইলৰ মাধ্যমেৰে হয় আৰু আমি ভাবোঁ এইটোৱে প্রেম, বিবাহৰ দৰে সম্বন্ধবোৰত কেৰোণ লগাইছে৷
বিবাহ এক পৱিত্র বান্ধোন৷ এই সম্পর্কৰ জৰীডাল আগুৱাই নিবলৈ স্বামী–স্ত্রীৰ মাজত নিঃস্বার্থ প্রেম, বিশ্বাস লাগিবই৷ সঁচাকৈ হাঁহি–কান্দোন, সুখ–দুখবোৰ জীৱনৰ কেনভাছত একেলগে উদ্যাপন কৰাৰ উদ্দেশ্যে এজন পুৰুষ আৰু এগৰাকী নাৰী বৈবাহিক সম্বন্ধত বান্ধ খাই পৰে৷ অকৃত্রিম আৰু নিভাঁজ আন্তৰিকতাই নিষ্চয় স্বামী–স্ত্রীৰ সম্বন্ধ আৰু অধিক সুদৃঢ় কৰি তোলে৷ ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমী তালুকদাৰৰ সংসাৰখনে সুদীর্ঘ ২২টা বছৰ অতিক্রম কৰিলে৷ নৃত্যৰ ছন্দে ছন্দে বৈবাহিক জীৱন উদ্যাপন কৰা শিল্পীজনাৰ দাম্পত্য জীৱনলৈ থাকিল আমাৰ শুভকামনা৷

বাসৱী কাশ্যপ

You might also like

Leave A Reply

Your email address will not be published.