ভ্রমণ উপযোগী এক অনাৱিষ্কৃত ৰম্যভূমিঃ দিৰাং

দিৰাং এখন পর্যটনথলী হোৱাক লৈ থকা সম্ভাৱনীয়তা সাধাৰণতে তেজপুৰ চহৰৰ পৰা টাৱাঙৰ মনোৰম সৌন্দর্য উপভোগ কৰিবলৈ যোৱা পর্যটকৰ বাবে দিৰাং ক্ষন্তেক জিৰণিৰ বাবে ৰোৱা এখন জিৰণি চৰা৷ পূব হিমালয়ৰ শুভ্র তুষাৰপাতযুক্ত পর্বতমালাৰে আবৃত সুৱর্ণ উপত্যকাত চহৰখন থিয় হৈ আছে আৰু ঠাইখনত বসবাস কৰা লোকসকলৰ অকৃত্রিম আতিসেয়তা তথা বহুতো ৰহস্য সন্ধানৰ বাবে ব্যগ্র হৈ থকা সকলক আদৰণি জনায়৷
তেজপুৰ চহৰৰ পৰা দিৰাহলৈ লৈ দূৰত্ব প্রায় দুশ কিলোমিটাৰ, পথচোৱা অতিক্রমৰ বাবে আঠ ঘণ্ঢা সময়ৰ প্রয়োজন হয়৷ চহৰৰ ধামখুমীয়াৰ পৰা আঁতৰি মানসিক শান্তি লাভৰ বাবে সেই ঠাই এখন অন্যতম পছন্দ হব পাৰে৷ অৰুণাচল প্রদেশৰ পষ্চিম কামেং জিলাত অৱস্থিত দিৰাং এক প্রশান্তিমান পর্যটনথলী৷ দিৰাং প্রাকৃতি ৰূপ, খাদ্য, ঐতিহ্য, ৰহস্যই, দুঃসাহসিক মনক প্রলুব্ধ কৰাত অলপো কৃপনালি নকৰে৷ দিৰাঙৰ মনোমোহা পৰিৱেশে আপোনাক প্রকৃতিৰ সুষমা পাণ কৰি মনোমোহা দৃশ্যাৱলীক নয়ন বৰি চাবলৈ উদ্গনি যোগাব৷ আপুনি কেৱল উপভোঘ কৰক সেই মোহনীয়তা, শব্দ আৰু বতাহৰ সোঁ–সোৱনিৰ শব্দ৷
দিৰাং চহৰত বাস কৰা লোকসকল মনপা লোকসকল বৌদ্ধ ধর্মাৱলম্বী৷ দিৰাংত দুটা বৌদ্ধ মঠ আছে৷ তাৰে এটা হল শতিকাগৰাকা খাটচুং গোম্পা যত বিৰল পুছি, থাংকাছ আৰু বেৰত থকা চিত্রসমূহে মঠটোৰ ঐতিহ্য বহন কৰিছে, আনহাতে নতুনকৈ স্থাপিত থাবচুং ডাৰগেয়ে লিং মঠটো চ্ঙ্মৰজ্জ চনত বৌদ্ধগুৰু দালাই লামাই উন্মোচন কৰে৷ এই মঠত সন্ধ্যা সময়ত কৃষ্ণৰক্তবর্ণৰ পোছাক পৰিধান কৰা বৌদ্ধ ভিক্ষুসকলৰ প্রার্থনাৰে মুখৰিত হৈ উঠে৷ সূর্যাস্তৰ সোণালী কিৰণে পর্বতৰ চডা জিলিকাই তোলাৰ লগতে সুবস্য উপত্যকাখনকো মনোৰম কৰি তোলে৷ বৌদ্ধ ভিক্ষুসকলৰ এই প্রার্থনাৰ সুৰে সেই ঠাইখনৰ মাজেৰে প্রবাহিত হৈ থকা সময়তে এক প্রশান্তিময় বতাহে আপোনাৰ মন প্রাণ আশ্পস্ত কৰি তোলে আৰু সেই মায়াময় দৃস্য উপভোগ কৰি আপোনাৰ নিজকে ভাগ্যৱান যেন লাগিব৷ ইয়াৰোপৰি এই থাৰচাং ডাবগেয়ে লিংয়ে যাৰ অর্থ হল বৌদ্ধধর্মীয় শিক্ষা বিকাশর স্থান বৌদ্ধ গুৰু দালাই লামাই এই নামকৰণ কৰিছিল দর্শনার্থীসমূহক বৌদ্ধ ধর্মৰ মতবাদ সম্পর্কে এক সম্যক ধাৰণা দিবলৈ চেষ্টা কৰাৰ উপৰি বৌদ্ধধর্মীয় প্রার্থনাসমূহ শুদ্ধকৈ আবৃত্তি কৰা তথা তিববতীয় বৌদ্ধধর্ম সম্পর্কীয় নীতি নিয়মসমূহ জনাত সহায় কৰে৷
দিৰাঙত এটা বহুখলপাযুক্ত শিলেৰে নির্মিত দালানসদৃশ গৃহ আছে যিটো দুর্গ তথা স্থানীয় প্রশাসনীয় কামকাজৰ দপ্তৰ হিচাপে ব্যৱহূত হৈছিল, যিটো দিৰাং দিজং নামে জনা যায়৷ চীনৰ আগ্রাসনৰ সময়ত এই স্থানক আশ্রয়গৃহ হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ ওচৰ পাজৰত বাস কৰা, পৰিয়াল সমূহে সেই স্থান দর্শন কৰিবলৈ অহা দর্শনার্থীসকলক একাপ চাহ, থুকপা তিববতীয় চুৰুহা আৰু গৰম গৰণ মম খাবলৈ দি আনন্দিত হয়৷ সেই ঠাইৰ স্থানীয় শিপিনীসকলে ঘৰতে তাঁতশালত বোৱা গাত লোৱা গৰম কাপোৰ তথা মেথোনৰ গাখীৰেৰে উৎপাদিত কৰা মাখনেৰে বনোৱা সুস্বাদু চালাদৰ জুতি লব পৰাটো এক অনন্য সুখ৷
সেই উপত্যকা তথা অৰণ্যসমূহ বিবিধ প্রজাতিৰ চৰাইৰ বাসস্থান যেনে ইত্যাদি চহৰখনৰ আশে পাশে বহুতো ড্রেকিং কৰা ঠাই আৰু খোজকা ঠাই আছে৷ দিৰাংচুনৈয়ে নিজৰ প্রৱাহমানতা সতে বহুতো মনোৰম বনভোজৰ থলীও সৃষ্টি কৰিছে৷ স্বচ্ছ জলধাৰাত জলকেলি কৰি থকা সৰু সৰু মাছ, ভিন্ন ভিন্ন আকৃতিৰ শিল আদিৰ সুশোভন দৃশ্যাৱলী উপভোগ কৰিবৰ বাবে যিকোনো ভ্রমণকাৰীয়েই পিকনিকৰ বাবে হওক বা অকলশৰীয়াকৈ নৈৰ নিসর্গতা পাণ কৰিব পাৰে চহৰৰ সীমাত অৱস্থিত গৰম পানীৰ উঁইত আলৌকিকতাক যেন পুনৰ জীয়াই তুলিব পাৰি৷
দিৰাঙৰ পৰা প্রায় সাত কিলোমিটাৰ দূৰৈৰ ছাংটি ভেল্লী আন এক মনোৰম ঠাই মনপা সকলৰ বাসস্থান সেইখন এখন আদর্শ গাঁও, ঠাইখন আটোমটোকাৰীকৈ সজা সৰু সৰু ঘৰ, পৰিচ্ছন্ন বাগিচা আৰু সদ্যসাসম মনপাসকলৰ ব্যৱহাৰে গাঁওখনলৈ সকলোকে আমন্ত্রণ কৰে গাঁওখন আপেল আৰু কিৱি ফুলৰ বাগিচাৰে আগুৰা শেই বাগিচাৰ গৰাকীয়ে সুস্বাদু ফলেৰে আপ্যায়িত কৰি আনন্দিত কৰে অভ্যাগতসকলক৷ নৱেম্বৰ–ডিচেম্বৰ মাহত চীন দেশৰ পৰা অবা পৰিভ্রমী চৰাইয়ে নিজৰ ঘৰ সাজি লয়৷ দিৰাংচুত বিভিন্ন প্রজাতিৰ মাছ পোৱা যায় আৰু গাঁওবাসীৰ অনুমতি সাপেক্ষে আপুনি সেই ঠাইত সুন্দৰকৈ সময় অতিবাহিত কৰিব পাৰে৷
দিৰঙৰ বজাৰসমূহত জনসমাগম তথা স্থানীয় লোকৰ সতে মতবিনিময় কৰাৰ এক উপযুক্ত স্থান৷ মই কেবাজনো বন্ধু লাভ কৰিবলৈ সক্ষম হৈছিলো সেইখন বজাৰত যিসকলে স্থানীয় হস্তকলা, চিত্রকলাৰ বেচা–কিনা কৰাৰ উপৰি নিমখযুক্ত মাখন দিয়া চাহ আৰু মম বিক্রী কৰিছিল৷ সেই ঠাইৰ চহা আৰু ধর্মীয় ভাৱাপন্ন মনপাসকলে সকলোকে ভাতৃত্বৰ ভাৱেৰে নিজৰ ঘরলৈ নি আপ্যায়ন কৰি ভাল পাইছিল আৰু তেওঁলোকৰ পৰম্পৰাগত মাংসৰ জোলত পৰিৱেশন কৰিছিল৷
দিৰাং নৈ পোৱাৰ আন এক যোগাত্মক দিশ হল যে অসমৰ পৰা ই নিচেই কাষত হোৱা বাবে কমদিনৰ ছুটী উপভোগ কৰাৰ বাবে ই ভাল অপছন৷ ইয়াৰোপৰি তালৈ যোৱাৰ খৰচৰ বাদে ঠাইখন কমখৰচী আৰু বহুতো নতুন অভিজ্ঞতা লাভৰ আকৰ৷ দিৰাঙে কম খৰচতে আনন্দৰ সময় কিছু উপহাৰ দিয়াত কাহানিও কৃপনালি নকৰে৷ দিৰাং লৈ যোৱাৰ পথঃ গুৱাহাটীৰ পৰা প্রায় চ্ঙ্ম কিলোমিটাৰ
গুৱাহাটীৰ পৰা তেজপুৰলৈ বাছ আৰু টেক্সী পচুৰভাৱে উপলব্ধ, তেজপুৰৰ পৰা দিৰাঙলৈ নিজাকৈ গাডী বুক কৰি বা টেক্সী শ্বেয়াৰ কৰিও যাব পাৰি৷
কত থাকিবঃ দিৰাঙত কিছু হোটেল আছে৷ ইয়াৰোপৰি নৰফেল ৰিষ্টিতট আৰু হোটেল পামালিং থকাৰ বাবে শ্রেষ্ঠ ঠাই৷
ক৷ ভ্রমৰ সময়ত কিছু দিহাঃ ইনাৰ লাইন পার্মিট উলিয়াই লব৷ যিখন অৰুণাচলৰ ডেপুতি ৰেছিডেণ্ঢ কমিছনাৰৰ, ৰুক্মিণীগাঁও গুৱাহাটীত উপলব্ধ৷
খ৷ ভ্রমণৰ সময়ত সৰহকৈ ঊলৰ কাপোৰ আৰু টুপী লগত ৰাখিব৷
গ৷ লগত ছানস্কিন লোচন, চানগ্লাছ, খোজকলাৰ বাবে ভাল জোতা৷ ড্রেকিং বুট নিব
ভ্রমণ কৰাৰ উপযুক্ত সময়ঃ দিৰাং ভ্রমণৰ বাবে শৰৎ, বসন্ত, শীত তিনিওটা ঋতুয়েই সুবিধাজনক৷

You might also like

Leave A Reply

Your email address will not be published.