সাগৰৰ বুকুত….

ডিচেম্বৰ মাহৰ প্রচণ্ড ঠাণ্ডাকো নেওচি পুৱাই ওলাইছোঁ টিহু ষ্টেচনলৈ বুলি৷ নিয়ৰৰ বাবে একো নেদেখি ভালকৈ, তথাপি গৈ আছোঁ৷ বাট বহু দূৰ৷ আমেৰিকা যাব লাগে৷ পিছে ফুৰিবলৈ নহয়৷ কাম কৰিবলৈহে৷
খোজকাঢ়ি গৈ থাকোঁতে পুৰণি কথাবোৰ মনত পৰিল৷ আমেৰিকা হেনো ভাৰতৰ ওলোটা ফালে৷ সৰুতে ভাবিছিলোঁ আমাৰ বিপৰীত ফালেই যদি আছে, তাত থকা মানুহবোৰৰ ভৰি ওপৰ ফালে মূৰবোৰ তলফালে হব৷ আজিৰ পৰা বিশ বছৰ আগৰ গাঁৱৰ সাধাৰণ লৰা এটাই ইয়াতকৈ বেছি ভাবিব সাধাৰণতে নোৱাৰিছিল৷
এইবোৰ ভাবি থাকোঁতে ষ্টেচন পালোঁহি৷ দুঘণ্টাৰ যাত্রা দুমাহ যেন লাগিল৷ কেতিয়া আমেৰিকা দেখা পাম কেৱল তাৰেই চিন্তা৷ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা উৰা মাৰিলোঁ চেন্নাইলৈ বুলি৷ তাত দুদিন ৰলোঁ৷ ষোল্ল ডিচেম্বৰ৷ সাধাৰণতে তাৰিখ পাহৰোঁ যদিও এই তাৰিখটো পাহৰা নাই৷ চেন্নাই আন্তর্জাতিক বিমানবন্দৰত শাৰী পাতি আছোঁ ইমিগ্রেচনৰ বাবে৷ মোৰ পাল আহিল৷ পাছপর্ট, ভিছা এইবোৰ দেখুৱালোঁ৷ কাউণ্টাৰৰ বিষয়াজনে সুধিলে চি ডি চি কত, চি ডি চি এইটো আৰু কি বিষয়াজনে মোক লাইনৰ পৰা আঁতৰাই আনিলে৷ আন দুজনমান উচ্চপদস্থ বিষয়াকো মাতিলে৷ এতিয়াহে লাগিল ভয়টো৷ কি বা হয়৷ কিছু সময় আলোচনা কৰি বিষয়াজনে যাবলৈ দিলে৷ ৰক্ষা৷ উশাহটো এতিয়া ঘূৰি আহিল৷
কাটাৰ এয়াৰৱেজৰ বিমানখনত উঠিলোঁ৷ সুন্দৰী এয়াৰহোষ্টেজকেইগৰা আদৰণি জনালে৷ মনটো এতিয়াহে অলপ ভাল লাগিল৷ খন্তেক পিছতে বিমান উৰিল৷ বিমানৰ খাদ্য সাধাৰণতে সিমান সোৱাদজনক নহয়৷ কিন্তু এয়াৰহোষ্টেজৰ আদৰ–সাদৰৰ বাবে সেই খাদ্যবোৰো ভালেই লাগিল৷
প্রায় দহ ঘণ্টা পিছত ডোহা আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰিলোঁ৷ তিনি ঘণ্টা মান পিছত আন এখন বিমানেৰে উৰা মাৰিলোঁ জর্জ বুশ্ব আন্তর্জাতিক বিমানবন্দৰ হাউষ্টনলৈ বুলি৷ তাত আগতীয়াকৈ সকলো সাজু কৰি থোৱা আছিল৷ হোটেল হোলীডে ইনত থকাৰ ব্যৱস্থা আছিল৷ বিমানবন্দৰৰ পৰা হোটেললৈ যাবলৈ গাডীও আগতীয়াকৈ সাজু কৰি থোৱা আছিল৷
হোটেলৰ আৰামদায়ক কোঠাত অলপ জিৰণি লোৱাৰ পিছত ভোক লাগিবলৈ আৰম্ভ হল৷ কিবা খাব লাগিব৷ ৰিচিপচনত সুধিলোঁ ভাৰতীয় কত পোৱা যাব৷ কলে ভাৰতীয় খাদ্য হেনো ওচৰে–পাঁজৰে কতো পোৱা নাযায়৷ উপায় নাপাই বিদেশী খাদ্যই খালোঁ৷ ফ্রেন্স ফ্রাই, পাস্তা, গ্রিল চিকেন আৰু চীজ কেক৷ এইবোৰ খাদ্য সাধাৰণতে ভালেই লাগে৷ কিন্তু যেতিয়া কেৱল এইবোৰেই খাব লাগিব, তেতিয়াহে গম পোৱা যাব ঘৰৰ ভাতসাঁজৰ জুতি কি
পিছদিনাই পুৱাই ওলালোঁ হোটেলৰ পৰা গন্তব্য স্থান গেলভেষ্টন সাগৰীয় বন্দৰলৈ৷ বাছ আগৰ পৰাই সাজু আছিল৷ দুঘণ্টাৰ বাট৷ মোৰ কর্মস্থান হব ইয়াতেই৷ কার্নিভেল ক্রুজ লাইন, কাম হল পেটিচিয়াৰ, পেষ্টী বনাব লাগিব আগন্তুক আঠ মাহ সাগৰৰ মাজতে কটাব লাগিব৷ মাজে মাজে আহিব বিভিন্ন বন্দৰ৷
গেলভেষ্টন হৈছে টেক্সাছ প্রদেশৰ এখন বন্দৰ চহৰ৷ সৰু চহৰ, কিন্তু বহুত ধুনীয়া৷ যথেষ্ট পর্যটক আহ–যাহ কৰে৷ অতি ধুনীয়াকৈ সজাই–পৰাই ৰখা হৈছে চহৰখন৷ বন্দৰৰ কাষতে বহুতো আটকধুনীয়া ৰেষ্টুৰেণ্ট আছে, যত আন খাদ্যৰ লগতে সাগৰীয় খাদ্যও পোৱা যায়৷ লগতে আছে বিভিন্ন সাজসজ্জাৰ বস্তু পোৱা দোকান৷ আমাৰ ইয়াৰ গাঁওবোৰত লগাৰ দৰে ইয়াতো মেলা লাগে৷ মাদ্রি গ্রাছ ফেষ্টিভেল হয় ইয়াতে৷ বিভিন্ন ঠাইৰ পৰা বহুতো পর্যটক ভাগ লবলৈ আহে৷ চাবলগীয়া ঠাইৰ ভিতৰত মুডী গার্ডেনছ, টেক্সাছ ছী পর্ট মিউজিয়াম, মুডী মেনচন, বিচপছ পেলেচ আদি অন্যতম৷
ক্রুজ শ্বিপৰ জীৱন অতি ব্যস্ত৷ কামেই কাম৷ তাৰ মাজতো ষ্টাফ পার্টী, ডিনাৰ পার্টী আদি থাকে৷ যথেষ্ট আমোদ–প্রমোদৰ ব্যৱস্থা আছে৷ তাতেই আকৌ নৈশ দায়িত্ব দিছে৷ পিছে ইয়াৰ এটা সুবিধাও আছে৷ ৰাতি কাম কৰিলে দিনৰ ভাগত বিভিন্ন ঠাই চাব পৰা যায়৷ কাৰণ দুই–তিনি দিনৰ মাজে মাজে জাহাজ বন্দৰত ৰয়৷ পর্যটকসকলে দিনটো বন্দৰৰ ওচৰ–পাঁজৰৰ ঠাইবোৰ চায় আৰু আবেলিলৈ জাহাজলৈ উভতি আহে৷ ৰাতিৰ কামৰ মাজে মাজে সময় উলিয়াই জাহাজৰ আগফালৰ অপেন ডেকলৈ আহি অলপ জিৰণি লওঁ৷ ঠাণ্ডা সাগৰীয় বতাহে দেহ–মন শাঁত পেলাই যায়৷ ভাগ্য অলপ ভাল থাকিলে উৰণীয়া মাছও দেখিবলৈ পোৱা যায়৷ দিনৰ ভাগত উৰণীয়া মাছ নেদেখি৷ উৰণীয়া মাছবোৰ ৰাতি জাহাজৰ কাষে কাষে উৰি থাকে৷ জাহাজৰ পোহৰত মাছবোৰ জিলিকি থাকে বাবে সহজে দেখিবলৈ পোৱা যায়৷ দিনৰ ভাগত কিছুমান সাগৰীয় এলেকাত ডলফিন দেখা যায়৷ জাহাজৰ কাষে কাষে সাঁতুৰি থাকে৷ সৰুৰে পৰা তিমি মাছৰ কথা শুনি আহিছিলোঁ৷ দেখা পাম বুলি বহু আশা কৰিছিলোঁ৷ কিন্তু দেখাৰহে সৌভাগ্য নহল৷ অক্টোপাছ দেখা পাওঁ মাজে মাজে৷ পিছে সাগৰত নহয়৷ আমাৰ ৰান্ধনীশালত ডাঙৰ ডাঙৰ অক্টোপাছবোৰ সিজাই থকা হয়৷ সৰুবোৰ চালাড বনায়৷ এদিন দেখিলোঁ শংখৰ চালাড বনাই আছিল৷ কেঁচা শংখৰ চালাড দেখিয়েই ঘিণ লাগি গল৷ আমি পেষ্টি বনাওঁ৷
দুদিন পিছত মেক্সিকো পালোঁ৷ কজুমেল৷ কজুমেল এখন বন্দৰ নগৰী৷ দেখিবলৈ অতি মৰম লগা ঠাই৷ বহু পর্যটক এই ঠাইখনত ঠাহ খাই থাকে৷ নাচ–গানৰো সু–ব্যৱস্থা আছে৷ স্পেনিছ গীত বাজি থাকে৷ স্থানীয় চালৱা নৃত্য শিল্পীসকলে খুব ধুনীয়াকৈ পৰিৱেশন কৰে৷ কিছুমান মানুহে খুব ধুনীয়াকৈ গীটাৰো বজায় গীত গাই গাই৷ বিখ্যাত পানীয় টাকিলাৰ উৎপত্তি মেক্সিকোতেই৷ ইয়ালৈ আহিলে প্রায় সকলোৱে টাকিলাৰ সোৱাদ লয়৷ স্থানীয় মেক্সিকান খাদ্যবোৰ খুব ভাল, পিছে জলকীয়াটোহে অলপ বেছি খায় ইয়াৰ মানুহে৷ চাবলগীয়া ভিতৰত পালানকাৰ বীচ্চ, ষ্টিংগ্রে বীচ্চ, ছানকানাব নেচনেল পার্ক, ছানগার্ভাজি ৰুইনছ আদি অন্যতম৷
কিছুদিন পিছত আহিলোঁ ৰটানলৈ৷ ৰটান হৈছে হণ্ডুৰাছ দেশৰ এখন বন্দৰ চহৰ হণ্ডুৰাছ আর্থিকভাৱে সিমান উন্নত দেশ নহয়৷ কিন্তু ইয়াৰ প্রাকৃতিক সৌন্দর্য মনোমোহা৷ ইয়াত মাহাগনি বে নামৰ এটা বন্দৰ আছে৷ সৰু বন্দৰ কিন্তু মনোমোহা৷ একেবাৰে প্রদূষণমুক্ত ইয়াৰ জলবায়ু৷ চাৰিওফালে কেৱল সেউজীয়া৷ বিভিন্ন বন্যপ্রাণী সহজতে দেখা পোৱা যায়৷ ইয়াৰ জংঘলবোৰত মাহাগনি যথেষ্ট পৰিমাণে পোৱা যায়৷ মাহাগনিৰ পৰাই হৈছে বন্দৰটোৰ নাম৷ প্রশাসন আৰু স্থানীয় লোকে বনাঞ্চল খুব ধুনীয়াকৈ সংৰক্ষণ কৰিছে৷ সাগৰৰ পানীত পাষ্টিকৰ পাইপ পুতি তাত মাটি ভৰাই গছপুলি ৰুই দিয়ে৷ পুলিবোৰ ডাঙৰ হলে পাইপবোৰ আঁতৰাই দিয়ে আৰু গছবোৰ স্থায়ীভাৱে তাত ৰৈ যায়৷ ভাবিলোঁ আমাৰ ইয়াতো দ ঠাইবোৰত এনেকুৱা পদ্ধতিৰে গছ ৰুব পৰা যায় নেকি৷
ইয়াত যথেষ্ট পৰিমাণে সাগৰীয় খেল–ধেমালিৰ ব্যৱস্থা আছে৷ ৰোপ ৱে ব্যৱস্থাও আছে৷ জিপ লাইন বুলি বস্তু এটাও আছে৷ এইটো একপ্রকাৰৰ ৰোপ ৱেই৷ কিন্তু বহা বা থিয় দি থকাৰ ব্যৱস্থা নাথাকে৷ চিধা–চিধি মানুহ এজন ৰছীত ওলমাই দি খুব জোৰত এৰি দিয়ে৷ মনত খুব বেছি সাহস নথাকিলে এয়া নকৰাই মংগল৷ চাবলগীয়া ঠাইৰ ভিতৰত মাহাগনি বে, ছেণ্ডিবে, ৰটান বাটাৰফ্লাই গার্ডেন আদি৷
ইয়াৰ কিছুদিন পূর্বে আহিলোঁ বেলিজলৈ৷ এখন সৰু দেশ, সৰু সৰু দীপৰ সমষ্টি৷ পর্যটনৰ ওপৰতে চলি আছে দেশখনৰ অর্থনীতি৷ জাহাজবোৰে মূল বন্দৰৰ পৰা কিছু দূৰত লংগৰ পেলায় আৰু তাৰ পৰা সৰু জাহাজেৰে আহিব লাগে পাৰলৈ৷ ইয়াত সাগৰৰ গভীৰতা কম৷ নতুনকৈ বন্দৰ নির্মাণৰ কাম চলি আছে৷ ইয়াত বহুতো ভাৰতীয় আৰু বাংলাদেশী মূলৰ লোক আছে৷ ভাৰতীয় খাদ্য পোৱা ৰেষ্টুৰেণ্ঢো ইয়াত পোৱা যায়৷ সাগৰৰ পাৰত বহুতো ৱাটাৰ স্পর্টছ কেন্দ্র আছে৷ সুক্বা ড্রাইভিং আদিও কৰিব পাৰি৷ ইয়াৰ প্রাকৃতিক সৌন্দর্য অতি মনোমোহা৷ গভীৰ বর্ষাৰণ্যও আছে ইয়াত৷ আপুনি বিচাৰিলে স্থানীয় খাদ্যৰ সোৱাদো লব পাৰে৷ ইয়াৰ অন্যতম চাবলগীয়া ঠাই হল কাৰাকল, বেলিজ বেৰিয়াৰ ৰিফ, ককস্ক্ম্ব বেছিন ৱাইল্ড লাইফ ছেনচোৱাৰী আদি৷
বিভিন্ন ঠাইৰ মাজে মাজে দৈনদিন কর্তব্যও চলি থাকে৷ সময়বোৰ পাৰ হৈ যায়৷ হঠাতে কেতিয়াবা আহি যায় এজাক সাগৰীয় ধুমুহা৷ বিশালাকায় জাহাজবোৰ কঁপি যায়৷ আৰম্ভ হয় দৌৰা–দৌৰি সাৱধানতা অৱলম্বন৷ সাগৰ আকৌ ঠাণ্ডা হয়৷ আহে নতুন বন্দৰ৷ এনেকৈ আহিলোঁ জামাইকালৈ৷ ইয়াৰ মণ্ঢেগো বে বন্দৰত আমাৰ জাহাজাৰ লংগৰ পেলালে৷ এটা ধুনীয়া বন্দৰ বৰ বেছি জাকজমকতা নাই৷ যদিও আনন্দমুখৰ পৰিৱেশ এটা আছে৷ অর্থনৈতিকভাৱে বিশেষ উন্নত দেশ নহয়৷ কিন্তু ইয়াৰ আৱাসীসকল অতি শিল্পীসুলভ৷ সকলো কামতে এটা শিল্পী সুলভতা থাকে৷ বন্দৰৰ লগতে এখন আছে সৰু বজাৰ৷ ইয়াত স্থানীয়ভাৱে নির্মিত হস্তশিল্পীৰ সামগ্রী পোৱা যায়৷ বিভিন্ন স্থানীয় মছলা, কফী আদিও ইয়াত পোৱা যায়৷ ইয়াতো ভাৰতীয় মূলৰ বহুতো মানুহ আছে৷ বেছি ভাগে বিভিন্ন ব্যৱসায় কৰে৷ ভাৰতৰ বজাৰত পোৱা প্রায় আটাইবোৰ বস্তুৱে ইয়াত পোৱা যায়৷
ইয়াৰ পিছত আহিলোঁ জামাইকাৰ আন এটা বন্দৰ অচৰিচলৈ৷ এটা অতি সুন্দৰ বন্দৰ ধুনীয়াকৈ সজাই–পৰাই ৰখা হৈছে৷ সাগৰৰ পাৰতে আছে শাৰী শাৰী হোটেল, অলপ দূৰতে এখন স্থানীয় বজাৰ৷ ইয়াত যথেষ্ট পৰিমাণে স্থানীয় শিল্পীৰ দ্বাৰা তৈয়াৰী শিল্প সামগ্রী পোৱা যায়৷ বিদেশী পর্যটকেৰে ভৰি থাকে এইখন বজাৰ৷ বন্দৰৰ ওচৰতে আছে এখন ভাৰতীয় ৰেষ্টুৰেণ্ঢ৷ পিছে দাম বহুত বেছি৷ ওচৰ–পাঁজৰৰ ঠাইবোৰ চাবলৈ স্থানীয় গাইড আৰু টেক্সি পোৱা যায়৷
কিছুদিন পিছত আহিলোঁ বাহামাছলৈ৷ ইয়াৰে নাচাউ নামৰ বন্দৰ চহৰখনত জাহাজে লংগৰ পেলালে৷ খুব গৰম, এখন ধুনীয়া চহৰ, বহুতো দামী হোটেল আছে৷ স্থানীয় ৰেষ্টুৰেণ্ঢবোৰে সাগৰীয় খাদ্য আগববায়৷ তাতে আটাইবোৰ দামী ব্রেণ্ডৰে শ্বৰুম আছে৷ শ্বপিং কৰিবলৈ ইয়াত ভাল৷ স্থানীয় বজাৰত হস্তনির্মিত বিভিন্ন বস্তু পোৱা যায়৷ কিছুমান স্থানীয় শিল্পীয়ে গছৰ টুকুৰা কাটি নানান তৰহৰ সজোৱা সামগ্রী বনাই থাকে৷ চাবলগীয়া ঠাইৰ ভিতৰত আটালাণ্ঢিছ পেৰাডাইজ দ্বীপ, কেব্ল বীচ্চ, পেৰাইডাইজ আইছলেণ্ড, ব্লু লেগুন দ্বীপ অন্যতম৷
লাহে লাহে জীৱন যান্ত্রিক হবলৈ আৰম্ভ কৰিলে৷ দৈনদিন কাম–কাজ, কর্তব্যৰ বোজাতো আছেই৷ লাগে লাগে মোৰ সময়ো শেষ হবলৈ ধৰিলে৷ ইয়াৰ মাজতে গ্রেণ্ড কেইমেনলৈ গলোঁ, অতি ধুনীয়া ঠাই, যথেষ্ট উন্নত ঠাই, ভাৰতীয় মূলৰ লোকো বহুত আছে৷ ভাৰতীয় খাদ্যও অতি সহজে পোৱা যায়৷ শ্বপিং কৰাত আগ্রহীসকলে নানা তৰহৰ ব্রেণ্ড সামগ্রী ইয়াত সহজতে কিনিব পাৰে৷ জর্জ টাউন হৈছে ইয়াৰ ৰাজধানী৷ চাবলগীয়া ঠাইৰ ভিতৰত আছে ছেভেনমাইল বীচ্চ, কুইন এলিজাবেথ বটানিক পার্ক, কেমেনটার্টল চেণ্ঢাৰ আদি৷
এনেকৈ ৮ মাহ হৈ শেষেই হৈ গল, সময় বাগৰি যায়৷ বাঢ়ি যায় স্মৃতিৰ ভঁৰাল৷ অচিনাকিজনো চিনাকি হয়৷ আৰু চিনাকিজনো আঁতৰি যায়৷ আকৌ উভতি আহিলোঁ অসমলৈ৷ যিমানে যি নহওক নিজৰ গাঁওখনৰ দৰে স্বর্গও হব নোৱাৰে

সঞ্জয় কলিতা

You might also like

Leave A Reply

Your email address will not be published.