ছালৰ যতন

ছাল আৰু চুলিৰ যতন সম্পর্কে আমি সদায় আলোচনা কৰিয়ে থাকো কাৰণ আমাৰ দৈনন্দিন জীৱনৰ আন আন কামৰ লগতে সৌন্দর্য চর্চাত বৰ গুৰুত্বপূর্ণ দিশ৷ কিন্তু এগৰাকী কইনাৰ বাবে আকৌ সৌন্দর্য চর্চা এক গুৰু দায়িত্ব৷ কাৰণ প্রত্যেকৰে জীৱনৰ এটা সুন্দৰ সপোনেই হল বিবাহ৷ গতিকে যেতিয়া বিয়াৰ কথা বতৰা চলে এনেই এটা উখল–মাখল পৰিৱেশ৷ আনন্দ–ফূর্তিৰ লগতে দুখ, চিন্তা মুটতে এশ এবুৰি চিন্তাৰ সৃষ্টি হয়৷ কাৰণ সুচাৰুৰূপে সকলো খিনি কাম আগববাই লৈ যোৱাটো কম কথা নহয় দেই৷ প্রথমে বাজেট, আ–লংকাৰ, কাপোৰ, পার্নিচাৰ, বাচন–বর্তন, বিয়া ভৱন, নিমন্ত্রণী পত্র, খোৱা–বোৱা, উপহাৰ, কাক কাক নিমন্ত্রণ কৰিব তাৰে তালিকা ইত্যাদি ইত্যাদি৷ এই আটাইখিনি কামৰ বাবে বিয়াৰ তাৰিখ নির্ধাৰণ কৰাৰ পৰাই হৈ চৈ লাগি যায়৷ তাতে ছোৱালীৰ ঘৰ৷ মাক–দেউতাকৰ মুখৰ মাত নোহোৱা হয়৷ চিন্তাতে টোপনি নহা হয়৷ আৰু এই ছবিখন প্রত্যেকৰে ঘরতে দেখা যায়৷ এই হুৰাহুৰিতৈ কইনাজনীৰো কেনেকৈ দিন যায় খবৰেই নাথাকে৷ লাহে লাহে আলহী অতিথিৰ ঘৰত নিমন্ত্রণ৷ নিমন্ত্রণ ৰক্ষা নকৰিলে আকৌ বেয়া পাব৷ ইফালে আকৌ নতুন ঘৰখনত কেনেকৈ নিজকে এডজাষ্ট কৰিব শাহু–শহুৰে নিজৰ ঘৰৰ দৰে মৰম কৰিবনে দেওৰ–ননদৰ লগত মধুৰ সম্পর্ক গঢ়িব পাৰিবনে নোৱাৰে স্বামীৰ মন জয় কৰিব পাইৰবনে ইত্যাদি চিন্তাই আগুৰি ধৰে৷ এনে সময়ত কইনাজনীৰ শৰীৰ আৰু মনৰ যত্নৰ বৰ প্রয়োজন হৈ পৰে৷
যেতিয়া বিয়াৰ দিন নির্ধাৰণ হয় আচলতে সেই দিনটোৰ পৰাই কইনাজনীৰ শাৰীৰিক আৰু মানসিক প্রস্তুতিৰ সময় আৰম্ভ হয়৷ সময়ত খোৱা সময়ত শোৱা বৰ দৰকাৰী কথা৷ খোৱা–বোৱাৰ দিশত কব লাগিব একেবাৰে সুষম আহাৰ গ্রহণ কৰিব লাগে৷ ভজা চলা বর্জন কৰিব লাগে৷ পানীৰ পৰিমাণ বলাব লাগে৷ ফলমূল বেছিকৈ খাব লাগে৷ ৰাতি সোনকালে আহাৰ গ্রহণ কৰি সোনকালে শুব লাগে৷ ৰাতিপুৱা অকমান সময় মেডিটেছন কৰিলে দিনাৰে বাবে নিজকে প্রস্তুত কৰাত সহায় হয়৷
CTM অর্থাৎcleaning, toining and moisturizing এই তিনিটা কাম সদায়ে কৰিব৷ এই তিনিটা কাম যদি সদায় সময় মতে কৰে আপোনাৰ চালখনে সতেজ উজ্জ্বল আৰু নিমজ হৈ থাকিব৷ পৰিষ্কাৰ মুখমণ্ডলে আপোনাৰ চালখনক উশাহ লোৱাত সদায় সহায় কৰিব৷ বিয়াৰ বাবে কমেও ছমাহ মান আগৰ পৰাই ফেচিয়েল কৰিব লাগে৷ কিন্তু প্রথম কথা নিজৰ ছালৰ প্রকাৰ সম্পর্কে জানিব লাগে৷ সেইমতে কি কি প্রডাক্ট ব্যৱহাৰ কৰিব লাগে জানি লব৷ এই ছমাহত বহু সাৱধান হব লাগে৷ নতুন যিকোনো প্রডাক্ট ব্যৱহাৰ নকৰিব৷ মাহত এটাকৈ ফেচিয়েল কৰিব৷ কিছুমান যদি সমস্যাৰ সৃষ্টি হয় যেনেশালমইনা, অপেন পণ্ডছ, ছানটেন, শুকান আৰু ৰুক্ষ ছাল তেনেস্থলত অভিজ্ঞ সৌন্দর্য বিশেষজ্ঞাৰ পৰামর্শ লব লাগে৷ আপোনাৰ হাতত যদি সময়ৰ বৰ অভাৱ তেনেহলে আপুনি গল্ড ফেচিয়েল কৰিব পাৰে৷
উজ্জ্বল আৰু স্বাস্থ্যৱান চুলিৰ বাবে হেয়াৰ স্পা বৰ দৰকাৰী৷ হেয়াৰ স্পা কৰিলে আপোনাৰ চুলিখিনি দেখাতো বৰ ধুনীয়া লাগে৷ উবল লাগে৷ প্রতিমাহত হেয়াৰ স্পা কৰিলে চুলিৰ বহু সমস্যা দূৰ হয়৷ যেনে-ৰুক্ষতা অর্থাৎ ড্রাইনেছ, চুলি ফটা, উফি ইত্যাদি তাৰ লগতে মাজে হট অইল মাছাজ কৰিলে চুলিখিনিৰ লগতে স্কাল্পৰ বহু সমস্যা দূৰ হয়৷ লগতে উন্নত মানৰ চেম্পো আৰু কণ্ডিচনাৰ নিবচ্ছ্রাচন কৰি একেটা ব্রেণ্ড ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব৷ ইয়াৰ উপৰি ঘৰুৱাভাৱে যতনৰো বহু প্রয়োজন৷
চাল চুলিৰ দৰে ক্লিনজৰ হাত আৰউ ভৰিৰ যতন লোৱাটো বৰ প্রয়োজন৷ ৰাতি হোৱাৰ আগে আগে প্রতিজনেই নিজৰ হাত ভৰি ভালকৈ ধুই অলিভ অইল বাhands and feet massage creamৰে ভালকৈ মালিচ কৰিব লাগে যাতে শুকান হাত বা ভৰিৰ দুখন কোমল আৰু মসৃণ হৈ পৰে৷ ভৰিৰ গোৰোহাত পিউমিকা জৰিয়তে ভালকৈ ঘঁহি কুহুমীয়া গৰম পানীত অকমান চেম্পু লৈ তিয়াই থব তাৰ পিছত ভালকৈ ব্রাছেৰে পৰিষ্কাৰ কৰি পানীৰে ধুই ভালকৈ কিন্তু মাজে মাজেmanicure আৰুpedicure পার্লাৰত গৈ কৰিবলৈ নাপাহৰিব৷
waking সময়ত কৰিবলৈ নাপাহৰিব৷ বহুতৰে শৰৰত অলাগতিয়াল নোম তাকে ইংৰাজীতunwanted hair বুলি কয়৷ বহুতে ঘৰতে ৰেজৰ বা ব্লেডেৰে কাটি দিয়ে যিটো একেবাৰে উচিত নহয়৷ এনে কৰিলে নতুনকৈ যিসমূহ নোম গজিব বেথি মোটা আরু ডাঠকৈ গজে৷ গতিকেwaking কৰিলে একো সমস্যাই নহয়৷ গতিকে ভালকৈ জনা হাতেৰেwaking কৰিব৷
body massag কৰিলে এবাৰ হলেও মাহত কৰিবলৈ চেষ্টা কৰিব৷ নহলেও বিয়াৰ আগে আগে ভালকৈbody spa বাbody polish কৰিব৷
এই সকলোৰে লগতে টোপনি বৰ ভাল লাগে৷ সময়ত খোৱা, সময়ত শোৱা এই দুটা বস্তু যদি আপুনি মানি চলে উজ্জ্বল ছাল চুলিৰ লগতে আনন্দমনেৰে সকলো সমস্যাৰ সমাধান কৰি বিয়াৰ দিনাখন সকলোৰে চকুতে এক উজ্জ্বল ব্যক্তিত্ব অধিকাৰী হৈ উঠিব

মনালিচা দাস চহৰীয়া

You might also like

Leave A Reply

Your email address will not be published.