সৌন্দর্যৰ সীমাহীন জগতখন

বর্তমান সময়ত বিভিন্ন বিষয়ৰ ভিতৰত সৌন্দর্য ক্ষেত্রখন এক বিশাল আৰু বহু সম্ভাৱনাপূর্ণ ব্যৱসায়, যত পুৰুষ–মহিলা উভয়েৰে কর্মনিয়োজনৰ যথেষ্ট সুবিধা আছে, যত পৰীক্ষাৰ নম্বৰৰ পিছে পিছে ঘূৰাতকৈ হাতৰ বিদ্যাক বেছি গুৰুত্ব দিয়া হয়৷     চাকৰিতকৈ নিজে নিজৰ হস্তকৌশলেৰে এটা সৰুকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰি৷ বর্তমান ডাঙৰ ডাঙৰ মহানগৰৰ বহু মল খুলিছে, যত দেশী–বিদেশী প্রসাধন সামগ্রীৰে ভৰি থাকে৷ এই বিপণীসমূহত প্রশিক্ষণপ্রাপ্ত ব্যক্তিক নিযুক্তি দিয়ে আৰু ভাল এটা দৰমহা আগববাই লগতে বিভিন্ন দেশী–বিদেশী প্রসাধনৰ ব্যৱহাৰ সম্পর্কে প্রশিক্ষণৰ ব্যৱস্থা আগববায়, যাতে সামগ্রী বিক্রী কৰোঁতে তেওঁলোকে ভালকৈ গ্রাহকক বুজাব পাৰে, কাৰণ গ্রাহক আজিকালি বহু সজাগ৷ ইয়াৰ উপৰি বিভিন্ন স্পা চেণ্ঢাৰ ভাৰতৰ বিভিন্ন ঠাইত খুলিছে আৰু এই চেণ্ঢাৰসমূহত বহু নিবনুৱা পুৰুষ–মহিলাক সংস্থাপন দিছে৷ স্পা বর্তমান সকলোৰে এক পৰিচিত শব্দ৷ বহু লোকে দেশৰ বিভিন্ন ঠাইত ফুৰিবলৈ যায় আৰু সেই সুন্দৰ পর্যটনৰ ঠাইসমূহৰ মনোৰম দৃশ্য উপভোগ কৰে৷ সেই ঠাইৰ খোৱা–বোৱা, সাজসজ্জা, উপভোগ কৰে৷ লগতে ডাঙৰ ডাঙৰ হোটেলসমূহত থকা স্পা চেণ্ঢাৰসমূহত নিজকে সতেজ কৰিবলৈ ছাল–চুলিৰ পৰিচর্যা কৰে৷ উদাহৰণস্বৰূপে কেৰেলাৰ কথাকে কব পাৰি৷ পর্যটকৰ বাবে চালে চাই থকা মনোমোহা কেৰেলাত কিন্তু কেৰেলা মাছাজ নোলো

ৱাকে উভতি নাহে৷ গতিকে যিসকলে প্রশিক্ষণপ্রাপ্ত হয় এনে ঠাইত চাকৰি এটা পাবলৈ চিন্তা নাথাকে৷ বর্তমান সময়ত আন এটা আকর্ষণীয় কেৰিয়াৰ হৈছে মেক আপ আর্টিষ্ট৷ এখন বিয়াত খোৱা–বোৱা, কাপোৰ–গহনা ইত্যাদি সকলো বিষয়ৰ লগতে কিন্তু মেক আপ আর্টিষ্টৰ নামতো এক বুজন অংশৰ টকা আগতীয়াকৈ বাজেটত অন্তর্ভুক্ত কৰে পৰিয়ালৰ লোকে৷ কাৰণ মেক আপবিহীন এখন বিবাহ আপুনি কল্পনা কৰিবই নোৱাৰে৷ বিয়াৰ মেক আপ আপুনি জানেনে পঞ্চাশ হাজাৰৰ পৰা এক লাখলৈকে পাৰিশ্রমিক দিবলৈও বহুতে চিন্তা নকৰে৷ সাধাৰণ এখন বিয়াতে দহ হাজাৰ, বিশ হাজাৰ পাৰিশ্রমিক পায় এজন মেক আপ আর্টিষ্টে৷ ইয়াৰ উপৰি টিভি মেক আপ, পার্টী মেক আাপ, ফেশ্বন মেক আপ, ফটোশ্বুট মেক আাপ ইত্যাদি বিভিন্ন ক্ষেত্রত মেক আপ আর্টিষ্টৰ বহু কাম৷ অকল লাগে ভালকৈ প্রশিক্ষণ৷ কাৰণ মেক আপ হৈছে এক কলা আৰু এই কলা আপোনাৰ হাতত তেতিয়াহে সম্ভৱ হব, যেতিয়া আপুনি ভালকৈ শিকিব আপোনাৰ আগ্রহ থাকিব আৰু চর্চা কৰিব৷

আজিৰ সময়ত সকলো কথা সম্ভৱ হৈ উঠে, কাৰণ শিকাৰ বহু উপায় আছে৷ লগতে নিজৰ নাম আৰু কামৰ বিষয়েও অনায়াসে আপুনি জনাজাত হোৱাৰ সুবিধা আছে৷ অর্থাৎ মই কব বিচাৰিছেছা আপোনাৰ হাতত প্রতিটো মুহূর্ততে থকা মবাইল ফোনটোৰ কথা৷ ইণ্ঢাৰনেটৰ যুগ যিহেতু যি জানিব বিচাৰে পলকতে জানিবও পাৰিব আৰু বিভিন্ন মাধ্যমত যেনে ফেচবুকত জনাজাতো হব পাৰিব, কিন্তু এটা সময় আছিল যি সময়ত আমি কিবা এটা কৰিবলৈ বহু ভাবিব লাগে৷ সেই সময়ৰ সমাজ ব্যৱস্থা, পৰিয়ালৰ ইচ্ছা–নিচ্ছাৰ ওপৰত বহু নির্ভৰশীল আছিল সেই সময়ৰ বহু নাৰী৷ কাৰণ ৰক্ষণশীল সমাজ ব্যৱস্থা৷ কিন্তু তেনে সময়তে ব্যৱসায়ৰ ক্ষেত্রখনত ভুমুকি মাৰি সফলতাৰ উচ্চ শিখৰত উজলি উঠা এগৰাকী সফল মহিলা শ্বেহনাজ হুছেইন৷ সৌন্দর্যৰ এই বিশাল ক্ষেত্রখনৰ এক উজ্জ্বল নক্ষত্র৷ কোনে নাজানে এইগৰাকী সৌন্দর্য সামগ্রীৰ সম্রাজ্ঞীক৷ আজি তেওঁৰ বিশ্বৰ এক চিনাকি নাম৷ নাম, যশ, টকা–পইচা কি নাই তেওঁৰ৷ অকল তেৱেঁই নহয় তেওঁৰ সংগত পুৰুষেও এই নামেৰে ৰাজকীয় জীৱন যাপন কৰিব অদূৰ ভৱিষ্যতে৷ তেওঁৰ তলত যিসকলে কর্মচাৰী তেওঁলোকৰ নিজৰ নিজৰ পৰিয়ালক সুখত পোহপাল দিব পাৰিছে৷ মুঠতে এগৰাকী মহিলাই নিজৰ কষ্টৰে আৰু কর্মদক্ষতাৰে ভাৰতীয় বাণিজ্যিক দিশত এক জাগৰণ সৃষ্টি কৰি আন হাজাৰগৰাকী মহিলাক স্বাৱলম্বিতাৰ বাট প্রকট কৰি গৈছে৷

এক সম্ভ্রান্ত পৰিয়ালৰ জীয়াৰী শ্বেহনাজ হুছেইনে অতি কম বয়সতে বিবাহপাশত আবদ্ধ হৈ দুটি সন্তানৰ মাতৃত্বৰ সোৱাদ লাভ কৰে৷ পৰিয়াল আৰু সৌন্দর্য চর্চা এই দুয়োটা দিশতে সমানে মনোনিৱেশ কৰি বিভিন্ন ঠাইত তেওঁ আয়ুর্বেদিক পদ্ধতিৰে সৌন্দর্য চর্চা অধ্যয়ন কৰে৷ বিদেশতো তেওঁ অধ্যয়ন কৰি ভাৰতলৈ উভতি প্রকৃতিৰ অমূল্য উপহাৰ সেউজীয়া গছপাত, ফুল, ঔষধি গুণৰে আৱৰা পৰিৱেশৰ পৰা তৈয়াৰী ডেহনাজ হার্বেলৰ সৃষ্টি কৰে৷ তেওঁ প্রতিষ্ঠা কৰা প্রতিষ্ঠানটোৰ নাম অমেনছ ৱর্ল্ড নামেৰে সমগ্র ভাৰততে লগতে বিদেশতো গগ লৈ উঠে৷ শ্বেহনাজ হার্বেলৰ অন্তর্গত বিভিন্ন প্রসাধন সামগ্রীৰ লগতে সৌন্দর্য চর্চাৰ উপযোগী গুৰুত্বপূর্ণ সামগ্রীৰ বহু সমস্যাৰ পৰা পৰিত্রাণ পায় সৌন্দর্যপিপাসু ব্যক্তিসকলে আৰু সেইবাবে অতি কম সময়তে ভাৰতৰ লগতে বিদেশৰো বজাৰ দখল কৰিবলৈ সক্ষম হয় শ্বেহনাজ হুছেইনৰ হার্বেল সামগ্রীসমূহে৷ তেওঁ ব্যৱসায়ৰ ক্ষেত্রত অনা এই জাগৰণৰ বাবে 

ক৷ ১৯৮৪ চনত উদ্যোগ ৰতন এৱার্ড৷ প্রেছিডেণ্ঢ অৱ ইণ্ডিয়াশ্রীজ্ঞানী জেইল সিং৷
খ৷ ১৯৮৫–শ্রেষ্ট মহিলা উদ্যোগী ইত্যাদি বহু বঁটাৰে সন্মানিত কৰা হয়৷
প্রতিগৰাকী মহিলাৰ বাবে তেওঁ এক আদর্শ শ্বেহনাজ হুছেইনৰ দৰে আৰু বহু সফল মহিলা আমাৰ সমাজত আছে যিসকলৰ সফল নিদর্শনে প্রভাৱিত কৰে বহুজনক৷ তেনে আন এগৰাকী মহিলাৰ সফলতাৰ কথা চমুকৈ জনাব বিচাৰিছোঁ৷ ১৯৬২ত কেৰেলাৰ কল্লামত জন্ম গ্রহণ কৰিছিল অম্বিকা পিল্লেই৷ সৰুতে ডিস্লেক্সিয়া ৰোগত আক্রান্ত অম্বিকাই লিখা আৰু অংকত বহু দুর্বল আছিল৷ অতি সোনকালে সোতৰ বছৰতে বিবাহপাশত আবদ্ধ হোৱা অম্বিকাৰ সংসাৰখন সুখৰ নাছিল৷ বহু মানসিক দুখ আৰু অশান্তিৰ মাজত অৱশেষত ২৪ বছৰত বিবাহ বিচেছদ হয়৷ সেই সময়ত দুবছৰীয়া এটি কন্যা সন্তানৰ মাতৃ অম্বিকাই সন্মুখত সকলো আন্ধাৰ দেখা পালে৷ তেখেতে বহু ভাবি–চিন্তি হেয়াৰ ষ্টাইলিছৰ এটা প্রশিক্ষণ লবলৈ দিল্লীলৈ ঢাপলি মেলিলে৷ মনত প্রতিজ্ঞাবদ্ধ হল নিজৰ সন্তানক এটা সুন্দৰ জীৱন দিবলৈ যিমান পাৰে পৰিশ্রম কৰিব৷ অম্বিকাৰ মাতৃগৃহৰ অৱস্থা ভাল সত্ত্বেও কাৰো সহায় লব নোখোজা অম্বিকাই ১৯৯০ চনত এখন চেলুনত কাম কৰিলে মাত্র ২০০০ টকাত, যত আধা টকা ঘৰৰ ভাৰাত যায় আৰু বাকীখিনি ঘৰ খৰচ৷ এনেকৈয়ে কেইবছৰমান যোৱাৰ পিছত অম্বিকাই এজন বন্ধুৰ লগত একেলগে চেলুন খুলিবলৈ পৰিকল্পনা কৰি প্রথমবাৰৰ বাবে পিতৃৰ পৰা সাত লাখ টকা ঘূৰাই দিয়াৰ প্রতিশ্রুতিৰে আনি আৰম্ভ কৰিলে কিন্তু বন্ধুৰ দ্বাৰাও প্রতাৰিত হল৷ কিন্তু তেনে সময়তে আন এজন ভাল বন্ধুৰ সহায়ত অম্বিকাই পুনৰ উঠিপৰি লাগিলে৷ হেয়াৰ ষ্টাইল আৰু মেক আপ শিকি বিভিন্ন অনুষ্ঠান কৰিবলৈ ধৰিলে৷ এনেকৈয়ে বন্ধুৰ সহযোগত জনপ্রিয় চিনেমা তাল চিনেমাত ঐশ্বর্য ৰায়ক মেক আপ আৰু হেয়াৰ ষ্টাইল কৰাৰ সুযোগ পায়, যাৰ বাবে প্রথমবাৰৰ বাবে আইফাৰ পুৰস্কাৰ লাভ কৰে৷ ইয়াৰ পিছত আৰু অম্বিকাই কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহল৷ ১৯৯৬ চনত পুনৰ বন্ধুৰ সহযোগত দিল্লীত এখন চেলুন খুলিলে৷ এনেকৈয়ে দিল্লীত ১২টা ব্রান্স খুলিবলৈ সক্ষম হল৷ অম্বিকাই এদিনত ২৪টা ব্রাইডেল মেক আপ কৰাৰো ৰেকর্ড আছে, তাৰ কাৰণ হল তেওঁ ভাল কাম আৰু কামৰ প্রতি থকা তেওঁৰ আগ্রহ৷ আজি অম্বিকাৰ নামত চেলুনৰ লগ

তে বহু প্রসাধন সামগ্রী বজাৰত উপলব্ধ৷ যাৰ উন্নত মান এই সামগ্রী সৌন্দর্যপিপাসুৰ মাজত যথেষ্ট জনপ্রিয়৷ আজি অম্বিকা সকলোৰে চিনাকি নাম৷ টকা–পইচাৰ কোনো অভাৱ নাই৷ সমাজত এক প্রতিষ্ঠিত সন্মানীয় উদ্যোগী মহিলা৷ নিজৰ লগতে তেওঁৰ তাত কর্মৰত বহুজনক তেওঁ কর্মসংস্থাপন দিছে আৰু সমাজৰ বাবে আদর্শত পৰিণত হৈছে৷

গতিকে বিউটী এন ব্রেইন এই দুটা বস্তু যদি আমি একেলগে লৈ আগবাঢ়িব পাৰে কালি কোনে জানে আপুনিও হব পাৰে নিশ্চয় সফল উদ্যোগী মহিলা৷ কেৱল সপোন দেখক আৰু এই সপোনক বাস্তৱত পৰিণত কৰিবলৈ নিজৰ পৰিশ্রম এশ শতাংশ দিয়ক দেখিব সফলতাই আপোনাক স্পর্শ কৰিবই

মনালিছা দাস চহৰীয়া

You might also like

Leave A Reply

Your email address will not be published.