ঘৰতে কেনেকৈ ফেচিয়েল কৰিব

সময় সকলোৰে বাবে বৰ মূল্যৱান৷ কিন্তু বর্তমান আমাৰ বাবে সময় বৰ কম যেন লাগে৷ ২৪ ঘণ্টাত যেন কমেই হৈছে তেনে অনুভৱ আমাৰ বহুতৰে মাজত হয়৷ কাৰণ ব্যস্ততা৷ এগৰাকী মহিলাৰ বাবেতো আৰু কঠিন সকলো মিলোৱা অর্থাৎ চাকৰি, ঘৰৰ কাম, সন্তানৰ যত্ন, স্বামীৰ যত্ন আৰু যদি যৌথ পৰিয়াল, তেনেহলে পৰিয়ালৰ প্রত্যেকৰে যতন৷ তাৰ মাজতে নিজৰো যতন৷ কিন্তু আমাৰ প্রায় নিজৰ ছাল, চুলি, হাত–ভৰিৰ যতন লবলৈ পাহৰি যাওঁ৷ সেই বাবে আজি মই নিজকে কিদৰে ৰূপৱতী কৰি তুলিব পাৰি তাৰ কেইটামান কথা জনাবলৈ বিচাৰিছেছা৷ যদি পার্লাৰ এখনত গৈ ফেচিয়েল কৰাৰ সময় নাই, তেনেহলে ঘৰতে নিজেই কিয় এবাৰ চেষ্টা নকৰে৷ ঘৰতে ফেচিয়েলৰ বাবে এখন ধিলা কাপোৰ পিন্ধি লব৷ আপোনাৰ ডিঙি আৰু হাত দুখন যাতে ওলাই থাকে৷ নিজৰ কোঠাটোত লাহে লাহে এটা মধুৰ সংগীত লগাব৷ পোহৰটো কম হব লাগে৷ এৰোমা কেণ্ডেল যদি ঘৰত আছে লাই লব৷ চাফা, কোমল সৰু টাৱেল লব৷ অকণমান তিযঁহ আগতীয়াকৈ ৰুকি ফ্রিজত থৈ দিব৷ এতিয়া আপুনি নিজে এটা সুন্দৰ ফেচিয়েলৰ বাবে সাজু হৈ পৰিল৷ হাতত সময় লওক ৩০-৪০ মিনিট৷
প্রথমে উন্নতমানৰ ক্লিনজাৰৰ সহায়ত মুখত থকা লেতেৰাসমূহ পৰিষ্কাৰ কৰি লওক৷ যদি আপোনাৰ ছালখন শুকান, তেন্তে গাখীৰ ক্লিনজাৰ আৰু যদি তেলেতীয়া তেন্তে ক্লিনজাৰ বা ক্লিনজাৰৰ সহায়ত পৰিষ্কাৰ কৰক৷ 

পদ্ধতিঃ ক্লিনজাৰ এটা হিচাপত হাতত লৈ মুখখন আৰু ডিঙিলৈকে ভালকৈ লগাওক লাহে লাহে হাতখন ওপৰলৈকে ঘূৰাই ঘূৰাই৷ কপালৰ পৰা আৰম্ভ কৰি বুকুলৈকে ভালকৈ পৰিষ্কাৰ কৰক৷ এতিয়া অকণমান কুহুমীয়া পানীত টাৱেল বা চুলিখিনি তিয়াই ভালকৈ চেপি মুখখন মোহাৰি দিয়ক৷
স্ক্ৰাবিং- এতিয়া অকণমান উন্নতমানৰ স্কার্ব হাতত লওক, এপ্রিকট স্কার্বটো ভাল৷ এতিয়া নাকটো আৰু কপালখনৰ লগতে থুতৰিটো লাহে লাহে ঘূৰাই ঘূৰাই স্কার্ব কৰক৷ মনত ৰাখিব স্কার্বখিনি মুখখনত ড্রাই হৈ যাব নালাগে৷ পুনৰ কুহুমীয়া গৰম পানীৰে ভালকৈ মচি দিয়ক৷ স্কার্ব কৰাৰ পিছত কেতিয়াও জোৰকৈ ওপৰলৈ মচি নিদিব৷ সদায় কপালৰ পৰা তললৈ মচিব লাগে যাতে স্কার্বত থকা দানাসমূহ তলত পৰি যায়৷
গৰম ভাপ লওকঃ এটা পাত্রত অকণমান কুহুমীয়া গৰম পানী লওক আৰু এনে ঠাইত থওক, যাতে আপুনি থিয় হৈ মুখত এই পানীৰ পৰা ওলোৱা ভাপ লব পাৰে৷ ভাপে আমাৰ মুখত থকা নোমছিদ্রসমূহ খোল খোৱাত সহায় কৰে৷ এই নোমছিদ্রৰ ভিতৰত বহু লেতেৰা ধূলি সোমায়, ব্লেক হেড বা হোৱাইট হেডৰ সৃষ্টি হয়৷ মুখখন আমি ধুলেও এই নোমছিদ্রত জমা হৈ থকা লেতেৰাসমূহ পৰিষ্কাৰ নহয়, গতিকে ভাপ দিলে নোমছিদ্রসমূহ খোল খাই যায় আৰু ব্লেক হেড বা হোৱাইট হেডছ পৰিষ্কাৰ কৰিব পাৰি৷ দহ–পোন্ধৰ মিনিট সময় ভাপ লব৷
ভাপ লওঁতে এখন পৰিষ্কাৰ টাৱেলেৰে মুখখন ঢাকি ভাপ লব৷
কিন্তু যদি মুখখন জলাপোৰা কৰে, তেতিয়া লগে লগে বন্ধ কৰিব আৰু অকণমান সময় ৰৈ পুনৰ ভাপ লব৷
টনাৰঃ যিহেতু ষ্ট্রিম দিয়াৰ লগে লগে নোমছিদ্রসমূহ খোল খায় আৰু সেই নোমছিদ্রসমূহ বন্ধ কৰিবলৈ আমি টনাৰ বা ফুলৰ ৰস, গোলপজল ব্যৱহাৰ কৰিব পাৰোঁ৷ হাতত অকণমান টনাৰ লৈ ভালকৈ মুখখন মাছাজ কৰিব৷ এনে কৰিলে আপোনাৰ ছালখনে এই টনাৰ গ্রহণ কৰে৷
প্রলেপঃ এই সকলো পদ্ধতি হোৱাৰ পিছত পাহৰি নাযাব এটা প্রলেপ লবলৈ৷ ছালখনৰ প্রকৃতি অনুসৰি আমি প্রলেপ ব্যৱহাৰ কৰিব লাগে৷ আৰু এটা দৰকাৰী কথা প্রলেপ সদায় মুখখনৰ ওপৰ ফাললৈ অর্থাৎ ওপৰমুৱাকৈ লগাব লাগে৷ দহ–পোন্ধৰ মিনিটলৈ ৰাখিব আৰু তাৰ পিছত ভালকৈ মোহাৰি দিব৷ যদি আপোনাৰ ছালখন শুকান, তেতিয়া আপুনি এই প্রলেপটোৰ ওপৰত প্রথমে ঠাণ্ডা গাখীৰ অলপ তুলাৰে লগাব তাৰ পিছত ভালকৈ মাছাজ কৰি মোহাৰি দিব৷
শেষত ফ্রিজৰ পানীত এখন টিচু পেপাৰ তিয়াই মুখখনৰ ওপৰত কিছু সময় ৰাখি থওক৷ এনে কৰিলে আপোনাৰ মুখখন সজীৱ আৰু মুকলি কৰা নোমছিদ্রসমূহ বন্ধ হৈ পৰিব৷ যাৰ ফলত মুখখনত থকা তেলেতীয়া ভাব বা ঘামি থকাৰ পৰা ৰক্ষা পৰিব৷
ফেশ্ব মাস্ক্ লগাওঁতে ফ্রিজত থকা তিয়ঁহ ৰুকি থোৱাখিনি তুলাৰ সহায়ত চকুৰ পতাত কিছু সময় ৰাখক৷ চকুযুৰিয়ে আৰাম পাব৷
শেষত মইশ্বৰাইজাৰঃ এতিয়া উন্নতমানৰ মইশ্বৰাইজাৰ অকণমান হাতত লৈ মুখ আৰু ডিঙিত ভালকৈ লগাই দিয়ক৷ চকুৰ গুৰিত ক্রিম লগাব৷
এনেকৈয়ে আপুনি নিজে নিজৰ ছালখনৰ যতন লব পাৰে আৰু সময়–সুবিধা লৈ উন্নত মানদণ্ডৰ পার্লাৰত প্রশিক্ষণপ্রাপ্ত সৌন্দর্য বিশেষজ্ঞৰ পৰা ফেচিয়েল লওক আৰু এখন উজ্জ্বল, নিমজ ছালৰ অধিকাৰী হওক৷

You might also like

Leave A Reply

Your email address will not be published.