পূজাৰ সাজসজ্জা

দুর্গাপূজা মানেই শৰতৰ নির্মলতা আৰু বৈদিক পৱিত্রতাৰে জাগ্রত এক সংমিশ্রিত অনুভৱ৷ শক্তিপূজাৰ ভিত্তিত দেৱীক মর্ত্যলৈ আহ্বান কৰাৰ এক অপূর্ব প্রথা৷ দিন বাগৰাৰ লগে লগে সকলোতে আধুনিকতাৰ পৰশ লাগি দুর্গাপূজাৰো বিস্তৃত এক প্রসাৰণ ঘটিছে, যত ধর্ম নির্বিশেষে সকলো শ্রেণীৰ মানুহে অংশগ্রহণ কৰি মহালয়াৰ পৰা বিজয়া দশমীলৈকে অতি উলহ–মালহেৰে এক হৈ পৰে৷ ষষ্ঠীৰ পৰা বিসর্জনৰ দিনটোলৈকে পুৰুষ–মহিলা সকলোৱে নিজক উৎসৱৰ লগতে বিলীন কৰি দিয়ে আৰু অধীৰ আগ্রহেৰে ৰৈ থকা হয় পৰৱর্তী বছৰৰ দেৱী আৱাহনলৈ৷ বিশিষ্ট এই দিনকেইটাত প্রতিজন ব্যক্তিয়েই নিজৰ ব্যক্তিত্ব তথা পছন্দ মতে সাজসজ্জা কৰি ভক্তিৰ মাদকতা লব বিচাৰে৷ সেয়ে এইবাৰৰ দুর্গাপূজাৰ দিনকেইটাত কিদৰে নিজকে সজাই তুলিব, তাৰ কেইটামান ফেশ্বন সম্পর্কীয় পৰামর্শ

মহালয়াঃ

পৱিত্র মহালয়াৰ দিনটোত খুব সোনকালেই ৰাতিপুৱা আৰম্ভ হয় ৰীতি–নীতি৷ সেয়ে অতি উগ্র সাজসজ্জা পৰিহাৰ কৰা উচিত৷ মার্জিত কিন্তু কোমলতা বজাই ৰখা ৰং নির্বাচন কৰিব, যাতে ভক্তি আৰু পৱিত্রতা প্রতিফলিত হয়৷ সাধাৰণতে পূজা–পার্বণ ইত্যাদিত সম্পূর্ণ পৰম্পৰাগত অর্থাৎ মেখেলা–চাদৰ বা শাৰীখনক প্রাধান্য দিয়া উচিত৷ যিহেতু বাকী দিনবোৰত আমি কেজুৱেল সাজ অনবৰত ব্যৱহাৰ কৰোঁ৷ মহিলাসকলে পাতল বেঙুনীয়া, পাতল সৰিয়হ ফুলৰ হালধীয়া ৰং অথবা বগা ৰং ব্যৱহাৰ হোৱা সাজ পৰিধান কৰিব৷ পুৱাই এইকেইটা ৰঙে যিকোনো বৰণৰ মহিলাক কমনীয়তা প্রদান কৰিব৷ ন্যুড মেকআপ কৰি চুলিখিনি মেলি ৰাখিব পাৰে৷ জেল ব্যৱহাৰ কৰ এটা ৱেট লুক দিব পাৰে, সজীৱ ভাব এটা আহিব৷ ফ্লেট চেণ্ডেল পিন্ধিব৷
পুৰুষসকলে মহালয়াৰ দিনা ধুতী–কুর্তাৰ লগত লিনেন ড্রাউজাৰ অথবা পাতল নীলা বা বগা জীনছ পৰিধান কৰিব পাৰে৷ এটা ডাঙৰ ডায়েলৰ ঘডীৰ সৈতে চুলি ৱেট লুক ৰাখি ৰাতিপুৱাটোৰ মুড ধৰি ৰাখিব পাৰিব৷ যিহেতু পৱিত্র দুর্গাপূজাৰ প্রথম দিন৷ সেয়ে হাই ফেশ্বনৰ জোতা নিপিন্ধি কোলহাপুৰী জোতা পিন্ধিব পাৰে৷

ষষ্ঠীঃ

উজ্জ্বল ৰং নির্বাচন কৰিব৷ কমলা, ৰঙা, মেৰুণ কালাৰৰ কম্বিনেচন থকা বগা ৰঙৰ লগত পিন্ধিব৷ কেৰেলাৰ গুণা দিয়া বগা শাৰীখনো অপূর্ব দেখাব৷ অত্যধিক অলংকাৰ নিপিন্ধিব৷ যদিহে সোণালী ৰঙৰ গুণাৰ কাম থকা কাপোৰ হয়, তেন্তে এটা সোণালী ঘডী আৰু কাণত এযোৰ ঝুামকা অথবা খোপাত এটা সোণালী ফ্লাৱাৰ ক্লিপেই যথেষ্ট৷ খোপা নাবান্ধি দীঘল বেণী গুঁঠিব পাৰে৷ পৰম্পৰাগত লুক এটা থাকিব৷ ফোঁট লব৷ পুৰুষসকলে বগা চিকনকাৰী কুর্তা–পায়জামা পিন্ধিব পাৰে৷ দোপাট্টা নলৈ দীঘল গামোচা লব৷ স্বকীয়তা বহন কৰিলে ভিৰৰ মাজত আকর্ষণীয় ব্যক্তিত্ব ফুটি উঠিব৷

সপ্তমীঃ

দিনৰ সময়ছোৱাৰ বাবে পাতল গ্রে কালাৰ অথবা মেহেন্দী কালাৰৰ অসমীয়া বোৱা কাপোৰ এযোৰ পছন্দ কৰিব পাৰে৷ সাধাৰণতে চলি থকা ৰংসমূহৰ মাজত এনে ৰঙে আপোনাক বিশেষত্ব প্রদান কৰিব৷ পীচ কালাৰো পছন্দ কৰিব পাৰে৷ অলংকাৰ হিচাপে জনজাতীয় ৰূপৰ অলংকাৰ পিন্ধিব পাৰে৷ অথবা ব্লেক মেটেলৰ নেকপিচ পিন্ধিব৷ কম উচ্চতাৰ হিল পিন্ধিব আৰু চুলিখিনি এটা কাষলৈ নি আনটো কাষত ফুল ব্যৱহাৰ কৰিব পাৰে অথবা সৰু বেণীৰ ডিজাইন বনাব পাৰে৷ এটা মৰাপাটৰ হেণ্ডবেগ লব, পানীমেটেকাৰ বেগো লব পাৰে৷ নিশাৰ ভাগত দীঘল ইণ্ডো ৱেষ্টার্ন গাউন পিন্ধিব পাৰে৷ কাাা কাজলৰ সৈতে অন্য অলংকাৰ নিপিন্ধি কেৱল ডাঙৰ ডিজাইনৰ আঙঠি অথবা ফিংগাৰ ব্রেচলেট পিন্ধিব৷ মেটেলিক পৰশ থকা পার্চ লব পাৰে৷ গাউনত ভৰিৰ বেছি অংশ ওলাই থকা ডিজাইনৰ হলে হেলডিয়েটৰ হিল পিন্ধিব, অংগ প্রদর্শনৰ ভাব নোহোৱা কৰিব এই ডিজাইনে৷
এটা ডিজাইনাৰ কুর্তা পুৰুষসকলে দিনৰ ভাগত পিন্ধিব পাৰে৷ মূল ৰংটো পাতল হৈ কেৱল ডিজাইন পিছটো উজ্জ্বল লব৷ ডেনিম ব্লু জীনছৰ লগত আকর্ষণীয় লাগিব, যদিহে অলপ ৱেষ্টার্ন লুক দিব বিচাৰে, কাঠৰ মণিৰ মালা অথবা কাষ্টমাইজড ঘডী পিন্ধিব পাৰে৷ ফর্মেল কিন্তু ষ্টাইলিছ জোতা পিন্ধিব পাৰে৷

অষ্টমীঃ

অষ্টমীৰ উখল–মাখল পৰিৱেশৰ আপুনি যিদৰে এটা নৱৰাত্রিৰ পৰশ দিব পাৰে লেহেংগা পিন্ধি৷ যিহেতু দুর্গাপূজা এক সর্বভাৰতীয় ধাৰাৰে পৰিপুষ্ট, সেয়ে এযোৰ পৰম্পৰা অটুট ৰখা চানেকিৰে প্রস্তুত হোৱা লেহেংগা পিন্ধিব পাৰে৷ দোপাট্টাখন সচৰাচৰ ধৰণৰ নলৈ অসমীয়া ঠাঁচৰ ৰিহাখন অথবা ৰং মিলাই চাদৰ এখন লব পাৰে, বেলেগ দেখাব৷ অসমীয়া গহনা পিন্ধিব৷ চুলি পৰিপাটিকৈ খোপা অথবা বেণী বান্ধিব৷ ৰং পাতল নির্বাচন কৰিব৷ ৰদত কাাা ৰংটোৱে নহলে ন–কইনাৰ দৰে দেখাব, সেয়ে কোমলতা ধৰি ৰখাবই লাগিব৷ ৰাতি ষ্ট্রেইড জীনছৰ লগত উজ্জ্বল কুর্তী পিন্ধিব৷ মিৰৰ ৱর্ক কৰা কুর্তীয়ে উৎসৱৰ উলাহ ফুটাই তুলিব৷

দশমীঃ

উৎসৱৰ শেষৰ দিন৷ সেন্দূৰ খেলা আৰু বিসর্জনৰ বাবে সাজু হব পৰাকৈ এখন হেণ্ডলুম শাৰী পিন্ধিব পাৰে৷ অতি কম অলংকাৰ পিন্ধিব৷ খোপা বান্ধিব৷ কাপোৰৰ ৰং বগা আৰু ৰঙাৰ সংমিশ্রণ ললে পৰম্পৰাগত বাঙালী প্রভাৱ ধৰি ৰাখিব পাৰিব৷ অথবা যিকোনো পাতল ৰঙৰ শাৰীত ৰঙা আৰু গুণাৰ কাম কৰাও পিন্ধিব পাৰে৷ যদিহে মেখেলা–চাদৰ পিন্ধিব বিচাৰে, তেন্তে ৰঙা মিচিং ফুলৰ মেখেলা আৰু ব্লাউজৰ লগত অসমীয়া পাটৰ কেছবছা ৰিহা পিন্ধিব পাৰে৷আৰামদায়ক ছার্ট অথবা দীঘল কুর্তা পুৰুষসকলে পিন্ধিব পাৰে৷ ইয়াৰ লগত জীনছ নতুবা পায়জামা পিন্ধিব, গামোচা লব৷ বিসর্জনৰ সময়ত যাতে কোনো অসুবিধা অনুভৱ নহয়, প্রকৃততে তেনেধৰণৰ পোছাক পিন্ধাই উচিত৷ আধুনিক হোৱা মানে পৰম্পৰা পাহৰি যোৱা উচিত নহয়৷ জাতিৰ সংজ্ঞা বিচাৰি ধামখুমীয়া খোৱাৰ দিনত নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ হলে সাতামপুৰুষীয়া জাতি–ধর্ম নির্বিশেষে থকা এনাজৰীডাল ধৰি ৰাখিব লাগিব৷ দুর্নীতিনাশিনী দেৱী দুর্গাৰ আশিস লৈ প্রতিজন ব্যক্তিয়ে সমাজখন শেৱালি ফুলৰ দৰেই শুভ্র আৰু পৱিত্র কৰি গঢ়ি তোলক৷ তাৰ আন্তৰিক কামনাৰে শৰতৰ শুভেচ্ছা যাচিলোঁ৷

You might also like

Leave A Reply

Your email address will not be published.