পাকঘৰৰ ফেংছুই

ফেংছুই শাস্ত্রবোৰত পাকঘৰ বা ৰান্ধনীশালক ঘৰ এখনৰ প্রধান চালিকা শক্তিৰূপে চিহ্ণিত কৰা হৈছে৷ ফেংছুইৰ মতে মতে পাকঘৰ এটা কেৱল খাদ্য সামগ্রী ৰন্ধা–ববা কৰাৰ বাবেই নহয়৷ বৰঞ্চ ই ঘৰখনৰ এনে এটা মূল কোঠালি, যিটোৱে পৰিয়ালটোৰ সদস্যসকলৰ স্বাস্থ্যৰ লগতে পৰিয়ালটোৰ মংগল তথা সর্বতোপ্রকাৰৰ উন্নতি আৰু সা–সম্পত্তিকো প্রতিনিধিত্ব কৰে৷ পাকঘৰটো ঘৰ এটাৰ এনে এটা বিশেষ কোঠা, যিটোৱে ঘৰখনৰ মাতৃ শক্তিক ক্রিয়াশীলো কৰে, আৰু এই শক্তিৰ দ্বাৰা প্রভাৱান্বিত হয়৷
সেয়ে পাকঘৰটোৱে সেই আটাইবোৰ কাৰককে প্রতিনিধিত্ব কৰে, যিবোৰ ঘৰখনৰ সদস্যসকলক এক বন্ধনৰ মাজত ৰাখে প্রেম, ভালপোৱা, স্নেহ, একতা, ধৈর্য৷ ইয়াৰ লগতে পাকঘৰটো ঘৰৰ সদস্যাসকলৰ সৃজনীশীলতাৰ মাত্রাৰ সূচকৰূপে চিহ্ণিত হৈছে৷ ইয়াৰ কাৰণ হৈছে, এই কোঠাটোতে এক সুন্দৰ, সুস্বাদু খাদ্য সম্ভাৰ প্রস্তুত কৰা হয়, যি কার্য সদায়েই সৃজনীশীলতাৰ প্রতীক৷
ইয়াৰ পৰা এইটো নিশ্চিত যে আপুনি আপোনাৰ ঘৰৰ পাকঘৰটোত সঠিক ফেংছুই নিয়ম মানি চলিছেনে নাই, তাৰ ওপৰত সমগ্র ঘৰখনৰ, এই ঘৰত বাস কৰা সকলো সদস্যৰে সর্বতোপ্রকাৰৰ উন্নতি নির্ভৰ কৰে৷

পাকঘৰ বা ৰান্ধনীশালটোৰ আটাইতকৈ গুৰুত্বপূর্ণ তত্ত্ব দুটা হৈছে

ক৷ অগ্ণিতত্ত্ব অর্থাৎ ষ্টোভটোহ্ল,
খ৷ জল অর্থাৎ ৰেফ্রিজাৰেটৰ আৰু ধোৱা–পখলা কৰা ঠাইখিনি অর্থাৎ চিংকটো৷

আপুনি মানি চলিবলগীয়া কথাকেইটা

ষ্টোভটো কেতিয়াও চিংক বা ৰেফ্রিজাৰেটৰৰ লগত একেলগে, একেটা শাৰীতে, এটাৰ পিছত এটাকৈ প্রতিষ্ঠা কৰিব নালাগে৷
ষ্টোভটো ৰখা ঠাইখিনি চিংক বা ৰেফ্রিজাৰেটৰ থকা ঠাইখিনিৰ একেবাৰে বিপৰীত দিশত হব নালাগে৷
প্রতিটো পাকঘৰতে জল আৰু অগ্ণিতত্ত্বসহ উপস্থিতি দেখা যায় আৰু এইটো প্রায়ে অপৰিহার্য হৈ পৰে৷ চিংক আৰু ৰেফ্রিজাৰেটৰটোৱে জল বা পানীতত্ত্বক প্রতিনিধিত্ব কৰাৰ দৰে ষ্টোভটো অগ্ণি বা জুই তত্ত্বক প্রতিনিধিত্ব কৰে৷ এই দুয়োটা বিপৰীতমুখী আৰু ইহঁতৰ মাজত হোৱা বিপৰীত ক্রিয়াৰ বাবে ঘৰৰ সদস্যসকলৰ মাজত কাজিয়া–পেছাল, অনাহক মনোমালিন্য হব পাৰে৷ সেইবাবেই এই সামগ্রীকেইটাৰ থকা ঠাইৰ মাজত ব্যৱধান হোৱা উচিত৷
একে শাৰীতে চিংক আৰু ষ্টোভটো থাকিলে দুয়োটাৰে মাজত এটা সৰু সেউজীয়া গছৰ টাব ৰাখি এই বিপৰীত ক্রিয়াক নিয়ন্ত্রণ কৰা হয়৷
ঘৰৰ উত্তৰ–পশ্চিম কোণত বা দিশত পাকঘৰটো হোৱাটো অতি বিপজ্জনক৷ আকৌ পাকঘৰটোৰ উত্তৰ–পষ্চিম দিশত ষ্টোভটো প্রতিষ্ঠা নকৰিব৷ এই দিশত ষ্টোভটো প্রতিষ্ঠা কৰাটোক ফেংছুই শাস্ত্রতFire at Heaven’s Gate বুলি কোৱা হৈছে৷ আনকি জুই উৎপত্তি হব পৰা বস্তু বা জুই উৎপত্তি কৰিব পৰা সামগ্রীও পাকঘৰটোৰ উত্তৰ–পষ্চিম দিশত নাৰাখিব৷ এনে অৱস্থাই ঘৰখনৰ বা পৰিয়ালটোৰ উপার্জনক্ষম ব্যক্তি, মুৰববীজনৰ বাবে অশুভ ভাগ্য কিিয়াই আনে৷ মুৰববীজনে তেওঁ কৰি থকা চাকৰিটো হেৰুৱাব পাৰেহ্ল, টকা–পইচা, সা–সম্পত্তিও হেৰুৱাব পাৰে৷ ব্যক্তিজনৰ স্বাস্থ্যও বেয়া হব পাৰে৷
এনে দোষৰ পৰা ৰক্ষা পাবলৈ একো উপায় উলিয়াব নোৱাৰিলে, ফেংছুইৰ আটাইতকৈ শক্তিশালী সমাধান হব এটা মধ্যমীয়া আকাৰৰ মাটিৰ কলহ পানীৰে পূর্ণ কৰি পাকঘৰৰ এই উত্তৰ–পষ্চিম দিশত ৰাখিব লাগে৷ পানী বা জলতত্ত্বই ঠাইখিনত থকা অগ্ণিতত্ত্বৰ ক্রিয়াক নিষ্ক্রিয় কৰি তুলিব৷
পাকঘৰটোৰ স্থান সদায় ঘৰটোৰ শেষৰফালে হোৱা উচিত৷ একেবাৰে শেষত নহলেও যিমান পৰা যায় ভিতৰলৈ, মূল দুৱাৰখনৰ পৰা আঁতৰত হব লাগে৷ পাকঘৰটো অৱশ্যে ঘৰটোৰ কেন্দ্রস্থলত হোৱাটোও অনুচিত৷
যদিহে পাকঘৰটোৰ কাষতে এটা বাথৰুম–লেড্রিনৰ কোঠা থাকে, তেতিয়া বাথৰুমটোৰ দুৱাৰখন অনবৰতে বন্ধ হৈ থকাটোৱেই শ্রেয়৷ পাকঘৰটোৰ মুখামুখিকৈ এটা বাথৰুম হোৱাটোৱে বিপদ সূচায়৷ এনে অৱস্থানে পাকঘৰত ৰন্ধা আহাৰ বা খোৱা সামগ্রীৰ মানৰ ওপৰত প্রভাৱ পেলায় আৰু পৰিয়ালটোলৈ দুর্ভাগ্য কিিয়াই আনে৷ এনেকুৱা অৱস্থাত আন নোৱাৰিলেও, আপোনাৰ ষ্টোভটো স্থানান্তৰিত কৰিব৷
ষ্টোভ, অভেন আৰু ৰাইচ কুকাৰটোৰ অৱস্থানে পৰিয়ালটোৰ সদস্যসকলৰ আয়–উপার্জন আৰু সম্পত্তি আহৰণৰ ক্ষমতাত প্রভাৱান্বিত কৰে৷ এইটো নির্ভৰ কৰে ফেংছুইৰ এইট মেনচন(Eight Mansion) কুৱা সূত্রৰ দ্বাৰা গণনা কৰিব পৰা প্রতিজন ব্যক্তিৰ ব্যক্তিগত শুভ বা অশুভ দিশৰ ওপৰত৷
এই সূত্র অনুসৰি ষ্টোভ বা অভেনটোত যিজন ব্যক্তিৰ বাবে আহাৰ তৈয়াৰ কৰা হয়, সেই ব্যক্তিজনৰ ব্যক্তিগত শুভ দিশ এটাৰ পৰা ষ্টোভটোলৈ বা অভেনটোলৈ ইন্ধন বা বৈদ্যুতিক শক্তি সোমাব লাগে৷
উদাহৰণস্বৰূপে, এজন ব্যক্তিৰ শুভ দিশ যদি দক্ষিণ হয়, তেন্তে ষ্টোভটোলৈ অহা গেছৰ পাইপডাল বা অভেনটোৰ বৈদ্যুতিক শক্তি পৰিবাহী কেব্লডাল দক্ষিণ দিশৰ পৰা আহিব লাগে৷
যিহেতু একোটা পৰিয়াল কেইবাজনো ব্যক্তিৰ সমষ্টি আৰু প্রতিজনৰে শুভ বা অশুভ দিশ ভিন ভিন হয়, তেনে ক্ষেত্রত ঘৰৰ মূল ব্যক্তিজনৰ শুভ দিশ মানি চলিব লাগে৷
আজিৰ আধুনিক যুগত মহিলাসকলে পুৰুষৰ সমানে উপার্জন কৰে৷ সেয়ে পতি– আধাতে সমাপ্ত হৈ আাছে

You might also like

Leave A Reply

Your email address will not be published.