প্ৰেম এক চিৰন্তন অনুভূতি। এক অনুভূতি যাক এটা শব্দত বা এটা বাক্যত প্ৰকাশ কৰিব নোৱাৰি। ইয়াৰ ব্যাখ্যা ভিন্নজনৰ মনত ভিন্ন হ’ব পাৰে। প্ৰকৃতাৰ্থত প্ৰেমক জীয়াই ৰাখিবলৈ যথেষ্ট ত্যাগৰ প্ৰয়োজন। প্ৰেম শব্দটোৰ বিশালতাৰ মাজত ধৈৰ্য, ত্যাগ, বুজাবুজি, এৰা-ধৰা, নিৰাপত্তা, বিশ্বাস, আৱেগ— এই সকলোবোৰৰ আৱশ্যকতা বা গুৰুত্ব বেছি বুলি ক’ব পৰা যায়, কিয়নো এইসমূহৰ দ্বাৰাই প্ৰেমৰ ফলত সৃষ্টি হোৱা সম্বন্ধবোৰক সুস্থভাৱে জীয়াই ৰাখিব পৰা যায়। অতীজৰ সমাজ ব্যৱস্থাত ল’ৰা-ছোৱালীৰ মনত মুকলিমূৰীয়াকৈ মিলামিছাৰ ক্ষেত্ৰত যথেষ্ট বাধা আৰোপ আছিল বাবে প্ৰেম থাকিলেও সমাজৰ ভয়ত, মাক-দেউতাকৰ ভয়ত, মনৰ মাজতে থাকি গৈছিল। তাৰ মাজতে কোনোবাই সাহস কৰি প্ৰকাশ কৰিব পাৰিছিল যদিও খুব কমসংখ্যকৰহে প্ৰেম বিবাহ হোৱা দেখা গৈছিল। এৰেঞ্জ মেৰিজক প্ৰাধান্যতা দিয়া ব্যৱস্থা আছিল, কিন্তু তাৰ বিপৰীতে আজিৰ সমাজ ব্যৱস্থাত বিবাহৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ সময়ত পূৰ্বে ল’ৰা-ছোৱালীৰ নিজৰ পছন্দৰ বা তেওঁলোকে কোনোবাক পছন্দ কৰি থৈছে নেকি, সেই বিষয়ে অৱগত হৈহে পিছৰ পৰ্যায়লৈ আগবাঢ়ে। এক বাক্যত ক’ব গ’লে প্ৰেম বিবাহৰ গুৰুত্বটো বৃদ্ধি পাইছে।

আজিৰ এই প্ৰেমৰ বিশেষ সংখ্যাত প্ৰেম চিৰস্থায়ী কৰিবলৈ বা প্ৰেমত সফলতা লাভ কৰিবলৈ কেতবোৰ উপায় লিখিব ওলাইছোঁ।

ক। প্ৰেমিক-প্ৰেমিকাসকলে কেতিয়াও ইজনে-সিজনক ক’লা বস্ত্ৰ বা ক’লা ৰঙৰ সামগ্ৰী নাইবা জোং থকা, অস্ত্ৰজাতীয় সামগ্ৰী উপহাৰ নকৰিব। যদি আপোনাৰ বা প্ৰেমাস্পদৰ ভালপোৱা ৰংটো ক’লা হয়, তৎসত্ত্বেও আপুনি ক’লা ৰঙৰ সামগ্ৰী বা বস্ত্ৰ তেওঁক উপহাৰ নিদিব।

খ। ছোৱালীৰ ক্ষেত্ৰত এজন মৰমিয়াল, যত্নৱান, মনে বিচৰা স্বামী পাবলৈ ৰ6টা সোমবাৰ ব্ৰত কৰিব পাৰে। সম্পূৰ্ণ শ্ৰদ্ধা-ভক্তিৰে কৰা এই ব্ৰত যথেষ্ট কাৰ্যকৰী হয়।

গ। আপোনাৰ ওচৰত থকা শ্ৰীকৃষ্ণৰ মন্দিৰত তেখেতৰ প্ৰিয় বাঁহী আৰু পাণ আগবঢ়াই আপোনাৰ প্ৰেম সফল কৰিবলৈ প্ৰাৰ্থনা কৰিব।

ঘ। মা দুৰ্গাৰ মন্দিৰত মাক ৰঙা শ্বল বা ৰঙা চূৰ্ণি দান কৰিব। মাৰ শিৰ এই শ্বলেৰে ঢাকি দিব, ওৰণি লোৱাৰ দৰে।

ঙ। শুক্লপক্ষৰ কোনো বৃহস্পতিবাৰে ক্ৰিষ্টেলৰ ৰঙ্মজ্জ্বটা মণি থকা মালা এডালত ‘ওঁম লক্ষ্মীনাৰায়ণ নমঃ’ মন্ত্ৰটি মালা জপ কৰিব। যদিহে এই মন্ত্ৰ উচ্চাৰণ কৰোঁতে কোনো লক্ষ্মীনাৰায়ণৰ মন্দিৰত নোৱাৰে, তেন্তে লক্ষ্মীনাৰায়ণৰ ফটো আগত লৈও কৰিব পাৰে। মিঠা প্ৰসাদ আগবঢ়াব। তিনি মাহ কাল কৰিব, আপোনাৰ প্ৰেম চিৰস্থায়ী হ’ব।

চ। প্ৰতি সোমবাৰে কোনো শিৱ মন্দিৰত ৰুদ্ৰ অভিষেক কৰিব। অন্যান্য সামগ্ৰীৰ লগতে গাখীৰ আৰু মৌ নিশ্চয়কৈ ব্যৱহাৰ কৰিব।

ছ। হীৰা ধাৰণে আপোনাৰ জীৱনলৈ প্ৰেম বোৱাই আনিব। অথবা বাৰে বাৰে ভাঙি যোৱা সম্পৰ্কবোৰ স্থায়ী কৰিব। হীৰাৰ সলনি আপুনি জিৰকন পিন্ধিব পাৰে।

জ। প্ৰেমাস্পদক ইজনে-সিজনক ৰঙা, গোলাপী, হালধীয়া, সোণালী ৰঙৰ সামগ্ৰী উপহাৰ কৰিব।

ঞ। যদিহে আপুনি প্ৰেমাস্পদক প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবিছে, তেন্তে কেতিয়াও অমাৱস্যা বা তাৰ আশে-পাশে নিদিব। যদিহে সেই অমাৱস্যা শনিবাৰে হয়, তেনেহ’লে একেবাৰেই নকৰিব।

ট। যদিহে আপোনালোকে বহু দিনৰ মূৰে মূৰে লগ ধৰে, তেন্তে পূৰ্ণিমাত লগ ধৰিব, নাইবা শুকুৰবাৰে লগ কৰিব।

ঠ। বগা বস্ত্ৰ ধাৰণ কৰি, এপাহ ৰঙা গোলাপ ফুল আৰু জেচমিন ফুলৰ নিৰ্যাস থকা আঁতৰৰ কোনো ধৰ্মীয় স্থানত অৰ্পণ কৰি শুদ্ধ অন্তৰেৰে প্ৰাৰ্থনা কৰিব।

বহুতৰ ক্ষেত্ৰত দেখা যায় সম্পূৰ্ণ মৰম-ভালপোৱা, সমৰ্পণ আৰু বিশ্বাস দিয়াৰ পিছতো প্ৰেমৰ সম্পৰ্ক বেছিদিন নিটিকে। বাৰে বাৰে সৰু এটি কথাতে কাজিয়া বা ভুল বুজাবুজি সৃষ্টি হৈ সম্পৰ্কত ফাট মেলে। ইয়াৰ কাৰণ ফঁহিয়াই চাব গ’লে দেখা যাব যে সোঁৱৰণী বা কোষ্ঠীখনত প্ৰেমৰ স্থান বা সপ্তম স্থান বা দ্বাদশ স্থানত কিছু গ্ৰন্থৰ অশুভ প্ৰভাৱৰ ফলত এনেবোৰ ঘটনাৰ পুনৰাবৃত্তি হৈ থাকে। আৰু কেতিয়াবা দেখা যায় মংগল গ্ৰহৰ অশুভ প্ৰভাৱৰ ফলতো প্ৰেমৰ ক্ষেত্ৰতেই হওক বা বিবাহিত জীৱনতেই হওক কেতবোৰ অশুভ ফল দিয়ে। গতিকে উপৰিউক্ত নিয়মসমূহ পালনৰ পিছতো যদি আপোনাৰ জীৱনত প্ৰেমক বৰ্তাই ৰাখিবলৈ কষ্ট হয়, তেন্তে সোঁৱৰণীখনত থকা আসোঁৱাহ দূৰ কৰিব লাগিব। তেতিয়াহে আপোনাৰ জীৱনত প্ৰেম বা বৈবাহিক জীৱনত থকা অশান্তি স্থায়ীভাৱে দূৰ হ’ব।

ডঃ কৰবী বেজবৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here