সাগৰৰ তীৰৰ মুখৰোচক ষ্ট্রীট্ ফুড্

ষ্ট্রীট্ ফুড্ বুলিলে সকলো বয়সৰ লোকৰে সাধাৰণতে মুখলৈ লোভৰ পানী আহে৷ অস্থায়ীভাৱে ৰাস্তাৰ কাষত ঠেলাত অথবা গাডীত বেচা নানাতৰহৰ ৰং–বিৰঙৰ ষ্ট্রীট্ ফুডৰে যেন পথচাৰীক মাতি থাকে মোক খা মোক খা কৰি৷ বহু ঠাইত সেই অঞ্চলৰ বিখ্যাত মুখৰোচক খাদ্যবোৰ ৰাস্তাৰ দাঁতিত সজাই থোৱা থাকে যদিও বেছিভাগ ষ্ট্রীট্ ফুডেই কিন্তু ফাষ্ট ফুড্৷ ২০০৭ চনৰ খাদ্য আৰু কৃষি সংস্থাৰ সমীক্ষা অনুসৰি প্রতিদিনে ২.৫ বিলিয়ন লোকে ষ্ট্রীট্ ফুডৰ জুতি লয়৷ প্রাচীন গ্রীচত সৰু মাছ ভজা আছিল এক বিশেষ ফাষ্ট ফুড্৷ সেয়াই বোধহয় ষ্ট্রীট্ ফুডৰ আৰম্ভণি৷ বর্তমান সময়ত প্রতিটো অঞ্চল, চহৰ–নগৰৰ দাঁতিত গঢ় লৈ উঠিছে নানাতৰহৰ ষ্ট্রীট্ ফুডৰ দোকান৷
প্রতিখন ঠাইত ষ্ট্রীড ফুডসমূহৰ উপৰি ঠাই অনুসৰি কিছুমান বিশেষ ষ্ট্রীট্ ফুড পোৱা যায়৷ যাৰ জুতি ভ্রমণকাৰীসকলে লয় আৰু সেই খাদ্যৰ বাবে কেতিয়াবা ঠাইখনো বিখ্যাত হয়৷ সাগৰৰ পাৰতো বিভিন্ন ধৰণৰ ষ্ট্রীট্ফুডৰ দোকানে পোহাৰ মেলে৷ পর্যটকসকলক আকর্ষণ কৰিবলৈ তৈয়াৰ কৰে নানাধৰণৰ মুখৰোচক খাদ্য তথা পানীয়৷ ভাৰতবর্ষৰো সাগৰৰ পাৰত থকা অঞ্চলসমূহ বহু দেশী–বিদেশী পর্যটকৰ সমাগম হয়৷ সাগৰৰ পাৰৰ নৈসর্গিক দৃশ্য চোৱাৰ লগতে জুতি লয় সুস্বাদু ষ্ট্রীট্ ফুডৰ৷ আৰু কিছুমান বিশেষ খাদ্যৰ বাবে বিখ্যাত হৈ পৰে বিশেষ বীচ্চসমূহ৷ ভাৰতৰ তেনেকেইখনমান বিখ্যাত বীচ্চৰ ষ্ট্রীট্ ফুডৰ কথা জানো আহকচোন

দীঘা বীচ্চ, কলকাতাঃ

ভাৰতৰ অন্যতম প্রধান বিখ্যাত বীচ্চ হৈছে দীঘা৷ সাগৰৰ পাৰৰ সাগৰীয় খাদ্যৰ সুস্বাদু ৰেচিপি দীঘা বীচ্চৰ ষ্ট্রীট্ ফুডমূহত উপলব্ধ৷ বিভিন্ন ধৰণৰ মাছ যেনে- পমফ্রেট, ইলিছ, ৰৌ, ভেটকী, টাইগাৰ, নানাতৰহৰ সুস্বাদু ব্যঞ্জন ইয়াৰ ষ্ট্রীট্ ফুডৰ দোকানসমূহত উপলব্ধ৷
বীচ্চৰ কিছুমান ষ্টলত মিক্সড চাট, দহী চাট, বাটাটা পুৰী, ঝাল মুডী, মচালা মুডী, ভেলপুৰী আদি বিভিন্ন মুখৰোচক দেশীয় খাদ্য উপলব্ধ৷ তদুপৰি বিভিন্ন ফাষ্ট ফুড্ এগ ৰল, চাওমিন, মম, পুৰী, চবজী ব্রেড, অমলেট, বাটাৰ টষ্ট, চিকেন পকৰা ইত্যাদি পোৱা যায়৷ ইয়াৰ উপৰি দীঘা বীচ্চত কম দামত নাৰিকল পোৱাৰ উপৰি সুস্বাদু ডাবৰ পানীও বিখ্যাত৷

জুহু বীচ্চ, মুম্বাইঃ

মুম্বাইৰ এখন বিখ্যাত বীচ্চ জুহু৷ অৱসৰ বিনোদন কৰিবলৈ প্রায়সংখ্যক লোক এই বীচ্চলৈ আহে আৰু সোৱাদ লয় নানা ষ্ট্রীট্ ফুডৰ৷ জুহু বীচ্চত পোৱা তেনে কিছুমান সুস্বাদু খাদ্য হল চিল্লী চীজ পৰাঠা, কোমল চীজৰ পৰাঠাৰ লগত তেওঁলোকে আগববাই মচুৰ দাল, ৰাইটা আৰু আমৰ টেঙা–মিঠা আচাৰ৷ সুস্বাদু বাটাৰত ভজা মছালা ডোচা, যাৰ লগত পৰিৱেশন কৰে চাম্বাৰ, বিলাহী আৰু নাৰিকলৰ চাট্নি৷ বিলাহীৰ টেঙা–মিঠা চাট্নিয়ে গ্রাহকক এক অনন্য সোৱাদ প্রদান কৰে৷ মুম্বাইৰ বিখ্যাত পাৱ ভাজি অবিহনে যেন বীচ্চৰ মনোৰঞ্জন আধৰুৱা৷ খুব সুন্দৰকৈ বনোৱা পাৱ ভাজিৰ সোৱাদ লবলৈ সকলোৰে হেতা–ওপৰা৷ পদিনা, তেঁতেলিৰ পানী, আলু পিটিকাৰে লোভৰ পানী পৰা পানীপুৰি জুহু বীচ্চৰ আন এক মুখৰোচক খাদ্য৷ তদুপৰি ফাষ্ট ফুড্ নুডল্ছ, চিকেন ললীপপ, স্পেচিয়েল তাৱা পোলাও, দহী কচুৰী, চকলেট ডোচা, চিকেন তণ্ডুৰী, ৰুমালী ৰল, গৰম মছালা, চিকেন তণ্ডুৰী, মমো ইত্যাদি নানা খাদ্য সম্ভাৰে সকলোকে আকর্ষিত কৰি আহিছে৷ পানীয়ৰ ভিতৰত আছে কোকাম কুলম, পদিনা আৰু নেমুৰ মিশ্রণৰ এক সুস্বাদু শীতল পানীয়, বাব্ৰি মালাই ফালুদা, চুইট লচিচ, চুৰট কাল খাট্টা, মিক্স গোলা ইত্যাদি৷

মেৰিনা বীচ্চ, চেন্নাইঃ

মেৰিনা বীচ্চৰ ষ্ট্রীট্ ফুডৰ এক অন্যতম আকর্ষণ হল মিলাগা ভাজ্জি মিলাগা মানে তামিল ভাষাত জলকীয়া৷ বেচনত লেটিওৱা জলকীয়াৰ ডীপ ফ্রাই গ্রাহকৰ খুব পছন্দৰ৷ জুইত সেকা গোমধান, তাৰ ওপৰত নেমু আৰু বাটাৰৰ এক প্রলেপ এক সুন্দৰ খাদ্য৷ নেথিলি ফ্রাই আন এক সুন্দৰ খাদ্য মেৰিনা বীচ্চত উপলব্ধ৷ নেথিলি মানে এক প্রকাৰৰ মাছ৷ বিভিন্ন মছলা, কণী, নেমুৰ ৰসত ডুবাই কাঢ়াকৈ ভজা নেথিলি সকলো সাগৰীয়া খাদ্য ভালপোৱা লোকৰে প্রিয়৷ বেচন লেটিওৱা পিঁয়াজৰ ভাজি, বাদামৰ লগত বিলাহী, পিঁয়াজ, আম আৰু মছলাত টেঙা–বলা চালাডখন, বিভিন্ন সাগৰীয় মাছৰ ভজা প্লানটাইন ভাজ্জি, দিল্লী এপ্পালাম, প্রন মাছালা, ফুলকবিৰ পকোৰা, প্রিং পটেট, কেঁচা মটৰ, বুটৰ ব্যঞ্জন, বাদাম ভজা, কুলফি, কীন কেঙি, চন পাপডি ইত্যাদি সুন্দৰ সুস্বাদু খাদ্যৰে ভৰপূৰ মেৰিনা বীচ্চ৷

গোৱা বীচ্চঃ

গোৱাৰ বীচ্চবোৰত এক অন্যতম সুস্বাদু ষ্ট্রীট্ ফুড্ হৈছে ৰছ অমলেট৷ মাংস, ধনীয়া পিঁয়াজ আৰু গোৱাৰ বিশেষ ব্রেডৰে সৈতে তৈয়াৰী ৰছ অমলেটৰ সোৱাদ খুবেই সুন্দৰ৷ উত্তৰ ভাৰতৰ বিবিন্ন ধৰণৰ চচ্, ছেভ পুৰী, টিক্কি, পাও ভাজি উপলব্ধ গোৱাৰ বীচ্চসমূহত৷ গোৱাৰ আন ষ্ট্রীট্ ফুড্ হৈছে কাটলেট পাও৷ ফ্রুইড প্রন, বীফ চামছা, চীজ কাটলেট, প্রিং ৰোল, বীফ চিল্লী ফ্রাই, পক্ট চপ ইত্যাদি৷ কালচাৰ নামৰ এক সুন্দৰ সাগৰীয় খাদ্য প্রনৰ বিভিন্ন আইটেম, তিলৰ সৈতে গ্রীল টুনামাছ, চকলেট থালী, কেশৰৰ সৈতে গ্রীল্ড প্রন, স্পাইচী গ্রীল্ড চিকেন, মাছৰ ব্যঞ্জন থালী ইত্যাদি বহুতো খাদ্যসম্ভাৰেৰে ভৰপূৰ হৈ থাকে গোৱাৰ সাগৰৰ পাৰ৷ পানীয়ৰ ভিতৰত কাজু ফেনী, লিমকা ইত্যাদি গোৱাৰ বিখ্যাত সুস্বাদু পানীয়৷

পুৰী বীচ্চ, ওডিশাঃ

বছৰৰ প্রায় প্রতিটো সময়তে দেশী–বিদেশী পর্যটকৰে ভৰি থাকে পুৰী বীচ্চ৷ সাগৰৰ পাৰৰ জলকেলি কৰাৰ উপৰি জুতি লয় নানা খাদ্যৰ৷ বিভিন্ন ধৰণৰ সাগৰীয় খাদ্যৰ উপৰি তাত পোৱা যায় খাজা, চেনাপডা, ৰাৱডি, চেনা ঝিলি, ৰছবাল্লি, ৰসগোল্লা, মীৰা ইত্যাদি বিভিন্ন ধৰণৰ মিঠাই৷ খাজা পুৰীৰ আটাইতকৈ জনপ্রিয় মিঠাই৷ মিঠাইৰ বাহিৰে পুৰীৰ অতিকৈ জনপ্রিয় খাদ্যৰ আন এক হৈছে ডালমা৷ কিছুমান বিশেষ পাচলি আৰু ৰহৰ দাইলেৰে ডালমা প্রস্তুত কৰা হয়৷ পথৰ কাষৰ সৰু সৰু দোকানবোৰত বিভিন্ন সাগৰীয় খাদ্য যেনে প্রন, বিভিন্ন মাছ ইত্যাদি তৈয়াৰ কৰি পর্যটকৰ বাবে সুন্দৰকৈ সজাই থোৱা দেখিবলৈ পোৱা যায়৷

ভাৰতৰ বাহিৰে বিশ্বৰ বিভিন্ন বীচ্চৰ বিখ্যাত কেইবিধমান ষ্ট্রীট্ ফুডৰ কথা জানো আহকচোন

ক্কুয়েজ কোলহঃ

ব্রাজিলৰ বিভিন্ন বীচ্চত পোৱা এবিধ সুস্বাদু খাদ্য হল ক্কুয়েজ কোলহ৷ ভজা চীজক বাৰবিকিউত দি তৈয়াৰ কৰা এবিধ সুন্দৰ খাদ্য৷ ইয়াক মিঠা চচৰ লগত পৰিৱেশন কৰা হয়৷

হাল হালঃ

ফিলিপাইনছৰ বীচ্চত পোৱা এবিধা মিঠা খাদ্য হাল হাল৷ বৰফ, আইচক্রীম, নাৰিকলৰ গাখীৰ, ববা, বিভিন্ন সোৱাদৰ জেলী, বিভিন্ন ফল, কেৰাখেল কল, মিঠা ৰঙা বীন আৰু কর্ন ফ্লেকছৰে তৈয়াৰী এইবিধ সুস্বাদু খাদ্য পর্যটকসকলৰ মাজত অতি জনপ্রিয়৷

কঞ্চ ফ্রিটর্ছঃ

বাহামাছ বীচ্চৰ অতি জনপ্রিয় এবিধ ষ্ট্রীট ফুড হল কঞ্চ ফ্রিটর্ছ৷ ইয়াক সাধাৰণতে মেইনিজ, চচ ইত্যাদিৰ লগত পৰিৱেশন কৰা হয়৷

জার্ক চিকেনঃ

জামাইকাৰ বীচ্চত পোৱা এবিধ খাদ্য জার্ক চিকেন৷ গ্রীল কৰা চিকেনৰ লগত ভাত, বীন আৰু মধুৰীআমৰ জুচৰ সোৱাদ অনন্য৷
মেংগ এণ্ড ষ্টিকি ৰাইচ, থাইলেণ্ডঃ সমগ্র থাইলেণ্ডৰ বীচ্চসমূহৰ অতিকৈ জনপ্রিয় খাদ্য হৈছে মেংগ এণ্ড ষ্টিকি ৰাইচ৷ এঠা ভাতৰ সৈতে মিঠা নাৰিকলৰ গাখীৰ আৰু আমৰ মিঠা সোৱাদেৰে পূর্ণ এটি সুস্বাদু খাদ্য৷
সোৱাদৰ নানা জুতি লৈ অলিয়ে–গলিয়ে গগ লয় ষ্ট্রীট্ ফুডৰ দোকান৷ পথৰ দাঁতিত সাগৰৰ পাৰ, বজাৰ সকলো যেন ষ্ট্রীট্ ফুডৰ দোকান অবিহনে আধৰুৱা৷ এই লেখাত বিভিন্ন বীচ্চৰ ভিতৰত দুই–চাৰিখন বীচ্চৰ কিঞ্চিত খাদ্যৰ আভাস দিয়া হল, যাতে অৱসৰৰ সময়ত সেই বীচ্চসমূহলৈ গলে এনেধৰণৰ নানা সোৱাদ লগা খাদ্যৰ জুতি পাঠকসকলে লব পাৰে৷

হীৰকজ্যোতি শইকীয়া

You might also like

Leave A Reply

Your email address will not be published.