পথ ব্যৱসায়ী সম্পর্কে দুআষাৰ

পথযাত্রীসকলৰ বাবে অতি সহজলভ্য দোকানখনেই হৈছে পথৰ দাঁতিতেই লাগি থকা সৰু সৰু দোকানসমূহ৷ অতি সুন্দৰকৈ কম ঠাইৰ ভিতৰত কম ব্যয়েৰে গ্রাহকক কম টকাতে যোগান ধৰিব পৰা সামগ্রীসমূহ এনে দোকানসমূহত পোৱা যায়৷ এনেবোৰ দোকানত সাধাৰণতে নানান ধৰণৰ মণিহাৰী সামগ্রীৰ পৰা আৰম্ভ কৰি খাদ্য–সামগ্রীলৈ সকলোৰে প্রয়োজনীয় সৰু–বৰ সকলো বস্তুৱেই উপলব্ধ হয়৷ আজি আমি এনেবোৰ দোকানৰ বিষয়ে আলোচনা কৰিম৷ নানা ৰঙৰ মণিহাৰী বস্তু ক্রয় কৰি ব্যৱহাৰ কৰা, সুন্দৰ সুন্দৰ পথৰ ওচৰত থকা এনে দোকানবোৰৰ পৰা কিনি অনা সৌন্দর্যৰে ভৰপূৰ ছবিসমূহ তথা সৌন্দর্যবর্ধক অন্যান্য সামগ্রীসমূহ ঘৰলৈ লৈ গৈ ব্যৱহাৰ কৰা, বিভিন্ন ৰুচিসম্পন্ন খাদ্য–সম্ভাৰৰ সোৱাদ লোৱাৰ পূর্বে আমি নিশ্চয় এনেসমূহ দোকানৰ ৰীতি–নীতিৰ বিষয়ে কিছু কথা জানি ললে সুবিধা হব৷
ভাৰতবর্ষতThe Street Vendors (Protection of Livelihood and Regulation of Street Vending) Act, 2014 আইনখন ধার্য হয়4th March, 2014–ত৷ এই আইনখনে পথৰ কাষত থকা সৰু সৰু দোকানসমূহ তথা দোকানীসমূহক সাঙুৰি লৈছে৷ এই আইনমতে বিক্রেতাসকলে নির্দিষ্ট এলেকাৰ ভিতৰতহে ব্যৱসায় কৰিব পাৰে আৰু এনেধৰণৰ সীমাবদ্ধতা টাউন ভেণ্ডিং কমিটীসমূহে ধার্য কৰি দিয়ে৷ এতিয়া প্রশ্ণ হৈছে পথ ব্যৱসায়ী অর্থাৎStreet Vendor-সকলনো কোন দৰাচলতে পথ ব্যৱসায়ী হৈছে এনে এজন ব্যক্তি বা বিক্রেতা যিয়ে বয়বস্তু, সামগ্রী, তাঁৰ, খাদ্য–বস্তু ইত্যাদি সাধাৰণ নাগৰিকৰ বাবে পথ, উপপথ, ফুটপাথ, ৰাজহুৱা উদ্যান ইত্যাদিক ঘূৰি–পকি বয়বস্তু বিক্রী কৰে তথা এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰে৷ এনেধৰণৰ ব্যক্তিসমূহ সাধাৰণ ঠাইতে বসবাস কৰা লোক নহয়৷
Street Vendor-সকলে ব্যৱসায় কৰা স্থানসমূহ টাউন ভেণ্ডিং কমিটীয়ে নির্ধাৰণ কৰি দিয়ে আৰু এই নির্ধাৰণতStreet Vendor-ৰে ফুটপাথ, ফুটপাথৰ কাষতে ছবি আঁকি অথবা ৰাস্তাৰ কাষত এটা অংশত ৰাজহুৱা জিৰণি লোৱা ইত্যাদি স্থানসমূহত সাধাৰণ ব্যক্তিক লগ পাবলৈ সুবিধা থকা স্থানবোৰত বাণিজ্য কৰে৷ Street Vendor-সকলে ব্যৱসায় কৰাৰ বাবে এখন পৰিচয়–পত্র আৰু প্রমাণ–পত্র টাউন ভেণ্ডিং কমিটীৰ পৰা গ্রহণ কৰিব লাগে আৰু এই আইনৰ ৪নং ধাৰাত বর্ণনা আছে৷ আনহাতে যিকোনোStreet Vendor–ৰে মণিহাৰী মালবস্তু ইত্যাদি বিক্রী কৰে তেওঁলোকক মবাইল ভেণ্ডৰ বুলিও কোৱা হয়৷ টাউন ভেণ্ডিং কমিটীসমূহেStreet Vendor-সমূহ দিয়া চার্টিফিকেটসমূহ নির্দিষ্ট প্রকল্প অনুযায়ী ধার্য কৰে বাবে ইয়াৰ সময়সূচীও নির্ধাৰণ কৰে৷ এনেসমূহ চার্টিফিকেটৰ ব্যৱহাৰৰ দ্বাৰাStreet Vendor-ৰে নিজে অথবা তেওঁৰ পৰিয়ালৰ ব্যক্তি অর্থাৎ পত্নী, সন্তান ইত্যাদিৰ দ্বাৰা জীৱন নির্বাহ কৰে৷ সাধাৰণতে চার্টিফিকেটসমূহ তিনিধৰণে দিয়া হয়ঃ ১) মণিহাৰী বিক্রেতা, ২) সচল বিক্রেতা, ৩) প্রকল্প অনুযায়ী নির্ধাৰিত অন্যান্য৷ এনেসমূহ চার্টিফিকেট টাউন ভেণ্ডিং কমিটীয়ে গৃহীত কৰাৰ ক্ষেত্রত পিছপৰা জাতি, জনজাতি, মহিলা, বিশেষভাৱে সক্ষম লোকসকল, সংখ্যালঘু লোকসকলক অগ্রাধিকাৰ দিয়া হয় প্রকল্প অনুযায়ী৷Street Vendor-সকলে চার্টিফিকেটৰ বাবে প্রকল্প অনুযায়ী মাচুল দিব লাগে৷ এনে চার্টিফিকেটসমূহ প্রকল্পৰ ওপৰত নির্ধাৰণ কৰি কার্যকাল বর্ধিতকৰণৰ ব্যৱস্থাও আছে৷Street Vendor-সকলৰ বিৰুদ্ধে হোৱা গোচৰসমূহ সাধাৰণতে এখন কমিটীৰ দ্বাৰা বিচাৰাধীন হয়৷ যিখন কমিটী চৰকাৰে গৃহীত কৰে আৰু তাত অধ্যক্ষজন এজন কার্যবাহী দণ্ডাধীশ অথবা ন্যায়িক দণ্ডাধীশৰ ওচৰত গোচৰ ৰুজু কৰিব লাগে৷ এনেসমূহ গোচৰৰ বাবে কোনো চৰকাৰী বিষয়া বা স্থানীয় বিষয়বাবত থকা ব্যক্তিক বিচাৰৰ কমিটীৰ ভিতৰত ৰখাত বাধা আছে৷ নির্দিষ্ট সময়সূচীৰ ভিতৰত এনেসমূহ আপত্তি অর্থাৎ অভিযোগৰ নিষ্পত্তি ব্যৱস্থা কৰা বিষয়েও আইনখনত উল্লেখ আছে৷ যিসকলStreet Vendor নিজা গোচৰ অথবা অভিযোগ আছে, তেওঁলোকে লিখিতভাৱে বিচাৰৰ কমিটীৰ ওচৰত দাখিল কৰিব লাগে৷
সাধাৰণতে আমি গধূলি ওলাই গৈStreet food খাবৰ বাবে আগ্রহী হওঁ আৰু পথৰ কাষত থকা এনেধৰণৰ সৰু সৰু দোকানবোৰত গৈ চাইনীজ, ইণ্ডিয়ান বিভিন্ন খাদ্যৰ জুতি লওঁ৷ এনেক্ষেত্রত আমি খাদ্য–সম্ভাৰ যোগান ধৰাStreet Vendor-সকলৰ বিষয়ে জানি লব লাগে৷ তেওঁলোকে বনোৱা খাদ্যসমূহ গ্রহণযোগ্য হয়নে নহয়, তেনে কথাৰ প্রতিও মনোযোগ দিয়া উচিত, কিয়নো আজিকালি সচৰাচৰ এনেসমূহ খাদ্য খোৱাৰ কৰাৰ পিছত বিভিন্নজনে বেমাৰৰ সন্মুখীন হোৱা দেখা যায়৷ লগতে চিকিৎসকসকলেও এনেধৰণৰ খাদ্যসমূহ গ্রহণ নকৰিবলৈ উপদেশ দিয়ে৷ কিন্তু যুৱক–যুৱতীৰ পৰা আৰম্ভ কৰি শিশু–বৃদ্ধ সকলোৱে আজিকালি এনেধৰণৰ খাদ্যৰ সোৱাদ লবলৈ ভাল পায়৷
Street Vendor-সকলে যোগান ধৰা মণিহাৰী বয়বস্তুসমূহ বৰ মনোমোহা হয় বাবে যিসকল মবাইল ভেণ্ডৰ আছে তেওঁলোকে ঘৰে ঘৰে গৈ এনেসমূহ বয়বস্তু বিক্রী কৰাৰ বাবে গ্রাহকৰ যথেষ্ট সুবিধা হয়৷ আমাৰ প্রয়োজনীয় সকলো বস্তু–সামগ্রীসমূহ বিচাৰি সাধাৰণতে দোকানলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাত যথেষ্ট সময়ৰ ব্যয় হয়৷ তেনে ক্ষেত্রত মবাইল ভেণ্ডৰসকলৰ এনেধৰণৰ ব্যয়বস্তু ঘৰতে যোগান ধৰা কার্যই সময় তথা কষ্টৰ যথেষ্ট ৰাহি কৰে৷
পথ ব্যৱসায়ী অর্থাৎStreet Vendor-সকলৰ জীৱন ধাৰণ বিশেষ ধৰণৰ হয়৷ এওঁলোকে সাধাৰণতে একে ঠাইতে থাকি ব্যৱসায় কৰা, পৰিয়ালৰ সৈতে একেলগে বসবাস কৰি একে ঠাইতে থকা কম দেখা যায়, বিশেষকৈ মবাইল ভেণ্ডৰসকল৷ কিন্তু অন্যান্য ব্যৱসায়ীসকলৰ

যিদৰে ব্যৱসায়িক ক্ষেত্রক স্থায়িত্ব তথা সুদূৰপ্রসাৰী এক ভৱিষ্যৎ থাকে, তেনেদৰেStreet Vendor-সকলৰ তেওঁলোকৰ সমান ব্যৱসায়িক ভৱিষ্যৎ কম থাকে৷Street Vendor-সকলৰ ব্যৱসায়সমূহ সদায় প্রকল্প অনুযায়ী অথবা সময়োপযোগীভাৱে নির্ভৰ কৰে৷ একো একোখন ঘৰ লৰা–ছোৱালীৰ সৈতে এনেধৰণৰ এজন ব্যৱসায়ীৰ ওপৰতে নির্ভৰ কৰে৷ কম টকাৰে ব্যৱসায় কৰি দৈনন্দিন টকা উপার্জন কৰি এওঁলোকে পৰিয়ালৰ পোহপাল দিয়ে৷The Street Vendors (Protection of Livelihood and Regulation of Street Vending) Act, 2014 আইনখনেStreet Vendor-সকলক যথেষ্ট নিৰাপত্তা তথা সকাহ দিয়ে৷ গ্রাহকসকলেও এইখন আইনৰ বিষয়ে চমুকৈ হলেও জ্ঞাত হলে বয়বস্তু ক্রয় কৰা, আপত্তি ৰুজু কৰা ইত্যাদিৰ ক্ষেত্রত সুবিধা হয়৷ এনে সৰু ক্ষুদ্র ব্যৱসায়ীসকলৰ জীৱনৰ নিৰাপত্তাৰ বাবে যথেষ্ট কৰণীয় আছে৷ আমি সমাজৰ প্রতিজন ব্যক্তিয়ে এজনে আনজনৰ হাতত ধৰি আগবাঢ়ি গলেহে সমাজ আগবািিব পাৰে৷ এনে গতিশীল ধাৰাকStreet Vendor-সকলৰ কর্তব্যনিষ্ঠা তথা পৰিশ্রমৰ বিষয়ে নকলেও হয়তো আমি অনুভৱ কৰিব পাৰোঁ৷ তেখেতসকলৰ প্রতি সহনশীলতা তথা মৰম ব্যৱহাৰে তেখেতসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰাই বুজাব৷ গতিকে এনেধৰণৰ ক্ষুদ্র ব্যৱসায়ীসকলক আগববাই নিলে সমাজ উপকৃত হব পাৰে৷

You might also like

Leave A Reply

Your email address will not be published.