ফেশ্বন শ্ব আৰু আচহুৱা বেশভূষা

ৰুবী বৰদলৈ

বর্তমান বহুল চর্চিত শ্বাহৰুখ আৰু দীপিকা অভিনীত ছবি পাঠান আটাইতকৈ বেছি চর্চিত, সমালোচিত বা নিন্দিত বিষয়টো হৈছে চিনেমাখনৰ বেচৰম শীর্ষক গীতটোৰ দৃশ্যায়নত দীপিকাই পৰিধান কৰা বেশভূষা ৷ বিভিন্ন ধৰণৰ চুইমচ্যুট আৰু এক্সপজিং বীচৱেৰ পিন্ধি দীপিকাই তেওঁৰ ফেনসকলৰ যেন চকু কপালত তুলিবলৈ বাধ্য কৰি দিছে ৷ নূন্য়তম লাজকণ ঢাকিবলৈ অপাৰগ দীপিকাৰ এই সাজপাৰৰ ভিডিঅ ইণ্ঢাৰনেটত দ্রুতগতিত ভাইৰেল হোৱাৰ লগতে অভিনেত্রীগৰাকী যথেষ্ট ট্ৰলৰ  সন্মুখীন হৈছে ৷ সমালোচকসকলৰ মতে এয়া হেনো এক পাব্লিচিটী ষ্টাণ্ট ৷ দৃষ্টিকটু হলেও দীপিকাৰ এই সাজসজ্জাই দর্শকক আকর্ষণ কৰিবলৈ সক্ষম হৈছে ৷ চেলিব্রিটীসকলৰ এই ধনাত্মক বা ঋণাত্মক চর্চাই তেওঁলোকৰ লগতে তেওঁলোকৰ লগত জড়িতসকলকো চর্চিত কৰি তোলে ৷ অভিনেত্রীগৰাকীৰ সমানে সমানে তেওঁ অভিনীত চিনেমাখন, তেওঁৰ মেকআপ আর্টিষ্ট, লগতে কষ্টিউম ডিজাইনাৰজনো চর্চাৰ বিষয়বস্তু হৈ পৰে ৷ অলপ অগতানুগতিকতাহ চর্চা লাভ কৰাত যথেষ্ট সহায় কৰে ৷ ২০১৯ বর্ষৰ মেট গালা ফেষ্টিভেলত নেটিজেনৰ ব্যাপক  ট্ৰলৰ সন্মুখীন হোৱা প্রিয়ংকা চোপ্রাৰ কথা নিশ্চয়ে ফেশ্বন সম্পর্কে খাখবৰ ৰখাসকলে জানে ৷ মেট গালা হৈছে ফেশ্বন জগতৰ সর্বোচ্চ সন্মানীয় অনুষ্ঠান ৷ নিউয়র্কস্থিত মেট্ৰপলিটান মিউজিয়াম অফ আর্টছ কষ্টিউম ইনষ্টিটিউটৰ পুঁজি সংগ্রহৰ বাবে প্রতিবছৰে মে মাহত ইয়াক অনুষ্ঠিত কৰি অহা গৈছে ৷  যাৰ ৰেড কার্পেটত খোজ পেলাবলৈ আমন্ত্রিত হয় বিশ্বৰ কলা আৰু ফেশ্বন জগতৰ চেলিব্রিটীসকল ৷ অনুষ্ঠানটোলৈ আমন্ত্রিত প্রিয়ংকা চোপ্রাই সেইবাৰ পিন্ধি গৈছিল বিখ্যাত ডিজাইনাৰ ক্রিষ্টিয়ান ডিয়ৰৰ ৪৫ লাখ টকা মূল্যৰ এটা ৰূপালী ৰঙৰ গাউন লগতে ১০ লাখ টকা মূল্যৰ ডেংলাৰ এযোৰ৷ তথাপিও অভিনেত্রী অসংখ্য বিৰূপ মন্তব্যৰ সন্মুখীন হৈছিল তেওঁৰ আচহুৱা মেকআপ আৰু হেয়াৰষ্টাইলৰ বাবে ৷ তেওঁৰ সেহ সাজসজ্জাৰ বাবে ছচিয়েল মিডিয়া তৰল মন্তব্যৰে ভৰি পৰিছিল ৷ কিন্তু বুজাসকলে বুজি পাহছিল যে প্রিয়ংকাৰ সেই গেট আপ সেই ফেশ্বন ইভেণ্টটোৰ বাবে যথাযোগ্য আছিল ৷

প্রতিবছৰে মেট গালাত এক নির্দিষ্ট থীম নির্ধাৰিত কৰা থাকে ৷ ২০১৯ বর্ষত হয়াৰ থীম আছি Camp : Notes on fashion, যাৰ ভিত্তি আছিল চুচেন চনটেগৰ ৰচনা Notes on Camp Campৰ অর্থ হল অপ্রাকৃতিক বস্তুৰ প্রতি ভালপোৱা৷ এই থীমটোৰ সেতে লেডী গাগায়ো ন্যায্যতা প্রদান কৰি বেড্রন মেক্সৱেলৰ ইট পিংক গাউন আৰু এযোৰ অস্বাভাৱিক দীঘল  আহলেচেৰে ৷

এয়া মাত্র দুটা উদাহৰণহে ৷ এইধৰণৰ থীমবোৰলৈ চেলিব্রিটীসকলে নিজক অদ্ভুত ধৰণেৰে সজোৱাৰ উদ্দেশ্য হল চর্চা লাভ কৰা ৷ তেওঁলোকৰ লগতে সমানে ডিজাইনাৰসকলেও চর্চা লাভ কৰে৷ এই একে সূত্র ডিজাইনাৰসকলে তেওঁলোকে শ্বোকেজ কৰা ৰানৱে ডিজাইনবোৰতো প্রয়োগ কৰে ৷ বিচিত্র সাজপাৰ পৰিধান কৰাই তেওঁলোকৰ মডেলসমূহক ৰেম্পত খোজ কায় ৷ যিবোৰ পোছাক ব্যৱহাৰিক দিশত কেতিয়াও কামত নাহে ৷ ডিজাইনাৰসকলৰ এইধৰণৰ ক্রিয়েচনে তেওঁলোকৰ কলা আৰু সৃজনশীলতাক প্রতিনিধিত্ব কৰে ৷ তেওঁলোক ফেশ্বন সৃষ্টিশীল হব পাৰে তাৰেই প্রতিফলন ঘটোৱাৰ চেষ্টা কৰে ৷

ফেশ্বন শ্বৰ কালেকচনবোৰৰ সাধাৰণতে দুটা ভাগ থাকে৷ Pret a porter বাready to wear আৰু Haute Couture ইয়াৰ ভিতৰতready to wear collectionবোৰ স্বাভাৱিক ডিজাইন আৰু সকলোৱে পিন্ধিব পৰা ষ্টাইলৰ বিপৰীতে Haute Couture collectionসমূহ ব্যতিক্রমী হয় ৷ এই কালেকশ্বনসমূহ ব্যক্তিবিশেষ, থীম আদিৰ ওপৰত নির্ভৰশীল৷ এইবোৰ সর্বসাধাৰণ আৰু ৰেটেহলিঙৰ বাবে নহয় ৷ ইয়াত ডিজাইনাৰজনে তেওঁৰ ক্রিয়েটিভিটিৰে গ্রাহকক আকর্ষণ কৰিবলৈ চেষ্টা কৰে৷ যাৰ বাবে তেওঁলোকে আচহুৱা ডিজাইন বা গেট আপৰ সহায় লয় ৷

ফেশ্বন শ্বসমূহ বিভিন্ন কাৰণত অনুষ্ঠিত হয় ৷ ডিজাইনাৰ ফেশ্বন শ্বৰ উপৰি চেৰিটেব্ল আৰু স্পনছৰড্ ফেশ্বন শ্বও থাকে ৷ চেৰিটেব্ল ফেশ্বন শ্বসমূহো বিভিন্ন সামাজিক অনুষ্ঠান বা প্রাকৃতিক দুর্যোগ ইত্যাদিৰ বাবে প্ু জি সংগ্রহৰ উদ্দেশ্যে শ্ব অনুষ্ঠিত কৰে৷ তেতিয়া সেই পঁুজি সংগ্রহৰ যথার্থতা আৰু প্রয়োজনীয়তা বুজাবৰ বাবে মিল থকা থীম ডিজাইনাৰে ব্যৱহাৰ কৰে৷ যাৰ বাবে কেতিয়াবা বিভিন্ন ধৰণৰ আচহুৱা আৰু বাস্তৱবিমুখ সাজপোছাক মডেলক পৰিধান কৰোৱাই ৰেম্পত খোজ কেোৱায় ৷

বহু সময়ত কিছুমান স্পনছৰড্ ফেশ্বন শ্বত চুক্তিবদ্ধ প্রতিষ্ঠানটোৰ আদর্শ আৰু বিপণন ব্যৱস্থা প্রতিফলিত কৰাৰ বাবে ডিজাইনাৰে কিছুমান আচহুৱা বেশভূষাৰ আশ্রয় লয়৷ ডিজাইনাৰ ক্রিচ মার্চৰ চালাড ড্রেচিং কোম্পানীৰ বাবে মডেলসকলে সঁচা আৰু কৃত্রিম শাকপাচলিৰ সংমিশ্রণত তৈয়াৰ কৰা কষ্টিউমত ৰেম্প ৱাক কৰোৱা বহু ফেশ্বন অনুৰাগীৰ হয়তো মনত আছে ৷ 

ফুল, ফলমূল, শাকপাচলিৰ পৰা আদি কৰি টিউবলাইট, টায়াৰ টিউব, কল কব্জাৰ স্পেয়াৰ পার্টছ, কাগজ বা বিবিধ ধাতু ব্যৱহাৰ কৰি সৃষ্টিশীলতাৰে গ্রাহকৰ বাবে বোধগম্য নহলেও আকর্ষণ পূৰামাত্রাই কৰে আৰু এয়া ডিজাইনাৰসকলৰ ফেশ্বন শ্বত আচহুৱা বেশভূষা উপস্থাপনৰ সার্থকতা ৷

ফোনঃ ৭০০২৫৬৬২৩০

You might also like
Leave A Reply

Your email address will not be published.