পৃথিৱীৰ মেপখনত এটা অংশ চাই খুব ভাল লাগে। অংশটো একেবাৰে ওপৰৰ ফালে। উত্তৰ মেৰুৰ পৰা অলপহে দূৰ। এফালে ৰাছিয়া, আনফালে আমেৰিকা। মাজতে প্ৰায় পঞ্চাশ মাইল বহল এডোঙা পানী। এলাপেচা পানী নহয়। বৰফৰ দৰে শীতল, কিন্তু জুইৰ দৰে খঙাল এই পানীডোঙাৰ নাম বেৰিং প্ৰণালী। বা বেৰিং সাগৰ। ইয়াতে দুখন বিশাল দেশৰ দুটা জোঙা মূৰ মুখামুখিকৈ এনে এটা ভংগিমাত থাকে যেন দুটা ৰাজহাঁহে যিমান পাৰে সিমানলৈকে ডিঙি মেলি ইটোৱে সিটোক চুই চাওঁ চাওঁকৈহে আছে। দৃশ্যটো, ঠাইডোখৰ, পানীখিনি চাই সদায়ে ভাবোঁ— এইখিনিতে এখন দলং সাজি দুয়োখন বিখ্যাত, শক্তিশালী দেশক দেখোন খুব সহজেই লগ লগাব পাৰি।

পিছে এতিয়া গম পাইছোঁ, তেনে ধৰণৰ এটা চিন্তা পৃথিৱীত একমাত্ৰ ময়ে কৰি থকা নাছিলোঁ। এইটো বিষয়ত বহুতো ভবা-চিন্তা, গৱেষণা ইতিমধ্যে হৈ গৈছে। বিশেষকৈ চীন, কোৰিয়া, জাপান, আমেৰিকা আৰু ৰাছিয়াত। গৱেষকসকলৰ মতে দলংখন তিনি খলপীয়া হ’ব লাগিব। তলেৰে পাইপলাইন, মাজত ৰে’ল আৰু ওপৰেৰে গাড়ী চলিব। বিয়াগোম বৰফৰ প্ৰচণ্ড খুন্দাই ভাঙিব নোৱাৰা প্ৰি-চে’ট কংক্ৰিটৰ এৰ’ডায়নামিক খুঁটা আৰু ডিজেলৰ সলনি সামুদ্ৰিক জোৱাৰ, বতাহ, ধুমুহাৰে চলাব পৰা জেনেৰেটৰ লাগিব। দলংখন সাজোঁতে অতি কমেও এশ বিলিয়ন ডলাৰ খৰচ পৰিব। ইত্যাদি…

কেনেবাকৈ যদি এই দলংখন হৈ যায়, গাড়ী বা ৰে’লেৰে আধা পৃথিৱী ভ্ৰমণ কৰাই নহয়, তেল আৰু খনিজ পদাৰ্থকে ধৰি ছাইবেৰিয়াৰ অনেক সম্পদ ৰাছিয়াৰ পৰা পোনে পোনে কলম্বিয়া, পেৰু, চিলি, ব্ৰাজিল বা আৰ্জেণ্টিনা পাবগৈ। তুষাৰ যুগত গোট মাৰি যোৱা বৰফে ইয়াত সঁচাকৈয়ে এটা ৰাস্তা তৈয়াৰ কৰি পেলাইছিল। সেই ৰাস্তাৰে ছাইবেৰিয়াৰ পৰা অগণন মানুহ গৰম ঠাইৰ সন্ধানত আলাস্কা, ছিয়াটল, ভেংকুভাৰ, কেলিফ’ৰ্নিয়া পাৰ হৈ মেক্সিকো পাইছিলগৈ। এতিয়া এই দলংখনৰ লগতে যদি ভূমধ্য সাগৰ আৰু আটলাণ্টিকৰ সংগমত জিব্ৰাল্টৰৰ দলংখনো হৈ যায়, তেতিয়া আফ্ৰিকাও লগ লাগি যাব। সিফালে নিউ পাপুৱা গিনিৰ পৰা অষ্ট্ৰেলিয়া মাত্ৰ ডেৰশ মাইল আঁতৰত। কেনেবাকৈ তাতো এখন দলং হৈ গ’লেতো নাও-জাহাজৰ কামেই নাই। চাইকেল চলাই বা খুব বেছি এখন স্কুটী লৈ গোটেই পৃথিৱী ঘূৰি ফুৰিব পাৰিম…

বেৰিং প্ৰণালীৰ পৰা চাৰে তিনি হাজাৰ মাইল পূবে নায়েগাৰাৰ নিচেই কাষত অসমীয়া ল’ৰা আকাশ শিখৰৰ ঘৰ। আমেৰিকাৰ বিখ্যাত গাড়ী নিৰ্মাতা খ্ৰাইছলাৰৰ অট’মটিভ অভিযন্তা। আকাশে আকাশৰ পৰা আগতকৈয়ো¸ ভালদৰে আমাক নায়েগাৰা দেখুৱাবৰ বাবে জলপ্ৰপাতটোৰ নিচেই কাষতে হোটেল হিল্টনৰ তেত্ৰিশ মহলাত প্ৰকাণ্ড ছুইট আৰু এটা হেলিকপ্টাৰ ৰাইড বুক কৰি থৈছিল। যিজন পাইলটে হেলিকপ্টাৰ উৰাইছিল তেওঁ ‘বেৰিং ব্ৰিজ’ প্ৰকল্পটোৰ বিষয়ে ভালেমান কথা জানে। ইমান দিনেও দলংখন হৈ নুঠাৰ হেনো অজস্ৰ কাৰণ। যেনে— সেইখিনিৰ পৰা দুয়োপাৰে অৰ্থাৎ আলাস্কা আৰু ৰাছিয়াৰ বহুত দূৰলৈকে দুৰ্গম অৰণ্য। লগতে কেইবাখনো বিয়াগোম পৰ্বত, বিশাল জলাশয়। আলিবাট, ৰে’লৰ লাইন, বজাৰ, বিদ্যুৎ একো নাই। সকলো নতুনকৈ কৰিলেহে হ’ব। দ্বিতীয়তে— বেৰিং সাগৰখন অতি ভয়াৱহ। পানীৰ প্ৰবল সোঁত, তাতে মস্ত মস্ত বৰফৰ পাহাৰ। ভূমিকম্পৰ ভয়। অনবৰতেই প্ৰচণ্ড শীত। একোখন বিয়াগোম ট্ৰাক বা বাছ হেলাৰেও উৰুৱাই নিব পৰা ভয়ংকৰ ধুমুহা। সাইলাখ মহাকাশচাৰীৰ দৰে পোছাক পিন্ধি নাথাকিলে মৃত্যু অনিবাৰ্য। মুহূৰ্ততেই শেষ। ছমাহ পোহৰ, ছমাহ আন্ধাৰ। তলেৰে সুৰংগ খন্দাৰো উপায় নাই। সাগৰৰ তলি জিব্ৰাল্টৰৰ দৰেই শিলাময়, অত্যন্ত ওখোৰা-মোখোৰা, যিটো কাৰণত ইমানদিনে তাতো এখন দলং হৈ উঠাগৈ নাই। মৰক্কো¸ৰ পৰা স্পেইন বা পৰ্তুগাল যেন এতিয়াও বহুযোজন দূৰৈত…

কিন্তু এইহেন এটা সাংঘাতিক ‘এড্ভান্স’, বৈজ্ঞানিকভাৱে অতি দ্ৰুতগতিত আগবঢ়া আধুনিক যুগতো ইমানবিলাক ‘টেক্নিকেল’ সমস্যা থাকিব পাৰেনে· বিশ্বাসেই নহয়। মোৰ তৎক্ষণাৎ শৰ্মা ছাৰলৈ মনত পৰি গ’ল। তেওঁক ‘পূজা এভাগি’ দি দিলেই চোন সৰ্বসিদ্ধি। যিকোনো কঠিন কাম আলাসতেহৈ যায়। তাতেই এতিয়া ছেপ্টেম্বৰ মাহ। এইটো মাহৰ সোতৰ তাৰিখ বুলিলে মাত্ৰ এটাই বস্তু মনলৈ আহে। শৰ্মা ছাৰ।

পাইলটক সুধিলোঁ : বেৰিং প্ৰকল্পৰ সৈতে জড়িত কাৰোবাক চিনি পায় নেকি ?
-মোৰ নিজৰে এজন মামা ৰাছিয়ান বেৰিং প্ৰজেক্টৰ লীড ইঞ্জিনীয়াৰ। কিয় সুধিলে ?
-বহুত কথা আছে। ক’ম। প্ৰথমে তেখেতৰ লগত তুৰন্তে যোগাযোগ কৰক।
-ৰ’বচোন, তেওঁ বৰ্তমান মোৰ তাতেই আছেহি। এবাৰ যায় নেকি· ব’লক। হেঁপাহ পলুৱাই কথা পাতিব।

নায়েগাৰৰ অকণমানি বিমানবন্দৰটোৰ একাষত হেলিকপ্টাৰখন আলফুলেপাৰ্ক কৰি থৈ তেওঁ আমাক এখন থ্ৰী নট থ্ৰী চেলেঞ্জাৰত উঠাই নিজৰ ঘৰ পোৱালেগৈ। অণ্টাৰিঅ’ হ্ৰদৰ গাতে লাগি এটা মৰমলগা ঘৰ। বহিবলৈ দি পাইলটে মোমায়েক আৰু পৰিয়ালটোকো আনি চিনাকি কৰাই দিলে। দেখিয়েই ভাল লাগিল। এটা সুন্দৰ পৰিয়াল। হাঁহিমুখীয়া।

বাহিৰৰ চোতালতে এটা বিশাল ছাতিৰ তলত লগে-ভাগে আমি সকলোটিয়েই বহিেলাঁ। ভিতৰৰ পৰা কফী-চফিও আহিল।

কিছু প্ৰাৰম্ভিক কথা-বতৰা, খা-খবৰ লোৱা-দিয়া ইত্যাদিৰ পিছত পৰম উৎসাহ আৰু চৰম

উৎকণ্ঠাৰে মোমাইটিয়ে সুধিলে : ‘আপুনি কি ক’ব খুজিছেকওকচোন। কিবা এটা নতুন কথা শুনিবলৈ খুবেই ব্যাকুল হৈ আছোঁ।’

লাহেকৈ আকাশলৈ চালোঁ। শৰ্মা ছাৰৰ বিষয়ে জানিবলগীয়া প্ৰতিটো কথা সুন্দৰ ইংৰাজীত আকাশে ভালদৰে বুজাই ক’লে। আধা ইঞ্চি গজালটোৰ পৰা আৰম্ভ কৰি নাছাৰ Îছটেলাইটলৈকে, গোটেই বিশ্বব্ৰহ্মাণ্ডখনৰ তেৱেঁই যে হৰ্তাকৰ্তা, নিৰ্মাতা, চীফ আৰ্কিটেক্ট, চীফ ইঞ্জিনীয়াৰ, ডিপাৰ্টমেণ্টেল হেড— এই কথাবিলাক শুনি সকলো অবাক হ’ল। এনেধৰণৰ হাই-লেভেল ইনফ’ৰমেচন তেওঁলোকে আনকি গুগ্লতো পোৱা নাছিল। মানুহৰ মুখে-চুখে শুনাটো দূৰৰে কথা।

-শৰ্মা ছাৰ ক’ত থাকে ? তেখেত আচলতে ক’ৰ মানুহ ?

-বাপ্ৰে..। মানুহ নহয়, দেৱতা। স্বৰ্গত থাকে। তেত্ৰিশ কোটি দেৱতাৰ মাজৰে এজন যদিও অত্যন্ত হাইপ্ৰফাইল। প্ৰতিবছৰে সোতৰ ছেপ্টেম্বৰত বন্ধপ্ৰদেশলৈ নামি আহে। দিনটো থাকি, গান-চান শুনি, বিভিন্নজনে পৰিৱেশন কৰা আকৰ্ষণীয় নৃত্য-নাটিকা আদি চাই, মাহ-প্ৰসাদ, ভাং-কানি, লুচি-ভাজি, খিচিৰী আদি খাই আকৌ বেক টু ডা পেভেলিয়ন…। মানে উভতি যায়গৈ। কোনো কোনো উচ্চশিক্ষিত সাংবাদিকৰ মতে তেত্ৰিশ কোটি দেৱতাৰ ভিতৰত তেখেতেই আটাইতকৈ ‘প্ৰাসংগিক’ দেৱতা। মানে এই পৃথিৱীত তেখেতৰেই প্ৰয়োজন সবাতোকৈ বেছি। তেখেত নোহোৱা হ’লে সমগ্ৰ বিশ্বৰ কোটি কোটি অট্টালিকা, গাড়ী, দলং, নগৰ-চহৰ, বিমান, ৰে’ল, জাহাজ, ফোন, কম্পিউটাৰ, কলম, কাগজ— এইবোৰ একোৱেই নিৰ্মিত নহ’লহেঁতেন। সৌৰজগতৰ বুকুত এটা সম্পূৰ্ণ উদং, নঙঠা গ্ৰহ ধোবাংবাং অৱস্থাতহে ওলমি থাকিলহেঁতেন।

মোৰ ইংৰাজী সিমান ভাল নহয় বাবে যি ক’ব লাগে আকাশেই কৈ গ’ল। মই মাত্ৰ শুনিহে থাকিলোঁ।

-শৰ্মা ছাৰ বুলি কিয় কয় ? তেখেতৰ আচল নাম কি ?

-বিশ্বকৰ্মা। কিন্তু আমাৰ এজন পেহাই তাকে বিশ্ব শৰ্মা কৰি পেলালে। সেইটোৱেই মগজুত পাৰ্মানেণ্টলী থাকি গ’ল। সেয়েহে আমি ‘শৰ্মা ছাৰ’ কওঁ। এবাৰ ইয়াৰ পৰা এটা অসমীয়া পৰিয়াল আমাৰ তালৈ গৈছিল। তেওঁলোকৰ বিৰাট আগ্ৰহ— কেনেকৈ দুটামান নতুন কথা শিকিব পাৰি। অনবৰতে সোধাসুধি চলিয়েই থাকে। লাইটবোৰ কিয় নুমাই নুমাই যায়, এ এছ ই বি বোলা বস্তুটো কিয় ইমান অকৰ্মণ্য, ৰাস্তাবোৰ কেলেই ভগা-ছিগা, কোনো মানুহেই কিয় কাম-বন কৰিব নোখোজে, কেলেই জাপে জাপে টকাৰ বাণ্ডিলবোৰ খাবলৈ লাগে, পইচা খাই মানুহে কিয়নো ইমান ভাল পায়, লোকসেৱা আয়োগটোনো কি বস্তু, ছিণ্ডিকেট কি… এইধৰণৰ কথাবোৰ সুধি সুধি হাইৰান কৰি দিয়ে। গাড়ীত, চাহৰ টেবুলত, টিভিৰ সন্মুখত, ভাতৰ পাতত, বিছনাত, আলিবাটত…

এদিন সুধিলে : শৰ্মা ছাৰ কোন ?

পেহাই ক’লে— আৰ্কিটেক্সাৰ আৰু ইঞ্জিনীয়াৰিং ডিপাৰ্টমেণ্টৰ হে’ড। যেনেকৈ এডুকেচনৰ হে’ড আই সৰস্বতী ওৰফে ‘বীণাপাণি’, ফাইনেন্সৰ হে’ড লক্ষ্মী দেৱী, এনাৰ্জী দপ্তৰৰ মহিষমৰ্দিনী মা দুৰ্গা, কমাৰ্চৰ গণেশ বাবা, মেডিকেলৰ যমৰজা…

—দিছপুৰত থাকে নে দিল্লীত ?

—ন’ ন’। হি ইজ নট্ দুঠেঙীয়া নৰমনিচ। স্বৰ্গত থাকে। তেখেতেই একমাত্ৰ ইংলিছ দেৱতা, যিয়ে কেৱল চিজাৰিয়ান কেলেণ্ডাৰহে ফল’ কৰে। বাকীসকল ইণ্ডিয়ান দেৱ-দেৱীৰ দৰে ‘তিথি’ ছিষ্টেম নহয়…

—ইমান এজন ডাঙৰ ইঞ্জিনীয়াৰ, আৰ্কিটেক্ট… তেওঁ কেলেই তেনেকৈ থাকে ?

—‘তেনেকৈ থাকে’ মানে· কেনেকৈ থকা দেখিলানো ?

—ৰাস্তাৰ মাজৰ ডিভাইডাৰত। ধূলিত, বোকাত। খালত, নদীৰ পাৰত, ফুটপাথত। হাতীৰ পিঠিত। গাত কাপোৰ-কানি বুলিবলৈও নাই। ছলমান খানৰ দৰে গোটেই দেহাটো উদং। নাই যি নাই, গেঞ্জী এটাও নাই। মাত্ৰ ভৰিত এযোৰ জোতা। তাকো টিক্টিকিয়া ৰãা। এইটো বাৰু কেনেকুৱা চেহেৰা হ’ল, তুমিয়েই কোৱাচোন। থ্ৰী-পিছ চ্যুট,

এডাল নে’ক্টাই, এটা হেট, এখন ফেৰাৰী.. তেহে শুৱালেহেঁতেন।

—তথাপি কিন্তু শৰ্মা চাহাব বিৰাট ধুনীয়া মানুহ। কাৰ্তিকহঁততকৈ কোনোগুণে কম নহয়।

—তেওঁক তুমি কেতিয়াবা দেখিছানে ?

—ধেৎ, দেৱতাক নেদেখি নহয়। সদায়ে ইনভিজিব্ল। মিষ্টাৰ ইণ্ডিয়া অনিল কাপুৰৰ নিচিনা।

—তেনেহ’লে খনিকৰসকলে মূৰ্তিবোৰ কেনেকৈ সাজিলে· ক’ৰবাত নিশ্চয় আগৰ এখনমান ফটো-ছটো থাকিব লাগিব। নথকাকৈ, বা কেতিয়াও নিজ চকুৰে নেদেখাকৈ শৰ্মা চাহাবৰ চেহেৰাটোনো কেনেকুৱা, মৰ্ত্য বা পাতালৰ সাধাৰণ মানুহে কেনেকৈ জানিব ?

—কাৰোবাৰ হাতত পুৰণা এলবাম বা ছবি-তবি আছিল চাগে’।

-যিমান দূৰ সম্ভৱ তেখেত অসমৰ লোকেল দেৱতা। কাৰণ পৃথিৱীৰ আন দেশত মানুহে শৰ্মা ডাঙৰীয়াক চিনিকে নাপায়। আচৰিত। অন্য দেশৰ কথা বাদেই, ভাৰতৰে অন্য ঠাইত মানুহে তেওঁৰ নাম শুনা নাই। পূজা-তুজা কৰাতো দূৰৰে কথা।

-এ.. সেইমখা দুৰ্ঘোৰ মহাপাপী। অতি দুৰ্ভগীয়া। আমি কিমানবিলাক দেৱতাক চিনি পাওঁ, পূজা কৰোঁ। শিৱ, কৃষ্ণ, দুৰ্গা, লক্ষ্মীৰ পৰা আৰম্ভ কৰি জগদ্ধাত্ৰী, বাথৌ, সন্তোষীমা, তুচু, মনস¸া, হনুমানলৈকে.. সীমা-সংখ্যা নাই। গণেশক গাখীৰ খুৱাওঁ, শিৱলিংগত আমুলস্প্ৰে’ ঢালোঁ, শিৱশংকৰজীৰ নামত খুল্লমখুল্লা ভাং-কানি খাওঁ। সেইকাৰণেহে ইমান ভালে আছোঁ। লাইফত কেতিয়াও কোনো দুখ নাই, অশান্তি নাই। আপত্তি নাই, অভিযোগ নাই…

—শৰ্মা ছাৰক তুমিও পূজা কৰা·

—চাইকেলখনকে পুৱা ধুই এপাহ ফুল দিওঁ। এডাল ধূপ জ্বলাওঁ। সিমানেই। আমাৰতো গেৰেজ, মেকানিক, কল-কাৰখানা নাই যে পূজা পাতিম। নাই যি নাই ঘৰত ইঞ্জিনীয়াৰ বা ডাক্তৰ এটাও নাই।

—ইঞ্জিনীয়াৰৰ কথা বাৰু বুজিলোঁ। কিন্তু শৰ্মা চাহাবৰ লগত ডাক্তৰৰ কি সম্পৰ্ক·

—চাবলৈ গ’লে নাই। কিন্তু আছে। এক্সৰে’, আট্ৰাছাউণ্ড, চিটি স্কেন, এ আৰ আই, ডেণ্টেল, আই, ই এন টি, ছাৰ্জাৰী, অৰ্থ’পেডিক্স, কটাৰী, কেঁচী, বেজী, সূতা আদিৰ সৈতে যাৰ সম্বন্ধ, তেনেকুৱা ডাক্তৰে শৰ্মাক পূজা দিবই লাগিব। ডাক্তৰে বিশ্বকৰ্মা পূজা পতাটো ভীষণ দৰকাৰী। হঠাৎ মেচিন-তেচিনবিলাক বেয়া হৈ গ’লে বেমাৰীক কোনে বচাব ?

—কিয় ? মেইন্টেনেন্স ইঞ্জিনীয়াৰ, মেকানিক, ছুপাৰভাইজৰ…

—তেওঁলোকেও ছাৰৰ আশীৰ্বাদ পালেহে কামত লাগিব। ইণ্ডিয়াত যিকোনো কামৰ বাবে দেৱতাৰ এপ্ৰুভেল কম্পালছৰী। দেৱতা তুষ্ট নোহোৱালৈকে কোনো কামেই সম্ভৱ নহয়। পূজা ইজ এ মাষ্ট্।

—কিন্তু.. স্বয়ং এজন দেৱতাই অনবৰতে ছুপাৰভাইজ কৰি থকা সত্ত্বেও ইয়াত কল-কাৰখানাবোৰ কিয় বেয়া হৈ পৰি থাকে ? এ এছ ই বিৰ পৰা আৰম্ভ কৰি পেপাৰ মিললৈকে আটাইবোৰেই দেখোন বেয়া। কাৰেণ্ট নাই, কেব্ল নাই, ইণ্টাৰনেট নাই, ফোন নাবাজে, ৰাস্তা মেৰামতি নহয়, ফুটপাথত মস্ত-মস্ত মেন্হল, কৃত্ৰিম বান, ছিগা তাঁৰ.. ঘেগেলা ৰাস্তাত বাছৰ আইনা ঘৎঘৎকৈ লৰি থাকে, নট্ বল্টু খুলি যায়, ইঞ্জিনৰ পৰা ধোঁৱা ওলায়, ৱাইপাৰবিলাকে ৱাইপ্ নকৰা হয়, দুৱাৰ-খিৰিকীবোৰ পিছলি পিছলি যায়, তলৰ লোহা-লক্কৰবোৰ সৰি সৰি পৰে। কিয় ? গোলমালটো কোনখিনিত ? ছাৰে ৰিজাইন দিলে নেকি ? নে অৱসৰ ল’লে ?

— এহ্.. শৰ্মা চাহাব আছে কাৰণেহে আক’..। তেওঁ তদাৰক কৰি নথকা হ’লে যিখিনি দেখিছা সেইখিনিও নাথাকিলহেঁতেন। বৰ্তমান ধিমিক-ধামাককৈ হ’লেও এ এছ ই বিৰ পৰা পোহৰ অকণ পাই আছা। সেয়া নাপালাহেঁতেন। লাইটবোৰ নজ্বলিলহেঁতেন। ফেনবিলাক নুঘূৰিলহেঁতেন। সংসাৰৰ আটাইবোৰ টেলিফোন পাৰ্মানেণ্টলী ডে’ড হৈ গ’লহেঁতেন। গাড়ীবোৰ চাৰ্কাছৰ গাড়ীখনৰ দৰে ডোখৰ ডোখৰকৈ ভাগি, নোহোৱা হৈ আলিবাটৰ গাঁততেই সম্পূৰ্ণ ডিছ্এপিয়েৰ হৈ গ’লহেঁতেন। দেশৰ সমস্ত কল-কাৰখানা, সৰু-ডাঙৰ উদ্যোগত গধুৰ গধুৰ তলা ওলমিলহেঁতেন। ছাৰে বছৰি সুন্দৰকৈ পূজাভাগি পায় বা খাই আছে বাবেহে দেশখন ইমান ধুনীয়াকৈ চলি আছে। নহ’লে কি হ’লহেঁতেন ইমাজিন কৰাও টান।

-পিছেপেহা.. পৃথিৱীৰ অন্য দেশত এক ছেকেণ্ডৰ বাবেও কল-কাৰখানা বন্ধ হৈ পৰি নাথাকে। লাইট নাযায়। টেলিফোন বেয়া নহয়। শব্দ প্ৰদূষণ নাই। বায়ু প্ৰদূষণ নাই। মিহি মিহি ৰাস্তাৰে অনবৰতেই লাখ লাখ গাড়ী গুলীৰ স্পীডত, অথচ একদম চুপচাপকৈ চলি থাকে। মেকানিক নাই, গেৰেজ নাই, ৱেল্ডিং নাই। ইফালে পূজাও নাই, পুৰোহিতো নাই, আৰু শৰ্মা চাহাবো নাই। কোনেও আজিলৈকে শৰ্মা চাহাবৰ নামটোকেই শুনা নাই। কথাটো ভাবিলে আচৰিত যেন নালাগেনে· ক’ৰবাত কিবা এটা ৰহস্য জৰুৰ আছে।

—এ নহয়। তোমালোকে আচল কথাটো বুজাই নাই। সেইবিলাক নৰাধম। নাস্তিক। মহাপাপী। মহামূৰ্খ। মেলেছ। সিহঁতি যদি বিশ্ব শৰ্মাক বছৰি পূজাভাগ দি থাকিলহেঁতেন, তেন্তে ইয়াতকৈয়ো বহুত বেছি উন্নতি কৰিলেহেঁতেন। সংসাৰৰ সকলোবিলাক দায়িত্ব দেৱতাগণৰ কান্ধতে থৈ নিজে অলপ আৰামো কৰিব পাৰিলেহেঁতেন। শুনিছোঁ, সিহঁতমখাই বোলে দিনে-ৰাতিয়ে কেৱল কামকেই কৰি থাকে। পুৱাৰ পৰা গধূলিলৈকে গেবাৰি খাটি মৰে। তাৰ পৰানো কি লাভটো হ’বহে· মানুহৰ জীৱন.. অ’ ছৰী, ‘জিয়ণ’ একদম কচুপাতৰ পানী। যি দুই-এদিন জীয়াই আছা, স্ফূৰ্তি কৰিব লাগে, খাব লাগে, পিব লাগে, শুব লাগে, দুই-এপইচা খৰচ কৰি গুৰু গোসাঁইকো চিন্তা কৰিব লাগে। তেহে।

ইমানলৈকে কৈ আকাশে খুব জোৰত ব্ৰে’ক মাৰি দিলে। কাৰণ পাইলট বোপাৰ মনলৈ কিবা এটা সন্দেহৰ ভাব অহা যেন লাগিল। তেওঁ ক’লে : ‘কথাবিলাক হজম হোৱা নাই। তেনে এজন দেৱতা ক’ৰবাত সঁচাকৈয়ে আছেনে বাৰু ? আৰ ইউ ছিঅ’ৰ ?’

-ৱান থাউজেণ্ড পাৰ্চেণ্ট ছিঅ’ৰ। নথকা হ’লে অসমমুলুকৰ নগদ তিনি কোটি ভক্তই প্ৰতিবছৰে নিশ্চয় ইমান ভাব-ভক্তিৰে পূজা কৰি নাথাকিলহেঁতেন। কেৱল সাধাৰণ মানুহেই নহয়.. এইজন মহান বিশ্বখনিকৰক আমাৰ বৈজ্ঞানিকৰ পৰা আৰম্ভ কৰি ড্ৰাইভাৰলৈকে… আনকি ডাক্তৰেও নিয়মীয়াকৈ আৰু অতি ভক্তিভাবেৰে, ছিৰিয়াচলি পূজা কৰে। ইতিমধ্যে কৈছোঁৱেই। ছাৰ্জনসকলে অপাৰেচন থিয়েটাৰত কৰে। দাঁতৰ ডাক্তৰে ডেণ্টেল ক্লিনিকত কৰে। পূজা উপলক্ষে সেইবিলাক দুই বা তিনি দিনপৰ্যন্ত বন্ধ থাকে। ৰোগীক ঘূৰাই পঠিওৱা হয়…
-অথচ পৃথিৱীৰ বাকীবোৰ দেশে এইহেনজন বিশ্বখনিকৰৰ নামটোকেই শুনা নাই। এইটোহে অত্যন্ত আচৰিত কথা।

-হয়, অতি আচৰিত। কিন্তু বিশ্বৰ বাকীবোৰ দেশে নাজানিলেও আমাৰ চুবুৰীয়া চীন দেশে খুব ভালদৰেই জানে। আমাৰ আটাইবোৰ দেৱ-দেৱীৰ মূৰ্তি তাতেইহে নিৰ্মাণ হয়। ৰাধা-কৃষ্ণৰ মূৰ্তিটো লুটিয়াই তলপিনে চালে দেখিব— মে’ড ইন চাইনা। হৰ হৰ মহাদেৱকো তলমূৰ কৰাই লৈ চাব— মে’ড ইন চাইনা। সেয়েহে দেশখনে সকলো ক্ষেত্ৰতে ইমানকৈ উন্নতিও কৰিছে। খুব সোনকালেই বেৰিং প্ৰণালীত দলংখন সাজি ছুপাৰস্পীড মেগ্লেভ বা বুলেট ট্ৰেইনেৰে চাংহাই অথবা বেইজিঙৰ পৰা সাগৰৰ পাৰে পাৰে আলাস্কা হৈ মাত্ৰ দুদিনত কেলিফ’ৰ্নিয়া গৈ পোৱাৰ সপোন দেখিছে। প্ৰভু ঈশ্বৰে যদি চকু মেলি চায়, আৰু তথাস্তু বুলি কয়, তেনেকুৱা এখন ৰে’ল আনকি মেক্সিকোৰ পৰা মুম্বাইলৈকো চলিব আৰু সেইখন অসমৰ মাজেৰে যাব। এইটোও কম ডাঙৰ কথা নহয়।

-শৰ্মা ছাৰ দেখিবলৈ কেনেকুৱা· ডেকা, বুঢ়া, বগা, ক’লা, ওখ, চাপৰ..

-একদম বিশুদ্ধ বিলাতী চাহাব। সাইলাখ আপোনালোকৰ দৰেই। হালধীয়া পেণ্ট, ৰঙা জোতা, মূৰত টুপী।
বহাৰ পৰা উঠি আহি মোমাইটিয়ে আকাশক সাবট মাৰি ধৰিলে…

অত্যন্ত ছিৰিয়াছ আৰু গলগলীয়া মাতেৰে আকাশে ক’লে : ‘শুনক মামাজী। এতিয়া আৰু ৰৈ থাকিবলৈ নাই। শুভস্য শীঘ্ৰম। আগত সোতৰ Îছপ্টেম্বৰটো আহি আছে। বেছি একো নালাগে। মাত্ৰ কেইটামান বুট, লগতে অলপ মগু, কল, কুঁহিয়াৰ। পাৰিলে এচকল নাচপতি। বচ, খনিকৰ খুছ। আৰু তেওঁ খুছ হোৱা মানেই.. বুজি পাইেছ নহয়.. সিফালে দলং সাজু। কেৱল বেৰিং সাগৰতেই নহয়, প্ৰশান্ত, আটলাণ্টিক, ভূমধ্য, কাস্পিয়ান… সকলোতেই দলং। নিউয়ৰ্ক বা ৱাশ্বিংটনৰ পৰা মস্কোলৈ দলং। দিল্লীৰ পৰা কৰাচীলৈ দলং। উত্তৰ কোৰিয়াৰ পৰা দক্ষিণ কোৰিয়ালৈ দলং। ইজৰাইলৰ পৰা পেলেষ্টাইনলৈ দলং। আনকি আমাৰ তাতো গুৱাহাটীত উত্তৰ গুৱাহাটীলৈ যোৱা দলং, যোৰহাটত মাজুলী-সংযোগী দলং… আনহে নালাগে উজনি অসমৰ ডিব্ৰুগড়ত গৈ দেখিব— ফ’ৰলেনৰ আলিবাটটোৰ দৰেই এইটো জনমত কাহানিও হৈ নুঠিব যেন লাগি থকা বগীবিল দলংখনৰো নিৰ্মাণকাৰ্য শৰ্মা ছাৰৰ আশীৰ্বাদত সুন্দৰকৈ সম্পূৰ্ণ হৈ আছে।’

ডাঃ বিকাশ বৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here