আহত সময়

সুকন্যাই গা ধুই আহি ড্রেছিঙৰ আগত ৰৈ তিতা চুলিখিনি টাৱেলেৰে টুকিলে৷ যোৱা বছৰ তাইৰ বার্থডেত সীমান্তই দিয়া ৰঙা শাৰীখন গডৰেজৰ পৰা উলিয়ালে৷ আজি তাৰ বার্থডে৷ সি দিয়া শাৰীখন পিন্ধিলে ভাল পাব৷ শাৰীৰ লগত মিলাই খাৰু পিন্ধিলে, মুখত সামান্য প্রসাধন, চকুত ডাঠ কাজল, ওঁঠত লেকমিৰ ৰঙা লিপষ্টিক৷ সাজি–কাচি নিজকে এবাৰ আইনাত চালে৷ তাইক আজি বগা কোট পিন্ধা ষ্টেটিস্ক্পডাল ডিঙিত ওলমাই ফুৰি বেমাৰীৰ পিছে পিছে ঘূৰি ফুৰা ডাঃ সুকন্যা ফুকন যেন লগা নাই৷ তাইক আজি কোনোবা ৰেপুটেড কোম্পানীৰ ষ্টাইলিছ বছ যেন লাগিছে৷ তেনেতে ফোনটো বাজিল৷ মাকৰ ফোন৷
-অ মা কোৱা৷
-উঠিলিনে
-মা মই হাস্পতাল যাব ওলাইছোঁ৷
-কিয় কালি তোৰ নাইট ডিউটী আছিল ন
-আছিল মা, কিন্তু আজি সীমান্তৰ বার্থডে৷ দিনটো তাৰ লগতে কটাম মা৷
-মাজনী জীৱনত যদি আগুৱাব বিচাৰ, তেন্তে আৱেগবোৰ দলিয়াই প্রেক্টিকেল হ্৷ সময় কালৈকো ৰৈ নাথাকে৷ সি তোৰ পেচেণ্ট, তোৰ বন্ধু আছিল৷ তোৰ জীৱনটো যাতে তাৰ লগত শেষ নকৰ৷ মাহীয়েৰে লৰা এটাৰ কথা কৈছে৷ তোক মাতিছে আজি লৰাটো আহিব৷ তেজপুৰৰ লৰা গুৱাহাটীতে থাকে৷ তই গলে ভাল হয়৷
-মা, তোমাৰ বিয়াৰ আখ্যান বন্ধ কৰা৷ আজি মোৰ বাবে সীমান্তৰ লগত থকাটো বেছি গুৰুত্বপূর্ণ আৰু মা মোক বিয়া বিয়া কৰি নাথাকিবা৷ মই আগতেও কৈছা আজিও কওঁ মই বিয়া নহলেও অকলে কুশলে থাকিব পাৰিম৷ আৰু সীমান্ত মোৰ পেচেণ্ঢ নহয় মোৰ দায়িত্ব৷ সি মোৰ বন্ধু নহয়, মোৰ আপোন কোনোবা৷ ভালপোৱাতকৈ বহুত ওপৰত আমাৰ সম্পর্ক৷ তাই খঙত ফোনটো কাটি দিলে৷
পুৱাৰ পৰা ভাল লাগি থকা মনটোত আউল লগাই দিলে৷ গাডীখন লৈ তাই ওলাই গল৷ সীমান্তক মই যেনেকৈ সময় দিছোঁ, এতিয়া দায়িত্ব লৈছা, বিয়াৰ পিছতো এনেকৈ দায়িত্ব লম৷ এতিয়া ইমান দায়িত্ব লৈছে বিয়াৰ পিছত পাৰিম জানো মই এনেকৈ থাকিতো অসুখী নহয়৷ তেন্তে চবেই বিয়া বুলি কিয় অশান্তি কৰি থাকে৷ মোৰ লাইফ মোৰ ডিচিচন কি কৰোঁ৷ মাহঁতৰ কথা বুজি পাওঁ৷ ছোৱালীৰ উপযুক্ত সময়ত বিয়া হোৱাটো বিচাৰে৷ যদি মোৰ সুখেই বিচাৰে, তেন্তে আজিৰ পৰা দুবছৰ আগত সীমান্তৰ লগত চিনাকি কৰি দিছিলোঁ৷ তেতিয়া ঘৰত আমাৰ সম্পর্কটো সহজভাৱে মানি লোৱা নাছিল৷ কিয়নো সীমান্ত অনাথ আশ্রমত ডাঙৰ হোৱা লৰা৷ তাৰ বংশৰ কোনো পৰিচয় নাছিল৷ তাৰ ওচৰত মই কিমান লাজ পাইছিলোঁ৷ আৰু মোক এতিয়া বিয়াৰ কথা কয়৷ যোৱা বছৰ ডিচেম্বৰ মাহত তাৰ এক্সিডেণ্ট হৈছিল৷ তেতিয়াৰ পৰা এবছৰ ধৰি আইচিইউৰ বেডত মৃত্যুৰ সৈতে যুঁজি আছে৷ এতিয়া জীয়াই থকাৰ নামত মাত্র উশাহ লৈ আছে৷ কব নোৱাৰোঁ সি কিবা অনুভৱ কৰিব পাৰেনে নোৱাৰে৷ চকু মেলি চায় কেতিয়াবা, দুধাৰি চকুলো বৈ আহে তাৰ৷ মোক চিনি পায়নে নাজানো, কিন্তু কাতৰভাৱে চাই থাকে মোলৈ৷ সিতো নাজানে যে তাৰ অনুভৱী আঙুলিৰ পৰশত সৃষ্টি হোৱা অযুত কবিতা লিখা তাৰ সোঁহাতৰ আঙুলিবোৰ কটা গল৷ বাঁওহাতখন নিস্তেজ৷ তাইৰ সীমান্ত এতিয়া কেৱল তাইৰ বুকুত উশাহ হৈ জীয়াই থকা এটি অনুভৱ৷
হাস্পতাল পাই কেবিনত বেগটো থৈ সীমান্তৰ ওচৰ পালে তাই৷ তাই তাৰ প্রিয় কবিতা–গানবোৰ এফালৰ পৰা শুনালে৷ তাৰ জীৱনৰ বাকী থকা সময়কণ তাৰ ভাল লগা সময়বোৰৰ দৰে কৰিব বিচাৰে তাই৷ সি কি অনুভৱ কৰিছে নাজানে, কিবা এটা যে বুজিছে, তায়ো অনুভৱ কৰিলে৷
নিশা বাৰ বাজিল৷ তাক এবাৰ চেকআপ কৰি তাই ঘৰলৈ গল৷ সন্ধিয়াৰ পৰা মাহীয়েকে বহুবাৰ ফোন কৰিলে৷ তাই ৰিচিভ নকৰিলে৷ আজিৰ দিনটোত সীমান্ত আৰু তাইৰ মাজত আন কাকো আহিব দিব নোৱাৰি৷
ঘৰ পাই ফ্রেচ হৈ নাইট গ্রাউনটো পিন্ধি শৰীৰটো বিছনাত এৰি দিলে৷ সীমান্তৰ অসহায় মুখখনে তাইক বাৰে বাৰে আমনি কৰিলে৷ ধাৰাসাৰে বৈ আহিল চকুলো৷
শেষ নিশা চিলমিলকৈ টোপনি আহিছিল৷ হঠাৎ ছাইলেণ্ট কৰি থোৱা ফোনটো বাজিল৷ ডাঃ আকাশৰ ফোন ইমান ৰাতি খপজপকৈ ফোনটো ধৰিলে৷ কোৱা আকাশ৷
-সুকন্যা, ইমিডিয়েট হাস্পতাললৈ আহা, সীমান্তৰ কণ্ডিচন ক্রিটিকেল৷
তাই ধুমাধুম উঠি কাপোৰ চেঞ্জ কৰি গাডী লৈ ওলাই গল৷
-আকাশ এতিয়া কেনেকুৱা মই আহিছোঁ, একো কব নোৱাৰি অস্বাভাৱিক আচৰণ কৰিছে৷ তুমি সোনকালে আহা৷
-মই পাম আৰু৷ আকাশ তুমি সীমান্তৰ কাণত ফোনটো লগাই দিয়াচোন৷
-ৰবা৷ লোৱা দিছে সুকন্যা৷
-সীম মই গৈ আছোঁ সীম৷ তুমি ভয় নকৰিবা৷ মই আছোঁ ন তোমাৰ লগত৷ তোমাৰ একো নহয় সীম৷ গৈ আছোঁ মই৷
হাস্পতাল পাই আইচিইউলৈ দৌৰিছিল সুকন্যা৷ জঠৰ হৈ পৰি আছিল সীমান্ত৷ তাই তাৰ হাতত খামুচি ধৰিলে৷ সীম মই আহি গলোঁ৷ তোমাৰ একো হব নিদিওঁ মই৷ চোৱা সীম তোমাৰ সু–আহিল৷ হয়তো সি কিবা কব বিচাৰিছিল৷ চকুলো বৈ আহিছিল দুগালেদি৷ মেলা চকু মেলাতে ৰৈছিল৷ ডাঃ আকাশে বগা কাপোৰখনেৰে সীমান্তক ঢাকি দিছিল৷ সুকন্যাই কান্দিব পৰা নাছিল৷ একেথৰে সীমান্তৰ ফালে চাই ৰৈছিল মাথোঁ৷ সকলোৱে চাই ৰৈছিল মাথোঁ৷ সকলোৱে তাইক তাৰ ওচৰৰ পৰা ধৰি লৈ যাব খুজিলে৷ কিন্তু সীমান্তৰ হাতৰ মুঠিত সোমাই থকা তাইৰ হাতখন উলিয়াবলৈ অসুবিধা হৈছিল বহুত

সুৰঞ্জনা শইকীয়া কোঁৱৰ

You might also like

Leave A Reply

Your email address will not be published.