হঠাৎ

নিশা এঘাৰমান বজাত কল্যাণে নিজৰ কোঠাৰ বিছনাত বহি হোৱাটছএপ কৰি আছিল৷ প্রথমে সি দেউতাক আৰু দ্বিতীয়বাৰত মাকলৈ হোৱাটছএপ কৰি জনাইছিল
– মই চাকৰিটো পালোঁ৷ সন্ধিয়া সাত বজাত সিহঁতে ই–মেইল কৰি খবৰটো মোক দিছে, সিহঁত মানে কোম্পানীয়ে
এই খবৰটো আৰু কাক কাক দিব পাৰি সি চিন্তা কৰিলে৷ হায়াৰ ছেকেণ্ডাৰীৰ ফাইনেল পৰীক্ষাত অলপতে বহিব লগা তাৰ একমাত্র ভনীয়েক লীনাক এই খবৰটো সি জনাব জানো হয়, তাইক জনাবই লাগিব, একেটা ঘৰতে মাক–দেউতাকৰ সৈতে থকা লীনাক সি খবৰটো নিদিলেও হয়, পিছে লীনা বৰ অভিমানী দাদাই মোকহে ভাল খবৰটো নিদিলে বুলি লগে লগে ঠেহ পাতিব৷ সেয়ে লীনাৰ হোৱাটছএপতো খবৰটো পঠিয়াই কল্যাণে হোৱাটছএপৰ সলনি ফেচবুক কৰিবলৈহে ফেচবুকটো খুলি ললে, ঠিক সেই মুহূর্ততে কল্যাণে তাৰ কোঠাটোৰ বেৰখনৰ সিপাৰে থকা কোঠাটোত এটা আর্ত চিৎকাৰ শুনিবলৈ পালে, নিঃসন্দেহে এই চিৎকাৰটো কোনোবা নাৰী কণ্ঠৰেই হব৷ কল্যাণে লগে লগে ৰুম ছার্ভিচত থকা টেলিফোনটোৰ তলত থকা টেলিফোন গাইডখন খুলি ছিকিউৰিটী নিৰাপত্তাৰক্ষীলৈ ফোন কৰি কলে
– ৰুম নম্বৰ প্তৰজ্ঝ, কাম্ ইমিডিয়েট্লী, ইট ইজ এন ইমাৰজেন্সী৷
কল্যাণে নিজেও ফোনটো বিছনাতে থৈ চেণ্ডেলযোৰ পিন্ধি নিজৰ কোঠাৰ দুৱাৰখন খুলিয়েই প্তৰজ্ঝ নম্বৰ কোঠাৰ দুৱাৰখনত ঢকিয়াবলৈ ধৰিলে৷ ইতিমধ্যে তিনিজন নিৰাপত্তাৰক্ষীয়েও আহি সেইখিনি পালেহি৷ তেওঁলোক তিনিজনেও দুৱাৰ ঢকিয়াবলৈ ধৰিলে৷ অৱশেষত প্তৰজ্ঝ নম্বৰ কোঠাটোৰ দুৱাৰখন খোল খালে, নৈশ পোছাক পিন্ধা দুজন যুৱকে দুৱাৰখন খুলি লগে লগেই পলাবলৈ চেষ্টা কৰিছিল যদিও নিৰাপত্তাৰক্ষীয়ে সিহঁত দুয়োজনকে কৰায়ত্ত কৰিলে৷ তাৰে এজন যুৱকক কল্যাণৰ চিনাকি যেন লাগিলহ্ল, সি এই যুৱকজনক আন কৰবাত দেখিছে৷
– তই তুমি
– তই তুমি ইয়াত যে
– সেই বদমাচ দুটাৰ এটা নিখিলেশ নহয়নে বাৰু
– তুমি নিখিলেশক কেতিয়াৰ পৰা চিনি পোৱা সি আমাৰ সুক্লত পপা নাছিল, হাইসুক্ল শিক্ষান্ত পৰীক্ষাৰ পিছত সি বাংগালুৰুলৈ পিিবলৈ গৈছিল৷ তুমি তাক আগৰে পৰা জানা নেকি
– আগৰে পৰা নাজানিলেও কেইবছৰমানৰ আগৰ পৰা চিনি পাওঁ৷ বাৰু তুমি দিল্লীত কি কৰিবলৈ আহিছিলা
– ইণ্ঢাৰভিউ এটা দিবলৈ৷ পুৱা ইণ্ঢাৰভিউ হৈ গল৷ সন্ধিয়া সিহঁতে মোলৈ ই–মেইল দিয়াৰ কথা৷ পিছে ই–মেইল চাবলৈ সময়নো পালোঁ কত নিখিলেশ আৰু ভেংকটৰ লগত পি জি, হোষ্টেল কেইটামান চাই ফুৰোঁতেই গল৷ তাৰ পিছত হোটেললৈ উভতি অহাৰ পিছত
অনিন্দিতাৰ কথাবোৰ শেষ নহল, তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে৷ তেতিয়াহে কল্যাণে মন কৰিলে অনিন্দিতাই নীলা জীনছৰ পেণ্ঢৰ ওপৰত পিন্ধা বগা টপটোৰ হাত এখন ফলা৷ এই কামটো নিষ্চয় নিখিলেশৰেই হব৷
উচুপনিৰ মাজতে অনিন্দিতাই কলে
– তাক মই বিশ্বাস কৰিছিলোঁ জাননে কলেজত সি মোৰ সৈতে এনে ব্যৱহাৰ কৰা নাছিল৷
কল্যাণৰ মুখেৰে বাহিৰ হল
– ধান্দাবাজ কলেজ কেম্পাছত ছোৱালীক এনে ব্যৱহাৰ কৰিলে কলেজৰ পৰা সি ছিৰ খেদা খালেহেঁতেন বুলি সি ভালকৈয়ে জানে৷ সেই সুবিধাটো লবৰ কাৰণেই সি তোমাৰ লগত দিল্লী পালেহি৷ বাংগালুৰুৰ তোমালোকৰ কলেজখনলৈ যাওঁতে তাতেই পপা মোৰ বন্ধু দুটামানে নিখিলেশৰ বিষয়ে ভালকৈ কোৱা নাছিল কিন্তু৷
– ইচ্ তাৰ মানে তুমি দিল্লীত পিি থাকোঁতেও আমাৰ কলেজলৈ আহিছিলা৷ তথাপি মোক তুমি লগ নধৰিলা কিয়
– তেতিয়া তুমি নিখিলেশৰ সৈতে অকুণ্ঠ প্রেমত৷ তোমালোক দুয়োটাকে কেইবাবাৰো একেলগে কেণ্ঢিন, মার্কেটত ঘূৰি ফুৰা দেখিছিলোঁ৷
– আৰু তথাপি তুমি
– মই আকৌ লোকৰ সম্পদৰ ওপৰত চকু দিবলৈ যাম কিয়৷ মোৰোতো এটা আত্মসন্মান আছে৷
– তুমি বাংগালুৰুৰ আমাৰ কলেজলৈ যে গৈছিলা, তাত তোমাৰ কোনোবাই পিি আছিল নেকি
– মোৰ বন্ধুৰ ভায়েক এটাই পঢ়ি আছিল, মোতকৈ দুবছৰে জুনিয়ৰ৷ মই পিছে আচলতে তাৰ খবৰ লবলৈ যোৱা নাছিলোঁ, বেলেগ এটা উদ্দেশ্যেহে গৈছিলোঁ৷
– কোৱাচোন, কিয় গৈছিলা
– গম পাইছিলোঁ যে তুমি বাংগালুৰুৰ সেইখন কলেজতে পিি আছা৷ তোমাক লগ পাবলৈকে গৈছিলোঁ৷ পিছে
– কল্যাণ, মোৰেই দুর্ভাগ্য৷ মানুহ চিনি পোৱাটো যে কিমান টান কথা৷ চোৱাচোন যোৱা তিনিটা বছৰৰ মোৰ বিশ্বাসখিনি কেনেকৈ পোন্ধৰ মিনিটমানতে হেৰাই গল৷ ভগৱানেহে তোমাক মোৰ ওচৰলৈ আনি মোক ৰক্ষা কৰিলে
এইবাৰ অনিন্দিতাই বিছনাত পৰি হুকহুকাই কান্দিবলৈ ধৰিলে৷ কল্যাণে কৈ উঠিল
– কান্দিবলৈ এৰা৷ মবাইলত তোমাৰ ই–মেইলটো খুলি চোৱা, চাকৰিটো পালানে নাই
কল্যাণৰ কথা শুনি অনিন্দিতাই কান্দিবলৈ এৰি উঠি বহিল৷ ভেনিটী বেগটো খুলি ৰুমাল এখন উলিয়াই তাই মুখখন, চকুহাল মচি ললে৷ তাৰ পিছত বেগটোৰ পৰাই স্মার্টফোনটো উলিয়াই তাই বুটামবোৰ টিপি নিজৰ ই–মেইলটো খুলি চালে৷ খন্তেক পিছতে তাই চিঞৰি কলে
– কল্যাণ, মই চাকৰিটো পাইছেছা৷
– কোন কোম্পানীত
– উইম্প্র৷
– অ একেটা কোম্পানী দেখোন৷ ময়ো আজি উইম্প্রত মোৰ চাকৰি হোৱাৰ খবৰটো পাইছেছা৷ গুৰগাঁৱৰ অফিচটোত৷
– হয় নেকি ময়োতো গুৰগাঁৱৰ অফিচতে চাকৰি পাইছেছা৷ ইচ্ দিনটোৰ ভিতৰত এইটোৱেই একমাত্র ভাল খবৰ৷
– গতিকে অনিন্দিতা এতিয়া সকলো পাহৰি গৈ চাকৰিৰ কথা ভাবা৷ চোৱাচোন আমাৰ দুয়োটাৰে যে একেটা কোম্পানী আৰু একে ঠাইতে চাকৰি হল৷ এইবাৰ অনিন্দিতাই কল্যাণৰ মুখলৈ চাই পঠিয়ালে৷ কল্যাণৰ এনে লাগিল যেন অনিন্দিতাই ইমান পৰে নিখিলেশে ঘটাব খোজা ঘটনাটোৰ মাজতেই বুৰ গৈ থকা বাবে তাই কল্যাণক যেন ভালকৈ মন কৰাই নাছিল৷
– কল্যাণ, আমাৰ দুয়োটাৰে বাৰু আজি কিমান বছৰৰ পিছত দেখা হল
– পুৰা ছটা বছৰৰ পিছত৷
– তুমি সময়ৰ হিচাপ ইমান শুদ্ধকৈ ৰাখিছা যে
– কিছুমান বিশেষ কথাৰ বাবে সময়ৰ হিচাপ শুদ্ধকৈ ৰখা যায়৷ তাৰ পিছত কিবা এটা মনত পৰাৰ দৰে অনিন্দিতাই প্রশ্ণ কৰিলে
– এই, আমি দুটাই অথনিৰে পৰা কিয় তুমি তুমিকৈ কথা পাতি আছোঁ ক্লাছ ফৰৰ পৰা ক্লাছ টেনলৈকে আমি দুটাই দেখোন তই তইকৈ কথা পাতিছিলোঁ৷
– তাৰ অর্থ হল তই যে ইমান কান্দি–কাটি আছ, সি বুজায় যে তই এতিয়াও নিখিলেশৰে হৈ আছ৷ গতিকে মই তোক তুমি বুলিয়েই মাতি আছেছা৷ এইবাৰ কল্যাণে অনিন্দিতাৰ কাষ চাপি তাইৰ মূৰৰ ওপৰত হাত এটা থৈ কলে
– শুন অনি, কন্দা–কটা বাদ দি সকলো পাহৰি এতিয়াৰ পৰা এটা নতুন জীৱনৰ কথা ভাব৷ নতুন চাকৰিত জইন কৰি নিজৰ ভৰিৰ ওপৰত থিয় হৈ থকাৰ কথা ভাব৷ বুজিলিনে ভগৱানক ধন্যবাদ দে যে সি তোৰ একো ক্ষতি কৰিব নোৱাৰিলে৷ অনিন্দিতাই পুনৰ চকু মোহাৰি কলে
– ঠিক আছে কাইলৈ আমি দুয়োটাই গুৰগাঁৱলৈ গৈ পিজি–পেয়িং গেষ্ট ৰখা ঘৰ বিচাৰিম৷
কল্যাণে উত্তৰ দিলে
– মোৰ সৈতে একেলগে দিল্লী বিশ্ববিদ্যালয়ত পপা বন্ধু এজনে ইতিমধ্যে ই–মেইলত গুৰগাঁৱত পিজি এটা ঠিক কৰিছেই৷
– ঠিক আছে ঘৰ নোপোৱালৈকে মই তোৰ ঘৰতে থাকিব পাৰিমনে মই তোক ৰন্ধা–ববা কৰি খুৱাম৷
– নালাগে তই মোক ৰন্ধা–ববা কৰি খুৱাব৷ মোৰ লগতো তই থাকিব নালাগে৷ মোৰ বন্ধুটোৱে আৰু দুটামান পিজিৰ খবৰ পাইছে৷ তই তাৰে এটাত থাকিবি৷
– কল্যাণ, তাৰ মানে তোৰ এতিয়াও মোৰ ওপৰত বিশ্বাস নাই তই মোক ঘৃণা কৰি আছ নহয়নে
– নাই অনি, সেইবোৰ একো কথা নাই৷ পিছত বাৰু দেখা যাব৷
– পিছত মানে
– পিছত শব্দটোৰ অর্থ হল মোৰ মা–দেউতাৰ সন্মুখত আমি দুয়োটাই একেলগে বহি হোমৰ জুইকুৰাৰ পৱিত্র গোন্ধ লোৱাৰ পিছত৷ মই কল্যাণহেতোৰ সেই নিখিলেশ নহয়৷
ইমান পৰে বিছনাখনত বহি থকাৰ পিছত অনিন্দিতা থিয় হল৷ তাই আগবািি আহি কল্যাণক পৰম বিশ্বাসেৰে আঁকোৱালি লৈ কলে
– কল্যাণ, ময়ো এই মুহূর্তৰ পৰা তই তাহানি সুক্লত একেলগে পপা অনিজনীয়েই হৈ থাকিম এয়া তোক কথা দিলোঁ চিৰদিনৰ বাবে

বন্দিতা ফুকন

You might also like

Leave A Reply

Your email address will not be published.