অনুৰণন

পুৱাৰ চাহকাপ হাতত লৈ নীলাক্ষি বেলকনিৰ ওপৰৰ আৰামী চকীখনত বহি পুৱাৰ ব্যস্ত আলিবাটটোলৈ চাই আছে৷ আজি তাইৰ বাবে বিশেষ দিন, কিমান যে স্ফূর্তি আজি৷ পুৱা ছয় বজাত এই বেলকনিত বহু দিনৰ মূৰত বহিছে৷ সকলোফালে যেন আজি আনন্দৰ লহৰ উঠিছে, জেঠমহীয়া কিনকিনীয়া বৰষুণজাককো নেওচি ব্যস্ততাপূর্ণ পথ৷ সকলোৱেই যেন আজি আনন্দতে তিতিছে, তেনেতে দেখিছে বাটত পেপাৰৰ হকাৰজনে পেপাৰখন গেটৰ কাষৰ খুঁটাটোত আলফুলে ভৰাই দিছে৷ চাইকেলৰ কেৰিয়াত পেপাৰৰ নুৰাটো পলিথিনেৰে বান্ধি তজবজীয়া লৰাটোৱে আনন্দতে তিতি তিতি গাই গৈছে টিপু টিপু বৰচা পানী৷ আজি তাই পেপাৰখন আনিবলৈও মন কৰা নাই, আজি যে তাইৰ কিমান কথাই মন–মগজুত পাকঘূৰণি খাইছে৷ যৌৱনৰ নানান কথাই মন–মগজুত ক্রিয়া কৰিছে৷ বাৰে বাৰে ঘূৰি গৈছে আজিৰ পৰা আঠ বছৰৰ আগৰ সেই বিশেষ দিনটোলৈ৷
কিনকিনীয়া বৰষুণ, দেউতাকৰ বগা মাৰুতিখনৰ আগৰ ছীটত নীলাক্ষি আৰু ড্রাইভাৰৰ ছীটত দেউতাক৷ নীলাক্ষিক আজি সপোন কুঁৱৰী যেন লাগিছে৷ বগাকৈ দেহত বৈ পৰা চুলি, নীলাক্ষি নামটোৰ দৰেই তাইৰ চকুযুৰি৷ বগা চেলোৱাৰৰ লগত নীলা দুপাট্টাখনে তাইক অপূর্ব দেখাইছে৷ কলেজৰ গেট পোৱামানে বৰষুণজাক বাঢ়িছেহে, আজি কলেজত নীলাক্ষিৰ প্রথম দিন৷ দেউতাকে তাতে নমাই থৈ অফিচলৈ গল৷ যোৱাৰ পৰত দেউতাকে নীলাক্ষিলৈ চাই কৈ গল মাজনী, অল্ দ্য বেষ্ট৷ নীলাক্ষিয়ে বৰষুণজাকৰ পৰা নিজক বচাবলৈ দুপাট্টাৰে সৈতে বেগটো মূৰত দি দেউতাকলৈ নোচোৱাকৈয়ে থেংক ইউ পাপা বুলি কৈ গেটৰ কাষত থকা কলেজৰ চাইকেল ষ্টেণ্ডটোত ৰলগৈ৷ বেগৰ পৰা ৰুমালখন উলিয়াই তাই চকুযুৰিত আলফুলে লগাই লগাই দিলে, যেন চকুৰ কাজলখিনি বৰষুণৰ পানীৰ লগত একাকাৰ হৈ নাযায়৷ চাইকেল ষ্টেণ্ডটোত সোমোৱাৰ লগে লগে বৰষুণজাক বাঢ়িছেহে, আজি প্রথম দিনটোতেই দেখিছোঁ ক্লাছটো ক্ষতিয়েই হব৷ তাই নাজানেও ক্লাছ কেইবজাত আছে, কত আছে৷ আজি তাই একেবাৰেই অকলশৰীয়া আৰু অচিনাকি৷ তেনেতে কোন সময়তনো তাইৰ কাষত লৰা এটা আহি ৰলহি তাই ধৰিবই নোৱাৰিলে৷ ওখ–পাখ পাহোৱাল লৰাটো বৰষুণত তিতি জুৰুলি–জুপুৰি হল৷ তাৰ বেগটো কাষৰ চাইকেলখনত থৈ চোলাৰ হাতৰ বুটামকেইটা খুলি কোঁচাবলৈ ধৰিছে৷ দেখাতেই বুজি পোৱা গৈছে সি কলেজৰ পুৰণা ছাত্র৷ তাৰ বেগৰ ভৰ সহিব নোৱাৰি চাইকেলখন হালি যাব ধৰোঁতেই বেগটো আহি নীলাক্ষিৰ ভৰিৰ কাষত পৰিল৷ নীলাক্ষিয়ে বেগটো তুলি তালৈ আগববাই দিলে, সিও সৌজন্যতা ৰক্ষা কৰি থেংক ইউ কলে৷ লৰাটোৰ বিলাই–বিপত্তি দেখি নীলাক্ষিৰ কিনো মন গল, ঘপহকৈ মুখৰ পৰা ওলাই আহিল ৰুমালখন লওক, মচি লওক, যদি বেয়া নাপায়৷ সিও লওঁ নলওঁকৈ ৰুমালখন ললে যদিও ৰুমালখনেৰে তাৰ তিতা গাটো মচিবলৈ বেয়া পালে৷ ৰুমালখন আলফুলে হাতত লৈ নীলাক্ষিলৈ আঁৰ চকুৰে চালে৷ লাহি–পাহি দেহাটোৰে সেন্দূৰবুলীয়া দুগাল আৰু উঠনকৈ বুকুৰ এনে মৰমলগা ছোৱালী সি বহু দিনৰ মূৰত দেখিছে৷ আচলতে কোৱা কথাহে বহু দিন বুলি, আগতেনো কাক এনে ৰূপত দেখিছিল তাৰ মনতেই নাই৷ হয়তো প্রথমো হব পাৰে৷ এনেতে বৰষুণজাক এৰাত নীলাক্ষি আৰু লৰাটো ষ্টেণ্ডৰ পৰা ওলাই গল৷ 

শইকীয়া ছাৰৰ মেজৰৰ ক্লাছ আজি বৰ ভাল লাগিল, বহু নজনা কথা শিকিলোঁ, অসমীয়া কবিতাত ৰোমাণ্টিক–ড্রেজেডীৰ কি অর্থপূর্ণ বর্ণনা দিলে৷ সঁচাকৈয়ে কিতাপ পঢ়ি শিকাতকৈ এনেকৈ শিকি বৰ ভাল লাগে, নীলাক্ষিয়ে তাইৰ নতুন বান্ধৱী নয়নাৰ লগত কথাখিনি পাতি বাৰাণ্ডাৰে আহি থাকোঁতেই হঠাৎ পিছফালৰ পৰা কোনোবাই মাতিলে এক্সকিউজ মি অহ্, সেই চাইকেল ষ্টেণ্ডত পোৱা লৰাটো৷ তুমি ইমান দিন কলেজ অহাই নাছিলা নেকি সেই দিন ধৰি আজি তিনি সপ্তাহ পাৰ হল গোটেই কলেজ চলাথ কৰি আজি কোনোমতে লগ পালোঁ৷ অ হয় নেকি, নীলাক্ষিৰো মনটো ভাল লাগি গল তাক লগ পাই৷ একেবাৰে সীমিত বন্ধুত্ব তালিকাত নীলাক্ষিৰ বাবে সিয়েইতো কলেজৰ প্রথম বন্ধুত্ব৷ তোমাৰ ৰুমালখন সিদিনা মোৰ লগতেই গল, সেইখনকে দিবলৈ নাম নজনা ছোৱালীজনীক বিচাৰোঁতে তিনি সপ্তাহ গল৷ নীলাক্ষিয়েও মিচিকীয়া হাঁহিৰে কলে, আজিৰ পৰা অচিনাকি নহয় দিয়ক, মোৰ নাম নীলাক্ষি বৰুৱা আৰু আপোনাৰ মোৰ নাম বর্ণিল গগৈ, মই তৃতীয় বর্ষৰ ৰসায়ন বিভাগৰ ছাত্র৷ এয়াই আৰম্ভণি, তাৰ পিছৰ পৰা বর্ণিলদা আৰু নীলাক্ষিৰ যুটি ক্রমান্বয়ে ৰোমি–জুলিয়েট হৈ পৰিল৷ কেণ্টিনৰ আড্ডা, বকুল তলৰ ধেমালিত বর্ণিলদা নাথাকিলে উৰুঙা উৰুঙা লগা হল৷ বর্ণিলদা গুচি কেতিয়ানো বর্ণিল হল, আপুনি গুচি কেতিয়ানো তুমি হল হয়তো নাজিৰা কলেজৰ বাৰাণ্ডাৰ খুঁটা, বকুল গছৰ তল, কেণ্টিনৰ তিনি নম্বৰ টেবুল, চাইকেল ষ্টেণ্ডৰ মজিয়াখনেও গমকেই নাপালে৷

বর্ণিলৰ অনুৰোধমর্মে আজি প্রথমবাৰৰ বাবে বর্ণিল আৰু নীলাক্ষি কলেজ বন্ধৰ দিনত লগ হৈছে৷ বিষু মন্দিৰলৈ সোমাই যোৱাৰ ছিৰিত বহি নীলাক্ষিৰ হাতত ফুল–তুলসী, ধূপ–চাকিৰ থালখন বর্ণিলে তুলি দিছে৷ আজি বর্ণিল আৰু নীলাক্ষি দুয়োকে কোনোবা দিকচৌ বনত নাচি থকা পখিলা যেন লাগিছে৷ নীলাক্ষিয়ে নয়নাহঁতৰ ঘৰত ভাত খাব অহা বুলি কৈ বর্ণিলৰ লগত বিষু মন্দিৰৰ ছিৰিত বহি আছে৷ ধূপ–চাকি লাই হাতত প্রসাদ লৈ ছিৰিত নীলাক্ষি বহি আছে৷ চাৰিওফালে কলা, বগা, পখৰা পাৰ চৰাইবোৰে লাক পাকউৰ কুৰুউ ধবনিৰে মুখৰ কৰিছে৷ বর্ণিলে ছিৰিত আঁঠু কাঢ়ি বহাৰ দৰে নীলাক্ষিৰ কাষতে বহি প্রসাদ এমুঠি পাৰবোৰলৈ ছটিয়াই দিছে, কাষেৰে মানুহৰ অহা–যোৱা, মন্দিৰৰ ডাঙৰ আঁহতজোপাৰ পাতবোৰ ঘন সেউজীয়া হৈ গোটেই ছিৰিটো ছাঁ দি ৰাখিছে৷ পাতৰ জলঙাৰে জেঠ মাহৰ ৰদৰ জিলিঙনি পৰি ছাঁ পৰা ঠাইডোখৰ ফুলাম কৰি তুলিছে৷ নীলাক্ষি কোনোবা অচিন ভাবত বিভোৰ হৈ থকা মুহূর্ততে নীৰৱতা ভাঙি বর্ণিলে আৰম্ভ কৰিলে৷ নীলাক্ষি, আমাৰ কথাবোৰ আমি নজনাকৈয়ে বেলেগেহে বেছিকৈ জানিছে৷ তোমালোকৰ ঘৰখনৰ কথা জানো, মোৰ ঘৰৰ অৱস্থা তুমিতো জানা৷ তোমাক নিজৰ কৰাৰ হেঁপাহত, তোমাক ভালপোৱাৰ সুবাদত এইবোৰ জানিও নজনা হওঁ৷ মাথোঁ তোমাক ভালপাওঁ, ৰদৰ পোহৰ যেনেকৈ বৃহৎ আঁহতজোপাৰ বাধা নেওচিও জলঙাৰে আহি আমাৰ গাত পৰিছে, ময়ো হাজাৰ বাধা নেওচিও তোমাৰ কাষ পামগৈ নীলাক্ষি৷ পৃথিৱীৰ কোনো বাধাই মোক ভেটিব নোৱাৰে নীলাক্ষি৷ মই তোমাক ভালপাওঁ, ভালপাওঁ, ভালপাওঁ৷ নীলাক্ষিৰ আজি কিমান স্ফূর্তি, সদায় কব কব বুলি ভাবি থকা কথাটো অৱশেষত বর্ণিলৰ পৰা শুনি নীলাক্ষি আনন্দত নাচি উঠিল যদিও অভিমানত বর্ণিললৈ নোচোৱাকৈয়ে কলে, তোমাৰ এই কথাখিনি কওঁতেই আজি এবছৰ লাগিল৷ ভয়াতুৰ, লাজুকা, তুমি মোক অকণমানহে ভালপোৱা, সেয়ে এনে কৰিছা৷ বর্ণিল এইবাৰ দুগুণ উৎসাহেৰে চিঞৰি উঠিল ৱাও, তাৰ মানে তুমিও মোক হাঃ হাঃ হাঃ, দুয়োটা ছিৰিৰ পৰা হাঁহি হাঁহি জঁপিয়াই আহিল আৰু ইটোৱে–সিটোক সাবটি ধৰিলে৷ বাটত আহোতে বর্ণিলে গুণগুণাই আহিল জুবিনৰ এই গীতটি

দুগালতে যেন সপোন চেকুৰা চকুত জিলিকি ৰয়, কিনো অমিয়া মৰমে তোমাৰ হিয়া বিয়পি বয়
আজি তিনি বছৰৰ মূৰত নীলাক্ষি ডিব্রুগড বিশ্ববিদ্যালয়ৰ নাহৰণিৰ আৱাসী আৰু বর্ণিল এখন সৰু হোটেলৰ মালিক৷ ঘৰৰ আর্থিক অৱস্থাটোৰ কথা চিন্তা কৰিয়েই বি এছ চি পাছ কৰিয়েই লগৰ এজনৰ লগ হৈ গগৈ হোটেল নাম দি সৰুকৈ চাহৰ হোটেল এখন খুলিলে৷ লাভৰ মুখ দেখা নাই যদিও লোকচান হৈছে যেনো তাৰ অনুভৱ হোৱা নাই৷ লাহে লাহে কলেজীয়া চেঙেলীয়া লৰা–ছোৱালীহাল গুৰু–গম্ভীৰ হল, নিতৌ ফোন–মেছেজত খা–খবৰ চলি থাকে যদিও বর্ণিলৰ আর্থিক অৱস্থাটোৰ কথা জানি নীলাক্ষিয়ে দেউতাকক কথাটো কবলৈ সাহস নকৰিলে৷ দেউতাকেও কথাটো অলপ–চৰপ নজনা নহয়৷ সেয়ে নীলাক্ষিক বিয়াৰ কথা কবলৈ ধৰিলে আৰু দেউতাকৰ অফিচৰে এজনৰ ডাঙৰ পুতেকৰ লগত বিয়াৰ কথা উলিয়াই নীলাক্ষিক অৱগত কৰিলে৷ নীলাক্ষিয়ে দুর্ঘোৰ আপত্তি দর্শালে৷ নীলাক্ষিৰ মাক–দেউতাকেও নীলাক্ষিক বুজাবলৈ ধৰিলে, তই পঢ়ি থাকিব পিছতো পাৰিবি, কিন্তু এনে সজ, গুণী–জ্ঞানী তাতে আকৌ ডাক্তৰী কৰা লৰা এটা আগলৈ পাবি জানো৷ নীলাক্ষিয়ে কেৱল আপত্তি দর্শাই গল৷ মাক–দেউতাকেও বর্ণিলৰ কথা গম পাই নীলাক্ষিক ককর্থনা কৰিবলৈ ধৰিলে৷ সাধাৰণ হোটেল দিয়া লৰা বুলি ইতিকিঙৰ সুৰত নীলাক্ষিক টান কথা শুনালে৷ নীলাক্ষিয়ে গোটেই কথাবোৰ বর্ণিলক কলে৷ বর্ণিলো যেন কোনোবাখিনিত ভাগৰি পৰিছে, নীলাক্ষিক সুখত ৰাখিব নোৱাৰাৰ দুখ, ইফালে, ব্যৱসায়ৰ চালুকীয়া অৱস্থাই বর্ণিলক ভিতৰি ভিতৰি মনোকষ্ট দিলে৷ নীলাক্ষিয়েও মাক–দেউতাকৰ অবাধ্য হৈ যেন বেয়া কাম এটা কৰিছে, এই ভাব হবলৈ ললে৷ নীলাক্ষি আৰু বর্ণিল যেন ইটোৰ পৰা সিটো লাহে লাহে আঁতৰিবলৈ ধৰিলে৷ খা–খবৰবোৰ কমি আহিল৷ নীলাক্ষি পপা–শুনাত ব্যস্ত হৈ পৰিল আৰু বর্ণিল হোটেলৰ কামতচ কোনোবা সময়ত মালিক, কোনোবা সময়ত চাহ বনাওঁতা, কোনোবা সময়ত হোটেলৰ টেবুল চাফা কৰা, মুঠতে গগৈ হোটেলৰ সর্বেসর্বা বর্ণিল গগৈ৷

আৰামী চকীখনৰ হাতটোতে থোৱা মবাইলটোৰ কিৰকিৰণিতহে নীলাক্ষিৰ সম্বিৎ ঘূৰি আহিল৷ ইতিমধ্যে বৰষুণ এৰি ৰদ বিৰিঙিছে৷ তাই খপজপকৈ ফোনটো ধৰিলে, তাইৰ ষ্টুডেণ্টৰ ফোন৷ আজি আবেলি টিউচন নহয় বুলি কৈ ফোনটো কাটি দিলে৷ বর্তমান নীলাক্ষি এগৰাকী ভাল শিক্ষয়িত্রী৷ বিদ্যালয় ছুটীৰ পিছৰ সময়কণো তাইৰ বৰ অকলশৰীয়া লাগে, সেয়ে নিজকে ব্যস্ত ৰাখিবলৈ আবেলি পৰত দুটা টিউচন ঘৰতে কৰে৷ এহ্, ৮ বাজিবৰে হল, কোনেওনো মোক মাত এষাৰ দিব নাপায়নে৷
সি পাক্কা দহ বজাত অহাৰ কথা, এনেও সি সময়ক লৈ আগৰ পৰাই সচেতন৷ দৌৰাদৌৰিকৈ গা ধুই কালি আবেলিয়েই যা–যোগাৰ কৰি থৈ দিয়া কাপোৰসাজ উলিয়ালে৷ খৰধৰকৈ পিন্ধিছে যদিও পিন্ধন, সাজোন–কাচোনত অকণো ক্রটি কৰা নাই৷ তাইৰ বহু দিনৰ মূৰত কথা এটা মনলৈ আহিছে তোমাৰ বাবেই সাজোঁ–কাচোঁ, তোমাৰ বাবেই কবিতা ৰচোঁ৷ বাহিৰত গাডীৰ হর্ন শুনি নীলাক্ষি বৰুৱা খৰ খোজেৰেই ওলাই গল আৰু চালকৰ কাষৰ আসনত আলফুলে বহিল৷ বগা ৰঙৰ ইনভাখন লাহে লাহে আগুৱাই গল, আজি কিমান দিনৰ মূৰত যে আকৌ উভতি আহিছে সেই বর্ণিল গগৈ আৰু নীলাক্ষি বৰুৱাৰ যুুটি৷
সিদিনা নীলাক্ষিৰ সহকর্মী ৰঞ্জনৰ বার্থ ডে নোহোৱা হলে হয়তো বর্ণিলক কাহানিও লগ পোৱা নহলহেঁতেন৷ ৰঞ্জনৰ বার্থ ডে পার্টী আছিল শিৱসাগৰ চহৰৰ গগৈ ধাবা এণ্ড ৰেষ্টুৰেণ্টত৷ সকলো সহকম্ৰ আনন্দোল্লাসৰ মাজত নীলাক্ষি হেৰাই গৈছিল৷ তেনেতে চহৰৰ একমাত্র নামী–দামী গগৈ ধাবা এণ্ড ৰেষ্টুৰেণ্টৰ মালিক তথা এজন প্রতিষ্ঠিত ব্যৱসায়ী তথা ঠিকাদাৰ মিঃ বর্ণিল গগৈ এক বিশেষ কামত সেইফালে যাওঁতে ধাবাখন চাবলৈ সোমাল আৰু তেনেকৈয়ে চিনাকি–চিনাকি হৈয়ে থাকি গল বর্ণিল আৰু নীলাক্ষি৷ তাৰ পিছত লাহে লাহে সঘন যোগাযোগ হল, ফোন নম্বৰ আদান–প্রদান হল৷ জীৱনৰ পাৰ হৈ যোৱা দিনবোৰৰ হিচাপত ওলাই পৰিল নীলাক্ষি বৰুৱা আজিও বর্ণিলৰ বাবে ৰৈ আছিল এক অনিষ্চিত ভৱিষ্যতক ধিয়াই আৰু বর্ণিলৰ অক্লান্ত শ্রমত গগৈ হোটেল আজি স্থানান্তৰ হোৱাৰ লগতে পৰিৱর্তন হল গগৈ ধাবা এণ্ড ৰেষ্টুৰেণ্টলৈ৷ ইতিমধ্যে গাডী গৈ বিষু মন্দিৰৰ পার্কিঙত সোমাল৷ ইমান দিনৰ মূৰত কাষত পাইছে অথচ একো কব পৰা নাই তাই৷
বর্ণিল–নীলাক্ষি হৈ পৰিল তাহানিৰ নাজিৰা কলেজৰ সৰু লৰা–ছোৱালীহাল৷ সকলো একেই আছে৷ মন্দিৰৰ ছিৰি, আঁহতজোপা আগতকৈও বিশালাকায় হৈছে, ছাঁখিনিও বহল হৈছে ঠিক বর্ণিল আৰু নীলাক্ষিৰ বয়সৰ দৰে৷ ধূপ–চাকি লাই একে ভংগিমাৰে হাতত প্রসাদ এমুঠি লৈ নীলাক্ষি ছিৰিত বহিছে, আঁঠু কাঢ়ি বহাদি কাষতে বহিছে বর্ণিল৷ চাৰিওফালে পাৰ চৰাইবোৰে আগুৰি আছে৷ কাষেৰে পাৰ হৈ গৈছে অগণন মানুহ, জেঠ মাহৰ ৰদৰ জিলিঙনি আজিও সৰকি আহিছে আঁহতজোপাৰ ফাঁকেৰে৷ বর্ণিলে নীৰৱতা ভংগ কৰি নীলাক্ষিৰ হাতত হাত থৈ কবলৈ ললে নীলাক্ষি, আজিও তোমাৰ মা–দেউতাই মোক আৰু কিবা কোৱাৰ আগতেই নীলাক্ষিয়ে বর্ণিলৰ মুখত আঙুলি থৈ হুকহুকাই কান্দি দুবাহুৰ মাজত সোমাই পৰিল৷

দিগন্ত কুমাৰ বড়া

You might also like

Leave A Reply

Your email address will not be published.