বন্ধ পানীৰ মাছ

তুঁহখিনি পানীত ছটিয়াই দিয়াৰ অলপ পিছতে কলা–কজলা মূৰ কিছুমানে পানীপৃষ্ঠত খুন্দা মাৰেহি৷ তুঁহগুডি উদৰস্থ কৰিবলৈ মেলা মুখবোৰ পুখুৰীৰ পাৰত ৰৈ থকা বৰুৱা খুৰাৰ চকুত ঠিকেই পৰেহি৷ দিনটোত কেইবাবাৰো এই কামটো কৰে খুৰাই৷
হৌৰা, ৰৌকেইটা ডাঙৰ হৈছেহে তিনিপোৱা মান হল কিজানি
কি যে হব এই মানুহটোৰ দিনটোত কেইবাৰ তুঁহ দিয়েনো মাছকেইটাক
ভাল লাগে, সিহঁতে মোক চিনি পোৱা হৈছে তুঁহ দিলে গোটেইসোপা ওপৰলৈ উঠি আহে কাইলৈ জালখন মাৰি চাব লাগিব সিহঁত কিমান ডাঙৰ হৈছে
জাল মাৰে খুৰাই৷ সোঁহাতখনৰ কিলাকুটিৰে খেৱালি জালখনৰ গুৰিটোৰ ভৰ লৈ বাকীখিনি সুষমভাৱে মিলাই ওলমাই লয়৷ কাটি হৈ থিয় দি হঠাৎ পুখুৰীমুৱা হৈ জালখন পুখুৰীটোলৈ প্রক্ষেপ কৰে৷ বহল হৈ পৰা জালখন শিশুৰ হাতেৰে অংকিত বৃত্তটোৰ দৰে পুখুৰীত পৰেগৈ৷ লাহে লাহে জালখন ডুব যায়৷ কিছু দেৰি ৰৈ ভৰি দুখন আগ–পিছ কৰি খোপনি পুতি খুৰাই জালখন পাৰলৈ টানি আনে৷ জালত লাগি আহে পোন্ধৰ–বিশটা ৰূপোৱালী মাছ৷ মাছে যিমান ছটফটাই খুৰা আৰু কাষত ৰৈ থকা খুৰীৰ মুখত সিমানে হাঁহি বিৰিঙে৷ আলফুলে, পানীকেঁচুৱা ধৰাদি ধৰি মাছবোৰ এটা এটাকৈ উলিয়াই আনে খুৰাই৷ খুৰীয়ে আলফুলে চুই চায়, লাহেকৈ বহি পৰে খুৰা, মাছবোৰ পানীত এৰি দিয়ে, কোনোবাটোক খুৰীয়ে এৰি দিয়ে৷ পানী পায়েই খলখলাই আঁতৰি যোৱা মাছটো চাই পুনৰ আধা পানীত ডুব গৈ থকা জালখনৰ পৰা আনটো ধৰি আনি এৰি দিয়ে৷ এটা বা দুটা খাবলৈ ৰাখি বাকীবোৰ মাছক পুনৰ পানীলৈ ঘূৰাই পঠিয়ায়৷
কেইবাদিনৰ নেৰানেপেৰা বৰষুণৰ পিছত নৈ, বিল–পুখুৰীবোৰ ওফন্দি উঠিছে৷ মানুহৰ মাজত বু বু বা বা চলিছে, এইবাৰ কিজানি বান আহিব কলং–কপিলী উফন্দি উঠিছে৷ নাতিদূৰৈত তিনিসুঁতি উত্তাল হৈ পৰিছে৷ তিনিসুঁতিৰ লগতে লাগি থকা মথাউৰি ৰূপী ৰাস্তাৰ প্রায় সমানে সমানে পানীৰ স্তৰ৷ কেতিয়া ৰাস্তাৰে পানী বাগৰে ঠিক নাই
ৰাস্তাটোৰ এবখলা বোলে নদীয়ে খালে মানুহে বাঁহ পুতি, মাটিৰ বস্তা দি ৰখাবলৈ চেষ্টা কৰিছে৷ ৰাস্তাৰে যোৱা কোনোবা এটাই ৰিঙিয়াই থৈ যোৱাত খুৰাৰ লৰাটোও লৰালৰিকৈ সেইফালে ওলাই গল৷
আবেলিতে ওলাই যোৱা লৰাটো হুৰমূৰকৈ আন্ধাৰ হোৱাৰ বহু দেৰিৰ পিছত ঘৰলৈ উভতি আহিল৷ ৰাস্তাৰ ওপৰেৰে পানী বাগৰিছে৷ কেতিয়া ঘৰত সোমাই ঠিক নাই৷ বস্তু–বাহানি সামৰিব লাগে৷
খুৰাই টর্চটো হাতত লৈ ঘৰলৈ সোমাই আহি কাপোৰ বান্ধি থকা খুৰীক কলেহি, পুখুৰীৰ পৰা পানী কাষৰ পথাৰলৈ বাগৰিছে বুইছা চেহ
মূঢ়া এটাৰ ওপৰত উঠি লেপ এখন আলমাৰিটোৰ ওপৰলৈ উঠাই থকা হাত দুখন ক্ষন্তেক ৰৈ গল খুৰীৰ৷ খুৰাৰ চকু দুটাত অসহায়তা, শূন্যতা বিদ্যমান৷
এহ চাই নাথাকিব বাৰে বাৰে তাকে৷ এইখন উঠাওকচোন৷ বিছনাত থকা আন এখন লেপলৈ আঙুলিয়াই খুৰী আঁতৰি গল৷
পানী বৰ জোৰেৰে বাগৰিছেহে মাছবোৰো ওলাই গৈছে৷ এইবাৰ কাষলতিৰ তলত টর্চটো চেপা মাৰি সুমুৱাই অনা খুৰাৰ হাতত আধা কেজিমানৰ কমনকার্প মাছ এটাই ছটফটাই আছে৷ খুৰীৰ সময় নাই৷ কিনো মাছবোৰৰ লগতে লাগি আছেহে মোক অকণ সহায় কৰি দিব নোৱাৰে আৰু এইটো কিয় ধৰি আনিলে মই এতিয়া মাছ ৰান্ধিব নোৱাৰোঁ
খাবলৈ আনিছোঁ নেকি কিবা দেখুৱাবলৈহে আনিছোঁ কৈ কৈ ওলাই যোৱা খুৰাৰ মাতটো কান্দোন যেন শুনা গল৷
লাহে লাহে পানীবোৰ শুকাইছে৷ ঘৰৰ দেৱালবোৰত মাটিৰ চিন থৈ গৈছে পানীয়ে৷ সেউজীয়া বাৰীখনত অকালতে পক ধৰিছে৷ ঘাঁহ–বনবোৰ পচি দুর্গন্ধ ওলাইছে৷ কেঁচুবোৰ গচকত লপথপীয়া হৈ দুর্গন্ধত উজান দিছে৷ পানীত ডুব যোৱাৰ পৰা বচাব নোৱাৰা আচবাব, কিতাপ–পত্রৰ দমৰ পৰা কাকো আমনি নকৰাকৈ সাপ ওলাই গৈছে৷ কেইবাদিনো নিজে নিজে পানী ওলাই থকা দমকলটো যেন ভাগৰুৱা হৈ পৰিছে৷
কেনেকুৱা কেইটামান দিন যে পাৰ হৈ গল বহু বছৰৰ মূৰত বানপানী দেখা ঠাইখিনিৰ মানুহে বানপানীৰ কাৰণবোৰ নিজৰ মতে বিভিন্ন ধৰণে বিশ্লেষণ কৰিছে৷ আচলতে অৰুণাচলত বৰষুণ বেছিকৈ দিছে কাৰণেহে নহয় নহয় আচলতে নদীবান্ধৰ পানী এৰি দিয়াৰ বাবেহে,
পানীত ভিজা বাৰাণ্ডাৰ শালকাঠৰ বেঞ্চখন ভালকৈ শুকুৱাই নাই৷ তাতে বহি সাঁজ লাগি ভগাৰ পিছত খুৰা–খুৰীয়ে চাহ–বিসুক্ট খাই কথাৰ মহলা মাৰে৷ ছোৱালীজনীক বিয়া দিয়াৰ পিছত এই কথা–বতৰাত তাইৰ কথা বা তাইৰ বিয়াখন অথবা শহুৰেকৰ ঘৰৰ কথাই আগস্থান পাই আহিছিল৷ সেই সুখদ স্মৃতি মোহাৰি বানপানীয়ে নিজে গোঁজ পুতি বহিল৷ অমুকটো বস্তু তমুক কৰি থলে পানীত নষ্ট নহলহেঁতেন৷ শেষত গৈ খুৰীয়ে খুৰাৰ ওপৰত বিষ উজাৰে৷ মই অকলে কি কৰিম আপুনি কেৱল মাছকেইটাৰ লগতে লাগি থাকোঁতে গল৷ আৰে, সিহঁত পানীৰ বস্তু আপুনি হাজাৰ চেষ্টা কৰিলেও সিহঁতক ৰাখিব নোৱাৰিলেহয়
পৰিৱেশটো গোমোঠা হৈ পৰে৷ কথকী খুৰাৰ মাত হৰে৷
নীৰৱ আৰু গোমোঠা হৈ পৰা পৰিৱেশটো পাতল কৰিবলৈ খুৰীয়েই আকৌ প্রথমে মাত লগায়, হয় দিয়ক বৰ দুখ লাগে, মাছকেইটালৈ মনত পৰিলে৷ আমি পানী অলপ অলপ বাঢ়োতেই যিমান পাৰি ধৰি খাই পেলাব লাগিছিল৷
কি সতেনো খাওঁ সিহঁতক কিছু দেৰি নিশ্চুপ হৈ থকা খুৰাই হাতেৰে নিজৰ বুকুখন মোহাৰি কোৱা কথাকেইটা পুনৰ কান্দোন যেন শুনা গল৷

উৎপলা কৌৰ

You might also like

Leave A Reply

Your email address will not be published.