গল্পবোৰ কিয় শেষ নহয়

গল্প–১ সশস্ত্র সংগ্রামৰ পৰা আঁতৰি অহা এক প্রৌঢ়, তেওঁক হঠাতে লগ পায় একেই দলৰ ডেকা সদস্য এগৰাকীয়ে, বিপ্লৱৰ সপোন পৰিত্যাগ কৰি তেওঁ এতিয়া ব্যস্ত ব্যৱসায়ত, কম দিনৰ ভিতৰতে প্রতিষ্ঠিত৷ একে সংগঠনৰ সদস্য হিচাপে বিশ্বাস কৰি প্রৌঢ়গৰাকীয়ে ডেকাগৰাকীক এটি কামৰ ভাৰ দিয়ে, তেওঁৰ আগতে থকা, এতিয়া নথকা ঘৰ এটাৰ পৰা বস্তু এটি আনি দিব লাগে৷ তেওঁ নিজে কিন্তু সেই ঘৰটোলৈ নাযায়, কাৰণ সেই ঘৰটোৰ লগত জড়িত আছে তেওঁৰ এক ড্রেজিক স্মৃতি৷ সেই দুমহলীয়া ঘৰটোৰ তলৰ মহলাটোত আছিল সেই প্রৌঢ় বিপ্লৱী, এতিয়া সেইটো পৰিত্যক্ত ৰূপত পৰি আছে, ওপৰ মহলাটো ভাৰা দিছে৷ ডেকা গল সেই ঘৰলৈ, ঘৰৰ চোতালতে লগ পালে এগৰাকী যুৱতীক৷ বস্তুটো লৈ তেওঁ উভতি আহিল, কিন্তু মনত ৰৈ গল সেই যুৱতীৰ ছবি৷ যুৱতীৰ সন্ধানত তেওঁ পুনৰ সেই ঘৰটোলৈ গল, কিন্তু এইবাৰ যুৱতী নাই৷ কলৈ গল যুৱতী পুলিচত খবৰ দিলে, নাই, ঘৰটোত কোনো যুৱতী থকাৰ তথ্যই নাই৷ ডেকা পুনৰ গল সেই প্রৌঢ়জনৰ ওচৰলৈ, সেই প্রথমবাৰ লগ পোৱা ঠাইলৈ, প্রত্নতাত্ত্বিক সম্পদেৰে ভৰা সেই উদ্যানখনলৈ৷ আৰম্ভ হল এটি নতুন গল্প৷

গল্প–২ এজন ডেকা, লিখা–মেলা কৰি ভাল পায়, তাকেই জীৱন আৰু জীৱিকা হিচাপে লোৱাৰ মন৷ সুৰা–সুন্দৰী–সংগীত এই তিনিওবিধৰ মাজতেই তেওঁ বিচাৰি পায় জীৱনৰ সকলো৷ অকলশৰীয়া জীৱন তেওঁৰ, লগত থাকে মৰমৰ কুকুৰ এটি৷ তেওঁৰ বান্ধৱীয়ে বিচাৰে তেওঁৰ জীৱিকাৰ কিবা এটা সংস্থাপন হওক৷ মেজাজী ডেকা লেখকে মানি লব নোখোজে, নিজৰ বিশ্বাসত অটল থাকে৷ কিন্তু এদিন তেওঁ হাৰ মানে, ঠিক হাৰ মানে নহয়, হাৰ মনা বুলি ভাবি লয়৷ এই ভাবি লোৱাটো সাময়িক যতিচিহ্ণ, কাহিনীটোৰ শেষ পৰিণতি নহয়৷

গল্প– ৩এগৰাকী ধনী বিল্ডাৰ, পত্নী টিভি ছিৰিয়েলৰ অভিনেত্রী৷ দুয়ো নিজৰ নিজৰ পৃথিৱীত ব্যস্ত৷ কাৰো সময় নাই আনজনৰ বাবে৷ নতুন ঘৰ বান্ধিছে, কিন্তু ঘৰটো সম্পূর্ণকৈ সজাই লবলৈ দুয়োৰে সময় নাই৷ প্রায় আত্মিক সম্বন্ধবিহীন এটা ঘৰ, অথচ ঘৰটোত গ্রাফিটি আঁৰি থোৱা আছে হোম চুইট হোম৷ এদিন পুৱা অভিনেত্রী পত্নী শ্বুটিঙলৈ ওলাই গল, তেওঁ কামলৈ যাব, সাজু হোৱাৰ পর্ব, ঠিক তেনেতে তেওঁৰ মনলৈ সন্দেহ এটা আহিল তেওঁৰ ঘৰৰ এটি কোঠাত সোমাই আছে তেওঁৰ পত্নীৰ সহঃ অভিনেতা৷ তেওঁ কি আগদিনাই আহিছিল, কিন্তু ওলাই যাবলৈ সুৰুঙাই নাপালে চিন্তাত পাকঘূৰণি খাই তেওঁ কামলৈ যোৱা বাদ দিলে আৰু এটা সময়ত কিবা এটা সিদ্ধান্ত গ্রহণ কৰিলে৷ ৰাতি শ্বুটিঙৰ পৰা উভতি আহি অভিনেত্রীগৰাকীয়ে বিল্ডাৰ স্বামীক সেই অভিনেতাজনৰ বিষয়ে এনে এটি কথা কলে, যিয়ে তেওঁক কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰালে৷ কোঠাত সোমাই থকাজন বাৰু তেওঁ ভবাজন নহয় নেকি তেন্তে কোন তেওঁ

গল্পকেইটিৰ বিষয়ে আৰু অলপ
ওপৰত গল্প তিনিটাৰ সামান্য আভাষহে দিয়া হল সাহিত্যৰ ভাষাৰে৷ কিন্তু এই তিনিটা গল্পৰ পৰা নির্মাণ কৰি থকা যি গল্পৰ শেষ নাই ছবিখন নির্মাণ কৰা হৈছে চিনেমাৰ ভাষাৰেই৷
প্রথম গল্পটো ফৰাচী লেখক মঁপাচাৰ, দ্বিতীয়টিৰ লেখক হোমেন বৰগোহাঞি, তৃতীয়টিৰ লেখক আন এজন ফৰাচী লেখক বালজাক৷ এই ছবিত গল্পকেইটিক পোনপতীয়াকৈ চিত্রৰূপ দিয়া হোৱা নাই, গল্পকেইটিক আধাৰ হিচাপে লৈ, মূল বক্তব্যক বিকৃত নকৰাকৈ তাক আজিৰ সময়ৰ লগত খাপ খোৱাকৈ সজাই লোৱা হৈছে৷ লগত যোগ হৈছে পৰিচালকৰ ব্যাখ্যা৷ প্রায়বোৰ অসমীয়া ছবিতেই কাহিনী দুর্বল বুলি সাধাৰণতে এটি অভিযোগ উঠে৷ এই ছবিৰ কাহিনীবোৰে সেই অভিযোগ আঁতৰ কৰিব পাৰিব৷ দুয়োটা বিদেশী গল্পই শতিকাপ্রাচীন আৰু ক্লাছিক হিচাপে স্বীকৃত৷ হোমেন বৰগোহাঞিৰ গল্প এপিটাফ অতি বিখ্যাত গল্প, তেওঁৰ নিজৰ ভাষাত কুখ্যাত গল্প৷
এই তিনিটা গল্পক লগ লগাই পূর্ণ দৈর্ঘ্যৰ চিনেমা এখন নির্মাণ কৰি থকা হৈছে৷ তিনিটা গল্প তিনিগৰাকী পৰিচালকে পৰিচালনা কৰিছে৷ প্রদু্ৎ কুমাৰ ডেকা, প্রশান্ত শইকীয়া আৰু মই মানে উৎপল দত্ত৷ দুয়োগৰাকী পৰিচালকৰে ফিচাৰ ফিল্ম কৰাৰ অভিজ্ঞতা আছে, মোৰ অভিজ্ঞতা তথ্যচিত্রৰহে৷ অৱশ্যে ডঙ্ম ভবেন্দ্র নাথ শইকীয়া ছাৰৰ দুখন ছবি আৰু ৱাইচকুর্নী বৰাৰ দুখন ছবিত সহকাৰী পৰিচালকৰ কাম কৰা অভিজ্ঞতা আছিল৷ কিন্তু সহকাৰী পৰিচালকৰ অভিজ্ঞতাই ছবিৰ কাৰিকৰী কাম আৰু মেনেজমেণ্টৰ অনুশীলন কৰাৰহে সুবিধা দিয়ে, ছবি পৰিচালনাৰ কাম তাতকৈ বহু বেছি বেলেগ৷ সেইবাবেই বহু দিন সহকাৰী পৰিচালকৰ কাম কৰা লোকেও পৰিচালক হব নোৱাৰে, তাৰ বিপৰীতে কাহানিও কেমেৰা দেখি নোপোৱা মানুহো পৰিচালক হিচাপে সফল হোৱাৰ উদাহৰণ আছে৷
তিনিওটি গল্পক এডাল সূঁতাৰে গাঠি দিয়া হব, সেইখিনিৰ দৃশ্যগ্রহণ তিনিওগৰাকী পৰিচালকে একেলগেই কৰিছে৷

চিনেমাখন কেনে হব
চিনেমা এখন নির্মাণ কৰি থকা সময়ত উত্থাপিত হোৱা বহু প্রশ্ণৰ ভিতৰত এইটো আটাইতকৈ জটিল প্রশ্ণ৷ আমাৰ সপোন আমাৰ দর্শকে বেলেগ ধৰণৰ কাহিনীৰ ছবি এখন চাওক৷ অসমীয়া ছবিত সাধাৰণতে দেখি থকা কাহিনীতকৈ বেলেগ হওক আমাৰ কাহিনী, কাহিনীবোৰত চিন্তাৰ খোৰাক থাকক৷ আমি বিশ্বাস কৰোঁ যে দর্শকে বিৰক্তিহীন ছবি এখন চাব বিচাৰে আৰু অলপ হলেও চিন্তাৰ খোৰাক বিচাৰে৷ আমি এই বিশ্বাসেৰেই ছবিখন নির্মাণ কৰিছেছা৷ আমাৰ বিশ্বাস ছবিখন চাই থাকোঁতে দর্শকে নয়নাভিৰাম চিত্র–প্রতিমা দেখা পাব আৰু ঘৰলৈ উভতি যাওঁতে লৈ যাব চিন্তাৰ খোৰাক৷
ওপৰত ছবিৰ কাহিনীকেইটাৰ সংক্ষিপ্ত আভাষ দিয়া হল৷ কিন্তু আচলতে কাহিনীকেইটি ইমান সৰল নহয়৷ তিনিওটি কাহিনীতে নাৰী–পুৰুষৰ সম্বন্ধৰ কথা কোৱা হৈছে৷ প্রথমখন ছবিত আছে প্রৌঢ় ব্যক্তিগৰাকী আৰু তেওঁৰ স্বর্গগতা পত্নীৰ লগত থকা তেওঁৰ অদৃশ্য সম্বন্ধ৷ দ্বিতীয় গল্পতো একেই বিষয়ে ঠাই অধিকাৰ কৰিছে, এইবাৰ প্রাক–বৈবাহিক সম্বন্ধ, দেহ–মনৰ লগত আছে তেওঁলোকৰ জীৱনৰ প্রতিষ্ঠাৰ প্রশ্ণ, একাধিক মানসিক সম্বন্ধ আৰু তাৰ হতাশাজনক পৰিণতি ইত্যাদি আৰু তৃতীয় গল্পত প্রাপ্তবয়স্ক্ স্বামী–স্ত্রীৰ সাংসৃক্তিক আৰু মানসিক ভাৰসাম্যহীন সম্বন্ধৰ কথা, লগতে ইংগিত আছে মিড–এজ ক্রাইচিচ আৰু যৌন–শীতলতাৰ কথাও৷ এই ছবিখনৰ মূল আধাৰ চুটিগল্প আধাৰিত, গতিকে ছবিখনৰ দৃশ্যৰাজিৰ নির্মাণত প্রতিফলিত হৈছে চুটিগল্পৰ সংক্ষিপ্ত বাগধাৰাৰ, আৰু আছে গল্পৰ শেষত থকা চমকৰ দৰে চমক
নেপথ্যৰ মানুহবোৰ
ছবিখনৰ কেমেৰাৰ কাম কৰিছে ৰাতুল বর্মনে, সম্পাদনা কৰিব সঞ্জীৱ তালুকদাৰে, সংগীত ৰচনা কৰিব দেৱাশিস গোস্বামী আৰু শব্দৰ কাম কৰিব দেৱজিৎ গায়নে৷ ছবিখনৰ বাবে লোগো আৰু টাইটল লিখি দিছে কলকাতাৰ প্রসিদ্ধ চিত্রকৰ সৌৰিশ মিত্রই৷ ভালেকেইখন অসমীয়া কিতাপৰ বেটুপাতেৰে শ্রীযুত মিত্র এতিয়া ৰুচিবান অসমীয়া পাঠকৰ চিনাকি আৰু আগ্রহৰ নাম৷ তৃতীয়টি গল্পৰ বাবে কলা নির্দেশনা কৰিছে সংঘমিত্রা চৌধুৰীয়ে, তেওঁ এগৰাকী পেছাদাৰী আর্কিটেক্ট, এয়া তেওঁৰ প্রথম কাম৷ ৰূপজ্জাৰ কাম কৰিছে বাবী চক্রৱর্তীয়ে৷

ৰূপালী পর্দাত যিসকল উজলি উঠিব
তিনিখন ছবি, মুঠ অভিনেতা নজন৷ কল্পনা কলিতা, দীপজ্যোতি কাকতি, পংকজ মহন্ত, হিমাংশুপ্রসাদ দাস, দেৱিকা প্রিয়ম, নন্দিনী বৰুৱা, হেমন্ত দেৱনাথ, আৰু মৃণাল দাস৷ লগতে অতিথি হিচাপে দেখা দিব ডঙ্ম ডিম্পি মহন্তই৷ ছবিখনৰ দৃশ্যগ্রহণ ইতিমধ্যে শেষ হৈছে, সম্পাদনা চলি আছে৷ সকলো ঠিকে–ঠাকে থাকিলে এই বছৰৰ শেহৰ ফালে ছবিখনে মুক্তি লাভ কৰিব৷

উৎপল দত্ত

You might also like

Leave A Reply

Your email address will not be published.