শেষ আৰতি

সেউজীয়া দূবৰিৰ দলিচাখনেও যেন আজি.....

শেষ আৰতি

বাৰাণ্ডাৰ পৰা নামি আহি লনখনত ভৰি দিয়েই বিজয়লক্ষ্মীৰ মনতো জুৰ পৰি গল৷ চেঁচা মাটিৰ স্পর্শই তেওঁৰ দেহ–মনলৈ আনি দিলে এক নতুন অনুভূতি৷ সতেজতা অনুভৱ কৰাৰ লগতে পালে নতুন উদ্যম৷
সদায় দেখি থকা সেউজীয়া দূবৰিৰ দলিচাখনেও যেন আজি নতুন ৰূপ লৈছে৷ চৌদিশে ফুলি থকা ৰং–বিৰঙৰ ফুলবোৰে যেন হালিজালি উলাহত হাঁহিছে৷ ফুলগছৰ মাজে মাজে থকা লাইটবোৰৰ পোহৰ নিষ্প্রভ কৰি নতুনকৈ লগোৱ ৰঙা–নীলা–সেউজীয়া লাইটৰ পোহৰে গোটেই চৌহদটোকেই মায়াময় কৰি তুলিছে৷ আহল–বহলকৈ লগাই থোৱা ছামিয়ানাৰ তলত সজাই থোৱা হৈছে বিভিন্ন ধৰণৰ ভিন্ন ধৰণৰ চকী৷ কাষে কাষে একোখন সৰু সৰু মেজ৷ নাওখনৰ দৰে সজাই থোৱা কাষৰ চালিখনৰ তলত খোৱাবস্তু থোৱা বিভিন্ন সামগ্রী৷ অনন্ত–বিজয় প্রকাশন আৰু মৰমী পঁজা দুয়োটা গৃহতে ওলোমাই দিয়া বিভিন্ন আলোকে চৌপাশ আলোকিত কৰি তুলিছে হেঁপাহত৷ পৰাগৰ তত্ত্বাৱধানত বৰ বিতোপনকৈ কৰা প্রস্তুতিবোৰ প্রায় শেষ হৈ আহিছে৷ কাইলৈ পুৱা হবলৈনো কেইঘণ্টা বাকী
কাইলৈৰ পৰা পুৱাৰ পৰা ৰাতিলৈকে এই প্রাংগণ গিজগিজাই থাকিব মানুহেৰে৷ সৰু সৰু লৰা–ছোৱালীৰ লৰা–ঢপৰা আৰু কল–কাকলিৰে মুখৰ হৈ থাকিব মৰমী পঁজা৷ কাইলৈ দিনটো সুকলমে পালন কৰিবৰ কাৰণে নেদেখাজনলৈ হাতযোৰ কৰি প্রার্থনা জনালে বিজয়লক্ষ্মীয়ে৷ ফুলনিৰ মাজত ওখ এখন আসনত সজাই থোৱা অনন্ত বৰুৱাৰ ছবিখনলৈ চাই বিজয়লক্ষ্মীৰ মূৰ দোঁ খাই গল কৃতজ্ঞতাত৷ তেওঁৰ ত্যাগ, পৰিশ্রম আৰু সৎ ব্যক্তিত্বৰ বাবেই কাইলৈ কৰিব খোজা অনুষ্ঠানটো তেওঁ আয়োজন কৰিবলৈ সাহস কৰিছে৷
বিজয়লক্ষ্মীৰ জলজল–পটপটকৈ মনত আছে সেই দিনবোৰ৷ অনন্ত বৰুৱাই তেওঁক বিয়া কৰাই আনোতে এটি খেৰৰ জুপুৰি আছিল এই মাটিখিনিৰ মাজভাগতে৷ চাৰিটা কোঠা থকা ঘৰটোৰ তিনিটা তেওঁঁলোকে ব্যৱহাৰ কৰিছিল৷ তুলনামূলকভাৱে ডাঙৰ আনটো কোঠাত আছিল এটা ছপাশালৰ যন্ত্র৷ দিনে–ৰাতিয়ে এই ছপাশালটোত ব্যস্ত আছিল তেওঁৰ স্বামী অনন্ত বৰুৱা৷ লগত সহায় কৰিছিল অনন্তৰ শৈশৱৰে বন্বুূ পদুমে৷ সীমিত সুবিধা থকা ছপাশালটো তেওঁ নিজেই চলাই অলপ অলপকৈ ছপা কাম কৰি উলিয়াইছিল৷ লাহে লাহে বিজয়লক্ষ্মীয়েও দুই–এটা কামত সহায় কৰি দিছিল৷ আখৰৰ সৰু সৰু ব্লকবোৰ জুপি জুপি চাই বাক্য সজোৱা কামটো তেওঁৰ বৰ ভাল লাগিছিল৷ পৰিশ্রমী অনন্তই পুৱাৰ পৰা ৰাতি এপৰলৈ কামত ব্যস্ত আছিল৷ মাজে মাজে ছপাকাম বিচাৰিও ইফালে–সিফালে যায়৷ অনন্তৰ সৰল ব্যক্তিত্ব, মধুৰ ব্যৱহাৰ আৰু সততাৰ বাবেই কেইবাজনো বিশিষ্ট লেখকৰ কিতাপ প্রকাশ কৰাৰ দায়িত্ব পাইছিল৷ সময় দিয়া মতে আৰু নিখুঁতভাৱে উলিওৱা তেওঁৰ ছপাকামৰ বাবে দিনে দিনে গ্রাহক বািিছিল৷ বািিছিল মান–যশ৷ দোপতদোপে উন্নতি কৰা অনন্তৰ সৰলচিতীয়া স্বভাৱটো কিন্তু একেই আছিল৷ অত্যাধুনিক যন্ত্র–পাতিৰে তেওঁৰ ছপাশালটো তেতিয়া চহৰখনত লেখত লবলগীয়া৷ গ্রাহক বািিছিল বাবেই ব্যৱসায়ো বািিছিল৷ নতুন নতুন কর্মচাৰী বহুত থাকিলেও অনন্তই আগৰ দৰেই সকলো কাম নিজে কৰিছিল বা কাৰোবাক শিকাই লৈ তদাৰক কৰিছিল৷
এনে স্বচ্ছল অৱস্থাৰ মাজতে ডাঙৰ হৈ অহা তেওঁলোকৰ চাৰিজন পুত্র পিতৃ–মাতৃৰ দৰেই আছিল সহজ–সৰল আৰু বিনয়ী৷ তেওঁলোকৰ সৃজনী প্রতিভা আৰু বুদ্ধিমত্তাও অপৰিসীম৷ উচ্চ শিক্ষাৰে শিক্ষিত শান্তম আৰু প্রীতমে নিজে ইচ্ছা কৰি দেউতাকৰ প্রতিষ্ঠানটোত যোগ দিয়াত প্রতিষ্ঠানটোৱে বেলেগ মাত্রা পালে৷ এতিয়া গ্রন্থৰ সুন্দৰ বান্ধোন আৰু প্রীতমে কিতাপৰ নামৰ লগত ৰজিতা খুৱাই আঁকি দিয়া বেটুপাতৰ ছবিয়ে সকলোৰে দৃষ্টি আকর্ষণ কৰে৷ অনন্ত বৰুৱাই চাৰিওজন পুত্রৰ বাবে একেলগে অথচ স্বাধীনভাৱে থাকিব পৰাকৈ চাৰিমহলীয়া আটকধুনীয়া গৃহ এটি নির্মাণ কৰালে৷ বিজয়লক্ষ্মীয়ে গৃহটোৰ নাম দিলে মৰমী পঁজা৷
সময়ত ডাঙৰ দুজন পুত্র শান্তম আৰু প্রীতমৰ বিয়াও পাতি দিলে এইখন চোতালতে৷ উচ্চপদস্থ চৰকাৰী বিষয়াৰ উচ্চ শিক্ষিতা দুহিতা আছিল শান্তমৰ পত্নী৷ প্রীতমৰ পত্নী আছিল দেশে–বিদেশে নানা ব্যৱসায় থকা নামী সফল ব্যৱসায়ীৰ জীয়ৰী৷ দুয়োটা পৰিয়ালে উপযাচি তেওঁলোকৰ কন্যাৰ বাবে লৈ অহা বিয়াৰ প্রস্তাৱক আগ্রহক নেওচা দিব নাপায় বুলি ভবা বৰুৱা দম্পতীয়ে সাদৰেৰে সন্মতি জনাইছিল৷ অৱশ্যে লৰাহঁতৰ মতামত লৈহে৷ বিদূষী আৰু সুন্দৰী কন্যা দুগৰাকী মনোমত নোহোৱাৰ থলো নাছিল৷ দুদিন অগা–পিছাকৈ হৈ যোৱা শান্তম–প্রীতমৰ বিয়াৰ পাছত বহুদিনলৈ ঘৰখন উদুলি–মুদুলি হৈ আছিল৷ আলহী–দুলহীৰ উপৰি ন–মিতিৰৰ দুয়োখন ঘৰৰ পৰা মানুহৰ অহা–যোৱা চলিয়েই আছিল৷ তেওঁলোকেও নতুন জী–জোঁৱাইক লৈ অত–তত পার্টী কৰি ব্যস্ত থকাত অনন্তই অকলেই প্রকাশনৰ কাম–কাজ চম্ভালিছিল৷ অৱশ্যে পদুমৰ অসুস্থতাৰ হেতু পৰাগে বহুত সহায় কৰি দিছিল৷ উলহ–মালহৰ মাজতে বিশেষ কাম নোহোৱাকৈয়ে এটা নহয়, দুটাকৈ বছৰ বাগৰি গৈছিল৷ ইয়াৰ মাজতে শান্তম আৰু প্রীতমৰ দুখন নতুন বিলাসী গাডী হল৷ ঘৰৰ ব্যৱসায়ত নহলেও কৰবাত কিন্তু দুয়োটা বৰ ব্যস্ত আছিল৷ প্রীতমে সঘনাই পত্নীক লৈ দিল্লী, মুম্বাই, ডুবাইলৈ কিয় আহ–যাহ কৰিছিল বৰুৱা দম্পতীয়ে সোধা নাছিল৷ অনন্তৰ মতে নিজৰ পুত্র হলেও তেওঁলোকৰো একোখন সুকীয়া সংসাৰ এতিয়া৷ নিজে নকলে একো সুধিব নালাগে৷ বিজয়াই স্বাভাৱিক অন্তর্দৃষ্টিৰে পিছে দেখিছিল কৰবাত কিবা এটাৰ অভাৱ হৈছে৷ কৃত্রিম অপ্রয়োজনীয় অভাৱ৷ যিটো এই পৰিয়ালত নাছিল বাবেই সকলো সুখী আছিল৷ মুকলি মনৰ আছিল৷ বিজয়াই অনন্তক কব খুজিও কোৱা নাছিল, কিজানি তেওঁ শাহু–বোৱাৰীৰ চিৰন্তন ঈর্ষা বুলি দুখ পায়৷ কোনেও কাকো কব নোখোজা কথাবোৰ সেইদিনাহে স্পষ্ট হল যেতিয়া শান্তম–প্রীতম দুয়ো সপৰিয়ালে অসমৰ বাহিৰত থাকি অন্য ব্যৱসায় কৰাৰ কথা কলে৷ কি ব্যৱসায় বুলি সুধিব খুজি অনন্ত ৰৈ গল৷ নিজ পুত্রৰে মুখকেইখন বৰ অচিনাকি অচিনাকি লাগিল তেওঁৰ৷ হূদয়ৰ তলিলৈকে দেখা পোৱা সেই সৰল মুখৰ ঠাইত এয়া যেন কপটতাই ঢাকি ৰখা মুখ৷
প্রথমবাৰৰ বাবে তেওঁ এটা কথাই স্পষ্টকৈ বুজি পালে জন্ম হোৱা ঘৰখনৰ শিক্ষা আৰু আদর্শই সৰুৰে পৰা সন্তানৰ ওপৰত যিমানেই প্রভাৱ পেলাওক লাগে, বাহ্যিক আডম্বৰপূর্ণ ভোগবাদী সমাজখনৰ ধুমুহাৰ গতিয়ে তাক নিমিষতে ধূলিস্যাৎ কৰি দিব পাৰে৷ নিবিচৰাকৈয়ে কিছুমান খবৰ মানুহৰ কাণত পৰাৰ দৰে বৰুৱা দম্পতীৰ কাণতো পৰিল৷ উচ্চপদস্থ শহুৰেকৰ দুর্নীতিৰ টকাৰে শান্তমে ব্যৱসায়ত নামিছে৷ এনে এটা ব্যৱসায় যি ব্যৱসায় কৰি বহুত ধনী হলেও সমাজত উচ্চ শিৰে থিয় হব নোৱাৰে৷ তেনেকৈ প্রীতমেও শহুৰেকৰ চোৰাং ব্যৱসায়ত হাত উজান দিছে৷ পৃথিৱীখন তেনেই সৰু হৈ গলেও মনবোৰতো সৰু হব নালাগিছিল৷ বিজয়লক্ষ্মীয়ে ভাবিলে যদিও এটা শব্দও উচ্চাৰণ নকৰাকৈ মৰমী পঁজাৰ চতুর্থ আৰু তৃতীয় মহলাৰ মূল দুৱাৰ দুখন বন্ধ কৰি দিলে চাবিৰে৷ লগে লগে বন্ধ কৰি ললে পুত্রস্নেহত আৱেগিক হৈ পৰা হূদয়ৰ দুৱাৰ দুখনো৷
অন্য পিতৃ–মাতৃৰ দৰে বৰুৱা দম্পতীয়ে সন্তানক লৈ কেতিয়াও সপোন দেখা নাই৷ বাস্তৱত সন্তানে দিয়া খোজকেইটাহে তেওঁলোকে লক্ষ্য কৰে৷ নিৰীক্ষণ কৰে তেওঁলোকৰ অভিৰুচি, বুদ্ধিমত্তা আৰু পার্গতালি কত প্রকাশ পায়৷ সেইমতেই সন্তানৰ ৰুচি আৰু ইচ্ছা অনুসৰি আগবািি যাবলৈ সুযোগ–সুবিধা দিয়ে৷
সৰু থাকোঁতেই কেমেৰা এটা লাগে লাগে কৈ আমনি কৰি থকা ঐনিতমক দেউতাকে এটা কেমেৰা কিনি দিছিল৷ কেমেৰাটো অনবৰত বুকুত সাবটি লৈ থকা ঐনিতমে ডাঙৰ হৈ ফটো তুলিবলৈ শিকাৰ পাছত গছ, ফুল, চোতাল, ঘৰ, মাক–দেউতাক, ককায়েক–ভায়েক, গৰু, কুকুৰ আটাইৰে ফটো তুলি ফুৰিছিল৷ স্থিৰ ফটো তুলি অভ্যস্ত হোৱাৰ পৰৱর্তী সময়ত দামী কেমেৰা, তাৰ পিছত ভিডি কেমেৰাত দেউতাকৰ সহায় লৈ প্রেছৰ কর্মচাৰীয়ে কাম কৰা, মাকহঁতে কাম কৰা দৃশ্যবোৰ কেমেৰাত আবদ্ধ কৰি লৈ দেখুৱাইছিল সকলোকে৷ বেছ সুন্দৰ চিত্রপট বিচাৰিব জানে ঐনিতমে৷
সেই ঐনিতম এদিন গ্রাফিকছ ডিজাইনৰ কর্ছ কৰিবলৈ মুম্বাইলৈ গৈছিল৷ প্রায়ে খা–খবৰ পাই থকা মাক–দেউতাকে লাহে লাহে মন কৰিলে ঐনিতমৰ অহা–যোৱা, খা–খবৰ লোৱাৰ সময়বোৰ সেৰেঙা হৈ আহিছে৷ ব্যস্ততা যিমান বািিছে উপার্জনো সিমানেই বািি গৈছে৷ অত্যাধুনিক ভিডি কেমেৰা কেইবাটাও কিনাৰ উপৰি মুম্বাইৰ মাজমজিয়াতে ফ্লেট এটা কিনি লোৱা বুলি শুনি মাক–দেউতাকে যিমান আনন্দিত হব লাগিছিল, সিমান আচৰিতহে হল৷ চিন্তিতও হল৷ কৰ পৰা আহিল ইমান টকা৷ এই সহজ–সৰল প্রকৃতিক ভাল পোৱা লৰাটো প্রলোভনৰ ধুমুহাজাকত বিধবস্ত হৈ পৰিছে নেকি শুনিলে সেইটোৱেই হৈছে৷ পৰাগে কর্মচাৰী এজনৰ অসুখ দেখুৱাবলৈ মুম্বাইলৈ যাওঁতে দেখি–শুনি অহা কথাবোৰ কবও নোৱাৰে নকৈও নোৱাৰে৷ ঐনিতমৰ ফটো তোলাৰ চখ গৈ গৈ ব্লু–ফিল্মৰ ব্যৱসায় পালেগৈ৷ কোনোবা যুৱতীৰ লগত লিভ–টুগেদাৰ কৰে৷ ব্লু–ফিল্মৰ নাম নুশুনা বিজয়লক্ষ্মীয়ে লিভ টুগেদাৰ কি বস্তু বুজি নাপালে৷ অনন্ত বৰুৱাই শব্দটো শুনিছে অর্থহে নাজানে৷ জনাৰ প্রয়োজনো বোধ কৰা নাই৷ ঐনিতমক তেওঁলোকে ঘৰলৈ ঘূৰাই অনাৰ কথাই ভাবিলে৷ আহিলে সুধিব এই শব্দটোৰ লগত তাৰ নাম জডিত হল কেনেকৈ ফিল্মৰ বিষয়ে সিনো জানে কি পৰাগৰ পৰা এই ব্ল–ফিল্মৰ অর্থ জনাৰ পিছত ঐনিতমক ঘৰলৈ ঘূৰাই অনাৰ সময়েই নাপালে অনন্ত বৰুৱাই৷ এই অচিনাকি শব্দটোৱে তেওঁৰ বিবেকত ইমান জোৰে জোৰে খুন্দা মাৰিলে যে কোনো এটা দিনত মুহূর্ততে তেওঁ মাটিত ঢলি পৰিল৷ ঘটনাৰ আকস্মিকতাত ডাক্তৰ আহি মাথোঁ এটাই শব্দ কলে ব্রেইন হেমৰেইজ৷
সকলো শেষ হৈ যোৱাৰ পাছতো অনন্ত বৰুৱাই সততাৰে গিি থৈ যোৱা মৰমী পঁজাৰ বেলকনিত অকলশৰে থিয় হৈ আছে বিজয়লক্ষ্মী৷ এই মৰমী পঁজা সততাৰ আলোকেৰে আলোকিত কৰি ৰাখিব তেওঁ৷ কোনো সুৰুঙাৰে তেওঁ আন্ধাৰ সোমাবলৈ নিদিয়ে৷ আন্ধাৰ সোমাব খোজা দুখন দুৱাৰ তেওঁ ইতিমধ্যে বন্ধ কৰিয়েই দিছে৷ তৃতীয় মহলাৰ মূল দুৱাৰখনো এইবাৰ তেওঁ গাৰ জোৰেৰে বন্ধ কৰি চাবিটো পকাই দিলে৷ গধুৰ বুকুখন তেওঁ জোকাৰি পেলালে৷ বুকুত ইমান দিনে ভৰি থকা চেনেহ–আৱেগবোৰ সিঁচৰতি হৈ পৰি গল মৰমী পঁজাৰ প্রান্তে প্রান্তে৷ মনটো মুকলি কৰি বিজয়লক্ষ্মী নামি আহিল সৰু পুত্র নিতমৰ লগতে একেলগে চাহ একাপ খাব বুলি৷ তলৰ মহলাৰ শেষ চিৰিটোত ভৰি দি দেখিলে হাতত গীটাৰখন লৈ নিতম, ইতিমধ্যে ওলাই গৈ গাডীত উঠিছে৷ বাৰাণ্ডাখনতে বহি তেওঁ অস্ত যাব খোজা বেলিটোলৈ চাই ৰল৷ অস্ত যোৱাৰ সময়তো ইমান উজ্জ্বল সূর্যটো৷
কানিমুনি পৰত নিতম আহিছে নেকি চাবলৈ তেওঁ আকৌ বাৰাণ্ডালৈ ওলাই আহিল৷ সি যোৱা বহুত পলমেই হলচোন৷ বিজয়লক্ষ্মীয়ে দেখিলে নিতম নহয়, বস্তিৰ মুনিহ–তিৰোতা কেইজনমানহে গেটখন মেলি সোমাই আহিছে৷ বোধহয় কাম বিচাৰি আহিছে৷ তেওঁ বাৰাণ্ডাৰ পৰা নামি চিৰিত থিয় হল৷ মানুহখিনি তেওঁ থিয় হৈ থকা চিৰিটোৰ তলতে থিয় হল৷ কিয় আহিছে সোধাৰ আগতেই এগৰাকী তিৰোতাই কিশোৰী এজনীৰ হাতখনত ধৰি তেওঁৰ ফালে আগুৱাই দিলে৷ গিিত নাক–মুখৰ মিঠা বৰণৰ মৰম লগা ছোৱালীজনীৰ চুলিবোৰ আউলি–বাউলি৷ কান্দি কান্দি উখহি যোৱা চকুযোৰত পানীবোৰ এতিয়াও উপচি আছে৷ ছোৱালীজনীৰ বাহুত মৰমেৰে হাত থৈ কি হৈছে সুধিলে তেওঁ৷ কাষত ৰৈ থকা তিৰোতাগৰাকীয়ে কলে ঃ তাই কথা কব নোৱাৰে মাঈজী৷ কাণেৰেও নুশুনে৷ নাম তাইৰ চুমী৷ তিৰোতাগৰাকীৰ পৰাই বিজয়লক্ষ্মীয়ে জানিলে মাক–দেউতাক নোহোৱা ছোৱালীজনীয়ে জাৰণিত খৰি লুৰিবলৈ যাওঁতে ধর্ষণৰ বলি হব লগা হল৷ দৌৰি দৌৰি জাৰণিৰ মাজৰ পৰা কান্দি কান্দি ওলাই অহা ছোৱালীজনীৰ হাতৰ ইংগিতত তেওঁলোকে এখন ৰঙা গাডী সেই ঠাইৰ পৰা আঁতৰি যোৱাহে দেখিছিল৷ অভিযুক্ত কোন তেওঁলোকে নাজানে৷ এতিয়া উপায় বিচাৰিহে আহিছে তেওঁলোক৷
বিজয়লক্ষ্মীৰ ষষ্ঠ ইন্দ্রিয় সজাগ হল৷ ৰঙা গাডী নিতমৰ ৰঙা গাডীখন নহয়তো৷ সিতো হাতত গীটাৰ লৈ হাবিয়ে–বননিয়ে ঘূৰি ফুৰিবলৈ বৰ ভাল পায়৷ কিন্তু সংগীত ভাল পোৱা মনবোৰত ইমান জঘন্য চিন্তা আহিব পাৰে জানো মানুহখিনিক দুদিন পাছত আহিবলৈ কৈ তেওঁ চিন্তা কৰি জনাব বুলি কলে৷ বিজয়লক্ষ্মীয়ে ভিতৰলৈ গৈ অনন্ত বৰুৱাৰ ফটোখনৰ কাষত বহি ললে৷ তেওঁৰ লগতেইতো আলোচনা কৰিব লাগিব কথাবোৰ৷ যদি কৰবাত কেনেবাকৈ নঘটিবলগীয়া কিবা
ৰাতি ভাত খাই মাকক আজি মাত নলগোৱাকৈয়ে নিতম শুবলৈ যোৱা দেখি মাকে মানে বিজয়াই নিজেই তাৰ ওচৰলৈ উঠি গল৷ ঘটনাটোৰ কথাবোৰ এটা এটাকৈ কওঁতে মাকে নিতমৰ মুখখন নিৰীক্ষণ কৰি থাকিল৷ শুই থাকাগৈ৷ বস্তিৰ কথাবোৰক লৈ তুমি উদ্বিগ্ণ কিয় বুলি কৈয়েই নিতমে মাকৰ স্থিৰ দৃষ্টিত যেন ধৰা পৰি গল৷ নিতমে নিজৰ দোষ স্বীকাৰ কৰি কলে যে সি নিজেই গম নাপালে হঠাতে কি কৰি পেলালে৷ আৱেগৰ দুৱাৰ কেতিয়াবাই বন্ধ কৰি দিয়া মাকে বাস্তৱৰ সন্মুখত থিয় হৈ সুধিলে ছোৱালীজনীক বিয়া কৰাবলৈ ৰাজী নে নিতম৷ ইমানপৰে তলমূৰকৈ বহি থকা নিতম হঠাৎ থিয় হল৷ কোমল মুখখন তাৰ কঠিন হৈ পৰিল৷ কি ডাঙৰ ভুল কৰিলেনো সি কিয় কৰিব বিয়া সেই অশিক্ষিত কলা–বোবা বস্তিৰ ছোৱালীজনীক৷ এইবোৰ আউটডেটেড আদর্শক লৈ মূৰ নঘমায় সি৷ কাইলৈকে ঘূৰি যাব দিল্লীলৈ৷ বাহিৰৰ গোটেই আন্ধাৰবোৰ যেন সোমাই আহিল কোঠাটোলৈ৷
শেষৰ মহলাটোৰো মূল দুৱাৰখনত তলাটো লগাই দুদিন পাছত আহিবলৈ কোৱা বস্তিৰ মানুহখিনিৰ লগত বিজয়লক্ষ্মীয়ে কথা পাতিলে৷ উপায়ো দিলে৷ পিছৰ সপ্তাহত এই চোতালতে হব লগা অনুষ্ঠানলৈ নিমন্ত্রণো জনালে৷
এই অনুষ্ঠানটোৱেই কাইলৈ পুৱাৰ পৰা দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত হব এই প্রাংগণত৷ উপস্থিত থাকিব চহৰৰ গণ্যমান্য লোকসকল৷ মন্ত্রী–বিধায়কৰ উপৰি চৰকাৰী বিষয়াও৷ এই অনুষ্ঠানতে অনন্ত বৰুৱা–বিজয়লক্ষ্মী বৰুৱাৰ গোটেই জীৱনৰ কষ্টোপার্জিত বিশাল সা–সম্পত্তিসমূহ হস্তান্তৰ কৰা হব আইনগতভাৱে৷ প্রতিটো ঘৰৰ মহলাৰ প্রতিটো কোঠাত থাকিব অনাথ শিশুসকলৰ উপৰি সিহঁতক পৰিচালনা কৰা মানুহখিনি৷ বৰুৱা দম্পতীৰ একমাত্র সন্তান ৰূপে তেওঁলোকৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হব এগৰাকী অনাথ কন্যা৷
হাতত মাইক্রফোন আৰু কেমেৰা লৈ গিৰগিৰকৈ এজাক সাংবাদিক সোমাই আহিল লনখনলৈ৷ কাইলৈৰ অনুষ্ঠানটোৰ আগতীয়া সংবাদ পৰিৱেশনৰ বাবে৷ চৌহদটোৰ কেউফালে ক্লিক ক্লিক শব্দ আৰু বিজুলীৰ দৰে উজ্জ্বল পোহৰ৷ বিজয়লক্ষ্মী বৰুৱাৰ পৰা যথেষ্ট বা–বাতৰি সংগ্রহ কৰাৰ পাছত আটাইবোৰ গৈ অনন্ত বৰুৱাৰ ফটোত ফুলৰ মালা সজাই থকা ছোৱালীজনীক ঘেৰি ধৰি ওপৰা–উপৰিকৈ প্রশ্ণ কৰিলে৷ তোমাৰ নামটো আগতে কত আছিলা, কেনে লাগিছে কাইলৈ আহিব লগা দিনটোৰ বাবে হঠাৎ ইমান বিশাল সম্পত্তিৰ মালিক হৈ যাব আপুনি, কেনে লাগিছে কি কব অনুষ্ঠানটো আৰু বৰুৱা দম্পতীৰ বিষয়ে কেমেৰা আৰু ফ্লাছ লাইটৰ সন্মুখত ইমানবোৰ মানুহে ঘেৰি ধৰা দেখি বিমূূ হৈ পৰা ছোৱালীজনীৰ ওচৰলৈ আগবািি গৈ এহাতেৰে সাবটি তাইক গাৰ কাষলৈ আনিলে বিজয়লক্ষ্মীয়ে৷ তাইক কেমেৰাৰ সন্মুখত সাবটি ধৰি থাকিয়ে তেওঁ লাহে লাহে স্পষ্ট মাতেৰে এটা এটাকৈ কলে ঃ নাম তাইৰ মৌচুমী৷ মৌচুমীয়ে কথা কব নোৱাৰে৷ তাই কাণেৰেও নুশুনে৷
জীৱন মাধুৰী নেওগ বৰা

You might also like

Leave A Reply

Your email address will not be published.