ফেচবুকত তোমাৰ একাউণ্ঢ

পম্পী ভূঞা বৰুৱা

নীহাৰিকা চৌধুৰী ৷ স্ক্রীনখনত জিলিকি উঠা ফটোখন ৷ হয়, তায়েহ ৷ বিভ্রান্ত মানুহৰ দৰে মোৰ চকুযোৰ থৰ হৈ গল ৷ এই মানুহজনী হ’ব পাৰে জানো নীহাৰিকা ৷ আহঃ ৷ ক্লান্ত চকুযোৰ বিৱর্ণ ৷ হব নোৱাৰে ৷ মোৰ তীক্ষ্ণ দৃষ্টি তাইৰ একাউণ্ঢৰ আন ফটোবোৰৰ ওপৰেৰে বাগৰি গল ৷ হয় হয় ৷ তায়েই হয় ৷ অস্থিৰ নহবলৈ চেষ্টা কৰিছোঁ মই ৷ বাৰে বাৰে চিগাৰেট খাহছোঁ ৷ ধোঁৱাবোৰ শূন্যলৈ এৰিছোঁ ৷ এবাৰ নাকেৰে, এবাৰ দুই ওঁঠৰ ফাঁকেৰে ৷

নীহাৰিকা ৷ প্রায় ত্রিশ বছৰ ৷ কোনোদিন ফেচবুকত ছার্চ কৰি নীহাক চোৱাৰ কথা মনলৈ অহা নাছিল ৷ সময় তিনি বাজিছে ৷ সমুখৰ হোষ্টেলটোলৈ নতুনকৈ কেইজনীমান ছোৱালী আহিছে ৷ মাজুলীৰ ৷ আগৰকেহজনীক চিনি পাওঁ যদিও বৰকৈ হলি–গলি নাই ৷ অফিচত কাম নাথাকিলে মোৰ ঘৰতে থকাৰ অভ্যাস ৷ অনুপল গোস্বামী মোৰ নাম ৷ দেউতা ঘৰত নাথাকিলে কথাটো অলপ বেলেগ হয় ৷ উচ্চবর্ণৰ লৰা হৈ অন্য ধর্মৰ ছোৱালী বিয়া কৰোৱাৰ বাবে মই এতিয়া ডিব্রুগডৰ চৌকিডিঙীৰ বাসিন্দা ৷ এহাল যমজ সন্তানৰ সৈতে বাহ্যিক দৃষ্টিত মোৰ এখন সুখৰ সংসাৰ ৷ শ্রীমতী এখন মিউজিক স্কুলৰ শিক্ষয়িত্রী ৷ মাল্টিনেচনেল কোম্পানীটোৰ মই এজন পুৰণি বিষয়া ৷ মোটা অংকৰ দৰমহা ৷ বিন্দাছ৷ আৰু এটা চিগাৰেট খোৱাৰ তীব্র হেঁপাহ জাগিল মোৰ ৷ চিগাৰেটটোত পুনৰ অগ্নি সংযোগ কৰিছোঁ ৷ ফেচবুকত নীহাৰ একাউণ্ঢটো দেখি ৷ ধুমুহাৰ সৃষ্টি হৈছে মোৰ বুকুত ৷ পাতল আকাশী ৰঙৰ চুৰিডাৰযোৰ, বাদামী ৰঙৰ ষ্ট্রেইট চুলিখিনি ৷ বৈ পৰা চেলাউৰি, ডাঠ নোমৰ ডাঙৰ ডাঙৰ নীলা চকু দুটাৰ সৈতে নীহাৰ মৰম লগা মাগুৰ বৰণীয়া মুখখন ৷ বয়সৰ আঁচোৰ ৷ ক্লান্ত কিয় তাহৰ চকুহাল ৷ উহঃ চব খেলিমেলি হৈ গল ৷ ছচিয়েল মিডিয়াত আজি মোৰ এণ্ড্রি ৷ বৰ স্পর্শকাতৰ ৷ অতদিনে কলিজাত শুই থকা ঘাডোখৰৰ ওপৰেদি বৈ আহিছে এসোঁতা ৰক্তধাৰ ৷ নীহাৰিকা চৌধুৰী৷ সৰু মাতটোৰে তাইক প্রথম দেখাতেই মোৰ ভাল লাগিছিল ৷ বাদামী ৰঙৰ ষ্ট্রেইট চুলিখিনিৰ পৰা টোপ টোপকৈ নিয়ৰ সৰিছে ৷ পদূলিমুখৰ সৰু গেটখনেৰে দেউতা ওলাহ গৈ সিহঁতৰ লগত চিনাকি পর্ব ৷ ড্রয়িং ৰুমৰ খিৰিকীৰ পর্দাখন সামান্য ফাঁক কৰি মৰম লগা ছোৱালীজনীৰ ওপৰত দৃষ্টি স্থিৰ হল মোৰ ৷ নাই এনেকৈ নহব ৷ এই ছোৱালীবিলাকৰ সৈতে বন্ধুত্ব আগবঢ়োৱাত সহায় হব মোৰ দেউতা ৷ লাহে লাহে নীহাৰিকাৰ লগতে হোষ্টেলৰ পৰী, জীমণি, অমৃতাহঁতৰ লগতো আমাৰ ঘৰখনৰ পৰিচয় ঘটিল ৷ নীহাৰিকাৰ প্রতি মোৰ আগ্রহ দেখি দেউতাই এদিন তাইৰ পৰিচয় দিলে ৷ তাইৰ ঘৰ মাজুলীত ৷ হউনিভার্ছিটীত তাহ এটা মার্কেটিং মেনেজমেণ্টৰ কোর্চ কৰি আছে ৷ আৰু কিবা দেউতাই প্রশ্নবোধক দৃষ্টিৰে মোৰ চকুলৈ চালে ৷ এনেকৈয়ে নীহাৰিকা আৰু মোৰ বন্ধুত্বৰ এদিন প্রেমলৈ উত্তৰণ ঘটিছিল ৷

আমি খুব কমেহে লগ পাহছিলোঁ ৷ চকুৰ ভাষাতেই বহু সময় আমাৰ কথা হয় ৷ মালিকৰ ঘৰৰ দ্বিতীয় মহলাত ছোৱালীবোৰ থাকিছিল ৷ আমাৰ ঘৰৰ পৰা ওপৰলৈ চালেই সিহঁতৰ ৰুমবোৰ দেখা পায় ৷ ৰাস্তাৰ ফাললৈ থকা নীহাহঁতৰ ৰুমটো আমাৰ ঘৰৰ ড্রয়িং ৰুমৰ খিৰিকীখন খুলিলেই দেখা পাওঁস ৷ নীহাহঁত এই হোষ্টেললৈ অহাৰ পিছত ড্রয়িং ৰুমৰ খিৰিকী খোলাটো মোৰ একপ্রকাৰ অভ্যাসত পৰিণত হৈছে ৷ প্রতিমুহূর্ততে মই তাইৰ উপস্থিতি অনুভৱ কৰোঁ ৷ দীঘল কৰিডৰত ছোৱালীবিলাকৰ খোজৰ শব্দত মই গম পাওঁ, সিহঁতে এতিয়া কি কৰিব ৷ গার্লছ হোষ্টেলটোৰ মালিকৰ লৰা ডেনিছ মোৰ বন্ধু হোৱাৰ বাবে সিহঁতৰ ঘৰলৈ প্রায়েই মোৰ আহযাহ ৷ মোৰ লগৰ প্রাঞ্জলৰ সৈতে জীমণিৰ এটা ভাল বন্ধুত্ব আছে ৷ এই দুটা মোৰ প্লাছ পইণ্ট ৷ বজাৰৰ পৰা কিবা বস্তু অনা, কেতিয়াবা চিনেমাৰ টিকট কৰা আৰু অন্যান্য সৰু সুৰা কাম কিছুমানত মহ সিহঁতক সহায় কৰোঁ ৷ নীহাৰ বাহিৰে আনবোৰ ছোৱালীৰ লগত মোৰ অবাধ মিলামিছা ৷ কিন্তু তাইৰ সৈতে থকা ভালপোৱাৰ সম্পর্কটো আনে জানিব নালাগিব বুলি মোক চুক্তি কৰাই লৈছে ৷ তাইৰ লগত সেয়ে মই এটা ডিষ্টেঞ্চ মেইণ্টেইন কৰোঁ ৷

কেতিয়াবা খং উঠে মোৰ ৷ ইমান আউটডেটেট এইজনী ৷ দেউতাই কিবা এটা গম পায় ৷ সিহঁতক মাজে মাজে আমাৰ ঘৰত চাহ খাবলৈ মাতে ৷ কিছুমান নাভার্চনেছৰ মুহূর্তত তাইক মোৰ খুব ভাল লাগে ৷ যেতিয়া তাই মোৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতে ৷ চিগাৰেটটোৰ শেষ অংশ ৷ মবাইল স্ক্রীনখনো অন্ধকাৰ ৷ এই সময়খিনি একান্ত মোৰ ব্যক্তিগত ৷ পত্নী, সন্তানদ্বয় নিজ নিজ কামত ব্যস্ত ৷  খটখটিৰে মই ওপৰৰ ছাদলৈ উঠি গলোঁ ৷ সেমেকা বতাহ এজাক মোৰ গাত লাগিলহি ৷ চৌকিডিঙীৰ খেলপথাৰখন এইকেহদিন নিজম পৰি আছে ৷ কোনো অনুষ্ঠানৰ হুলস্থুল নাই ৷ ভাল লাগিল পৰিৱেশটো ৷ এই সময়খিনি মই কাৰো সৈতে চেয়াৰ কৰিব নোৱাৰোঁ ৷ ছাদত থকা আৰামী বেঞ্চখনতে গাটো এৰি দিছোঁ ৷ পকেটৰ পৰা পুনৰ এটা চিগাৰেট উলিয়াই অগ্নিসংযোগ কৰিছোঁ ৷ নীহাৰিকাৰ ফেচবুক একাউণ্ঢটোত তাইৰ ফটোবোৰ দেখাৰ পিছত এইটো মোৰ পঞ্চম চিগাৰেট  ৷ আন দিনা দুদিনৰ মূৰত দুই–এটা চিগাৰেট নোখোৱা নহয় ৷ ছাদত থকা ৰিকু–বিকুৰ ঝুলনাখন বতাহ লাগি ডুলি আছে ৷

সেহদিনা এটা প্লেন কৰিলোঁ ৷ দেওবাৰ ৷ মোৰ অফিচ বন্ধ ৷ দেওবাৰে ছোৱালীবোৰ দেৰিলৈকে শুৱে৷ ড্রয়িং ৰুমৰ খিৰিকী খোলা কামটো সেহদিনা মা নাইবা দেউতাই কৰে ৷ মোৰ দেউতা বৰ জমনি ৷ বন্ধুৰ  দৰে সন্তানৰ সৈতে সহযোগিতা৷ মা অৱশ্যে অলপ কাঢ়া  ৷ প্রতিমুহূর্ততে মায়ে মোক সকীয়ায় ৷ এই ছোৱালীবিলাকৰ লগত সীমাবদ্ধতা বজাই ৰাখিবি ৷ দেউতাই মাৰ খং উঠাবলৈকে, মাজুলীয়াল এজনীকে বোৱাৰী কৰিব লাগিব বুলি কয় ৷ খঙেৰে দেউতালৈ চাহ মা দুপদুপাহ ভিতৰত সোমায় ৷ নীহাহঁতৰ লগৰ পাঁচজনী মাজুলীৰ ৷ দেউতাই কাৰ কথা কয় বুজিবলৈ অসুবিধা ৷ সেহদিনা সিহঁতে মোক দহটা চিনেমাৰ টিকট কাটিবলৈ দিছিল ৷ মই প্রাঞ্জলক বাৰটা চিনেমাৰ টিকট কাটিবলৈ দিলোঁ ৷ জীমণিক সি আমিও সিহঁতৰ সৈতে চিনেমা চোৱাৰ কথাটো জনাইছে ৷  ডিব্রুগড় টাউনৰ মাজমজিয়াত থকা বিখ্যাত চিনেমা হলটোত এখন সুন্দৰ হিন্দী চলচিচত্র চলি আছিল ৷ না তুম জানো না হম ৷ বলীউডৰ তাৰকা ঈশা দেউল, ছঈফ আলী খান আৰু ঋত্বিক ৰোছনৰ বলিষ্ঠ অভিনয়েৰে চিনেমাখন যথেষ্ট জনপ্রিয়৷ ইউনিভার্ছিটীৰ পৰা নীহাসহ দহজনী চিনেমা হলত বাৰমান বজাত পালেহি ৷ টিকট সংগ্রহ কৰি প্রাঞ্জল আৰু মই সিহঁতৰ বাবে ৰৈ আছোঁ ৷ কথা পতাত মছগুল এই ছোৱালীবোৰ ৷ এসময়ত হলৰ দুৱাৰ মুকলি হল ৷ জীমণিৰ সহায়ত মই নীহাৰ কাষতে বহিলোঁ ৷ প্রথমবাৰৰ বাবে মোৰ ইমান ওচৰত নীহা ৷ মোৰ মুখত বিন্দু বিন্দু ঘামৰ ছিটিকনি ৷ এই মাত্র যেন মোৰ উশাহ বন্ধ হৈ যাব ৷ নীহাৰ অৱস্থা তথৈবচ৷ তাহ যেন শিলামূর্তি ৷ না তুম জানো না হমৰ কাহিনী আগবাঢ়িছে ৷ হলটো নিস্তব্ধ ৷ ৰোমাণ্টিক মুহূর্তবোৰত মহ তাইলৈ চুৰকৈ চাওঁ ৷ তাই নির্বাক, নিষ্চুপ ৷ এনেকুৱা আৱেগ–নুভূতিহীন মানুহৰ সৈতে প্রেম খঙতে কৈ পেলালোঁ ৷ তোমাৰ অলপো ৱাম নাই ৷ তোমাৰ গাত সাপৰ তেজ আছে ৷  চিনেমা হলটো পোহৰ হৈ পৰিল ৷ আনন্দৰ পৰিৱর্তে মোৰ মুখত বিৰক্তিৰ চাপ ৷ নীহা আহত হল ৷ মোৰ গাত ভয়ে ভয়ে চুই কলে, বলা অনুপ সিহঁত কৰবাত পালেগৈ ৷ তিতা, মিঠা এনেকুৱা বহু অভিজ্ঞতাৰে আমাৰ প্রেম চলি থাকিল৷ নিৰৱচ্ছিন্নতাৰে ৷

এদিন নীহাৰিকাহঁত হোষ্টেলত নাই ৷ গধূলিৰ পৰা মই লক্ষ্য কৰিছোঁ ৷  ৰুমটো অন্ধকাৰ ৷ ঝুনঝুন নীহাৰ খাৰুৰ শব্দই মোক জাগ্রত কৰা নাই ৷ অফিচৰ পৰা ঘূৰি আহি অকণমান জিৰোৱাটোত মায়ে গুৰুত্ব দিয়ে ৷  গধূলি আমাৰ ঘৰৰ সকলো সদস্য চোতালত আড্ডা ৷ নীহাহঁতৰ মালিকনী বৰমাও আহে মাজে মাজে ৷ সেইদিনাও বৰমা আহিছিল ৷ মই হোষ্টেলৰ ওপৰলৈ বাৰে বাৰে চাহ থকাটো দেউতাহ লক্ষ্য কৰিছিল ৷ বৰমাক দেউতাই হঠাৎ সুধিলে ৷ আজি মাজুলীয়াল পার্টী নাই নেকি সিহঁত নামৰূপৰ অমৃতাহঁতৰ ঘৰলৈ গৈছে ৷ বৰমাৰ উত্তৰত মোৰ কপালখন কোঁচ খাই আহিল ৷ মোক এবাৰো নোকোৱাকৈ নীহা ৷ অস্থিৰতা এটাই মোক খেদি আহিল ৷ আমাৰ লেণ্ডফোনটোত তাই অৱশ্যে ফোন নকৰে ৷ ভয় কৰে ৷ জানোচা মায়ে ৰিচিভ কৰে ৷ প্রাঞ্জলক ফোন কৰিলোঁ ৷ হটোৰ পাছত সিটো চিগাৰেট খাইছোঁ ৷ নীহাৰ কথা কৈ প্রাঞ্জলক ব্যতিব্যস্ত কৰিছোঁ ৷ কি অদ্ভুত ছোৱালী নীহা ৷ মোক কোৱাৰ প্রয়োজনবোধো নকৰিলে ৷ প্রাঞ্জলে মোক বুজাইছিল ৷ নীহা বৰ ভয়াতুৰ, সৰলমতীয়া ৷ মাজুলীৰ ভিতৰুৱা গাঁৱৰ ছোৱালী ৷ তোক কেনেকৈ কব ৷ অফিচলৈতো যাব নোৱাৰে ৷ প্রাঞ্জলৰ বুজনিত মোৰ খং পানীলৈ পৰিণত হল ৷ নীহালৈ সহানুভূতি জন্মিল ৷

নীহাৰিকাক আকৌ এবাৰ লগ পাবলৈ তীব্র হেঁপাহ জাগিল ৷ ডিব্রুগড় মেডিকেলৰ ওচৰত থকা ৰাধা–কৃষ মন্দিৰ ৷ প্রাঞ্জলে জীমণিৰ সৈতে পাতি প্রগ্রেমটো ঠিক কৰিলে ৷ ৰাধা–কৃষ মন্দিৰ ৷ সেই সময়ত মন্দিৰৰ আশে–পাশে দোকান আৰু দোকান ৷ কিবা এটা পূজা চলি আছে ৷  আকাশী ৰঙৰ দোপাট্টাখনৰ সৈতে মেলা চুলি ৷ নীহাক আজি আৰু ধুনীয়া দেখাইছে ৷ মই অৱশ্যে দেখনিয়াৰ নহয় ৷ নীহাৰ মতে মোৰ কলা মসৃণ মুখখনত থকা শিশুসুলভ আচৰণটোৰ বাবে মোক তাইৰ ভাল লাগে ৷ জীমণি, অমৃতা, প্রাঞ্জল আৰু মই মন্দিৰৰ প্রাংগণত থকা সৰু সৰু আসনবোৰত বহিলোঁ ৷ প্রাঞ্জল বৰ চালাক লৰা ৷ সি আমাক অকলে লগ কৰাৰ সুযোগ দি অমৃতা আৰু জীমণিৰ সৈতে বজাৰৰ ফালে আঁতৰি গল ৷ না তুম জানো না হম চিনেমাখন চোৱাৰ পিছত নীহাক মই দ্বিতীয়বাৰৰ বাবে লগ পাহছোঁ ৷ কিবা এটা কোৱা নীহা ?  ইচ্ মানুহবোৰে আমালৈ চাই আছে নেকি বাৰু খংটো মোৰ টিঙিচকৈ উঠিল ৷ আমাক চাই থাকিবলৈ সিহঁতৰ আৰু কাম নাই নেকি বলা যাওঁ ৷ মোৰ খংটোৰ সৈতে তাহ লাহে লাহে পৰিচয় হৈছে৷ তাই অসহায় আচৰণে মোক মর্মাহত কৰি তোলে ৷ নিমিষতে পানী হৈ যায় মোৰ খং৷ বহা অনুপ৷ নীহাই মোক অনুপলৰ পৰিৱর্তে অনুপ বুলিহে মাতে ৷ প্রথমবাৰৰ বাবে তাই মোৰ হাতখন তাইৰ হাতৰ মাজত ললে ৷ তোমাৰ আঙুলিবোৰ একেবাৰে ছোৱালীৰ দৰে ৷ খংমিশ্রিত তোমাৰ চকুত এসাগৰ মৰম ৷ তোমাৰ ওঁঠখন ইমান কলা ৷ কিয় অনুপ নীহাৰ স্বতঃস্ফূর্ত কথাবোৰে মোক অনুপ্রাণিত কৰিছে ৷ কাতৰ হৈ পৰিছে মোৰ উশাহ ৷ কিবা এক প্রয়োজনত মই তাইৰ হাতখন নিজৰ হাতলৈ লৈছোঁ ৷ তুমি চিগাৰেট খোৱা চিগাৰেট খালে বোলে কলিজাত ডাঙৰ বেমাৰ হয় ৷ এইটো অভ্যাসত পৰিণত নকৰিবা অনুপ ৷ এটা সময়ত আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ ৷ বাটৰ কাষে কাষে পূজা উপলক্ষে বহা দোকানসমূহত যথেষ্ট ভিৰ ৷ টাটু কৰা দোকানখনৰ সমুখত প্রাঞ্জলহঁত ৰৈ আছে ৷ অনুপ ময়ো টাটু লগাম ৷ দোকানীজনৰ পৰা ফুলখচিত টাটুৰ ষ্টামটো লৈ নীহাৰ দুহাতত বহুৱাই দিলোঁ ৷ তাইৰ কোমল হাতখন দুপাহ ফুললৈ পৰিণত হল ৷

সময়বোৰ গৈ থাকিল ৷ মার্চৰ শেষলৈ মই বৰ ব্যস্ত ৷ নীহাহঁতৰো পৰীক্ষা সমাগত ৷PGDMM ৰ সকলো পেপাৰ কমপ্লিট কৰোঁতে যথেষ্ট সময়ৰ প্রয়োজন ৷ নীহাক আমনি কৰাটো উচিত নহব ৷ কেনেকৈ যে বছৰবোৰ পাৰ হল ৷ পৰীক্ষা দি সিহঁত যাবগৈ ৷ মই কেনেকৈ নীহাবিহীন ডিব্রুগড়ত কটাম ৷ ৰাতি এঘাৰটা ৷ মোৰ অলপো টোপনি ধৰা নাই ৷ বাহিৰত পূর্ণিমাৰ জোনাক ৷ হোষ্টেলৰ পৰা নীহাৰ খাৰুৰ ঝুনঝুন শব্দই মোৰ কাণ স্পর্শ কৰিছে ৷ বোধহয় তাই পঢ়ি থাকোঁতে ভৰিত মহে কামুৰিছে ৷ মই খেদোৱা কছোৱা এডালো লাহ লোৱা নাই চাগে ৷ গাঁৱলীয়া ভুতুনী কৰবাৰ, এবাৰ দেখা হলে ৷ অনুপল ৷ দেউতাৰ মাতত উচাপ খাই উঠিলোঁ ৷ তোৰ টোপনি ধৰা নাই ৷

মবাইলত ইতিমধ্যে কেইবাটাও মেছেজ সোমাইছে ৷ চোৱাৰ ইচ্ছা নাই ৷ বতৰটো গোমা ৷ ক্ষন্তেক পিছতে বৰষুণ আহিব ৷ আহক ৷  গোটেই মানুহটোৱেহ আজি মই তিতি আছোঁ ৷ নীহাৰ স্মৃতিত ৷ প্রকৃতিৰ বৰষুণে আজি আৰু তিয়াব নোৱাৰে মোক ৷ পেকেটৰ অন্তিম চিগাৰেটটোত অগ্ণিসংযোগ কৰিছোঁ ৷ এদিন দুদিনকৈ নীহাহঁতৰ পৰীক্ষা শেষ হল ৷ কেইদিনমানৰ পিছত এই হোষ্টেলটো শূন্য হৈ পৰিব ৷ নতুন নতুন ছোৱালীৰে আকৌ হোষ্টেল পূৰ হব ৷ কিন্তু নীহাক নেদেখাকৈ থকাটো মোৰ পক্ষে অসম্ভৱ হৈ পৰিছে ৷  বাস্তৱক অস্বীকাৰ কৰিব নোৱাৰি ৷ ডিব্রুগডত শেষবাৰৰ বাবে প্রাঞ্জলে এটা নতুন প্রগ্রেম বনালে ৷ টিলিঙা মন্দিৰ ৷ এইবাৰ জীমণি, নীহা, প্রাঞ্জল আৰু মই ৷ জীমণি নগলে নীহা লৰচৰ নকৰে ৷ মোৰ লগত নাইবা অন্য কোনোবা বন্ধুত্বৰ লগত ৷ বৰ আঁকোৰগোজ ছোৱালী ৷ কেনেকৈ যে তাইৰ হূদয়ত আবদ্ধ হলোঁ ৷ টিলিঙা মন্দিৰলৈ যোৱাৰ দিনা পুৱাই দেউতাক কথাটো জনালোঁ ৷ আপত্তি নকৰিলে ৷ নীহা আৰু জীমণি আগতীয়াকৈ ওলাই গল ৷  দুলীয়াজান অভিমুখে প্রাঞ্জলৰ মাৰুতি–৮০০ খন্ তীব্র বেগেৰে আগবাঢ়িল ৷ জীমণি প্রাঞ্জলৰ সৈতে আগৰ ছিটত বহিছে ৷ নীহা আৰু মই পিছৰ ছিটত ৷ নীহাৰ তিতি থকা চুলিখিনি এবাৰ চুই চাবলৈ মন গৈছে ৷ কপৌফুলৰ দৰে এটা সুগন্ধি তাইৰ চুলিৰ পৰা নির্গত হৈছে ৷ নীহাই মৌনতাৰে বহু কথা কয় ৷ তাইৰ চকুযোৰ ইমান নীলা, বেছি সময় চাই থাকিব নোৱাৰি ৷ টিলিঙা মন্দিৰলৈ সোমাই গলোঁ ৷ নীহাই ইটো সিটো সুধিছিল ৷ টিলিঙা দো খাই থকা গছজোপাৰ কষ্ট দেখি নীহাই হাহাকাৰ কৰিছিল ৷ এইটো অন্যায় হোৱা নাইনে অনুপ ৷ গছজোপাত ইমানকৈ টিলিঙা পিন্ধালে এসময়ত গছজোপা মৰি যাব ৷ তেতিয়া কি হব অনুপ ৷ হব দিয়া এইবোৰ চিন্তা কৰিবলৈ চৰকাৰৰ বহুত মানুহ আছে ৷ ৰঙা ৰছীৰ নুৰা এটা লৈ গছজোপাত নীহা আৰু মই মেৰ দিলোঁ ৷ দুর্ভাগ্য, ৰছীডাল তিনি পাক নহল ৷ আশাহত হৈছোঁ ৷ এসময়ত আমি ডিব্রুগড়লৈ উভতি আহিলোঁ ৷

কাইলৈ নীহাহঁত ঘৰলৈ যাব ৷ একেবাৰে ৷ দেউতাই সিহঁতক আমাৰ ঘৰত এসাঁজ খাবলৈ মাতিছে ৷ নীহাক দেউতাই বৰ মৰম কৰে ৷ মায়ো অৱশ্যে তাইক বেয়া নাপায় ৷ ৰাতি আঠ মান বজাত সিহঁত আমাৰ ঘৰলৈ আহিল ৷ দেউতা আৰু দাদা সিহঁতৰ লগত আড্ডা ৷ মই মা আৰু বাক পাকঘৰত সহায় কৰিছোঁ ৷ জীমণিয়েও ইটো সিটো কৰিছে ৷ নীহা ৷ মই একেকোবে ড্রয়িং ৰুম পালোঁহি ৷ এসোপামান বিষাদৰ মাজত তাইৰ হাঁহিবোৰ শুকান শুকান লাগিছে ৷ সময় ৰাতিপুৱা ৷ সিহঁত একেবাৰে হোষ্টেল এৰি যাবগৈ ৷ প্রাঞ্জল আহিছে আমাৰ ঘৰলৈ ৷ এখন বিক্রম অটোৰিক্সা আহি হোষ্টেলৰ সমুখত ৰলহি ৷ বয়–বস্তুবোৰ নীহাহঁতে ওপৰৰ পৰা তললৈ নমাইছে ৷ ডেনিছ নথকাৰ বাবে মই আৰু প্রাঞ্জলে সিহঁতক সহায় কৰি দিছোঁ ৷ নীহাৰ নীলা চকুযোৰ সাংঘাতিক ধৰণে ৰঙা পৰিছে ৷ বৰমাৰ পৰা বিদায় লৈ সিহঁত মা–দেউতাৰ ওচৰলৈ আহিল ৷ শোকাকুল পৰিৱেশ ৷ মই ৰৈ থাকিব পৰা নাই ৷ মা–দেউতাৰ চকুত পানী ৷ দেউতাৰ নির্দেশত নীহাহঁতক ফেৰীঘাটত আগবঢ়াই থবলৈ আহিলোঁ ৷ মানুহ কেৱল মানুহ ৷ ফেৰীখন ৰৈ আছে ৷ ফেৰীত উঠি নীহাই উচুপিছে৷ তাইৰ হাতখন মোৰ হাতত ৰাখি হুকহুককৈ কান্দিছে ৷ মানুহবোৰে চাই থকালৈ আজি নীহাই লক্ষ্য কৰা নাই ৷  উচুপি উচুপি মৌন হৈ পৰা নীহাৰ ৰঙাপৰা মুখখন দেখি হঠাৎ মোৰ মনত পৰিল, মায়ে ড্রয়িং ৰুমত হাতেৰে চিলাই কৰি বন্ধাই থোৱা আখৰকেইশাৰী ৷

কোন কাৰ জগতৰ কোন কাৰ মৰমৰ

চকুৰ চিনাকি মাথোঁ দুদিনৰ ৷

সসীমৰ ৰূপতৃষা অসীমত বুৰ গলে

খহি যাব জৰী মৰমৰ ৷

ফেৰীখন লাহে লাহে চলিব ধৰিছে ৷ নীহাৰ হাতখন মোৰ হাতৰ পৰা কেতিয়াবাই এৰা খাই গল ৷ বিশাল নদীখনৰ পানীবোৰ ফালি ফেৰীখন ৰাওনা হল সত্রনগৰী মাজুলীলৈ ৷  মোৰ চকুৰ পৰা ধল নামিছে ধাৰাসাৰে ৷ লুনীয়া ঢৌবোৰে মোৰ দুই গাল, দুই ওঁঠ বুৰাই পেলাইছে ৷ বহুত দিনৰ আগতে নীহাৰিকা চৌধুৰী নামৰ এটা ফ্রেণ্ড ৰিকুৱেষ্ট আহিছিল ৷ ব্যস্ততাৰ বাবে একচেপ্ঢ নকৰাকৈ থাকি গল ৷ মার্চ এণ্ডিং ৷ অফিচত কামৰ হেঁচা ৷ মবাইলত হিচাপ–নিকাচ৷ বিকুৱে আজি আবেলি কেহবাটাও ফ্রেণ্ড ৰিকুৱেষ্ট একচেপ্ঢ কৰিছিল ৷ নীহাৰিকাৰটোও আছিল চাগৈ ৷ সেয়ে ধাৰাবাহিকভাৱে তাইৰ পোষ্টবোৰ একাউণ্ঢত সোমাই আছে ৷ ডিব্রুগড় এৰাৰ পিছত নীহাক মই দুবাৰ লগ পাইছোঁ ৷ মনৰ তাগিদাত ৰব নোৱাৰি ঘৰৰ অজ্ঞাতে প্রাঞ্জলৰ সৈতে মাজুলীলৈ ঢাপলি মেলিছিলোঁ ৷ ফেৰীঘাটৰ পৰা মটৰচাইকেলেৰে ধূলিময় বাটেৰে গৈ নীহাহঁতৰ গাঁৱত উপস্থিত হৈছিলোঁ ৷ নীহাহঁতৰ ঘৰ পাই তাইৰ অসহায় আৰু ভয়ার্ত আচৰণ দেখি অৱশ আৰু ক্লান্ত হৈ পৰিছিলোঁ ৷ সেইদিনাই আবেলি আমি ডিব্রুগডলৈ উভতি আহিলোঁ ৷ দ্বিতীয়বাৰ পোন্ধৰ মিনিটমানৰ বাবে তাইক লগ পাহছিলোঁ চৌকিডিঙীৰ বাছ ষ্টপেজত৷ একেই আছে তাই ৷ না ভয় কমিছে, না ভালপোৱা৷ চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয় ৷ কথাটো মিছা নহয় ৷ নীহা একেবাৰে খবৰহীন হৈ পৰিল ৷ এনেকৈয়ে এদিন নীহাৰ প্রেমৰ ভেটিত ঘৰ সাজিলে গার্গীয়ে ৷ অজানিতে ময়ো দ্বিতীয়বাৰৰ বাবে গার্গীৰ প্রেমত পৰিলোঁ ৷ আৰু এদিন ঘৰৰ অমতত অন্য ধর্মৰ ছোৱালী গার্গীৰ সৈতে সাংসাৰিক জীৱনৰ পাতনি মেলিলোঁ ৷  ঘৰলৈ গলে দেউতাই কয়, নীহাৰিকাক এবাৰো তই খবৰ নকৰিলি ৷ মই বুজি পাওঁ দেউতাক ৷ দেউতায়ো নীহা আমাৰ ঘৰৰ বোৱাৰী হোৱাটো মনেপ্রাণে বিচাৰিছিল ৷ কিন্তু সময় দুঃসময় ৷

আকৌ এবাৰ নীহাক চোৱাৰ তীব্র হেঁপাহ জাগিল মোৰ৷ ফোনটোৰ লক খুলিছে ৷ এঘাৰটা মেছেজ হোৱাটছএপত৷ তাৰ ছটাই প্রাঞ্জলৰ ৷ ফোনো কৰিছিল সি ৷ খুব জৰুৰী নহলে প্রাঞ্জলে মোক ফোন নকৰে ৷ মই নীহাৰ স্মৃতিত বিলীন হৈ থাকোঁতে কাৰো ফোনৰ ৰিংটনে মোৰ কর্ণকুইৰত স্পর্শ কৰা নাছিল ৷ প্রাঞ্জলৰ মেছেজবোৰ খোল খাহছে ৷ এয়া কি নীহাৰিকাৰ ফটো নিউজ চেনেলৰ বাতৰিৰ শিৰোনামত৷ সুখৰ হাঁহি এটা মোৰ দুহ ওঁঠৰ ফাঁকেৰে বিয়পি পৰিল ৷ কিন্তু এয়া মই কি শুনিছোঁ ৷ নীহাৰিকা চৌধুৰী নামৰ যোৰহাটৰ এগৰাকী মহিলা এটা জটিল ৰোগত আক্রান্ত৷ পৰিয়ালৰ লোকে ঘৰৰ সকলো সা–সম্পত্তি মহিলাগৰাকীৰ ৰোগৰ চিকিৎসাত ব্যয় কৰিও আৰোগ্য কৰিব নোৱাৰি আৰু উন্নত চিকিৎসাৰ বাবে বিদেশলৈ নিবলৈ নিউজ চেনেলৰ যোগেদি সাহায্য বিচাৰিছে ৷ ফোন নম্বৰ আৰু বেংক একাউণ্ঢ তলত উল্লেখ কৰিছে ৷ ৭০০২৩ আৰু ৷ মই থিৰেৰে থাকিব পৰা নাই ৷ চক্রাকাৰ মোৰ অলক্ষিতে পৃথিৱীখন ঘূৰিব ধৰিছে ৷ সহজ–সৰল ছোৱালী নীহাক কিয় এনেকুৱা কৰিলা প্রভু৷ পাপা পাপা ৰিকু–বিকুৰ চিঞৰ ৷ কাণ দুখন ঢাকি মই আৰামী বেঞ্চখনতে শুহ পৰিলোঁ ৷ আকাশৰ পৰা মুষলধাৰে বৰষুণ দিছে ৷ মই তিতিছোঁ ৷ খুব তিতিছোঁ ৷ বৰষুণত ৰিকু–বিকুৰ মাতটো নুশুনা হৈ আহিছে ৷

যিকোনো মূল্যৰ বিনিময়ত নীহাৰিকাক এই পৃথিৱীত থকাৰ ব্যৱস্থা কৰিব লাগিব ৷ অনাকাংক্ষিত ধুমুহাসদৃশ নীহাৰ ৰোগৰ বাতৰিত বিধবস্ত হল মোৰ মন–প্রাণ ৷ পাৰিবাৰিক সুখৰ বন্যাত নীহা নামটো মোৰ স্মৃতিৰ পৰা আঁতৰি গৈছিল ৷ প্রাঞ্জলে মাজে মাজে মোক কয়, আমি হেনো কোনেও কাকো নাপাহৰো, মাত্র পাহৰাৰ অভিনয়হে কৰোঁ৷ সঁচা কথা নীহা ৷ প্রাঞ্জলে ঠিকেহ কৈছিল ৷ তুমি এই বিশাল পৃথিৱীৰ মোহ ছিঙি গুচি যাব নোৱাৰা নীহা ৷ মুখখন ঢাকি মই উচুপিছোঁ, মাথোঁ উচুপিছোঁ ৷ উচুপনিবোৰে মোক বিছা হৈ ডাকিছে ৷ ধৰালৈ অন্ধকাৰ নামি আহিছে, ঘোৰ অন্ধকাৰ৷ হতিমধ্যে নীহাৰিকা চৌধুৰী নামৰ মহিলাগৰাকী জটিল ৰোগত আক্রান্ত ৷ বাৰে বাৰে মোৰ কাণত কথাষাৰ বাজি আছে ৷  মনলৈ আহিছে ঝুনঝুন নীহাৰ খাৰুৰ শব্দ৷ চকুত ভাহিছে আকাশী ৰঙৰ চুৰিডাৰযোৰ, ষ্ট্রেহট বাদামী ৰঙৰ চুলিখিনিৰ সৈতে নীহা আহি আছে ৷ হয় মোৰ ফালে আহ ৷

নিজক চম্ভালি মহ এটা কথা ভাবিছোঁ ৷ পত্নীৰ সৈতে মোৰ সমস্যাৰ ভাগ–বাটোৱাৰা কৰিম ৷ তেওঁ সহযোগিতা কৰক বা নকৰক মোৰ সঁচা ভালপোৱা তথা মানৱীয়তাৰ তাগিদাত মই নীহাৰ আৰোগ্যৰ বাবে মোৰ সাধ্যানুসৰি আর্থিক অনুদান আগবঢ়াম ৷ তৎকালে মই এটা সিদ্ধান্তত উপনীত হলোঁ ৷ ক্ষন্তেক পিছতে নিউজ চেনেলটোত পোৱা নীহাৰ বেংক একাউণ্ঢত মহ গুগল পে কৰিম ৷

You might also like
Leave A Reply

Your email address will not be published.