প্রতিভা

ফাঁচীবজাৰৰ বাছষ্টপত আজি বৰ ভিৰ লাগিছে৷ ফাঁচীবজাৰত বজাৰ–সমাৰ কৰি ৰঞ্জনা বাছষ্টপলৈ আহিল৷ বাছষ্টপত থকা চালিখনৰ তলত যাত্রীৰ ভিৰ দেখি আৰু উৎকট গৰমৰ বাবে ষ্টপৰ পৰা অকণমান আগুৱাই আহি হাতত নিয়া ছাতিটো মেলি থিয় দিলে৷ ঘর্মাক্ত দেহটোত ছাতিৰ অকণমান ছাঁই সকাহ নিদিয়াকৈ থকা নাই৷ চুলি, কপালৰ ঘামবোৰ টোপাটোপে সৰিব ধৰা দেখি হাতত নিয়া পার্চটোৰ পৰা ৰুমালখন উলিয়াই মুখখন মচি ললে৷ ধুনীয়া পূর্ণিমাৰ দৰে মুখখনত গৰম আৰু ৰদ পৰি গুলপীয়া দেখাইছিল৷ বাছষ্টপত থকা যাত্রীৰ নজৰ নপৰাকৈ থকা নাছিল, তাইৰ ধুনীয়া চেহেৰাটোত৷ বহুতেই আঁৰে আঁৰে তাইৰ সৌন্দর্য পান কৰি আছিল তাইৰ অজ্ঞাতেই৷ তাই সেইবোৰলৈ মন দিয়া নাছিল৷ ৰঞ্জনাৰ চকু আছিল বাছ অহা বাটটোত৷ দুই–এজনে ওচৰতে থকা পাণ–তামোলৰ দোকানটোলৈ আহি তামোল কিনাৰ ছলেৰে ওচৰৰ পৰাই আহি চালেহি৷ কোনে কি ধৰণেৰে লক্ষ্য কৰে সেই কথা তাইৰো জ্ঞাত৷ অসহ্য লাগি যায় যদিও কেতিয়াবা উপায়ো নাথাকে৷ ঘৰৰ বজাৰ–সমাৰ তায়েইতো কৰিব লাগিব৷ ঘৰত গিৰীয়েক নথকা আজি ছমাহেই হল৷ চাকৰি বদলি হোৱা বাবে ৰঞ্জনাৰ স্বামী যোৰহাটলৈ যাবলগীয়া হল৷ সেয়ে তাইৰ মূৰত ঘৰৰ সমস্ত দায়িত্ব আহি পৰিছেহি৷ লৰা–ছোৱালী দুটা৷ সিহঁত সুক্লত থকা সময়খিনিতেই তাই ঘৰুৱা বজাৰ–সমাৰ বা অন্যান্য কামবোৰ কৰি লয়৷ সেয়ে আজিও লৰা–ছোৱালীহালক সুক্লত থৈ বাহিৰে বাহিৰে ফাঁচীবজাৰলৈ আহিছিল৷ চহৰখনত দোকানৰ অভাৱ নাই৷ তথাপি আগৰে পৰাই ফাঁচীবজাৰত বজাৰ কৰাৰ অভ্যাস তাই এৰিব পৰা নাই৷ এটা নামো আছে বজাৰখনৰ আৰু সকলোবোৰ বস্তু এই বজাৰখনত উপলব্ধ৷ আহোঁতে আহোঁতে দোকানীবোৰো প্রায় চিনাকিৰ দৰেই হৈ পৰিছে৷ অইনতকৈ কম দামতেই তাই বস্তুবোৰ লব পাৰে৷ কেইটামান টকা ৰাহি হলেও ভাল হয়৷ সেয়ে তাই যেতিয়াই কিবা কিবি লগা হয় দূৰ হলেও চিটীবাছত উঠি ফাঁচীবজাৰলৈকে আহি যায়৷
নাই আজি চিটীবাছ অহাৰ লক্ষণ দেখা নাই৷ বহু দেৰিলৈ বাছ নহাত বাছষ্টপত যাত্রীৰ সংখ্যা বািিয়েই আছে৷ এজনে কোৱা শুনিলোঁ কোনোবা মিনিষ্টাৰ আহিব নেকি আন এজনে কলে নহয়হে এই বাছ ড্রাইভাৰবোৰেই মানুহ উঠাই উঠাই আহোঁতে দেৰি কৰে৷ তাতে আকৌ ফোনটো আহিল নহয় ড্রাইভাৰৰ হাততো৷ গতিকে পলম হবই দিয়ক ৰঞ্জনাৰ মনে মনে খং উঠিল মুখতে ভোৰভোৰালে আজিহে এনে হবলৈ পালে আন এজনে তাইৰ পিছপিনে থিয় দি আছিল৷ তেখেতে কোৱা শুনিলে বাইদেউ এনেয়ে কব পাৰে দেই, বিশ্বাস নকৰিব৷ আহিব আহিব, অলপ পলম হলেও চিটীবাছ আহিবই৷ অ তাৰ মানে এই মানুহজনে মোকেই নজৰ বন্দী কৰি ৰাখিছিল৷ তাই লগে লগে কানি–কাপোৰ সংযত কৰি লৈ শাৰীৰ আঁচলটো উৰি ললে৷ ইমান গৰমতো তাই তেনেকুৱা কৰিবলৈ বাধ্য হল৷ পিঠিখন ওলাই আছিল বাবে তাইৰ মনতো বেয়া লাগি গল৷ শাৰীৰ আঁচলটো উৰি লৈছেহে মাত্র, তাই থিয় হৈ থকা ঠাইৰ পৰা কিছু আঁতৰত হঠাৎ এখন ধুনীয়া ৰঙা ৰঙৰ আই টুৱেণ্ঢী গাড়ী ৰৈ দিলে পিছ দুৱাৰ খুলি মানুহ এজন নামি তাইৰ ফালে চোৱা যেন পালে৷ তাইৰো চকু গাডীখন আৰু মানুহজনৰ ওপৰত নপৰাকৈ নাথাকিল৷ মানুহজন দেখাত বগা, ওখ, চকুত গাগল্ছ পৰিহিত৷ সাজ–পোছাক পৰিপাটি এক বিশেষ ব্যক্তিত্বই বিৰাজ কৰিছে৷ ৰঞ্জনাৰ পিনে চোৱা দেখি তাই মুখখন ঘূৰাই ললে৷ পুনৰ চিটীবাছৰ অপেক্ষাত থিয় দি ৰল৷ অ এয়া কি মানুহজনচোন তাইৰ ফালেই অহা যেন লাগিছে, চাওঁ–নাচাওঁকৈ চাওঁতে তাইৰ চকুত পৰি গল৷ ক্রমে তাইৰ ফালেই হাঁহি হাঁহি অহা দেখি অলপ অস্বস্তিও নোপোৱাকৈ নাথাকিল৷ এই ময়ো যে আৰু বেলেগকো চাব পাৰে মইহে ইয়াত অকলে আছোঁনে কিবা এই বুলি গুণাগঁথা কৰা শেষ হল নে নাই, তাইৰ কাণৰ কাষতেই এটি গলগলিয়া মাতেৰে কলেচিনি পাইছা তাই একপ্রকাৰ চক খোৱাৰ দৰেই হল৷ তাইৰ হাতত থকা সৰু পার্চটো হাতৰ পৰা সুলকি পৰিল৷ তাকে দেখি মানুহজনে পার্চটো উঠাই তাইৰ হাতত দি পুনৰ সুধিলে মোক চিনি পোৱা নাই তাই মানুহজনৰ প্রশ্ণত দোমোজাত পৰিল৷ কোন বা হয় চিনিও পোৱা নাই আৰু চিনি নাপাওঁ বুলি কম যদি চিনাকি কোনোবা হয় তাই জানো লাজ নাপাব তাই মনে মনে থকা দেখি পুনৰ সুধিলে চিনি পোৱা নাই নহয় ৰবা মই চকুৰ পৰা গাগল্ছযোৰ খুলি দিওঁ৷ এই বুলি মানুহজনে গাগল্ছযোৰ খুলি হাতত ললে আৰু কলে এতিয়া হে হৰি এয়াচোন প্রদীপদা, সেই তাহানিতে কলেজত লগ পোৱা আমাৰ ছিনিয়ৰ প্রদীপদা৷ তাই অলপ লাজো পালে৷ লাজ লাজকৈ তাই কলে প্রদীপদা মইনো আপোনাক হঠাৎ কেনেকৈ চিনি পাম কওক৷ ইমান বছৰ দেখাদেখি নাই৷ মোটামুটি ত্রিশ বছৰমান হব চাগে তদুপৰি আপোনাৰ চকুত গাগল্ছ আছিল যে৷ প্রদীপ মিচিকিয়াই হাঁহিলে আৰু কলে বাৰু এতিয়াতো চিনি পালা কলে যাবলৈ ৰৈ আছা ৰঞ্জনাই কলেপ্রদীপদা মই পাঞ্জাবাৰীলৈ যাম৷ বহুত দেৰি বাছ ৰখি আছেছা, অহাই নাইচোন বলা তোমাক মই নমাই দিম প্রদীপে কলে৷ বাছবোৰ অহাত অলপ পলম হব৷ মালিগাঁৱত ড্রাক এখন বাগৰি পৰিছে৷ সেয়ে জাম লাগিছে৷ মই অহাৰ পিছতেই এই ঘটনা৷ ভাগ্য ভাল মোৰ৷ ভাগ্যৰ বলতেই তোমাকো অত বছৰৰ মূৰত লগ পালো নহয় জানো ইমান বছৰৰ মূৰত লগ পালোঁৱেই যেতিয়া অলপ কথা–বতৰা হৈ লওনে কি কোৱা প্রদীপৰ কথাত ৰঞ্জনাও একমত হল৷ দুয়ো দুয়োৰে খা–খবৰ লব পাৰিব তদুপৰি সোনকালে ঘৰ গৈ পাবগৈ৷ সেয়ে তাই প্রদীপৰ কথামতে প্রদীপৰ গাডীত বহি পৰিল৷ প্রদীপদা অলপো সলনি হোৱা নাই৷ একেই আছে আগৰ দৰেই৷ ধীৰ, স্থিৰ, গহীন, গম্ভীৰ৷ তাই ভাবিবলৈ ধৰিলে সেই কলেজীয়া দিনবোৰৰ কথা৷ তাইৰ ভাবত বাধা জন্মাই প্রদীপে মাত লগালে ৰঞ্জনা তোমাৰ পৰিয়াল ৰঞ্জনাই তাইৰ বিষয়ে সকলোবোৰ কৈ শেষ কৰিলে৷ প্রদীপেও তেওঁৰ নিজৰ বিষয়ে সকলো বিৱৰি কলে৷ কিছু সময় দুয়ো নিমাত হৈ পৰিল৷ হয়তো দুয়ো দুয়োৰে ভাবত বিভোৰ৷ ক্ষন্তেক পিছত প্রদীপে পুনৰ সুধিলে ৰঞ্জনা এতিয়া কোৱাচোন তোমাৰ সংগীত চর্চাৰ কথা৷ তুমিতো কলেজত বৰ ভাল গান গাইছিলা৷ জানা ৰঞ্জনা মই সময়ে সময়ে দূৰদর্শনত তোমাক বিচাৰোঁ৷ কতা তোমাকটো কতো দেখা নাপাওঁ৷ এতিয়ালৈ তুমিটো ভাল খ্যাতিসম্পন্ন গায়িকা হৈ গলা বুলিয়েই ভাবিছিলোঁ৷ ৰঞ্জনাৰ অন্তৰত কিহবাই যেন বুকুত জোৰকৈ খুন্দাহে মাৰি দিলে৷ বুকুখন হেঁচা মাৰি ধৰা যেন লাগিল৷ চকু চলচলীয়া হল৷ কোনোমতে নিজকে সংযত কৰি ৰঞ্জনাই কলে প্রদীপদা থাওক দিয়ক এইবোৰ কথা৷ পিছত কেতিয়াবা লগ পালে কম৷ তাই সেই কথাৰ পৰা ফালৰি কাটিব খুজিছিল যদিও প্রদীপে নেৰা হল৷ প্রদীপে কলে চোৱা ৰঞ্জনা আৰু বা কেতিয়া লগ পাম তাৰ নিশ্চয়তা নাই৷ সি হয়তো বুজিব পাৰিছিল ইয়াৰ আঁৰৰ কাহিনী৷ সেয়ে প্রদীপে নেৰানেপেৰাকৈ ৰঞ্জনাক কবলৈ অনুৰোধ কৰা দেখি তাই সেই জীৱনৰ অধ্যায়ো কৈ শেষ কৰিব বুলি তাই কবলৈ ধৰিলে শুনক প্রদীপদা, এইবোৰ বহুত কথা৷ প্রদীপদা ছোৱালীৰ জীৱন মানে মাকৰ ঘৰত থকা সময়ছোৱা আৰু বিয়াৰ পিছত শহুৰৰ ঘৰত থকা সময়ছোৱাৰ মাজত বহু পার্থক্য আছে৷ জন্মদাত্রী মাতৃ আৰু পিতৃয়ে সন্তানক যিদৰে পালন কৰে, তেনেদৰেই সেই একেই পৰিৱেশ নতুন ঘৰখনত নাপাবও পাৰে৷ বিয়াৰ পিছত অলপ হলেও বেলেগ হয় দিয়কচোন৷ মাক–দেউতাকে নিজৰ সন্তানে বিচৰা ধৰণে কর্তব্যবোৰ কৰি যায়৷ কিন্তু তাই ৰৈ যায়৷ খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালে৷ গণেশগুৰি পাওঁ পাওঁ৷ ড্রাইভাৰে গাডীখন লাহে লাহে চলাবলগীয়া হৈছিল ড্রেফিকৰ কোবত৷ তাই ৰৈ যোৱা দেখি প্রদীপে পুনৰ মাত লগালে কি হল ৰঞ্জনা ৰৈ গলা যে তোমাৰ প্রতিভাত কোনোবাই বাধা দিব বুলি মনে নধৰে৷ মই ভাবিছেছা তুমিহে এলেহুৱা হৈছা৷ নিজৰ প্রতিভা বিসর্জন দি বহি আছা ঘৰতে৷ ঘৰ ধৰা বোৱাৰী হবলৈ চাগে চেষ্টা কৰিছা নহয়নে তেনে কথা নহয় অ প্রদীপদা৷ তেখেতসকলেও এইবোৰ ভালেই পায়৷ কিন্তু সুবিধাহে কৰিব পৰা নাই৷ শুনক মই আৰম্ভণিৰে পৰাই কওঁ৷ অলপ সময় লাগিব কিন্তু৷ মোৰ জীৱন কাহিনী শুনিবলৈ আপোনাৰ সময় হব জানো হব দিয়া কিয় নহব৷ প্রদীপে তপৰাই উত্তৰ দিলে, যেন উত্তৰ দিবলৈ সাজুৱেই আছিল দৰকাৰ হলে তোমালোকৰ ঘৰলৈ গৈ হলেও তোমাৰ কথাবোৰ শুনিম৷ জানিবলৈ বৰকৈ মন গৈছে৷ মই বৰ ব্যস্ত মানুহ৷ পিছত সময় উলিয়াব পাৰিম বুলি তোমাক কথা দিব নোৱাৰোঁ৷ সেয়ে আজিয়েই শুনিম দেই এই বুলি এটি দুষ্টালি হাঁহি মাৰিলে৷
ৰঞ্জনাই অলপ বিৰক্তিও পাইছিল৷ কিনো আৰু পুৰণি কথা উলিয়াই লাভদাল হব পুৰণি ঘাঁ খুঁচৰিলে বহলহে হয়৷ মনত বেজাৰহে লাগিব মোৰ৷ কথাবোৰ প্রদীপদাক নকলেও নেৰিব৷ প্রদীপদাক ছিনিয়ৰ হিচাপে সন্মান জনাবই লাগে৷ গতিকে মন নগলেও তাই কথাবোৰ কবই লাগিব৷ তাই কবলৈ আৰম্ভ কৰিলে প্রদীপদা আপুনি মোক আগতে লগ পোৱা ছোৱালীজনী এইজনী নহয়৷ তাইৰ কেতিয়াবাই দাহ সংস্কাৰ হৈ গল৷ কথাখিনি কৈ তাই ৰৈ গল কিছু পৰ৷ তাকে দেখি প্রদীপে মাত লগালে ৰঞ্জনা ইমান বেয়াকৈ নাভাবিবা আৰু নকবাও৷ তেনেকৈ কোনোবাই কয় নেকি আৰু কিন্তু দাহ সংস্কাৰৰ কথা ভুলতো মুখলৈ নানিবাদেই৷ তাই পুনৰ কবলৈ আৰম্ভ কৰিলে নহয় অ প্রদীপদা মই এনেয়ে কোৱা নাই৷ তাইৰ দেউতাকৰ ঘৰখনলৈ মনত পৰি গল৷ সুক্লত তাই শ্রেষ্ঠ গায়িকাৰ সন্মান অর্জন কৰিবলৈ সক্ষম হৈছিল একমাত্র মাক–দেউতাকৰ বাবেই৷ জন্মগতভাৱে তাই হাৰমনিয়ামখন পাইছিল৷ যিটো বয়সত পুতলাৰে সৈতে খেল খেলিব লাগিছিল, সেই সময়খিনিত তাই হাৰমনিয়ামৰ লগত খেলিবলৈ পাইছিল৷ মাত্র ষাঠি টকাতেই কিনা হাৰমনিয়ামখন তাইৰ দেউতাকৰ পিতাকে মানে ৰঞ্জনাৰ ককাকে কিনি আনিছিল৷ ককাকৰ মৃত্যুৰ পিছত দেউতাকে হাৰমনিয়ামখন বজাইছিল৷ ঘৰৰ খুৰাক, পেহীয়েক আৰু মাকেও গান গাই ভাল পাইছিল৷ সংগীতত ৰাপ আছিল আটাইৰে, শাস্ত্রীয় সংগীত নিশিকিলেও ৰেডিত শুনা গানবোৰ হাৰমনিয়াম বজাই বজাই গোৱা তাই শুনি আহিছিল৷ তাইৰো সংগীতৰ প্রতি অনুৰাগ জন্মিল৷ দেউতাকে হাৰমনিয়ামখন আনি বিছনাত থবলৈহে পায়, তাই দৌৰি আহি ওচৰতে বহি লয়হি৷ দেউতাকে বজাই থাকিলে তাই হাৱা দিয়া পর্দাত আঙুলি ভৰাই দিয়ে৷ দেউতাকে ধমকি দিলেও তাই ওচৰৰ পৰা উঠি নগৈছিল আৰু গানবোৰ শুনি গৈছিল মনোযোগেৰে৷ প্রথম হাৰমনিয়ামৰ ৰিডবোৰৰ লগত তাইক চিনাকি কৰাই দিছিল দেউতাকেই৷ সময়ৰ লগে লগে সা ৰে গা মা পা চিনি পোৱা হল, বজাব পৰা হল আৰু লগে লগে গাবলৈ পৰা হল৷ ৰঞ্জনাৰ এই অসাধাৰণ বুদ্ধিৰ বাবে দেউতাকে তাইক শাস্ত্রীয় সংগীত শিকিবলৈ সুক্লত নাম লগাই দিলে৷ সংগীত সুক্লত যোৱাৰ আগতেই তাই বিষ্ণু ৰাভাৰ ৰাভা সংগীত, জ্যোতিপ্রসাদ আগৰৱালাৰ জ্যোতি সংগীত, লোকগীত, বনগীত আদি শিকিছিল, মাক–দেউতাকে যিমান পাৰে সেই সকলোবোৰ ৰঞ্জনাক শিকাই দিছিল৷ লাহে লাহে তাই ঘৰৰ পৰা বাহিৰত গান গাবলৈ আৰম্ভ কৰিলে৷ লাহে লাহে তাইৰ সংগীত জগতখনত নাম হবলৈ ধৰিলে৷ স্থানীয় শিল্পী হিচাপে পৰিগণিত হল৷ বিহু ফাংচন বা আন আন সোঁৱৰণী ফাংচনত ৰঞ্জনা নিমন্ত্রিত শিল্পী হৈ পৰিল৷ কলেজত নাম লগোৱাৰ পৰা শেষ বর্ষলৈ তাই গান গাই থাকিল৷
হঠাতে জানো কৰ পৰা এজাক অচিনাকি বতাহ আহিল আৰু তাইৰ মনটো উৰুৱাই লৈ গল আন এখন জগতলৈ৷ অইনবাৰৰ দৰে সেইবাৰো বিহু ফাংচনত গান গাবলৈ ৰঞ্জনা বিহুতলীলৈ গৈছিল৷ অন্যান্য দর্শকৰ মাজত তাইক বিয়া কৰোৱা মানুহজনো লুকাই গান শুনি আছিল তাই গমকেই নাপালে৷ তাইক সেই বিহুতলীতেই পছন্দ কৰি মাক–দেউতাকক কথাটো জনালে আৰু খুউব কম সময়ৰ ভিতৰত তাইৰ বিয়া হৈ গৈছিল৷ বিয়াৰ সময়ত তাইৰ এম এত নামভর্তি হৈ গৈছিল৷ সেয়ে তাইৰ শহুৰৰ পৰিয়ালে ৰঞ্জনাক পপাত গুৰুত্ব দিবলৈ কলে৷ তায়ো সেয়াই কৰিলে৷ পপা–শুনাত মনোনিৱেশ কৰিলে আৰু ঘৰুৱা কাম–বনত সোমাই পৰিল৷ পপা শেষ হল, সন্তান হল৷ গতিকে গান গোৱা কথা মনলৈ নহাই হল৷ মাজে–সময়ে গিৰীয়েকে মেণ্ডোলিন বজায়৷ তাই তেতিয়া ওচৰত বহি লয় আৰু গানবোৰ আওৰাই থাকিল৷ ছোৱালীজনী অকণমান ডাঙৰ হোৱাত ৰঞ্জনাই এখন কলেজত শিক্ষকতা কৰিবলৈ সোমাল৷ লাহে লাহে সংগীত জগতৰ পৰাই তাই আঁতৰি গৈয়েই থাকিল৷ সিহঁতৰ ঘৰৰ ওচৰত থকা সংঘটোত শিল্পী দিৱসৰ বাবে তাই সমৱেত গান গোৱাবলৈ কেইজনীমান ছোৱালী গোটাই গান আৰম্ভ কৰিছিলেহে মাত্র৷ কিছুদিন পিছত গিৰীয়েকে বিদেশলৈ তাইক লৈ গল৷ সংগীত জগতৰ অৱসান ঘটিল৷ এতিয়া আৰু তাই বাথৰুমৰ গায়িকালৈ পৰিণত হল৷ তাইৰ আজি আৰু হাৰমনিয়ামৰ ৰিডত আঙুলিৰ ফ্লো নাই৷ তাইৰ ঘৰত সংগীতৰ পৰিৱেশ নথকা নহয়৷ কিন্তু তাইৰ গান শুনিবলৈকেহে শ্রোতা নোহোৱা হল৷ গিৰীয়েকৰ চাকৰি বদলি হৈয়েই থাকিল৷ তাই এতিয়া গিৰীয়েকৰ সুখত সুখী আৰু দুখত দুখী হৈ পৰা এক কাঠ পুতলী৷ তাই আৰু কব নোৱাৰিলে৷ ইতিমধ্যে গাডী তাইৰ ঘৰৰ সন্মুখ পাইছিলহি৷ তাইৰ দুধাৰি চকুলো আপোনা–আপুনি ওলাই আহিল আৰু ৰঞ্জনাই ড্রাইভাৰক গাডী ৰখাবলৈ কলে৷ ইমানপৰে ৰঞ্জনাৰ কথাবোৰ ড্রাইভাৰেও মন দি শুনি আহিছিল৷ সেয়ে আগতেই কৈ থোৱা ঠিকনা পাহৰিয়েই গৈছিল৷ ড্রাইভাৰে গাডী ৰখালে আৰু ৰঞ্জনাই একো নোকোৱাকৈয়ে গাডীৰ পৰা নামি পৰিল৷ তাই প্রদীপদাক মাত লগাবলৈকে পৰা নাছিল৷ কান্দোন ওলাই অহাৰ ভয়ত প্রদীপক মাত নলগাকৈয়ে ততাতৈয়াকৈ ঘৰৰ ফালে খোজ পেলালে৷ প্রদীপ অবাক হৈ চাই ৰল ৰঞ্জনা যোৱালৈ৷ পিছফালৰ পৰা মাত দিও বুলিও সি ৰৈ গৈছিল৷ ৰঞ্জনা যোৱালৈ কিছুপৰ চায়েই থাকিল৷ এটি দীঘল হুমুনিয়াহ ওলাই আহিল আৰু এটি গধুৰ মন লৈ প্রদীপ পাঞ্জাবাৰীৰ পৰা উভতিল৷ প্রদীপৰ মনত এটি প্রশ্ণই ঘৰ কৰিলে৷ প্রতিভা চাগে এনেদৰেই মৰহে

ৰুমী ঠাকুৰীয়া ডেকা

You might also like

Leave A Reply

Your email address will not be published.