পখিলাৰ আত্মকথা

গায়ত্রী দেৱী বৰঠাকুৰ

পখিলাই ঘড়ীটোলৈ চালে ৷ তিনি বাজিবৰ হ’ল ৷ দাদাহঁত আহি পাবহিয়েইচোন ৷ ছেঃ গোটেই দিনটো আজি ঘৰটো চাফা কৰোঁতেই গল ৷ অলপ পাছতেই ভোকত আতুৰ হৈ তিনিটি প্রাণী ঘৰ সোমাবহি ৷ তাই লৰালৰিকৈ গাটো ধুই ললে ৷  ঘৰ চাফা কৰিলে, ধূলি লাগিলে তাইৰ গাত সৰু সৰু গুটি কিছুমান হয় ৷ পানী লাগিলে খজুৱায় ৷ পিছে এতিয়া তাইৰ খজুৱালেও সময়  নাই ৷ তাই লৰালৰিকৈ কেষ্টৰ অহল অকণ সানি ললে গুটিকেইটাৰ ওপৰত ৷ কিবা খজুৱালে কেষ্টৰ অহল সনাটো তাই বাহদেউৰ পৰাই শিকিছে ৷ এৰা, বাইদেউৰ পৰা ৷ তাইৰ  বাইদেউৰ পৰা তাই  বহুত কথাই শিকিছে ৷ বহুত কথাই ৷

দাদাহঁত ঘৰ সোমোৱাৰ পিছত দুঘণ্টা মানলৈকে তাইৰ আৰু আজৰি নাথাকে ৷ আনকি এতিয়াই যদি বাথৰুমলৈ গৈ পখিলা আজৰি হৈ নলয় তাই আৰু দুঘণ্টামানলৈ চেপি ধৰি থাকিব লাগিব ৷ পৰী–পলী আহি পোৱাৰ পিছত গাড়ীৰ পৰা বেগ অনাৰ পৰা আৰম্ভ কৰি ভৰি–হাত ধুৱাই, ভাত–পানী খুৱাই, শুৱাই দিয়াৰ পিছতহে তাই বাচন–বর্তন ধুবলৈ যাব পাৰে ৷ সেইবোৰ সামৰি–সূতৰি, সকলো ঠিক–ঠাক কৰি চাহ একাপ হাতত লয় মানে পৰী–পলীৰ সাৰ পাবৰে হয়ে ৷ একেবাৰে শহাকণীয়া এই ছোৱালী দুজনীয়ে বাইদেউকো জানো কমখন নাকত ধৰি চাকত ঘূৰাইছিলে পখিলাই মনতে ভাবে ৷ দুয়োজনী সাৰ পালেই তিনিও মিলি অলপ সময় টিভি চায় ৷ পানী–দুনি খুৱাই লঘু কিবা এটা দুয়োজনীকে দি পখিলা পাকঘৰত সোমায় ৷ ৰাতিৰ সাঁজটো অলপ আগতীয়াকৈ যোগাৰ কৰি তাই পৰী–পলীক লৈ বহেগৈ  তাহাঁতৰ পপাৰ টেবুলত ৷

ৰাতি বিছনাত পৰিহে দিনটোৰ কথাবোৰ ভাবিবলৈ সময় হয় পখিলাৰ৷ মাজে মাজে তাইৰ অভিমানো জাগে ভগৱানৰ ওপৰত৷ পৰী–পলীৰ মুখলৈ চালে এক অদ্ভুত শোকে তাইক হেঁচা মাৰি ধৰে ৷ কিয় এই অন্যায় কৰিলা গোসাঁই কিয় পখিলাৰ বুকুখনে হাহাকাৰ কৰি উঠে ৷

পখিলা তেতিয়া দহ বছৰীয়া আছিল যেতিয়া প্রথম এইখন ঘৰলৈ আহিছিল ৷ পৰীৰ এবছৰীয়া জন্মদিনৰ বিশেষ আলহী  আছিল তাই ৷ কি নাম তোমাৰ অ এইৰ চকুকেইটা দেখোন বৰ ধুনীয়া অহাৰ লগে লগে দুৱাৰখন খুলিয়েই তাইক দেখি কথাষাৰ কৈছিল বাইদেৱে কিৰণক ৷ সেয়াই আৰম্ভণি বাইদেউৰ লগত তাইৰ এৰাব নোৱাৰা সম্পর্কৰ ৷ তাই বুজি নাপায় কিয় ইমান ভাল পায় তাই বাইদেউক ৷

সময় বৰ শক্তিশালী অ পখিলা ৷ সময় বৰ শক্তিশালী বাইদেৱে প্রায়ে কৈছিলে কথাষাৰ ৷ পখিলাক ৷ এৰা হয়তো ৷ পখিলাই জুকিয়াই চায় সময় ৷

এই শক্তিশালী সময়ৰ চক্রান্তৰ বলি হৈয়েতো এদিন পখিলাহঁতৰ  দেউতাক আঁতৰি গৈছিল তাহাঁতৰ মাজৰ পৰা৷ প্রথমে মাক, দুজনী ভনীয়েক–ভায়েকটোক আৰু তাইক এৰি আৰু পিছত পৃথিৱী এৰি ৷ পখিলাৰ মনত পৰে সামান্য এটা কথাতে তাইৰ মাক আৰু দেউতাকৰ এদিন ভীষণ কাজিয়া হৈছিল ৷ পিছদিনা পুৱালৈ তাহাঁতি আৱিষ্কাৰ কৰিছিল দেউতাকৰ শূন্য ঠাই ৷ তেতিয়া পখিলা আঠ বছৰীয়া ৷ তাহৰ তলত আৰু তিনিটা ৷ মাক তেতিয়া ত্রিশ বছৰীয়া তাৰ পিছত তাহাতি হৈ পৰিছিল এখন বেলেগ পৃথিৱীৰ  বাসিন্দা ৷

মাকে সদায়ে পুৱা কামলৈ বুলি ওলাই যায় আৰু ৰাতি আহি ঘৰ সোমায়হি ৷ পখিলাই স্কুল–তুল বাদ দিলে ৷ তাই ঘৰখন  চম্ভালি ললে ৷ ভনী দুজনী আৰু ভায়েকটোক খুৱাই–ধুৱাই স্কুললৈ পঠিয়াহ নাকে–কাণে এমুঠি গুঁজি পখিলাই এঘৰত কেঁচুৱা ৰাখেগৈ ৷  ভনীয়েকহঁত স্কুলৰ পৰা অহাৰ আগে আগে তায়ো কামৰ পৰা ঘৰ পায়হি ৷ আৰু সেই একেই ৰুটিন৷ তাহ তাহাঁতৰ যত্নত অকণো কৃপণালি নকৰে ৷ মাক ৰাতি আহি বিছনাত লাং খাই পৰে ৷ পুৱালৈ আকৌ কামলৈ ওলাই যায় ৷ তাই মাকক কিবা এটা কবলৈ খুজিও ৰৈ যায় ৷ কেঁচুৱা ৰাখি পোৱা পইচাৰে তাই চাৰিটা পেট পোহে কোনোমতে৷  লাহে লাহে মাকে দুহ–তিনি দিনলৈ ঘৰলৈ নহাকৈয়ে থাকিবলৈ ললে ৷ কত যায়, কি কৰে অ তহঁতৰ মাৰ এই মানুহজনী, এনেকৈ এই এমা–ডিমা লৰা–ছোৱালীকেহটা এৰি সেই কাৰণেহতো মতাটো পলাল নাই একো শুনিব নোৱাৰা হয় পখিলাই ৷ তাইৰ কিবা এক বিতৃষা জাগে মাকলৈ ৷ এইবোৰ এৰি কৰবালৈ গুচি যাব পৰা হলে পখিলাই মনতে ভাবে ৷ পিছমুহূর্ততে ভাই–ভনীকেইটাৰ মুখকেইখনে তাইক বৰকৈ আমনি কৰে ৷ পখিলাই  বাহীবনকেইটা কৰি  সাউতকৈ গাটো তিয়াই আহেগৈ ৷

*******

অ, এইক কত পালে আপোনালোকে আলহী খুৰীগৰাকীৰ প্রশ্নৰ উত্তৰ কি দিলে পখিলাৰ সেই সময়ৰ মালিকে, সেই কথা পখিলাৰ মনত নাই ৷ কিন্তু বুজিলে যে আলহী খুৰীৰ খুবেই প্রয়োজন তাইক ৷ কাম একে কেঁচুৱা ৰখা ৷ পার্থক্য এটাই ৷ এখন বেলেগ চহৰলৈ যাব লাগিব পখিলা ৷ মই  আপোনালোকক ইয়াৰে বেলেগ এজনী ঠিক কৰি দিম ৷ মোক দিয়কচোন এইক ৷ মানে ছোৱালীৰ বৰ অসুবিধা হৈছে ৷ ময়ো যাব নোৱাৰোঁ ৷ আলহী খুৰীয়ে তাইৰ ঘৰৰ ঠিকনা ললে ৷ উৰিব পাৰিব বুলি পখিলা আশ্বস্ত হল ৷ কিন্তু কিমান ওপৰলৈ বা দূৰলৈ তাই একো নাজানে ৷ জানে তাই মুক্তি পাব  এই যন্ত্রণাৰ পৰা ৷ দেউতাকৰ স্মৃতিৰ পৰা ৷ তাহাঁতৰ ভাৰাঘৰৰ ওচৰ– চুবুৰীয়াৰ গালি–গালাজৰ পৰা ৷ কাষৰ ডেকা–বুুাৰ ঘিণ লগা চাৱনিৰ পৰা ৷

*******

পখিলা শুনচোন, পখিলা এইফালে আহচোন বাইদেউৰ মাতবোৰ আজিও কাণত ভাহি থাকে পখিলাৰ৷ ইমান কর্মী মানুহগৰাকী, ইমান এটা সামান্য  অজুহাততে গুচি যাব লাগেনে বাৰু পখিলাই সদায়ে ভাবি থাকে এই কথাটোকেই ৷ তাইৰ হাতত কোনো উত্তৰ নথকা এটা কথা৷ পখিলাই  মাজে মাজে সর্বশক্তিমান ঈশ্বৰৰ ওচৰত, প্রকৃতিৰ ওচৰত আমি মানুহ যে তেনেহ নগণ্য, অসহায় এই কথা উপলব্ধি কৰে আৰু এই উপলব্ধিয়ে তাইক মূক কৰি পেলায় ৷ চকুকেইটা তিয়াই পেলায় বাইদেৱে ৷ বাইদেউৰ স্মৃতিয়ে বৰকৈ জুৰুলা কৰে পখিলাক ৷

*******

নাই ৷ নাই তাই ঘৰলৈ ঘূৰি যাব নোৱাৰে৷ কি পাবগৈ তাই ঘৰলৈ ঘূৰি গৈ আপুনি চিন্তা নকৰিব ৷ আমাৰ ইয়াত তাই নিজৰ ঘৰৰ দৰেই আছে ৷ আপুনি আৰু পখিলাক নিবলৈ বুলি নাহিলেই ভাল পাব তাই ৷ পখিলাৰ মনত পৰে সেই হঠাতে নোহোৱা হোৱা বাপেকটোৱে তাইক একেবাৰে লৈ যাবলৈ বিচাৰি কমখন দিগদাৰ দিছিলহি নে বাইদেউক আহি ৷ এটা সৰু কথাতে পাঁচটা প্রাণীৰ কথা নাভাবি ঘৰ এৰি গুচি যোৱা মানুহটো আকৌ ঘূৰি আহিছিল কাম–কাজ নোহোৱাৰ দিনবোৰত ৷ তাইৰ মাকৰ ওচৰলৈ ৷ মাকে আদৰি লৈছিল ৷ পখিলাই ভালপোৱা নাছিল মাকৰ এই কার্য ৷ ইমানে সহজে ক্ষমা কৰি দেউতাকক আদৰি লোৱাৰ কথাটো তাই মুঠেই মানি লব পৰা নাছিল ৷ মাকৰ ঠাইত তাই হোৱা হলে গঁতা মাৰি বাহিৰ কৰি দিলে হয় ঘৰৰ পৰা ৷ নাই, দেউতাক  যেতিয়া  সেই কাম কৰিব নোৱাৰে, তাই কিন্তু এই দেউতাকৰ এটা সৰু অভিমানেহচোন সলনি কৰি পেলাইছিল পখিলাৰ পাখিৰ ৰং৷ সেহদিনা দেউতাক যদি তেনেকৈ ঘৰৰ এৰি নগল হয় তাইৰ জীৱনো আজি বেলেগ হল হয় ৷ হয়তো তাই আজি কাৰোবাৰ মাক হল হয় এজন মৰমিয়াল গিৰীয়েকৰ তাই আদৰুৱা ঘৈণী হল হয় নাহ নাহ পখিলা ঘূৰি আহিল বাস্তৱলৈ ৷ হে ঈশ্বৰ, ক্ষমা কৰিবা মোক, মোৰ ভুল হৈছে৷ পৰী–পলী জানো মোৰেই সন্তান নহয় আৰু দাদা আৰু বাহদেউক কেনেকৈ লগ পালোঁ  হয় ৷ তাই কথাটো অন্য ধৰণেৰে ললে ৷ তাইৰ পক্ষত ৷

*******

সেই যে দহ বছৰীয়া পখিলা আহি বাইদেউৰ আঁচলৰ তলত সোমাইছিলহি, তেতিয়ালৈকে বাইদেউহঁতৰ সংসাৰ আছিল তিনিজনীয়া ৷ তিনিজনীয়া সংসাৰখন তাই অহাৰ দুবছৰৰৰ পিছতহে তাইক  ধৰি পাঁচজনীয়া হৈছিল৷  বাহদেৱে চাকৰি–তাকৰিৰে সতে বৰ ধুনীয়াকৈ আৱৰি আছিল সংসাৰখন ৷ কলেজ থাকিলেও নাথাকিলেও সদায়ে সোনকালে উঠি সকলো কাম কৰিছিলে বাইদেৱে ৷ কলেজ থকা দিনবোৰত ঘৰৰ সমস্ত কামৰ লগতে পৰীৰো সমস্ত দায়িত্ব পালন কৰি সময়তেই উপস্থিত হৈছিলগৈ বাইদেউ কলেজত ৷ যিদিনা নির্ধাৰিত সময়তকৈ অলপ পলম হয়, সেইদিনা ঘূৰি আহোতে অলপ গহীন হৈ থাকে বাইদেউ৷ মুখেৰে একো নকয় ৷ তাই বুজি পায় ৷ পখিলাৰ বেয়াই লাগে বাইদেউলৈ ৷ ইমান ধুনীয়া মানুহজনী ৷ ইমান কাম কৰিব পাৰে ৷ সংসাৰৰ সমস্ত দায়িত্ব বাইদেউৰ ৷  পুৱাই দিনটোৰ বাবে ৰন্ধা–ববা কৰে বাইদেৱে ৷ পুৱাৰ চাহ–ভাতৰ পৰা ধৰি পৰীৰ দিনটোৰ খোৱাৰ যোগাৰ৷ তাইৰ, দাদাৰ আৰু নিজৰ বাবে টিফিন আৰু তাৰ পিছত আবেলিৰো খোৱাৰ যোগাৰ বাইদেৱে কৰি থৈ যায় ৷ নহলে বিশ কিলোমিটাৰ গাড়ী চলাই আহি ঘৰ পাই ৰন্ধা–বঢ়া কৰিবলৈ বাইদেউৰ সময়ে নোজোৰে ৷ তদুপৰি দিনটো মাকক নেদেখা পৰীয়ে মাক আহিলেই মাকক এৰি নিদিয়া হয় ৷ তাৰ মাজতেই বাইদেউৰ এখন সৰু বাগিচাও আছিল ৷ ঘৰৰ একমাত্র ছোৱালী আছিল বাইদেউ ৷ কিমান আদৰৰ কিমান মৰমৰ পখিলাই মাজে মাজে নিজকে বাইদেউৰ লগত তুলনা কৰি চায় ৷ তাই পাৰিবনে এনেদৰে আগলৈ ৷ পখিলাৰ চকুত ছবি নিজৰ সংসাৰখনৰ ৷ ভৱিষ্যতৰ ৷ বাইদেউৰ দৰে ৷ নাই ৷ বাইদেউৰ লগত নিজকে তুলনা কৰিবলৈ যোৱাটো তাইৰ ভুল নহয় ৷ পাপ হব পাপ ৷

*******

তাই অহাৰ আগতে বাইদেউৰ লগত কিৰণ আছিল ৷ তাই লগ পাইছিলহি কিৰণক ৷ কিৰণ যোৱাৰ দিনা কি যে পৰিস্থিতি আচলতে কিৰণৰ যোৱাৰ মন নাছিল ৷ কিন্তু ঘৰৰ মানুহৰ মতে কিৰণৰ বিয়াৰ বয়স হল ৷ কিৰণ নাযায় ৷ ঘৰৰ মানুহে নেৰে ৷ অৱশেষত কিৰণৰ ঠাই ললে পখিলাই ৷

বাইদেউক লগ পোৱাসকলে, বাইদেউৰ মৰম পোৱাসকলে সহজে এৰি যাব নোৱাৰে বাইদেউক ৷ তাইতকৈ আৰু বেলেগ প্রমাণ কোন হব পাৰে ৷ কি যাদু কৰিলে বাইদেউ কি যাদু পখিলাই মনতে ভাবে আৰু ভাবে ৷

ইমানবোৰ কামৰ উপৰি ঘৰ সৰা–মচা কামতো সহায় কৰি দিছিল বাইদেৱে তাইক৷ তই আমাৰ ঘৰত বিশেষ কাম–কাজ কৰিব নালাগে পখিলা ৷ মাত্র পৰীক নিজৰ ভনী বুলি ভাবিবি আৰু মোক তোৰ মা বুলি ভাবিবি ৷ তাতকৈ বেছি আৰু একো নালাগে পখিলা ৷ তই কুমলীয়া দেহাৰে মোক কাম কৰি খুৱাব নালাগে ৷ সঁচাই বাইদেউ থকালৈকে একো কামেই কৰি নাপালে পখিলাই ৷ পুৱা পৰী শুই থাকোঁতেই বাইদেউ গা–পা ধুই আজৰি হয় ৷ গা ধোওঁতেই চাবোন মাৰি মেচিনত ভৰাই দিয়ে কাপোৰবোৰ ৷ বৰ চিক্ চাক আছিল বাইদেউ৷ কতো অকণো ধূলি পৰি থাকিবলৈ দিয়া নাছিল বাইদেৱে ৷ মকৰাজালৰ পৰা পাকঘৰৰ চুকটোলৈকে সকলো চিকচিকাই থাকিছিল বাইদেউৰ হাতৰ পৰশত৷ ৰন্ধা–বঢ়াতো চৌখিন আছিল বাইদেউ৷ ধুনীয়া ধুনীয়া কেক্–বিস্কুট  ঘৰতে বনাইছিল ৷ আলহী আহিলে বিধে বিধে ৰান্ধি খুৱাইছিল ৷ বাইদেউৰ মন আছিল পিছলৈ এখন ৰেষ্টুৰেণ্ট খোলাৰ ৷ ৰেষ্টুৰেণ্টখনৰ নামটোও ঠিক কৰিছিলে বাইদেৱে জিৰণি ৷ বাইদেউৰ ৰেষ্টুৰেণ্টত আহি হেনো সকলোৱে পলুৱাব পাৰিব ভাগৰ ৷ লব পাৰিব মৰমত  জিৰণি ৷ কিন্তু কিহৰ ইমান ভাগৰ লাগিল বাইদেউ আপোনাৰ ৷ কিহৰ ইমান ভাগৰ ৷ উঠক বাইদেউ উঠক ৷ কত জিৰণি লৈ আছে গৈ ৷ ঘূৰি আহক বাইদেউ ৷ ঘূৰি আহক ৷ মই নোৱাৰোঁ আপুনি নহলে বাহদেউ ৷ আপুনি নহলে মোৰ পাখি মেলি উৰিবলৈ মন নাযায় ৷ একোকে মন নাযায় বাইদেউ ৷ একোকে ৷

*******

একোকে কৰিবলৈ মন নগলেও পখিলাই সকলো কৰিবলগীয়া হয় ৷ কিছুমান নিজৰ ইচ্ছাত৷ কিছুমান নিজৰ অনিচ্ছাত ৷

*******

বাইদেউৰ পৰিয়াল চাৰিজনীয়া হৈ থকালৈকে, পখিলাৰ ভালকৈ মনত আছে, বাইহদেউৰ লিখা–মেলা কৰাৰ নিচা নাছিল ৷ কলেজৰ পৰা আহি পোৱাৰ পাছৰ সময়ছোৱা তেওঁ পৰীৰ লগতে পাৰ কৰিছিলে ৷ সন্ধিয়া চাকি দি   মানুহজনী অলপপৰ বহে ৷ বাতৰিখন মেলি চাহ একাপ খায় ৷ কলেজৰ কিবা কাম থাকিলেও কৰি লয় এইকণ সময়তেই ৷ এই সময়ত পৰী অকণ শোৱে ৷

বাইদেৱে নিজৰ কাম সামৰি ভাতৰ যোগাৰ কৰে ৷ কলেজৰ পৰা আহোতে বজাৰ কৰি অনা বস্তুবোৰ গান শুনি শুনিয়েই ঠিক ঠাক কৰি থয় ৷

তাই টিভি চাই থাকে ৷ এই ছিৰিয়েলসোপা কোনোবাই চাই নেকি ঘৰতে এনেকৈ লিপষ্টক–কাজল সানি, দামী কাপোৰ পিন্ধি কাজিয়া কৰি থাকে নেকি কোনোবাই ৷ আৰু কাম নাই এই সোপাৰ ৷ নাৰীৰ চৰিত্র কি এনেকুৱা বাইদেৱে প্রায়ে কৈছিলে ছিৰিয়েল চোৱাৰ কথা কলেহ ৷  তাই বুজি নাপায় নাৰীৰ চৰিত্র কেনে হোৱা উচিত বাইদেউৰ দৰে হোৱা উচিত ৷ সৎ, নির্ভীক, মৰমিয়াল, সহনশীলা আৰু চৰিত্রৱতী৷ নে মাকৰ দৰে ৷  পখিলাই আৰু নাভাবে এই বিষয়ত ৷ বুজিছ পখিলা, চৰিত্রই মানুহৰ প্রধান সম্পদ ৷ এই চৰিত্র নষ্ট হলে অথাই সাগৰত পৰিবি পখিলা ৷ অথাই সাগৰত ৷ তই লাহে লাহে ডাঙৰ হৈ আহিছ ৷ বাচি খাবি, জাগি শুবি পখিলা ৷  সংসাৰখন বৰ জটিল অ পখিলা ৷ সংসাৰ ইমান জটিল বুলি ময়ো ভবা নাছিলোঁ জান৷ চাচোন, এতিয়া কেনে মেৰপাকত পৰি ককবকাই আছে প্রতিজন মানুহেই ৷ তোক মই চাকনৈয়াত পৰিবলৈ নিদিওঁ পখিলা ৷ ভাল লৰা এটা চাহ তোক মই বিয়া দিম ৷ তোক মৰম কৰা, তোক ভালপোৱা, তোৰ হৈ থকা মানুহ এটা তোক মই বাছি বাছি আনি দিম পখিলা ৷ তই মাথোঁ নিজে একো গণ্ডগোল নকৰিবি ৷ মোৰ তেতিয়া দিগদাৰ হব পখিলা ৷ তই বুজিছ নহয় পখিলা, মই  কি কব খুজিছোঁ ৷

পখিলাই বুজি পায় ৷ তাই মিচিককৈ হাঁহি এটা মাৰে ৷  বাইদেৱে ইমান ভাল পায় তাইক ৷  সঁচাই এই মানুহগৰাকী অলপ বেলেগ ধাতুৰে গঢ়া ৷ ইমান ভাল পায় মানুহক ৷ ইমান কৰিব পাৰে মানুহৰ বাবে এনে এগৰাকী মানুহক চাগে নিজৰ গিৰীয়েক মানে দাদাই চাগে কম ভাল পায়নে কিমান ধুনীয়াকৈ বুজি পায় চাগে বাইদেউৰ মনটো আৰু অন্তৰখন ৷ পখিলাই জানিছিল দাদা– বাইদেউৰ প্রেম বিবাহ আছিল ৷ ঠিক টিভিত দেখাৰ দৰেই ৷ চিনেমাত দেখাৰ দৰেইনে ৷ তাই নাজানে ৷

*******

জটিলতাত পৰিবলৈ নিদিওঁ বুলি কথা দি এক জটিল পৰিস্থিতিত তাইক পেলাই থৈ বাইদেউ গুচি গল ৷ শক্তিশালী সময়ৰ নির্দেশ মানি৷ কৰবালৈ ৷ ৰাতি ৰাতি সপোনত আজিও দেখে তাই  বাইদেউক ৷ উচুপি উঠে পখিলা ৷ এয়া কি মায়া বাইদেউ কিয় মোক ইমান মুহিলে বাইদেউ কিয় ।

*******

এদিন পুৱা পখিলাই গম পালে বাইদেউহঁতৰ মাজলৈ পলী আহিব ৷ তেতিয়া পৰী তিনি বছৰীয়া ৷ তোমাৰ কষ্ট  হব নেকি  মাজনী আলহী খুৰী মানে বাইদেউৰ মাকে বাইদেউক বুজাইছিলে ৷ চোৱা মা, এতিয়া মোৰ পঁয়ত্রিশ চলি আছে আৰু যদি দেৰি কৰোঁ তেতিয়া হয়তো আৰু এজনক পৃথিৱীলৈ আদৰি আনিব পৰা ক্ষমতাই নাথাকিবগৈ মোৰ  ৷ আৰু এওঁৰো ইচ্ছা ৷ এইবাৰ যদি ৷ তোমালোকে মোক শুভেচ্ছা জনোৱা মা ৷  চাবা মা, মই সকলো অনায়াসে পাৰ কৰি যাম ৷ আৰু পখিলা আছে নহয় ৷ তাই সহায় কৰিব নহয় মোক ৷ নে কি কৱ পখিলা কি কব পখিলাই৷ বাইদেউৰ কথা তাই না  কৰি পোৱা নাই ৷ না কৰিব নোৱাৰে তাই ৷ হব বাইদেউ আপুনি যি কয়, মই সকলো কৰিম আপোনাৰ বাবে ৷ সকলো ৷

সঁচা পখিলা ৷

সঁচা বাহদেউ ৷

*******

দিনবোৰ বাগৰি থাকিল ৷ কণমানি পৰী এতিয়া স্কুল যায় ৷ বাইদেৱে পলীক গর্ভত লৈ কলেজলৈ অহা–যোৱা কৰে ৷ আগৰ দৰেই সমস্ত কাম কৰে ৷  তাইক মুঠেই একো কৰিবলৈ নিদিয়ে ৷ পৰীক পপুৱায়৷ তাইক পপুৱায় ৷

তদুপৰি তাই ভালপোৱা কিতাপ আনি দিয়ে ৷ ফুৰাবলৈ নিয়ে ৷ পৰীৰ লগত খেলে৷ আৰু লিখে পঢ়ে ৷

ইয়ালে আহোঁতে পখিলাই কৰ চুককেহটাৰ বাহিৰে বাকী সকলো সময়ৰ চক্রান্তত পৰি পাহৰি পেলাইছিল ৷ এতিয়া তাই সলসলীয়াকৈ অসমীয়া– ইংৰাজী পঢ়িব পাৰে ৷ তাই ইয়ালৈ আহোঁতেই বাইদেৱে তাইক গধূলিৰ বিশেষ  স্কুল এখনত নামো লগাই দিছিলে ৷ পিছে তাইহে মন নকৰিলে ৷ স্কুললৈ যোৱাতকৈ তাইৰচোন বাহদেউ ওচৰত পঢ়িয়েই ভাল লাগে ৷

পলী গাত থকাৰ সময়তেই বাইদেউৰ এটা নতুন নিচা লাগিলে৷ লিখা– মেলা কৰাৰ নিচা ৷ ইমানবোৰ দায়িত্বৰ পিছতো সময় উলিয়াই বাইদেৱে জাপে  জাপে কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলে ৷ হাতত কলম উঠাই ললে আৰু খুউব কম দিনৰ ভিতৰতেই মানে পলীৰ দুবছৰীয়া জন্মদিনৰ সময়লৈ বাইদেউ হৈ পৰিল এগৰাকী বিশিষ্ট কবি, লেখিকা, গল্পকাৰ আৰু অনুবাদক ৷ তাইৰ মনত আছে বাইদেৱে এদিন নিজে কৈছিলে, আচলতে কি জান পখিলা, কবিতা, গল্প বা অন্য বিষয়তকৈ অনুবাদহে মোৰ অধিক প্রিয় ৷ জীৱনক অনুবাদ কৰা সহজ নহয় ৷ চাচোন, মই কেনেকৈ অনুবাদ কৰি পেলালোঁ মোৰ দুখ মোৰ সৃষ্টিলৈ আৰু  বাইদেউ মনে মনে ৰল ৷ প্রথমবাৰলৈ বাইদেউৰ মুখত দুখৰ নাম শুনি পখিলা থতমত খাই ৰল ৷ পখিলা ব্যাকুল হৈ পৰিল কি দুখ বাহদেউৰ কি দুখ ইমান ধুনীয়া এখন সংসাৰ, স্বামী আৰু সন্তান থকাৰ পিছতো কিহৰ দুখ বাইদেউৰ ৷ তাই একো নুসুধিলে ৷ অজানিতে পখিলাৰ ওচৰত ধৰা পৰি যোৱাৰ ভয়ত বাহদেৱে ফোনটো উলিয়াই ললে ৷ পৰী–পলী তেতিয়া টোপনিত ৷ বাহিৰত দাদাৰ গাডীৰ শব্দ৷ পখিলা ওলাই গল ৷ বাইদেৱে বিছনাত বাগৰ দিলে, মূৰটো পেলায় ৷

*******

পখিলাৰ মনটো উচপিচাই থাকিল ৷ সকলোকে আপোন কৰি লব পৰা মানুহগৰাকীৰ, জীৱনক ইমান ভালপোৱা মানুহগৰাকীৰ কিহৰ ইমান দুখ থাকিব পাৰে পখিলা এতিয়া ওঠৰ–ঊনৈশ বছৰীয়া৷ এতিয়া তাই বুজিব পাৰে নাৰী মনৰ ভিতৰছোৱা ৷ তাই মনতে ঠিক কৰি পেলালে ৷ তাই বাইদেউৰ দুখ দূৰ কৰিব ৷ দুখৰ উৎস উলিয়াব আৰু সেই উৎসক বাইদেউৰ সুখলৈ পৰিৱর্তন কৰিব ৷ পখিলাৰ অনুসন্ধিৎসু মনে এদিন সকলো কথা আৱিষ্কাৰ কৰি পেলালে ৷ তাই শিলপৰা কপৌৰ দৰে থৰ হৈ হল ৷ হাঁহি–মাতি থকা বাইদেউৰ দুখৰ কাৰণ আন কোনো নহয় দাদাৰ প্রতিটো কামৰে প্রেৰণা বাইদেউৰ দুখৰ কাৰণো দাদা ৷ ই কেনেকৈ সম্ভৱ ।

পখিলাৰ হাতত এখন সৰু ডায়েৰী ৷ নাম আত্মগাথা ৷ ওপৰত বাইদেউৰ হাতৰ আখৰ ৷

*******

পখিলা যিদিনা বাইদেউৰ ঘৰলৈ আহিছিল সেইদিনাই আলহী খুৰীয়ে বাইদেউৰ কথা মতেই তাইৰ ভনীয়েক দুজনী আৰু ভায়েকটোক অনাথ আশ্রম এখনত থৈ আহিছিলগৈ ৷ পখিলা তয়ো থাকিবি নেকি তাহাঁতৰ লগত তাই অহাৰ কেইদিনমান পাছতেহ তাইক সুধিছিলে বাহদেৱে ৷

নাই বাইদেউ, মই নাযাওঁ ৷

আপোনাক এৰি মই  কতো নাযাওঁ বাইদেউ ৷ যাব নোৱাৰোঁ বাইদেউ ৷ পখিলাই মুখ ফুটাই তেতিয়া কব পৰা নাছিল ৷ অনুশোচনাত ভোগে আজিও তাই ৷ কিয় সেহদিনাই কৈ নিদিলে বাইদেউক তাইৰ মনৰ কথা ৷ পিছত দেউতাক ঢুকালে বুলি মাকে ফোন কৰোঁতে তাইক নি ঘৰত বিশ দিন মানৰ বাবে ঘৰত থৈ আহিছিলগৈ বাইদেৱে তাইৰ দুশ কিলোমিটাৰৰ দূৰৰ ঘৰ খনত ৷ আগতেও বাইদেৱে তাইক ঘৰলৈ যাবলৈ কয় ৷ বিহুৱে– পূজাই ৷ নাই পখিলা যাব নোৱাৰে৷ আলহী খুৰী আহিলেই তাই খবৰ লয় মাক–দেউতাকৰ ৷ আৰু মন গলে কৰে এটা ফোন ৷ ছমাহত হয়তো এবাৰ৷ অ জোৰ কৰি পখিলাক মাজে–সময়ে আশ্রমলৈ লৈ গৈছিল বাইদেৱে ৷ দিনটো থাকি আকৌ উভতি আহিছিল সিহঁত ৷

কতো মন বহুৱাব নোৱাৰে পখিলাই বাহদেউ নহলে ৷ কলেজলৈ যাওঁতে কিমানবাৰ যে ফোন কৰে তাই বাইদেউকলৈ ৷ মাকৰ লগত কথা পাতোতেও কেৱল বাইদেউৰ কথাই ৷ বাইদেৱে অমুক কৰে, বাইদেৱে তমুক কৰে ৷ কেৱল বাইদেউ আৰু বাইদেউ ৷ এই দেখোন সকলোতে আপোনাকেই দেখে ৷ চৌবিবশ ঘণ্টাই  কেৱল আপোনাৰ নামৰে ই মালা জপেচোন তাই ৷ পখিলাক আনিবলৈ যাওঁতে তাইৰ মাকে বাইদেউক কোৱা শেষ কথা আছিল সেয়া ৷ বাইদেৱে পখিলাক মাকৰ লগতে থকাৰ কথা কৈছিল ৷ নাই পখিলাৰ পাখি দুখন বাইদেউ ৷ তাই নোৱাৰে নিজৰ পাখি দুখন এৰি থাকিব ৷ মই মাক আশ্রমতেই থম বাইদেউ৷  ভাইটিহঁতৰ লগত ৷ মাও সুখী হব ৷ ময়ো

বাৰু, বল পখিলা ৷ তোৰ লগত বহুত কথা আছে ৷ তোৰ বাবে ৰাজকুমাৰ এজন চাবলৈ যো–জা কৰিছোঁ অ পখিলা ৷

*******

পখিলা ঘৰৰ পৰা আহি পোৱাৰ কেইদিনমান পিছতেই পৃথিৱীত আৰম্ভ হৈছিল এক ভয়ানক ৰোগৰ৷ অচিন এই ৰোগটোৱে সকলোকে গিলি গৈছিল ৷ গোটেই পৃথিৱী ভয়ত থৰহৰে কঁপিছিল ৷ কা আন্দোলনৰ বিষম পৰিস্থিতিৰ পিছতেই আৰম্ভ হৈছিল এই অচিন ৰোগৰ সংক্রমণ ৷ সকলো ঘৰৰ ভিতৰত আবদ্ধ ৷ গৃহবন্দী৷ স্কুল–কলেজ, অফিচ–কাছাৰী সকলো বন্ধ ৷ স্তব্ধ হৈ পৰিল জীৱন গতি ৷ তাৰ মাজতো কিন্তু একে গতিতেই চলি থাকিল বাইদেউৰ কাম–কাজ ৷ লিখা–মেলা বিচাৰি বহুতেই ফোন কৰে ৷ বিশেষকৈ অনুবাদৰ বাবে ৷ দিনত সময় মিলাব নোৱাৰে বাইদেৱে ৷ ৰাতি বাইদেউৰ ৰুমৰ লাইট জলি থাকে ৷ বাইদেৱে লিখি থাকে–পঢ়ি থাকে ৷ পুৱা তিনিটা–চাৰিটা মানত বাইদেউ শোৱে ৷ কেতিয়াবা এঘণ্টা ৷ কেতিয়াবা দুঘণ্টা ৷ তাৰ পিছত একেদৰেই সোনকালেই উঠি কাম–বন কৰি লিখা–মেলাত ব্যস্ত হয় বাইদেউ ৷ আঠ মান বজাত পৰী–পলীহঁতে সাৰ পায় ৷ তেতিয়ালৈ বাইদেউৰ আৰু তাইৰ দুবাৰ চাহ খোৱা হয় ৷ আজিকালি বাইদেউৰ ব্যস্ততা আৰু বাঢ়িল ৷ পৰীৰ লগতে পলীকো পঢ়ুৱাব লাগে ৷ দুয়োৰে অনলাইন ক্লাছ ৷ নিজৰ ক্লাছ ৷ সকলো ঠিকে– ঠাকে থকা হলে পলীও এইবাৰ স্কুললৈ গল হয় ৷ কিন্তু এই কৰোনাই সকলো শেষ কৰি দিলে সকলো৷

*******

আজিৰ পৰা চাৰি বছৰৰ আগৰ সেই দিনটো কেতিয়াও নাপাহৰে পখিলাই ৷ পাহৰিব নোৱাৰে পখিলাই ৷ এটা বছৰ ঘৰতে থকাৰ বাবে ওজন বাঢ়িছিল বাইদেউৰ ৷ ছুগাৰো ববাৰ বাবে পুৱা খোজ কাঢ়িবলৈ যোৱাৰ বাহিৰে  কতোৱেই ওলাই যোৱা নাছিল বাইদেউ ৷ বজাৰৰ পৰা অনা বস্তু এটা এটাকৈ ধুইছিল নিজে ৷ কিন্তু তাৰ মাজতেই কোনোবা ফাঁকেৰে বাইদেউৰ শৰীৰত প্রৱেশ কৰিলে কভিড নাইনটিনৰ ভয়াৱহ বীজাণুৱে৷ প্রথমে ৰ তাৰ পিছত টেষ্ট ৷ কৰোনা ৷ বাইদেউৰ কৰোনা ৷ আৰু মাত্র পাঁচ দিন মাত্র পাঁচ দিনৰ ভিতৰতে সুলকি পৰিল পখিলাৰ পাখি ৷ বাইদেৱে ঘূৰি নহা দেশলৈ কৰিলে অনন্ত যাত্রা ৷  কি পৰিৱেশ হৈছিল ঘৰখনৰ মানুহ ভালপোৱা মানুহগৰাকীক শেষ বিদায় জনাবলৈ কোনোৱেই যাব নোৱাৰিলে ৷ আনকি পৰী–পলীও ৷ আনকি তায়ো ৷ কেনেকৈ যে চম্ভালি লৈছিল নিজকে পখিলাই কেনেকৈ  যে চম্ভালি লৈছিল সকলোকে পৰী–পলীৰ চকুলৈ চাব পৰা নাছিল তাই ৷ অনবৰতে দুৱাৰমুখত ৰৈ চাহ থাকে পদূলিলৈ ৷ মা কেতিয়া আহিব পখিলা বা, কোৱানা বা কোৱাচোন  মায়ে খুৱাই দিলেহে খাম বুলি, মায়ে গলেহে যাম বুলি ঠেহ পাতি থকা পৰী–পলীহঁতে এবছৰ মান পিছত বুজি ললে যে মাক হয়তো আৰু কেতিয়াও নাহে ৷ যেনেদৰে এদিন পখিলাই বুজি পাইছিল  দেউতাকে প্রথমবাৰলৈ তাহাঁতক এৰি যাওঁতে ৷ এতিয়া তাই ভালদৰেই বুজিব পাৰে পৰী–পলীৰ মনৰ অৱস্থা ৷ পখিলা ভাগি পৰে ৷ দুয়োজনীৰ অন্তঃজগতখনত বিচৰণ কৰে, তাহাঁতৰ দুখ উপলব্ধি কৰি ৷

*******

পুৱাৰ পৰা ৰাতি শোৱালৈকে পখিলা পৰী–পলীৰ লগৰী হৈ পৰিছিল ৷ আগতকৈও বেছি ৷ লাহে লাহে দুয়োজনী অলপ সুস্থিৰ হল ৷ সুস্থিৰ হৈ পৰিল পৃথিৱীও ৷ স্কুল–কলেজৰ লগতে জীৱনো আকৌ আগৰ দৰে ব্যস্ত হৈ  পৰিল ৷ ব্যস্ত হৈ পৰিল দাদাও ৷ ফোনত ৷ মাথোঁ বাইদেউৰ স্মৃতিৰ মাজত অকলেই থাকি গল পখিলা ৷ থাকি গল বাইদেউ হোৱাৰ প্রস্তুতিৰ মাজত ৷

কিন্তু তাই পাৰিব জানো বাইদেউ হব

*******

হহঁতি দুজনীৰ বাবেই তুমি আকৌ বিয়া কৰোৱা দুষ্যন্ত ৷ আলহী খুৰীয়ে দাদাক ফোনতে কোৱা কথাষাৰ শুনি থৰ হৈ পৰিল পখিলা ৷ দাদাকে কি উত্তৰ দিয়ে তাকে শুনিবলৈ তাই বাট চালে৷ নাই একো নকলে তেখেতে ৷ এনেয়ো বৰ কম কথা কয় মানুহজনে৷ অলপ গহীন হৈ ফোনটো থৈছোঁ বুলি  আঁতৰি গল দাদাক তাৰ পৰা ৷

যি দুখ বুকুত বান্ধি এখন সুখৰ সংসাৰ ৰচিছিল বাইদেৱে, সেই সংসাৰত অন্য এগৰাকীৰ প্রৱেশ তাই মানি লব নোৱাৰে ৷ এইখন বাইদেউৰ আৰু বাইদেউৰ ঘৰেই হৈ থাকিব ৷ পখিলা আগুৱাই গল দাদাকৰ ৰুমৰ ফালে ৷

দাদা, আপুনি কি ভাবিলে কথাটো

কোনটো কথা

অথনি আলহী খুৰীয়ে কোৱা কথাটো৷ পখিলাই আলহী খুৰী বুলিয়েহ কয় বাইদেউৰ মাকৰ কথা ৷

মই

আপুনি নোৱাৰে দাদা, আপুনি আন কাকো এই ঘৰত আনি সুমুৱাবহি নোৱাৰে ৷ মই থকালৈকৈ ৷

পখিলা

তই কেনেকৈ থাকিবি আমাৰ লগত ৷ কিমান দিননো আৰু ৰাতি ৰাতি তোক ৰখিবলৈ আহিব মালতী বাই ৷ আৰু লাহে লাহে তোৰো বিয়াৰ কথা ভাবিবৰ হল ৷ বাইদেৱে অলপ আগুৱাইছিলেই কথাবোৰ ৷ পিছে কৰোনাই  আধাতে ৰৈ গল দাদা ৷

মই বিয়া নহওঁ দাদা ৷

বিয়া নহলেও তই কেনেকৈ থাকিবি এইখন ঘৰত তয়ো আশ্রমলৈকে যাগৈ যা পখিলা ৷

আশ্রমলৈ, পৰী–পলীক, আপোনাক এনেদৰে এৰি থৈ মোৰ বাবে এইখনেই আশ্রম দাদা ৷ বাইদেউৰ আশ্রম ৷ বাইদেউবিহীন পখিলা নামৰ অনাথৰ বাবে এই আশ্রমেই শ্রেষ্ঠ আশ্রম৷ পুণ্য আশ্রম ৷

আৰু দাদা, মই বহুত কথাই জানো৷ আপোনাৰ আৰু বাইদেউৰ মাজৰ বহুত কথাই জানো মই ৷ পৰীৰ জন্মৰ পিছত অলপ অলপকৈ আৰম্ভ হৈ  পলীৰ জন্মৰ  পৰাই যে আপোনালোকৰ মাজত স্বামী–স্ত্রীৰ একো সম্পর্কই নাছিল সেই কথা মই জানো ৷ আপুনি পুত্র সন্তান বিচাৰিছিল দাদা পালে পৰীক ৷  পুত্রৰ আশাত আকৌ পালে পলীক ৷ আপুনি উদাসীন হৈ পৰিল ৷ আপোনাৰ উদাসীনতাই বাইদেউক মানসিকভাৱে অশান্ত কৰি তুলিছিল ৷ ৰাতি ৰাতি টোপনি খতি কৰি লিখা–মেলা কৰি, দিনটো অলপ জিৰণি নোলোৱাকৈ যি শাস্তি বাইদেৱে নিজক দিছিল, সেই শাস্তিয়েই বাইদেউক দুর্বল কৰি তুলিছিল ৷ আৰু তাৰে সুযোগ ললে কৰোনাই ৷ আৰু বেলেগক মই এই সুযোগ দিব নোৱাৰোঁ দাদা ৷ আপুনি উদাসীন হৈয়ে থাকক দাদা, মাথোঁ মোক প্রদান কৰক হহঁত দুজনীৰ মাকৰ স্বীকৃতি ৷

পখিলা, কি কৈছ এইবোৰ তই ৷

অ দাদা, মই  ঠিকেই কৈছোঁ ৷ বাইদেউৰ স্মৃতিয়েই হব মোৰ আত্মগাথা ৷  পখিলাৰ আত্মগাথা আৰু আৰু বাইদেউৰ সংসাৰখনেই মোৰ জীৱন ৷ মই  বাইদেউক কথা দিছিলোঁ দাদা৷ মই বাইদেউক কথা দিছিলোঁ ৷

ফোনঃ ৮৮২২৯-৪৩০৬৪

You might also like
Leave A Reply

Your email address will not be published.