অব্যক্ত শিহৰণ

প্রত্যেকেই নিজৰ ধর্ম–কর্ম বজাই নিজৰ নিজৰ সাজ–পাৰ পিন্ধে,

অব্যক্ত শিহৰণ

এলি আহমেদ

মাজনিশা অৰুণিমা বৰুৱাই তলৰ ভাডাঘৰকেইটাৰ মানুহখিনিৰ চিঞৰ–বাখৰত সাৰ পাই বিছনাৰ পৰা নামি দুৱাৰখন খুলি তিনিমহলীয়া বাৰাণ্ডাৰ পৰা তললৈ চাই পঠিয়ালে৷ এন্ধাৰ নিশা৷ অৰুণিমা বৰুৱাই খুঁটাটোৰ ছুইচ বর্ডখনৰ ছুইচটো অন কৰি চোতালৰ সোঁমাজত পুুতি থোৱা খুঁটাটোত ওলমি থকা লাইটটো লাই বাৰাণ্ডাৰ ৰেলিংডালত পেটটো হেঁচা মাৰি লগাই তললৈ চাই কলে

ঃ এই নিশা তোমালোকৰ কি হৈছে, ইমান চিঞৰ কিয় চিঞৰ–বাখৰ মোৰ ভাল নালাগে৷ নিজৰ নিজৰ কোঠালৈ যোৱা৷
এনেতে কোনোবা এগৰাকীয়ে কলে
ঃ বাইদেউ, চালেহাক আপোনাৰ ঘৰলৈ লৈ যাওক৷ মাকে চালেহাক ঘৰত সোমাবলৈ দিয়া নাই৷ মাকে চালেহাক উধাই–মুধাই গালি পাৰিছে৷ ঘৰৰ পৰা উলিয়াই দুৱাৰ মাৰি ঘৰৰ ভিতৰত সোমাই গল৷
অৰুণিমা বৰুৱাই মানুহৰ জুমৰ মাজত চালেহাক চিনি পাবলৈ চেষ্টা কৰি ডাবিৰ সুৰত কলে
ঃ তাত থিয় হৈ ৰৈ আছ কিয় ওপৰলৈ উঠি আহ৷
চালেহাই খটখটিকেইটা খুব ধীৰে–স্থিৰে বগাই আহি ওপৰ পালেহি৷ অৰুণিমা বৰুৱাই খুলি থোৱা দুৱাৰখন বন্ধ কৰি ভিতৰলৈ সোমাই অৰুণিমা বৰুৱাৰ কোঠা পালেহি৷ অৰুণিমা বৰুৱাই ইতিমধ্যে বিছনাত শুই চকু দুটা মুদি মুদিয়েই কলে
ঃ এই ৰাতিখন তই কৰ পৰা আহিলি তই কলৈ গৈছিলি
চালেহাই মুখেৰে একো নামাতিলে৷ অৰুণিমা বৰুৱাই কলে
ঃ কিবা খাই আহিছ নে নাই নাই খোৱা যদি পাকঘৰলৈ যা, যি আছে খাই লগৈ৷
অৰুণিমা বৰুৱাই শুই শুয়েই নিজৰ কোঠাৰ লাইটৰ ছুইচ অফ কৰি কলে
ঃ মাৰৰ কোঠাৰ লাইটটো লাই তাতে শুই থাকগৈ৷ আজি মাৰ ওপৰলৈ নাহে৷ তোৰ আববাৰ ফালৰ কোনোবা আহিছে৷ অসুখ দেখুৱাবলৈ৷ মাৰ তেওঁলোকৰ লগত তলৰ ঘৰটোতে আছে৷ অৰুণিমা বৰুৱাই মাকক তলত এটা ঘৰ দিছে৷
অৰুণিমা বৰুৱাৰ কথাখিনি শুনি শুনিয়েই চালেহাই কোঠাটোলৈ সোমাই গল৷ বহুত পুৰণা স্মৃতি চকুত ভাহি পৰিল চালেহাৰ৷ চালেহা কেঁচুৱা থাকোঁতেই পিতৃহাৰা হয়৷ বিধৱা মাক শ্বৰিফাক অৰুণিমা বৰুৱাই ঘৰৰ পৰা আনি লগত ৰাখিলেহি৷ অৰুণিমা বৰুৱা আৰু চালেহাহঁতৰ পৰিয়ালটো একেটা চৌহদত থকা দুখন ঘৰ৷ চালেহাহঁত আজোককাকৰ উপৰিপুৰুষৰ পৰিয়ালটোৰ অৰুণিমা বৰুৱাৰ আজোককাকৰ আজোককাক ওপৰ পুৰুষৰ কোনোবা এজনে খেতি–বাতিৰ কামত লগাই চালেহাহঁতৰ পৰিয়ালটোক নিজৰ কৰি লৈছিল৷ তেতিয়াৰে পৰা এতিয়ালৈকে একেটা চৌহদতে দুখন ঘৰ৷ যেন দুয়োখন ঘৰ দুয়োখন ঘৰৰ পৰিপূৰক৷
অৰুণিমা বৰুৱাই চাকৰিৰ বদলিসূত্রে গুৱাহাটীলৈ আহিবলগীয়া হোৱাত বৰ অকলশৰীয়া অনুভৱ কৰিলে৷ এগৰাকী নিজৰ মানুহৰ বৰ প্রয়োজন অনুভৱ কৰিলে৷ স্বামীৰ মৃত্যুৰ পিছত কণমানি চালেহাক লৈ শ্বৰিফা মাকহঁতৰ ঘৰতে আছিল৷ একেটা চৌহদতে থকা শ্বৰিফাক দুয়োখন ঘৰে অৰুণিমাৰ লগতে থাকিবলৈ পঠিয়াই দিলে৷ সেই দিন ধৰি শ্বৰিফা অৰুণিমা বৰুৱাৰ ঘৰতে আছে৷ কোনো হীন ভাব নাই৷ কোনো ৰাগ–জাল নাই৷ নকলে চিনি নোপোৱা দুটা সম্প্রদায়ৰ এই মানুহ দুগৰাকী এটা টকাৰ দুটা পিঠি৷ চালেহা হল কেন্দ্রবিন্দু৷ চালেহাক পপাই–শুনাই শিক্ষিত কৰি গিি তোলাৰ ক্ষেত্রত অৰুণিমা বৰুৱাৰ সচেতনতা মন কৰিবলগীয়া৷ অবিবাহিতা অৰুণিমা বৰুৱাই মাতৃত্বতকৈ অধিক দায়িত্ব বহনেৰে চালেহাৰ পপা–শুনাৰ যতন লোৱা দেখি কেতিয়াবা শ্বৰিফাই চালেহাক সকীয়াই থাকে ভালকৈ পপা–শুনা কৰি অৰুণিমা মাহীৰ মনত শান্তি দিবলৈ৷
বৰ অশান্তিত বিছনাখনত পিঠিটো পেলাই চালেহাই কথাবোৰ ভাবিলে৷ ভাবিলে তাই পুৱা মাকৰ আগত কেনেকৈ মুখামুখি হব৷ অৰুণিমা আইতাক নোকোৱাকৈ তাই কেনেকৈ ইমান এটা ডাঙৰ কাম কৰিলে এই দুগৰাকী সৎ মানুহৰ আগত চালেহাই ইমান কথা কেনেকৈ লুকুাই থলে
অলেখ প্রশ্ণৰে চালেহাৰ মূৰটো ভৰি পৰিল৷ মাক শ্বৰিফাই চালেহাৰ প্রতিটো কথাতে মাত মাতে৷ প্রতিটো খোজতে সন্দেহ কৰে৷ কিন্তু অৰুণিমা বৰুৱাক কথাবোৰ কবলৈ সাহ নকৰে৷ হেজাৰ হওক শ্বৰিফাৰ এটা নীচাত্মক ভাব থকাটো স্বাভাৱিক৷
পিি থকা কিতাপখনৰ পৰা মূৰটো দাঙি অৰুণিমা বৰুৱাই কৈছিল
ঃ তাই শিক্ষিতা ছোৱালী, তাই ভুল নকৰে৷
শ্বৰিফাই চালেহাৰ শিক্ষাৰ পৰিমাণটো বুজি উঠি কৈছিল
ঃ বহু শিক্ষিতা ছোৱালীয়ে ভুল কৰে৷
শ্বৰিফাৰ কথাত অৰুণিমা বৰুৱাই কলে
ঃ ভুল নকৰিলে শুদ্ধ হবলৈ শিকিব কেনেকৈ
শ্বৰিফাই কলে
ঃ তাই কুতুব নামৰ লৰা এটাক ভাল পায়৷
ঃ পাব পাৰে, গাভৰু ছোৱলী৷ তাই মোক কৈছে৷
অৰুণিমা বৰুৱাই কিতাপৰ পাতখিলা লুটিয়াই শ্বৰিফালৈ চালে৷ শ্বৰিফাই পকাতে বহি কলে
ঃ লৰাটোক আমি জানিব লাগিব, চাব লাগিব৷
ঃ নালাগে৷ আমি এতিয়া লৰা চাই, জানি একো লাভ নাই৷ তাই পপা–শুনা কৰা ছোৱালী, তাইৰ বাছনি ভুল নহয়৷ তাই এজন লৰাক ভাল পায়, সেয়াই যথেষ্ট৷ মই অতি শীঘ্রে চালেহাৰ বিয়াখন পাতি দিম৷ সমস্যা লৈ জীয়াই থাকিবলৈ মই ভাল নাপাওঁ৷ তই মন বান্ধ শ্বৰিফা, দুখ নকৰিবি৷ চালেহাৰ জীৱনটো গতি লাগক৷ লৰাই ভাল ব্যৱসায় কৰে৷ দেখাত ধুনীয়া, শিক্ষিতও৷ মই কুতুবক বেয়া পোৱা নাই৷
অৰুণিমা বৰুৱাই ঘৰলৈ গৈ বৰ ধুমধামেৰে বয়–বস্তু, আ–লংকাৰ দি ৰাইজক ভোজ–ভাত খুৱাই চালেহাৰ বিয়াখন পাতিলেগৈ৷ গাঁৱৰ ৰাইজে অৰুণিমা বৰুৱাক শলাগিলে৷ খুব কম কথা কোৱা কুতুবুদ্দিনে হাঁহি হাঁহিয়েই সকলোকে সম্ভাষণ জনালে৷ গাঁৱৰ ৰাইজে কুতুবুদ্দিনৰ ধর্মীয় নিয়ম–নীতিবোৰ শলাগিলে৷
শ্বৰিফাৰ কিন্তু মন মুকলি নহল৷ শ্বৰিফাই কুতুবুদ্দিনক কোনোমতে সহজভাৱে লব নোৱাৰিলে৷ কুতুবৰ প্রতিটো কথা আৰু কামত শ্বৰিফাৰ সন্দেহ ভাব এটা আহি পৰে৷ কুতুবুদ্দিনৰ কোনো কথাই বুজি নাপায়৷ কুতুবুদ্দিনৰ পৰিয়ালৰ কোনো মানুহৰ লগতে চা–চিনাকি নোহোৱাকৈ হৈ যোৱা বিয়াখন একপক্ষীয় বিয়া যেন লগা হল৷ শ্বৰিফাই ভাবিলে, কুতুবুদ্দিনে চাগে ঘৰৰ অমতত চালেহাক বিয়া কৰাইছে৷ এয়া হলেতো চালেহা স্বামীৰ পৰিয়ালৰ পৰা সদায়েই বঞ্চিত হৈ থাকিব৷
আৰু বহুত কথা ভাবিলেই শ্বৰিফাই৷ কুতুবৰ লগত কথা–বতৰা পাতি ভাল নাপায় শ্বৰিফাই৷ মাত–কথাবোৰ বুজি নাপায়৷ শ্বৰিফাই তেনেকুৱা ভাষা কোনোদিনেই শুনা নাই৷ অৰুণিমা বৰুৱাই শ্বৰিফাক বুজায়
ঃ তইনো কিমান বাহিৰলৈ ওলাইছ পৃথিৱীত কিমান ভাষা আছে৷ আমাৰ উজনিৰ পৰা নামনিলৈ কিমান যে থলুৱা ভাষা আছে৷ আমি প্রতিটো ভাষাকে সন্মান জনাব লাগে৷
অৰুণিমা বৰুৱাৰ কথা শুনি শ্বৰিফাই ভাবিলে, এদিন কুতুবুদ্দিনক অৰুণিমাৰ ওচৰলৈ আনি কথা পতাই দিব লাগিব৷ কিন্তু সেয়া নহলগৈ৷ বিয়াৰ পিছত গাঁৱৰ পৰা আহিয়েই কুতুবুদ্দিনে চালেহাক লৈ ভাডাঘৰলৈ গল যি গলেই, কুতুবুদ্দিন নহাই হল৷ চালেহাও খুব কম অহা হল৷ চালেহা বৰ ব্যস্ত হৈ পৰিল৷ চালেহাৰ আগৰে পৰা প্রতিবাদী মন এটা আছিল৷ সুক্ল–কলেজত পপা দিনৰে পৰা চালেহাই অসমীয়া ভাষা–সাহিত্য, কলা–সংসৃক্তিৰ সপক্ষে মাত মাতি আহিছে৷ তাৰ ৰক্ষা–প্রতিৰক্ষাৰ বাবে মাত মাতি আহিছে৷ সাজে–পোছাকে চালেহা এগৰাকী নিখুঁত অসমীয়া গাভৰু হৈ এতিয়া বোৱাৰীৰ জীৱন–যাপন কৰিছে যদিও চালেহা ৰৈ থকা নাই৷ এন আৰ চিৰ কামত ঘূৰি ঘূৰি দেশৰ পৰা বিদেশী বহিষ্কাৰৰ বাবেও যথেষ্ট কাম কৰিছে, মাত মাতি আহিছে৷ চালেহা এতিয়া এগৰাকী আদর্শ মহিলা৷ সভাই–সমিতিয়ে চালেহাৰ বত্তৃণতা শুনি মানুহে বিদেশী খেদা আন্দোলনৰ বাবে উত্রাৱল হৈ পৰিছে৷
এনে ব্যস্ততাৰ মাজতে হঠাতে এদিন চালেহা আহি মাকক কলেহি, কিছুদিনৰ বাবে তাই বয়–বস্তু লৈ আহি মাকৰ ঘৰতে থাকিবহি৷ ঘৰৰ মালিকে তাত এটা ফ্লেট সাজিব৷ নতুন ভাডাঘৰ এটা পোৱা নাই, পালে যাবগৈ৷
শ্বৰিফাই হা–না কিবা কোৱাৰ আগতেই সকলো বয়–বস্তু লৈ আহি চালেহা মাকৰ ঘৰত সোমালেহি৷ মাকে খৰখেদাকৈ অৰুণিমা বৰুৱাক কলেগৈ৷
অৰুণিমা বৰুৱাই কলে
ঃ এইটোনো সুধিবলগীয়া কথানে সেইটো তোৰ ঘৰ৷
ঃ নহয় মানে, উলিয়াই দিয়া ছোৱালীয়ে ভাৰে–ভেটিয়ে আকৌ আহি ঘৰত থাকিবলৈ লোৱা কথাষাৰ ভাল নহয়৷
ঃ এইটোনো কি বেয়া কথা৷ চালেহাৰ কিবা অসুবিধা হৈছে৷ সুবিধা হলে যাবগৈ নহয়৷ তোৰনো কি অসুবিধা হব৷ তই ওপৰলৈ গুচি আহ৷
শ্বৰিফা সদায় অৰুণিমাৰ লগত ওপৰ মহলাতেই থাকে৷ সেই সময়ছোৱাত দেশৰ পৰা বিদেশী খেদাৰ ঘোৰ আন্দোলন চলিল৷ চালেহাৰ ৰাতি–দিন একে হল৷ কুতুবুদ্দিল ধলপুৱাতেই ওলাই গৈ নিশা এপৰত ঘৰলৈ অহা হল৷ দুয়োৰে ব্যস্ততা শ্বৰিফাই অৰুণিমা বৰুৱাৰ ওপৰ মহলাৰ পৰা চাই থাকে৷ সিহঁত দুয়ো ঘৰ নোসোমোৱালৈকে শ্বৰিফা বেগমে আগফালৰ দুৱাৰখন নামাৰেই৷ তলৰ ভাডাঘৰৰ ভাডাতীয়াই চালেহাক দেখিলেই তলমূৰ কৰে৷ ঘৰত সোমাই পৰে৷ কুতুবুদ্দিনক দেখিলে ৰ লাগি চায়৷ ভাডাঘৰকেইটাত বিভিন্ন ঠাইৰ ভাষা–ভাষীৰ লোক আছে৷ প্রত্যেকেই নিজৰ ধর্ম–কর্ম বজাই নিজৰ নিজৰ সাজ–পাৰ পিন্ধে, নিজৰ খাদ্য খায়, নিজৰ ভাষাৰে কথা পাতি বৰ মুকলিমূৰীয়াকৈ থাকে৷ ঘৰৰ মালিক অৰুণিমা বৰুৱাৰ কোনো বাধ্যবাধকতা নাই৷ অৱসৰৰ পাছত কিতাপ অধ্যয়নেই ধ্যান হৈ পৰিছে অৰুণিমা বৰুৱাৰ৷
এনেস্থলত বাটেদি যোৱা এটা শোভাযাত্রাৰ ধবনিত অৰুণিমা বৰুৱাই বাৰাণ্ডালৈ আহি দেখিলে, সকলোৰে আগত হাতত পতাকা লৈ চালেহাই বিদেশী খেদা আন্দোলনৰ শোভাযাত্রাটো আগুৱাই লৈ গৈছে৷ কুতুবুদ্দিনে ঘৰৰ পিৰালিৰ পৰা এই দৃশ্য চাই চাই হাত জোকাৰি চালেহাক শুভেচ্ছা জনায় আছে, এয়াই প্রেৰণা৷ অৰুণিমা বৰুৱাই কাষতে ৰৈ থকা শ্বৰিফালৈ চাই সুধিলে
ঃ তোৰ ভাল লগা নাই জীয়েৰে ইমান এটা ডাঙৰ আন্দোলনৰ আগ–ভাগ লৈছে, তই অনবৰতে তাইক বেয়া পাই থাক কিয় যা, মোলৈ চাহ একাপ আনগৈ৷
অৰুণিমা বৰুৱাই শোভাযাত্রাটো চায়েই থাকিল৷
চালেহাই শোভাযাত্রাটো আগুৱাই লৈ যোৱা প্রত্যেকটো খোজতে ভাবিলেদেশৰ পৰা বিদেশীহঁতক খেদি পঠাবই লাগিব৷ ইংৰাজৰ দৰে পৰাক্রমী জাতি এটাক শাসনচ্যুত কৰি খেদি পঠোৱা অসমীয়াই কিয় চুৰকৈ, মনে মনে অহা বিদেশীহঁতক খেদি পঠাব পৰা নাই৷ এই প্রশ্ণৰ উত্তৰ চালেহা হব নোৱাৰে৷ ইমান ডাঙৰ ভুল, ইমান ডাঙৰ দেশদ্রোহী কাম চালেহাই কৰিব নোৱাৰে, নকৰে৷
সেইদিনা নিশা চালেহাই কুতুবুদ্দিনৰ বুকুত মূৰ গুঁজি কলে
ঃ তুমি মোক ভুল নুবুজিবা কুতুব৷ মই নিজতকৈ দেশক ভাল পাওঁ৷ দেশৰ বাবে মই সকলো কৰিব পাৰোঁ৷ মৰিবও পাৰোঁ৷ তুমি মোক সহায় কৰা কুতুব৷ মই তোমাক ভাল পাওঁ আৰু ভাল পাওঁ বাবে মই তোমাৰ সতে সংসাৰ কৰি ওৰেটো জীৱন একেলগে থাকিবলৈ বিচাৰিছিলোঁ, নোৱাৰিলোঁ৷ মই নিজক ফাঁকি দিব নোৱাৰোঁ কুতুব৷ মই দেশক ফাঁকি দিব নোৱাৰোঁ৷ মই মোৰ দেশত তোমাক ৰাখিব নোৱাৰোঁ৷ তুমিও মোৰ দেশত থাকিব নোৱাৰা৷ তোমাৰ এখন দেশ আছে৷ তুমি মোৰ দৰে তোমাৰ দেশক ভাল পাবলৈ শিকা৷ তুমি পপা–শুনা জনা শিক্ষিত ডেকা লৰা, তোমাক তোমাৰ দেশৰ প্রয়োজন আছে৷ তুমি তোমাৰ দেশক ভাল পাবলৈ শিকা কুতুব৷ দেশ তোমাৰ মাতৃ, আই৷ আনৰ মাতৃ আনৰ দেশ কেতিয়াও নিজৰ হব নোৱাৰে৷ কিন্তু মনত ৰাখিবা, আমাৰ প্রেম, ভালপোৱা আমাৰেই৷ ইয়াক অৱমাননা নকৰিবা৷ প্রেমে ধর্ম নিবিচাৰে, দেশ–বিদেশ বিচাৰ নকৰে৷ প্রত্যেক দেশৰে সংবিধান আছে৷ সংবিধানবিৰুদ্ধ কাম মই কৰিব নোৱাৰোঁ৷ আমাৰ প্রেম–ভালপোৱা আৰু সংসাৰখন দেশৰ বাবে নিঃস্বার্থ হব লাগিব৷
চালেহাই কুতুবুদ্দিনৰ বুকুত মূৰ গুঁজি অনর্গল কৈ গল কথাখিনি৷ তাৰ পিছত কুতুবৰ হাতখন টানি লৈ চালেহাই নিজৰ মূৰৰ ওপৰত হেঁচা মাৰি ধৰি কলে কোনেও গম নোপোৱাকৈ পুৱাই তুমি যোৱাগৈ তোমাৰ দেশলৈ৷ দেশৰ বিচাৰত তুমি বিদেশী৷ মই মোৰ দেশ এৰি কলৈকো নাযাওঁ কুতুব৷ তুমিয়েই পাৰা যদি আইনৰ সহায় লৈ মোক মাজে–সময়ে চাই যাবাহি৷ মই তোমাৰ হৈয়েই থাকিম৷
চালেহাৰ কথাত এষাৰো মাত নিদিয়াকৈ ধলপুৱাতেই কুতুবুদ্দিন ঘৰৰ পৰা ওলাল নিজৰ দেশলৈ৷ তেতিয়া অৰুণিমা বৰুৱাৰ ঘৰৰ খিৰিকী–দুৱাৰ বন্ধ৷ চোতালৰ ভাডাঘৰবোৰো নিমাত–নিতাল৷ চালেহাই কুতুবুদ্দিনৰ হাতখন ধৰি ধৰি আগুৱাই গৈ থাকিল৷ ইফালে সিফালে চালে, নাই, চহৰৰ ৰাজ অট্টালিকাবোৰৰ দুৱাৰ–খিৰিকী বন্ধ৷ এয়া প্রভাত ভ্রমণৰ বহু আগৰ সময়৷ চালেহা আৰু কুতুব চিনাকি মানুহৰ চকুত নপৰাকৈ বাছত উঠিলগৈ৷
গৈ গৈ বাছখন এক নির্দিষ্ট ঠাইত ৰৈ গল৷ চালেহাই কুতুবুদ্দিনৰ হাতখনৰ আঙুলিকেইটা মুঠি মাৰি ধৰিলে৷ চালেহাৰ নাম লিখা আঙঠিটো চালেহাৰ হাতৰ তলুৱাত সোমাই পৰিল৷ কুতুবুদ্দিনে চালেহাৰ হাতৰ মুঠিৰ পৰা হাতখন আঁতৰাই আনি আঙঠিটো খুলি চালেহালৈ আগববাই দিলে
ঃ কুতুব, তুমি এয়া কি কৰিছা
কুতুবুদ্দিনৰ পৰা আঙঠিটো লৈ পুনৰ কুতুবুদ্দিনৰ আঙুলিত পিন্ধাই দি হাতখনত চুমা এটা খাই চালেহাই হুকহুকাই কান্দি দিলে৷ কুতুবুদ্দিনে চালেহাৰ মূৰত হাতখন থৈ কলে
ঃ আমি যায় চালেহা৷
কুতুবুদ্দিন গৈ নিজৰ দেশৰ মাটিত তচলিম এটা কৰি চালেহালৈ চাই কলে
অলবিদা চালেহা৷
ওৰেটো নিশা কাণত লাগি থকা কুতুবুদ্দিনৰ কণ্ঠস্বৰে চালেহাক হুকহুকাই কন্দুৱাই পেলালে৷ চালেহাই কোঠাটোৰ পৰা ওলাই গৈ ওপৰ মহলাৰ পৰা তলৰ মহলালৈ চালে৷
কুতুবহীন ঘৰটোৰ বাৰাণ্ডাত কুতুবে পুহিবলৈ অনা ভাটৌ চৰাইটো মাত শিকাৰ আগতে সঁজাৰ ফাঁকেৰে উৰি গুচি গল৷

You might also like

Leave A Reply

Your email address will not be published.