বিৰাট ব্যর্থতা

বিশ্বাভিলেখেৰে উজলিল ৰোহিত

লক্ষ্যৰ পিছ লৈ বহু দ্বিদেশীয়, ত্রিদেশীয় তথা গুৰুত্বপূর্ণ খেল জিকাই আনিছে তেওঁ৷ যাৰ বাবে বিশ্ব ক্রিকেট মহলে তেওঁক কিং আখ্যা দিব খোজে৷        নিঃসন্দেহে আজিৰ তাৰিখত তেওঁৰ সমকক্ষ নাই৷ অনাগত দিনত বাৰু সেইটো দিশ বেলেগ ধৰণৰ হব৷ দ্রুতগতিত ৰান কৰাৰ ৰেকর্ডেও তেওঁক খেদি ফুৰিছে, শ্রেষ্ঠ শতকৰ নিচেই ওচৰত তেওঁ৷ অতি কম সময়ৰ ভিতৰত তেওঁ ভাৰতীয় জাতীয় দলৰ অধিনায়ক পদো অলংকৃত কৰিছে৷ সেই দিশৰ পৰা তেওঁ জীৱন্ত কিংবদন্তি হিচাপে আখ্যা পোৱাৰ যোগ্য৷ টেষ্ট, এদিনীয়া আৰু টি–২০ৰ প্রায় ৰেকর্ডৰ গৰাকী তেওঁ৷ কিন্তু হাইভচ্টেজ ছিৰিজ বিশ্বকাপৰ মঞ্চত ক্রীড়ানুৰাগীয়ে ভবাৰ দৰে চমক দিব নোৱাৰিলে তেওঁ৷ তেওঁৰ বেটৰ পৰা নাছিল চমক সৃষ্টিকাৰী শতক৷ বা নাহিল মেচ উইনিং ইনিংছ৷ হয়, তেওঁ হল ভাৰতীয় জাতীয় দলৰ অধিনায়ক বিৰাট কোহলি৷

অনূধর্ব ১৯ বিশ্বকাত ভাৰতক নেতৃত্ব দি খিতাপ জয়ী হোৱাৰ পিছতেই ভাৰতীয় জাতীয় দলৰ নির্বাচকৰ দৃষ্টি আকর্ষণ কৰিছিল কোহলিয়ে আৰু সেই সূত্রেই বিশ্বকাপ জয়ী ২০১১ ভাৰতীয় দলত অন্তর্ভুক্ত হৈছিল কোহলি৷ তাৰ পিছৰ পৰা আৰু কোহলিয়ে উভতি চাব লগা হোৱা নাছিল৷ ৰেকর্ডৰ উপৰি ৰেকর্ডে তেওঁক শ্রেষ্ঠ বেটছমেনত পৰিণত কৰিছিল৷ কিন্তু এই লেখাৰ উদ্দেশ্য কোহলিৰ ৰেকর্ডৰ পৰিসংখ্যা বিশ্লেষণ নহয়, বৰঞ্চ গুৰুত্বপূর্ণ খেলত, যত এশ কোটি ভাৰতীয়ৰ দৃষ্টি নিবন্ধ থাকে, সেই সময়ত তেওঁৰ স্বভাৱসুলভ বেটিঙৰ বিপৰীতে আশা ভংগ কৰা শ্বট খেলি পেভিলিয়নমুখী হোৱাটোৱে কি সূচায়৷ যোৱা প্রায় ১০ বছৰত কোহলিয়ে ২০১১ বিশ্বকাপৰ ফাইনেলত মাত্র ৩৫ ৰান, ২০১৫ বিশ্বকাপৰ ছেমিফাইনেল মাত্র এক ৰান আৰু ২০১৯ৰ বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে শূন্য ৰান কৰি আউট হৈছিল৷ গতিকে বিগ মেচত কোহলিৰ ব্যর্থতা সুদীর্ঘ বছৰীয়া৷

বিশ্বকাপত বিৰাট ব্যর্থতা অতি উল্লেখনীয় বিষয়৷ ২০১১ চনৰ বিশ্বকাপৰ ফাইনেল মেচ সপোনৰ অপেক্ষা আছিল ভাৰতীয় ক্রীড়াপ্রেমীৰ৷ সুদীর্ঘ ২৮ বছৰীয়া অপেক্ষাৰ অন্তত ভাৰত উপৱিষ্ট হৈছিল বিশ্বকাপৰ দুৱাৰডলিত৷ শচীন–ছেহৱাগৰ কম সময়ৰ ভিতৰত উইকেট পতন৷ কোহলিৰ আগমন৷ পিছে অধিক সময় নোৱাৰিলে তিষ্ঠিব৷ ৰান তেওঁৰ বেটৰ পৰা আহিল মাত্র ৩৫৷ আশাহত সমর্থক৷ গম্ভীৰ, ধোনী, যুৱৰাজে খেলিছিল মেচ উইনিং ইনিংছ৷ বিশ্বকাপৰ খিতাপ ভাৰতীয়ৰ শিৰত জিলিকিছিল ২০১৫ চনত৷ জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে ২০১৫ চনত অষ্ট্রেলিয়াত বিশ্বকাপ৷ প্রত্যাশিত আৰম্ভণিৰ অপ্রত্যাশিত সামৰণি৷ ছেমিফাইনেলত বৃহৎ লক্ষ্যৰ পিছ লৈ খেলি ভাৰতে পৰাজয়বৰণ কৰিলে ৯৫ ৰানত৷ কোহলিৰ বেটৰ পৰা আহিল মাত্র এক ৰান৷ আৰু সদ্যসমাপ্ত ইংলেণ্ড বিশ্বকাপত ছেমিফাইনেলত নিউজিলেণ্ডৰ বিপক্ষে শূন্য ৰান৷ আকাংক্ষিত প্রদর্শন বিচৰা ভাৰতীয় সমর্থকে পালে তেনে এক অনাকাংক্ষিত প্রদর্শন৷ আশাহত হল দর্শক৷ বিশ্বৰ শ্রেষ্ঠ বেটছমেনজনৰ পৰা তেনে প্রদর্শন আশা কৰিব পাৰিনে৷ সহ্যাতীত বর্ণনা৷ লীগৰ মেচসমূহত অর্ধশতকীয় ইনিং

ছ আছিল যদিও নাহিল এটাও শতকীয় ইনিংছ৷ 

বিশ্বকাপত বিৰাটৰ এই ব্যর্থতাৰ অৱসান কেতিয়া সম্ভৱ, সেয়া কোৱা টান৷ নিশ্চয়কৈ এই ব্যর্থতাৰ অৱসান ঘটাই কোহলিয়ে ভাৰতীয় ক্রীড়াপ্রেমীক নিশ্চয়কৈ দিব পুনৰ বিশ্বজয়ৰ সোৱাদ৷
বিৰাটৰ ব্যর্থতাৰ বিপৰীতে বিশ্বকাপত উজলিল হিটমেন হিচাপে খ্যাত ৰোহিত শর্মা৷ এখন বিশ্বকাপত পাঁচটা শতক অর্জন কৰি বিশ্বাভিলেখ গঢ়ে ৰোহিতে৷ হয়তো ছেমিফাইনেলৰ ব্যর্থতাই ৰোহিতৰ এই প্রদর্শন নিষ্ফল হোৱাৰ দৰেই হল৷ কিন্তু বিশ্বকাপৰ মঞ্চত ৰোহিতৰ সেই পাঁচটা শতকৰ বিশ্ব ৰেকর্ড অতিক্রম কৰা সম্ভৱ৷ সাধাৰণতে ৰুদ্র, উগ্র ৰূপেৰে ক্রিজত ৰোহিতৰ এইবাৰৰ বিশ্বকাপ আছিল অতি নমনীয় প্রদর্শন৷ ধীৰ–স্থিৰ গতিৰে এটাৰ পিছত এটাকৈ শতক অর্জন কৰিছিল হিটমেনে৷ পিছে ছেমিফাইনেলৰ সেই যাত্রা স্তব্ধ কৰি দিছিল নিউজিলেণ্ডে আৰু বিশ্ব ৰেকর্ড গঢ়ি বিশ্বকাপ হাতত তুলি লোৱাৰ পৰা বঞ্চিত হৈছিল৷ 

স্বভাৱসিদ্ধ বিশ্বকাপৰ প্রায়কেইখন খেলতে ৰোহিতে দলক বিজয়ৰ দুৱাৰডলিত উপৱিষ্ট কৰাইছিল যদিও ছেমিফাইনেলত অনাকাংক্ষিত আউটটোৱে বিশ্বাভিলেখক যেন ম্লান কৰি পেলাইছে৷ কিয়নো খেলত বিজয়কহে স্থান দিয়াৰ মানসিকতা আমি সদায় আগত ৰাখো, ভাল খেলি এদিন বেয়া খেলিলে খলনায়ক হৈ পৰে ক্রীড়া জগতত৷ ৰোহিতৰো সেই একেই দশা হল৷ অনাগত দিনত তাৰ পুনৰাবৃত্তি নহওক৷

ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ এখন বিশ্বকাপত ৬৭৩ ৰান আৰু অষ্ট্রেলিয়াৰ প্রাক্তন তাৰকা মেথিউ হেইডেনৰ ৬৫৯ ৰানৰ পিছতেই এখন বিশ্বকাপত তৃতীয়জন ব্যক্তি হিচাপে ৰোহিতে ৬৪৮ ৰান সংগ্রহ কৰিছে, যত আছে ৫টা শতক আৰু এটা অর্ধশতক৷ উল্লেখ্য যে বিশ্বকাপৰ হেভীৱেট ষ্টেজত ৰোহিতৰ ইনিংছ আছিল এনেধৰণৰ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ১২২, বাংলাদেশৰ বিৰুদ্ধে ১০৪, চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ১৪০, আয়োজক দেশ ইংলেণ্ডৰ বিৰুদ্ধে ১০২, শ্রীলংকাৰ বিৰুদ্ধে ১০৩৷ আনহাতে শক্তিশালী অষ্ট্রেলিয়াৰ বিৰুদ্ধে ৫৭ ৰানৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়৷ আনহাতে ক্রিকেটৰ শিশু আফগানিস্তানৰ বিপক্ষে আৰু ছেমিফাইনেলত ৰোহিতৰ বেটৰ পৰা অহা নাছিল বিশেষ কোনো ৰান৷

আজিলৈকে ক্রিকেটৰ পথাৰত বহু বিস্ময়কৰ ইনিংছ উপহাৰ দিয়া বিৰাটৰ বিশ্বকাপৰ ব্যর্থতাই সকলোকে হতাশ কৰি আহিছে৷ সেই ধাৰাটোৰ পৰিসমাপ্তি হওক, সেয়া প্রতিজন ভাৰতীয়ৰ কাম্য৷ কিয়নো দেশত ক্রিকেটে জাতীয় খেলৰ যদিও মর্যাদা পোৱা নাই, তথাপি জাতীয় খেলতকৈ বহুগুণে ওপৰত স্থান ক্রিকেটৰ৷ দহোবন কাটি কৰি হলেও ক্রিকেট উপভোগ কৰাটো প্রতিজন ভাৰতীয়ৰ চখ৷ গতিকে প্রাণৰো প্রাণ ক্রিকেটত যদি সামান্য ভুল আৰু ধাৰাবাহিক ব্যর্থতা অব্যাহত থাকে, কিমান দুখৰ কথা সেয়া ক্রিকেটক প্রাণ হিচাপে ভবা প্রতিজন ভাৰতীয়ইহে বুজে৷

ব্যর্থতাৰ ধাৰা আঁতৰাই ভাৰতীয় ক্রিকেটক বিশ্বকাপৰ মুকুট পিন্ধাই উজলাই তোলক বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ সেয়া অপেক্ষা ২০২৩ চনত ভাৰতত অনুষ্ঠিত হব লগা মেগা ইভেণ্টলৈ৷ অপেক্ষা হব দীঘলীয়া যদিও ভাৰতীয় ক্রিকেটপ্রেমীয়ে তাৰ বাবে অপেক্ষা কৰি ৰব৷ তাৰ আগত অনুষ্ঠিত হব কেংগেৰুৰ ভূমিত আইচিচি টি–চ্ঙ্ম বিশ্বকাপ৷ কেপ্ঢেইন কুল মহেন্দ্র সিং ধোনীয়ে জোহান্সবার্গত ভাৰতীয়ৰ হাতত প্রথম টি–চ্ঙ্ম বিশ্বকাপৰ ট্ৰফী হাতত তুলি দিয়াৰ পিছত সুদীর্ঘ প্রায় ১১ বছৰ টি–চ্ঙ্ম বিশ্বকাপত জয়ৰ মুখ দেখা নাই ভাৰতে৷ সেই দিশৰ পৰা সীমিত অভাৰৰ বিশ্বকাপত ব্যর্থতাৰ পিছত বিৰাট কোহলিৰ বাবে আসন্ন টি–২০ বিশ্বকাপ হব তীব্র প্রত্যাহবান৷ আনহাতে ২০২১ চনত অনুষ্ঠিতব্য বিশ্ব টেষ্ট চেম্পিয়নশ্বিপো হব কোহলি বাহিনীৰ বাবে সন্মানীয় বিষয়৷ মুঠৰ ওপৰত অনাগত মেগা ইভেণ্টত বিৰাটৰ ব্যর্থতাৰ অৱসান হওক আৰু বিশ্ব ক্রিকেটত হৈ ৰওকKING KOHLI.

যোগেশ কলিতা

You might also like

Leave A Reply

Your email address will not be published.