ক্রিকেটৰ মক্কাত ক্রিকেটৰ বিশ্বজয়

অভিশাপমুক্ত হল ইংলেণ্ড

৪৪ বছৰীয়া বিৰামহীন প্রতীক্ষা৷ চাৰি বছৰৰ কঠোৰ সাধনা, অনুশীলন, পৰিশ্রম৷ হয়তো ইতিহাস সৃষ্টি কৰিব নোৱৰাৰ বেদনাই প্রতিমুহূর্ততে খেদি ফুৰিছিল তেওঁলোকক৷ জন্ম দিয়ো নিজৰ পুত্রৰ মুখ চাব নোৱৰাৰ দৰে দশা আছিল তেওঁলোকৰ৷ জন্মস্থানত নিজৰ পুতৌজনক পৰিস্থিতি৷ দাতাই দিলেও যেন বিধাতাই নিদিয়ে তেওঁলোকৰ শিৰত সেই মহামূল্যৱান মুকুট৷ অপেক্ষাই কোঙা কৰিছে তেওঁলোকক৷ বিচাৰিছিল নতুনত্ব৷ আনিলে সেই নতুনত্বক এক স্বভাৱগত দিশেৰে৷ তথাপি যেন বিধাতাৰ কৰুণ লিখন৷ স্পর্শ কৰিব খুজিও যেন বাৰে বাৰে হয় পৰাজয়৷ এইবাৰ কিন্তু সেই গ্লানি, দুর্ভাবনাক একাষৰীয়া কৰি পালে সেই বিৰল মুহূর্তৰ চুম্বন৷ তাতো নাটকীয় ৰহণ৷ কোনেও স্থিৰ চকুৰে চাব পৰা নাছিল সেই অন্তিম ক্ষণৰ ৰোমাঞ্চকৰ, শ্বাসৰুদ্ধকৰ মুহূর্ত৷ যুদ্ধক্ষেত্রত হাৰ নমনাবিধৰ মানসিকতাই লৈ গল নিয়মানুসৰি ঘোষণা হব লগা ফলাফল৷ যেন বীৰোচিত প্রদর্শনেৰে সোণালী আখৰেৰে লিপিবদ্ধ হল তেওঁলোকৰ নাম৷ বিশ্ব ক্রিকেটত চেম্পিয়ন হল ইংলেণ্ড৷ মাতৃভূমিত বিজয়ধবজা উৰুৱালে ইংৰাজ বাহিনীয়ে৷ ৰচিত হল ক্রিকেটৰ মক্কাত ক্রিকেটৰ জয়ৰ ইতিহাস৷
ক্রিকেট বিশ্বৰ ইতিহাসত হয়তো এনেধৰণৰ শ্বাসৰুদ্ধকৰ মেচ হোৱা নাছিল, সম্ভৱতঃ সেয়া কল্পনা কৰাও টান কিন্তু ক্রিকেট অনিশ্চয়তাৰ খেল৷ বিশ্বৰ কোটি কোটি জনতাক কিছু সময়ৰ বাবে হলেও চকু মুদিবলৈ বাধ্য কৰাইছিল এই খেলখনে৷ ভাবিব নোৱৰা এক পৰিস্থিতি৷ এফালে জন্মভূমিত পৰাজিত সৈনিকৰ গ্লানি লৈ নতুন ষ্টাইলেৰে খেলা ইংৰাজ বাহিনীৰ বিশ্বকাপত শেষ চুম্বন দিয়াৰ যৎপৰোনাস্তি চেষ্টা, আনহাতে দুবাৰকৈ ফাইনেল খেলা নিউজিলেণ্ড কিৱিৰ সংঘবদ্ধ খেল৷ যেন কোনো কম নহয়৷ পিছে ব্যর্থতাই যেন এইবাৰো লগ এৰা নাছিল ইংৰাজ বাহিনীৰ৷ পৰিস্থিতিৰ পূর্বানুমান কৰি হয়তো উইকেট বলিং সহায়ক কৰি তুলিছিল ইংলেণ্ড৷ কিন্তু নিজে পতা ফান্দত পৰিছিল ইংলেণ্ড৷ লর্ডছত যেন ৰানৰ জোৱাৰ নুঠেহে নুঠে৷ টছত হৰাটোৱে এটা ইংগিত বহন কৰিছিল ইংলেণ্ডলৈ৷ পিছে বলাৰৰ সংঘবদ্ধ প্রদর্শনে কিৱিক বান্ধি ৰাখিলে ২৪১ ৰানতে৷ কিয়নো কেন উইলিয়ামছনৰ বাহিৰে এইবাৰৰ বিশ্বকাপত ৰান অহা নাছিল কোনো বেটছমেনৰ পৰা৷ ব্যর্থ হৈছিল মার্টিন গুপ্ঢিল, কলিন মুনৰো, ৰছ টেইলৰ, নৱাগত জিমি নিছাম আদি সফল বেটছমেন৷ অকলেই যেন বিজয়ৰ ওচৰ চপাইছিল কেইবাখনো মেচত উইলিয়ামছনে৷ তাৰ পিছতো ইংলেণ্ডৰ দুর্ধর্ষ বেটিং লাইন আপত ত্রাস সৃষ্টি কৰিলে কিৱি বলাৰে৷ বচ্ট, হেনৰী, ফার্গুচনে মেচখনত আশাৰ সঞ্চাৰ কৰিলে৷ কিন্তু তাতো আহিল বাধা৷ কম ৰানৰ ভিতৰতে আহিল ইংলেণ্ডৰ ত্রাণকর্তা জছ বাটলাৰ আৰু বেন ষ্টকছ৷ মিডল অর্ডাৰত সাৱলীল যুটি৷ জয়ৰ নিচেই কাষত ইংলেণ্ড৷ ছাছপেন্স ষ্টার্ট৷ জছ বাটলাৰৰ উইকেট ফার্গুচনৰ বলত৷ তাৰ পিছত জোফ্রা আর্চাৰ বল্ড, আদিল ৰছিদ ৰান আউট৷ এফালে উইকেটত অকলে প্রাণপণে যুঁজিলে জন্মসূত্রে নিউজিলেণ্ডৰ ক্রাইষ্টচার্ছৰ বেন ষ্টকছে৷ নিজ দেশৰ বিৰুদ্ধে অকলেই যঁুজিছে ইংলেণ্ডক বিশ্বজয়ৰ সোৱাদ দিবলৈ৷ শেষৰ বলত দুই ৰান৷ দুই ৰান লব যাওঁতেই মার্ক উড ৰান আউট৷ বিশ্বকাপৰ ফাইনেলত প্রথমবাৰৰ বাবে মেচ টাই৷ মেচ ছুপাৰ অভাৰৰ ফালে গল৷ পুনৰ বেন ষ্টকছ–জছ বাটলাৰৰ বেটৰ পৰা এক অভাৰত ১৫ ৰান৷ কিৱিৰ ফালৰ পৰা জিমি নিছাম–মার্টিন গুপ্ঢিলৰ বেটৰ পৰাও আহিল ১৫ ৰান৷ মেচ ছুপাৰ অভাৰত পুনৰ টাই৷ ছুপাৰ অভাৰৰ শেষ বলটোত দুই ৰানৰ প্রয়োজন হোৱা কিৱিয়ে এক ৰানহে কৰে৷ কিয়নো জেছন ৰয়ৰ নিখুঁত থ্র আৰু জছ বাটলাৰৰ দর্শনীয় ষ্টাম্পিঙে ইংলেণ্ডক দিলে বিশ্বজয়ৰ সাকাৰ ৰূপ৷ যিজন গুপ্ঢিলে মহেন্দ্র সিং ধো

নীক ৰান আউট কৰি ভাৰতৰ পৰা মেচখন কাঢ়ি নিছিল, সেইজন গুপ্ঢিলে বিশ্বজয়ৰ শেষ মুহূর্তত ৰান আউট হৈ কিৱিক বঞ্চিত কৰিলে বিৰল সন্মানৰ পৰা৷ আইচিচিৰ নিয়মানুসৰি ছুপাৰ অভাৰত মেচখন টাই হোৱাত সর্বাধিক বাউণ্ডেৰী কোবোৱা দল হিচাপে বিজয়ী ঘোষণা কৰা হয় ইংলেণ্ডক৷ কিয়নো ইংলেণ্ডে মেচখনত ২০টা বাউণ্ডেৰী মৰাৰ বিপৰীতে কিৱিয়ে মাৰিছি

ল ১৭টা বাউণ্ডেৰী৷ এনেদৰে লর্ডছত অভিশাপমুক্ত হল ইংলেণ্ড৷

পূর্বতে তিনিবাৰকৈ ফাইনেলৰ দুৱাৰমুখত থমকি ৰৈছিল ইংলেণ্ড৷ জ

য়ৰ কাষত থাকিও যেন লক্ষ্যৰ পিছ লৈ খেলাত ইংলেণ্ডৰ দুর্বলতা, ইতিহাসৰ সকীয়নি৷ এইবাৰো তাৰ ব্যতিক্রম নাছিল৷ পিছে এইবাৰ ভাগ্যৰ সঁহাৰি আছিল সন্তোষজনক৷ ১৯৭৯ চনত লর্ডছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৯৭ ৰান, ১৯৮৭ চনত মেলবর্নত অষ্ট্রেলিয়াৰ বিপক্ষে ৭ ৰান আৰু ১৯৯২ চনত কলকাতাৰ ইডেন গার্ডেনত পাকিস্তানৰ বিপক্ষে ২২ ৰানত পৰাজয় সহিবলগীয়া হৈছিল ইংলেণ্ডে৷ পিছে এইবাৰ যেন সেই আশাই পৰিপূর্ণতা লাভ কৰিলে৷ যোৱা ৪ বছৰত ইংলেণ্ড দলটোত সম্পৰীক্ষা চলাই নিখুঁত দিশত বাছি লৈছিল খেলুৱৈ৷ আহিছিল উপর্যুপৰি জয় দ্বিদেশীয় শৃংখলাত৷ বিশ্বকাপৰ আগে আগে পাকিস্তানক ধৰাশায়ী কৰিছিল তেওঁলোকে৷ সেই বিশ্বাসেৰেই বিশ্বকাপৰ পর্যায়ত আৰম্ভণিতে দুর্দান্ত ৰূপত নামিছিল ইংলেণ্ড৷ পিছে অষ্ট্রেলিয়া, শ্রীলংকাৰ হাতত পৰাজিত হোৱাত আকৌ আহিছিল শংকা৷ যেন লীগতে বাহিৰ হওঁ হওঁ৷ পিছে শক্তিশালী ভাৰত আৰু নিউজিলেণ্ডক লীগত পৰাস্ত কৰি পুনৰ নক আউটত প্রৱেশ কৰি ৰুদ্ধশ্বাস–শ্বাসৰুদ্ধ্ মেচত বিশ্বকাপত শেষ চুম্বন দিলে ইংলেণ্ডে৷ জেছন ৰয়, জনী বেয়াৰষ্ট, ইয়ন মৰগান, জ ৰুট, জছ বাটলাৰ, বেন ষ্টোকছে বেটেৰে তথা জোফ্রা আর্চাৰ, মার্ক উড, লিয়াম প্লাংকেট, ক্রিছ ৱকছ তথা স্পীন শক্তি আদিল ৰছিদ, মঈন আলীৰ শক্তিশালী তথা সংঘবদ্ধ খেলে যেন বিশ্বকাপৰ টুর্নামেণ্ঢত অভিশাপমুক্ত কৰিলে ইংলেণ্ডক৷ আনহাতে দুবাৰকৈ একেৰাহে ফাইনেল খেলি স্তব্ধ হোৱা কিৱি বাহিনীৰ যুঁজাৰু মানসিকতাক বিশ্ব ক্রিকেটে শলাগিছে৷ হয়তো আই চি চিৰ নিয়মৰ ক্ষেত্রত দিগ্গজ ক্রিকেটাৰ অসন্তুষ্ট৷ কিন্তু নিয়মৰ বিপৰীতে যোৱাটোও সম্ভৱ নহয়৷ তথাপি কিৱিক ধন্যবাদৰে ওপচাইছে ক্রিকেট মহলে৷ আনহাতে ভাৰতীয় ক্রিকেটাৰ ৰোহিত শর্মা, প্রাক্তন ভাৰতীয় ক্রিকেটাৰ গৌতম গম্ভীৰ, যুৱৰাজ সিঙে আই চি চিৰ নিয়মক সমালোচনা কৰিছে৷ উল্লেখ্য যে ফাইনেলত একপক্ষীয়ভাৱে মেচ জিকাত গুৰুত্বপূর্ণ ভূমিকা লোৱা বেন ষ্টোকছ, ফাইনেলৰ শ্রেষ্ঠ খেলুৱৈ, যুঁজাৰু মানসিকতাৰে নিউজিলেণ্ডক ফাইনেলত উপনীত কৰোৱা মিষ্টাৰ কুল কেন উইলিয়ামছন প্রতিযোগিতাৰ শ্রেষ্ঠ খেলুৱৈ বিবেচিত হয়৷ লগতে সর্বাধিক ৰান কৰা হেতু ভাৰতৰ ৰোহিত শর্মাক গোল্ডেন বেট আৰু সর্বাধিক উইকেট দখলকাৰী অষ্ট্রেলিয়াৰ মিছেল ষ্টার্কক গোল্ডেন বল প্রদান কৰা হয়৷

দীর্ঘ প্রতীক্ষাৰ অন্তত ক্রিকেটৰ পথাৰত ইংলেণ্ডৰ বিশ্বজয়, লর্ডছত ইংলেণ্ডৰ বিজয়ধবজা, অনাগত চাৰি বছৰ বিশ্বৰ ক্রিকেটক শাসন কৰাৰ হেঁপাহ পূৰণ ইংলেণ্ডৰ৷ তথাপি হূদয়ৰ কোনোবাখিনিত বহুতৰে মনত ৰৈ গল England win world cup, but Newzeland win our heart, congratulation team England and well played Newzeland.

যোগেশ কলিতা

You might also like

Leave A Reply

Your email address will not be published.