স্বপ্ণৰ ক্রিকেটত বর্ণময় সাফল্যৰ গৰাকী যুৱৰাজ সিং

গগনচুম্বী ছিক্সাৰ, বিজুলী সঞ্চাৰিত কভাৰ ড্রাইভ, স্কোৱেৰ কাট, দুর্দান্ত পুল.....

স্বপ্ণৰ ক্রিকেটত বর্ণময় সাফল্যৰ গৰাকী যুৱৰাজ সিং

যোগেশ কলিতা

ক্রিকেটৰ পথাৰত স্নায়ুযুঁজৰ বহু বিৰল মুহূর্তৰ সাক্ষী তেওঁ৷ ক্রিকেটই জীৱন ধন্য কৰিলে তেওঁৰ৷ স্কেটিংবয়ৰ পৰা ভাৰতীয় ক্রিকেটৰ পোষ্টাৰবয়লৈকে এক বর্ণিল পৰিক্রমা৷ ২০০০ চনত নাইৰোবিত তুলনামূলকভাৱে দুর্বল কেনিয়াৰ বিৰুদ্ধে আত্মপ্রকাশ কৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটত তাৰ পিছত আৰু উভতি চাব লগা হোৱা নাছিল তেওঁ৷ গগনচুম্বী ছিক্সাৰ, বিজুলী সঞ্চাৰিত কভাৰ ড্রাইভ, স্কোৱেৰ কাট, দুর্দান্ত পুল শ্বট আদিৰ বাবেই অবিস্মৰণীয় হৈ ৰব তেওঁ৷ স্পীন বলিঙৰ ক্ষেত্রতো আছিল দক্ষতা৷ উৰন্ত জাম্পেৰে শূন্যতে কেচ ধৰাৰ অদ্ভুত দক্ষতা৷ যিকোনো গতিবেগত অহা কেচ আয়ত্ত কৰিছিল ফিল্ডঙৰ যিকোনো স্থানতে৷ বিশেষকৈ ত্রিশ গজ দূৰত্বৰ ভিতৰত যিকোনো বেগী কেচ অনায়াসে কৰিছিল আয়ত্ত৷ ৰান আউট কৰাৰ ক্ষেত্রত যথেষ্ট পাৰদর্শী আছিল তেওঁ৷ ইংলেণ্ডৰ সেই সময়ত ত্রাস সৃষ্টিকাৰী উদীয়মান বলাৰ ষ্টুৱার্ড ব্রডক ধৰাশায়ী কৰি কোবাইছিল এক ভাৰত ছটা ছিক্স, যিটো ক্রিকেট বিশ্বই সদায় স্মৰণ কৰিব৷ হয়, সেইজনেই হল যুৱৰাজ সিং৷
২০১৯ চনৰ ১০ জুনত ক্রিকেট বিশ্বক হতচকিত কৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিলে প্রতিভাশালী তাৰকা ক্রিকেটাৰ যুৱৰাজ সিঙে৷ ক্রিকেটৰ পথাৰত ঈর্ষণীয় সফলতাৰ লগতে বিজয় মুকুট তিনিটাৰো গৰাকী যুৱৰাজ৷ ১৯ বছৰ অনূধর্ব বিশ্বকাপ, ২০০৭ চনৰ টি–চ্ঙ্ম বিশ্বকাপ, ২০১১ চনৰ বিশ্বকাপ ক্রিকেটৰ মুকুট ভাৰতে শিৰোধার্য কৰোঁতে তেওঁৰ আছিল সক্রিয় ভূমিকা৷ ক্রিকেট বিশ্বত সেই সময়ত ৱেষ্ট ইণ্ডিজৰ দপ্দপনি৷ ১৯৭৫ ১৯৭৯ৰ বিশ্বকাপ দখলেৰে তুংগত ৱেষ্ট ইণ্ডিজ৷ বিধবংসী বাউন্সাৰৰ লগতে দর্শনীয় বেটিঙেৰে ক্রিকেট বিশ্বক দমন কৰা ৱেষ্ট ইণ্ডিজৰ দর্পচূর্ণ কৰি ১৯৮৩ কপিল দেৱৰ নেতৃত্বত ভাৰতৰ শিৰত বিশ্বকাপৰ মুকুট৷ উদিত হল ক্রিকেটৰ নতুন সূর্য৷ তাৰ পিছত সুদীর্ঘ ২৮ বছৰীয়া অপেক্ষা৷ ২০১১ চনত দেশৰ মাটিত বিশ্বকাপ দখলৰ সুবর্ণ সুযোগ৷ কেপ্ঢেইন কুল মহেন্দ্র সিং ধোনী, মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ, বীৰেন্দ্র সেহৱাগ, গৌতম গম্ভীৰৰ সমানে বিশ্বকাপ জয়ত লৈছিল যুৱৰাজে লৈছিল গুৰুত্বপূর্ণ ভূমিকা৷ ৩৬২ ৰান, ১৫টা উইকেট আৰু চাৰিবাৰ মেন অৱ দ্য মেচৰ সন্মান লাভ কৰি যুৱৰাজে মেন অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে সেইবাৰ৷ টি–চ্ঙ্ম বিশ্বকাপতো তেওঁ যোগাইছিল বহু গুৰুত্বপূর্ণ অৰিহণা৷
স্বপ্ণৰ ক্রিকেটত বর্ণময় সফলতাৰে প্রায় ১৭ বছৰ ভাৰতীয় ক্রিকেটক সেৱা কৰা যুৱৰাজে ১০ জুনত মুম্বাইত আয়োজন কৰা এখন সংবাদ মেলত আৱেগিকভাৱে কৈছিলI love cricket but I also hate৷ তেওঁ উল্লেখ কৰা ধৰণে ৰোলাৰ স্কেটিঙৰ জৰিয়তে সফল হব খুজিলেও পিতৃৰ পদাংক অনুসৰণ কৰাটো বিচাৰিছল তেওঁৰ পিতৃয়ে৷ ঘৰতে পিটছ বনাই দিছিল তেওঁক অনুশীলনৰ সুবিধার্থে৷ গতিকে ক্রিকেটকে জীৱনৰূপে উছর্গা কৰা যুৱৰাজে কিয় উল্লেখ কৰিব হল এনে ধৰণৰ বেদনাদায়ক কথা৷ তেওঁ কৈছিল ক্রিকেটে মোক সকলো দিলে, মান–সন্মান, যশস্যা আদি কৰি সকলো৷ কিন্তু তাৰ মাজতো দলত স্থান লাভৰ ক্ষেত্রত কৰিব লগা কষ্টৰ বাবে তেওঁ ক্রিকেট বেয়া পায়৷ গতিকে তাৰকাৰ মুখত এনে কথাই উমান দিয়ে যে দলত স্থান লাভৰ বাবে জ্যেষ্ঠতাই নহয়, ফর্মহে অধিক গুৰুত্বপূর্ণ৷
ক্রিকেটৰ পথাৰত নিজকে ফিট কৰি ৰাখিবলৈ অনুশীলনৰ ওপৰত অনুশীলন কৰা যুৱৰাজে নিজৰ জীৱনৰ পথতো কৰিব লগা হৈছিল বহু কষ্ট৷ হাঁওফাঁওৰ কেঞ্চাৰৰ দৰে জটিল ৰোগকো জিনি তেওঁ ক্রিকেটৰ পথাৰলৈ ঘূৰি আহিছিল চিৰপৰিচিত জার্ছী নম্বৰ–ৰচ্টো পিন্ধি৷ কিন্তু প্রত্যাৱর্তনৰ পথত যেন কৰবাত হেৰাই আহিল যুৱৰাজৰ সেই ক্ষুৰধাৰ ষ্ট্রোক, উৰন্ত ফিল্ডিঙৰ ধাৰ তথা স্পীন ভেল্কী৷ ক্রিকেটৰ সেউজীয়া ঘাঁহনিৰ পৰা যেন হেৰাই যোৱাৰ যেন উপক্রম হৈছিল ভাৰতীয় ক্রিকেটৰ অন্যতম এপাট অস্ত্র৷ তথাপি ঐশ্বর্যশালী ইভেণ্ট আইপিএলত তেওঁ ৰাখে ক্রিকেটৰ ধাৰাটো৷ কিন্তু জাতীয় দলটোত যেন চিৰউপেক্ষিত হল যুৱী৷ মেন ইন ব্লুৰ টপ–ৰৰত যেন তেওঁৰ স্থান হেৰাই থাকিল৷ ভাৰতীয় জাতীয় দলত তাৰকাৰ অভাৱ কেতিয়াও নহয়৷ যুৱীৰ স্থান দখল কৰিলে ৰবীন্দ্র জাদেজা, হার্দিক পাণ্ডিয়া, কেদাৰ যাদৱৰ দৰে তাৰকাই৷ আৰু উপেক্ষিত আশাৰে বিশ্ব ক্রিকেটক শিহৰিত কৰি যুৱীয়ে সামৰিলে আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পথাৰ৷ সেউজীয়া ঘাঁহনিত দপ্দপাবলৈ নাহে আৰু যুৱী৷ নাহে কেতিয়াও ছটা বলত ছটা ছিক্স কোবাবলৈ৷ নাহে সেই পৰিচিত ১২ নম্বৰ জার্ছী পিন্ধি মেন ইন ব্লুৰ সদস্য হৈ৷ থাকিব মাথোঁ ক্রিকেট বিশ্বৰ সকলোৰে মুখে মুখে যুৱৰাজৰ নাম৷
কেঞ্চাৰৰ দৰে ব্যাধিক জয় কৰা যুৱৰাজে জীৱনৰ অন্যতম লক্ষ্যৰ বিষয়ে কয় এনেদৰে My next focus in the life is to help cancer patients through my foundation YOUWECAN৷ YOUWECAN ফাউণ্ডেচনৰ দ্বাৰা কেঞ্চাৰ ৰোগীক সহায় কৰাটো হব যুৱৰাজৰ অন্যতম লক্ষ্য৷ কেঞ্চাৰৰ বাবে সজাগতা সভা আয়োজন কৰাৰ লগতে ন্যায্য অধিকাৰৰ পৰা বঞ্চিত লোকৰ প্রাপ্য আদায়ৰ হকে কাম কৰাৰ চেষ্টা কৰিম৷ কেঞ্চাৰ ৰোগত আক্রান্ত শিশুক সহায় কৰাৰ লগতে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্রতো কৰা হব চেষ্টা৷ আমি এটা ব্যৱসায়িক ফাউণ্ডেচন গিি সেই কামৰ বাবে পুঁজি আহৰণৰ চেষ্টা কৰিম৷ সর্বশেষত মই মোৰ জীৱনত কেঞ্চাৰৰ লগত যুঁজ কৰাৰ অনুপ্রেৰণামূলক দিশবোৰেৰে সমাজত ভাল কিবা এটা কৰাৰ হেঁপাহ পুহি ৰাখিছোঁ৷ ক্রিকেটৰ কেৰিয়াৰক বিদায় জনালেও সামাজিক কাম তথা মানৱসেৱাৰ ক্ষেত্রখনত উজ্জ্বল তাৰকা হৈ জিলিকি ৰওক সেউজীয়া ঘাঁহনিৰ সেই তাৰকা যুৱৰাজ সিং৷
কেৰিয়াৰ
এদিনীয়া মেচ ইনিংছ ৩০৪, ৰান ৮৭০১টেষ্ট মেচ ইনিংছ ৪০, ৰান ১৯০০টিচ্ঙ্ম মেচইনিংছ ৫৮, ৰান ১১৭৭পিতৃ যোগৰাজ সিং
মাতৃ শ্ববনম সিং
পত্নী হাজেল কীচ
জন্ম ঃ ১৯৮১ ১২ ডিচেম্বৰ
জন্মস্থান চণ্ডীগড, পঞ্জাব

You might also like

Leave A Reply

Your email address will not be published.