আধুনিক জীৱনশৈলী আৰু ছচিয়েল মিডিয়া

পৰিৱর্তিত সমাজ ব্যৱস্থাই আমাক আধুনিকতাৰ বান্ধোনেৰে বান্ধি পেলাইছে৷ আধুনিকতাৰ মেৰপাকত পৰি আমি নানাধৰণৰ ব্যৱস্থাক নিত্য দৈনন্দিন ক্ষেত্রখনতো ব্যৱহাৰিক ধাৰণ কৰি আহিছোঁ৷ আধুনিকতাৰ মাজত থাকিলে আমি পূর্বতে ব্যৱহাৰ হোৱা ব্যৱস্থাসমূহকো আওকাণ কৰি চলিব নোৱাৰোঁ৷ আধুনিক ব্যৱস্থা হৈছে এনে এক ব্যৱস্থা, যত আমাৰ পৰম্পৰা তথা সমাজ ব্যৱস্থা বিজ্ঞান–প্রযুক্তিৰে কিছু সলনি কৰি সহজতে পাব পৰা ব্যৱস্থা৷ আজি সমাজ ব্যৱস্থাত তথ্য–প্রযুক্তিৰ দ্বাৰা আৱিষৃক্ত সা–সঁজুলিসমূহ তথা মাধ্যমসমূহ আজি আমাৰ জীৱনৰ এক নেৰানেপেৰা ব্যৱস্থা৷ তেনে এক ব্যৱস্থাই হৈছে ছচিয়েল মিডিয়া অর্থাৎ সামাজিক মাধ্যম৷ তাহানিতে প্রতিখন ঘৰত পুৱাৰ চাহকাপৰ লগতে বাতৰিকাকত পঢ়ি গোটেই দিনটোৰ দেশ–বিদেশৰ বা–বাতৰি লোৱাৰ অভ্যাস হয়তো সকলোৰে আছিল আৰু আজিও আছে৷ ঠিক তেনেদৰে বাতৰিকাকতৰ দৰেই ৰেডিৰ মাধ্যমেৰে পুৱাৰে পৰা গীত–মাত, আলোচনা–চক্র, বাতৰি ইত্যাদি শুনি জ্ঞান আহৰণ কৰা অভ্যাস সকলোৰে আছে৷ আজিও বাতৰিকাকত আৰু ৰেডিৰ প্রভাৱ ঘৰে ঘৰে বিদ্যমান৷ ৰেডিৰ জৰিয়তে ডেকাৰ পৰা বৃদ্ধলৈ সকলোৱে আমোদ অনুভৱ কৰা কথা কোনেও নুই কৰিব নোৱাৰে৷ আজিও প্রতিটো পুৱা হাতত বাতৰিকাকতখন লৈ পৃষ্ঠাই পৃষ্ঠাই ওপৰৰ পৰা তললৈ বাতৰিসমূহ চকু ফুৰাই পঢ়ি দেশ–বিদেশৰ খবৰ পোৱাৰ সুযোগ গ্রহণ কৰি আহিছে৷ ঘৰখনত ব্যৱহূত বিভিন্ন সামগ্রী যেনে টিভি, ফ্রিজ, ৱাছিং মেচিন, এচি ইত্যাদি বিজ্ঞান আৰু প্রযুক্তিৰে অৱদান৷ টিভি আৱিষ্কাৰৰ লগে লগে গাঁৱৰ পৰা চহৰলৈ প্রতিটো স্তৰৰ প্রতিজন ব্যক্তিয়ে স্বচক্ষে প্রতিটো বাতৰি বা ঘটনা–পৰিঘটনাসম্ দেখা পাবলৈ সক্ষম হৈছোঁ৷ যিবোৰ বাতৰি বাতৰিকাকত অথবা ৰেডিৰ জৰিয়তে শুনিবলৈ পাই তেনেবোৰ ঘটনাই বা বাতৰিয়ে টিভিৰ জৰিয়তে দর্শকৰ মাজলৈ বিজ্ঞানে ঠেলি পঠিয়াবলৈ সক্ষম হৈছে৷ 

   

কম্পিউটাৰ আৱিষ্কাৰ কৰিছিলWilliam Oughtred –এ ১৬২২ চনত৷ ভাৰতবর্ষ ছফ্টৱেৰ ইঞ্জিনীয়াৰিঙৰ ক্ষেত্রত বিশ্বতে বিখ্যাত৷ আমি যেতিয়াৰ পৰা ঘৰুৱাভাৱে অথবা শৈক্ষিক পৰিৱেশত কম্পিউটাৰ ব্যৱহাৰ কৰিব শিকিছোঁ, তেতিয়া বিল গেট্ছে উদ্ভাৱন কৰা এম এছ–ডকছ ছফটৱেৰ প্রাৰম্ভিতে এনে এক ব্যৱস্থা, যাৰ জৰিয়তে আমি বিভিন্ন ছফটৱেৰ প্রগ্রেম যেনে উইনডোজ–, উইনডোজ–এক্স পি, এনড্রয়ড, উইনডোজ–ৰঙ্ম, লিনাক্স, উইনডোজ–জ্জ্ব ইত্যাদি আৱিষ্কাৰে তথা ইয়াৰ ব্যৱহাৰৰ দ্বাৰা বিভিন্ন গ্রাফিক প্রগ্রেম বনাবলৈ সক্ষম হৈছেছা৷ ইয়াৰ পিছতেই মার্ক জুকাৰবার্গ, ডাষ্টিন মস্ক্ভিটজ আৰু ক্রিছ হঘছে লগ হৈ ফেচবুক অর্থাৎ মুখপুথি আৱিষ্কাৰ কৰে৷ তেতিয়াৰ পৰাই আমি মুখপুথিৰ ব্যৱহাৰৰ জৰিয়তে সামাজিক মাধ্যমত যোগদান কৰিবলৈ সক্ষম হলোঁ৷ মুখপুথিৰ ব্যৱহাৰৰ পৰা ইণ্টাৰনেট কানেকচনৰ প্রয়োজন৷ প্রতিজন ব্যক্তিয়ে ইণ্টাৰনেট কানেকচনৰ সহায়ত নিজৰ হাতত থকা মবাইল ফোনৰ সহায়েৰে মুখপুথিত নিজৰ পৃষ্ঠা অর্থাৎ প্রফাইল বনাব পাৰে৷ মুখপুথিৰ জৰিয়তে হেৰাই যোৱা বহুতো বন্বুূ–বান্ধৱ আমি বিচাৰি পাবলৈ সক্ষম হওঁ৷ বিশ্বৰ বিভিন্ন কোণত থাকিও প্রতিজন ব্যক্তিয়ে মুখপুথিৰ জৰিয়তে এখন সমাজ আৱিষ্কাৰ কৰিব পাৰে৷ ইয়াৰ বাদেও জন কউম আৰু ব্রেইন এক্ট-এ হোৱাটছএপ আৱিষ্কাৰ কৰে আৰু হোৱাটছএপ জৰিয়তে আমি প্রতিজন ব্যক্তিয়ে তথ্য যোগান ধৰিব পাৰোঁ তথা বার্তালাপ কৰিব পাৰোঁ৷ এয়াই হৈছে আধুনিকতাৰ পয়োভৰ৷ ইয়াৰ বাদেও ২০০৬ চনৰ মার্চ মাহত জেক ডৰছী, নৱাহ গ্লাছ, বিজ ষ্টন, ইভিয়ান উইলিয়া-এ টুইটাৰ আৱিষ্কাৰ কৰে আৰু বিশ্বব্যাপী ইয়াৰ প্রসাৰ তথা প্রচাৰ হয়৷ বিজ্ঞান–প্রযুক্তিৰ এনেধৰণৰ আৱিষ্কাৰে সামাজিক মাধ্যমৰ দ্বাৰা সামাজিক, আর্থিক, ৰাজনৈতিক, সাংসৃক্তিক তথা আধ্যাত্মিক প্রতিটো ক্ষেত্রতে ন ন আৱিষ্কাৰৰ প্রভাৱ পেলাই আহিছে৷ পূর্বতে ৰাজনৈতিক ক্ষেত্রখনত যদিও ছচিয়েল মিডিয়া অর্থাৎ সামাজিক মাধ্যমৰ প্রভাৱ আৰু প্রচাৰ কম হৈছিল আজিকালি প্রতিটো ক্ষণতে ৰাজনৈতিক দল, নেতা, পালিনেতাসকলে, সমর্থকসকলে তেওঁলোকৰ নিজৰ নিজৰ ৰাজনৈতিক ক্ষেত্রখনৰ লগতে সামাজিক ক্ষেত্রখনৰ প্রতিটো বাতৰি বা সংবাদে ৰাজহুৱাভাৱে প্রকাশ কৰি নিজৰ দলৰ নীতি–আদর্শ তথা সামাজিক ক্ষেত্রখনত কৰি থকা তেওঁলোকৰ কর্মৰাজিৰ বিষয়ে জনাবলৈ সক্ষম হৈছে৷ প্রায় প্রতিজন ৰাজনৈতিক নেতাই আজি ছচিয়েল মিডিয়াৰ সুবিধা গ্রহণ কৰি নিজৰ স্থায়িত্ব তথা কর্মৰাজিৰ খতিয়ান ৰাইজৰ ওচৰত দাঙি ধৰিবলৈ সুবিধা পাইছে৷ ই যেন এক আমাৰ অভ্যাসত পৰিণত হৈছে৷ সেয়েহে ডিজিটেল ইণ্ডিয়া ধবজা হিচাপে লৈ ভাৰতবর্ষৰ প্রতিটো কোণতে বিজ্ঞান প্রযু

ক্তিৰ দ্বাৰা আৱিষৃক্ত এই ক্ষেত্রখনক প্রতিজন নাগৰিকেই আকোৱালি লৈছে৷ 

আজিকালি বিভিন্ন এপ্লিকেচনৰ আৱিষ্কাৰ হৈয়ে আছে আৰু এই এপ্লিকেচনসমূহ ইণ্টাৰনেটৰ জৰিয়তে প্রতিজন ক্রেতা অর্থাৎ ব্যক্তিয়ে সুবিধা লব পাৰিছে৷ প্রকৃতিতে আধুনিকতা হৈছেনো কি আধুনিকতা হৈছে এনে এক ব্যৱস্থা, যত তথ্য–প্রযুক্তি তথা বিজ্ঞানেৰে পুৰণি কুসংস্কাৰসমূহক ভেদি সুস্থ সমাজ গঠনত কৰা এক সামাজিক পৰিৱর্তনৰ ব্যৱস্থা৷ যাৰ দ্বাৰা ব্যক্তিয়ে বাস্তৱৰ লগত মুখামুখি হৈ জীৱন ধাৰণ কৰা সহজ হৈ পৰিছে৷ ভাৰতবর্ষ স্বাধীন হোৱাৰ পিছৰে পৰাই আজিপর্যন্ত দেশখনৰ বিভিন্ন কোণত দেশখনৰ বাতৰিৰ প্রভাৱ আৰু প্রচাৰ চলি আহিছে৷ গণতান্ত্রিক ব্যৱস্থাত দেশবাসীয়ে গোটেই দেশৰ তথা বিদেশৰ বা–বাতৰি প্রতিমুহূর্তত পাবলৈ সক্ষম হৈছে আৰু আজি মুখপুথিৰ জৰিয়তে বন্ধুত্ব স্থাপন কৰি কেতিয়াও লগ নোপোৱা দুজন ব্যক্তিও কম সময়ত চিনাকি হব পাৰিছে৷ আমি লিখা লেখা বা পোষ্টসমূহ পঢ়িলে আমাৰ মনস্তাত্ত্বিক দিশৰ উমান পোৱা যায়৷ তেনেদৰে মুখপুথিত দিয়া লেখাসমূহৰ দ্বাৰা আমি বনোৱা বন্ধুসমূহৰ বিষয়ে ভালদৰে বুজি পাবলৈ সক্ষম হৈছোঁ৷ ইয়াৰ বাদেও মুখপুথিৰ জৰিয়তে বিভিন্ন পূজা তথা পৰম্পৰাগত উৎসৱ, জন্ম দিন, মৃত্যু বার্ষিকী, বিবাহ বার্ষিকী ইত্যাদিৰ বিষয়ে আমি গম পাওঁ আৰু আমাৰ আত্মীয়–স্বজন তথা বন্ধুত্ব–বান্ধৱসকল শুভেচ্ছা গ্রহণ কৰাৰ সুযোগ গ্রহণ কৰিব পাৰোঁ৷ 

কেৱল জ্ঞান আহৰণেই আধুনিকতাৰ পৰিচয় এনে নহয়৷ আমি পোৱা জ্ঞানসমূহৰ প্রকাশ আৰু প্রচাৰ কৰাৰ সুযোগো আমি ছচিয়েল মিডিয়াৰ জৰিয়তে পাব পাৰোঁ৷ কিন্তু দুখৰ বিষয় এই যে কিছুমান অসুস্থ মানসিকতাৰ ব্যক্তিয়ে আইনকো নেওচি ভুৱা একাউণ্ট খুলি বিভিন্নজনক অশান্তি দিয়াও দেখা যায়৷ এনেধৰণৰ বহুতে আকৌ মুখপুথি অথবা হোৱাটছএপৰ জৰিয়তে আনক বদনাম কৰিThe Information Technology Act, 2000 আইনখনৰ আওতালৈ আহি অভিযুক্ত হৈ দোষী সাব্যস্ত হোৱাও দেখা যায়৷ আজিকালি প্রতিজন ব্যক্তিয়েই এই আইনৰ বিষয়ে জ্ঞাত বাবে আৰম্ভণিতকৈ বর্তমান কিছু অপৰাধ কম হোৱা বুলি ধাৰণা কৰিব পাৰি৷ 

ছচিয়েল মিডিয়াৰ জৰিয়তে আমি নিজৰ সকলো বা–বাতৰি ৰাইজৰ মাজত প্রচাৰ কৰিব পাৰোঁ৷ যিবোৰ গুৰুত্বপূর্ণ বাতৰিয়ে টিভিৰ বাতৰিত স্থান পাবলৈ সক্ষম নহয়, তেনেবোৰ বাতৰিও আমি ছচিয়েল মিডিয়াৰ জৰিয়তে প্রচাৰ কৰিব পাৰোঁ৷ আনকি যি ঠাইত এটা দুর্ঘটনাৰ বা ঘটনাৰ পিছত সংবাদকর্মীলৈ নৰখি হাতত থকা মবাইলৰ জৰিয়তে ফেচবুক লাইভৰ সুবিধা লৈ দুর্ঘটনা বা সেই ঘটনাটো ৰাইজৰ মাজত ইডিট নকৰাকৈ প্রচাৰ কৰিব পাৰোঁ৷ এনেবোৰ ব্যৱস্থা বিজ্ঞান–প্রযুক্তিৰেই অৱদান৷ ইয়াৰ বাদেও সাংসৃক্তিক ক্ষেত্রখনৰো বিভিন্ন সুবিধা আমি ছচিয়েল মিডিয়াৰ জৰিয়তে পাই আহিছেছা৷ আপুনি বা মই গোৱা এটি গীত বা নৃত্য ৰেকর্ডিং কৰাৰ পিছত মুখপুথিৰ জৰিয়তে প্রচাৰ কৰিব পাৰোঁ৷ আজিৰ জীৱনত যিদৰে জনসংযোগ ব্যৱস্থা অন্যান্য মাধ্যমসমূহৰ প্রভাৱ আছে, ঠিক তেনেদৰেই ছচিয়েল মিডিয়াৰো জনসংযোগ ব্যৱস্থাত থকা অৱদান অতুলনীয়৷ 

যুগৰ পৰিৱর্তনৰ লগে লগে খেলা–ধূলা, ধেমালি, প্রতিটো ক্ষেত্রতে শিশুৰ পৰা বৃদ্ধলৈ জীৱনধাৰণ শৈলী পৰিৱর্তন হৈছে৷ আগতে শিশুৱে মাটিৰে পুতলা সাজি খেলা, পানীত জঁপিয়াই সাঁতোৰা, খেলা, পথাৰৰ মাজত দৌৰি খেলা–ধূলা কৰা ইত্যাদিত ব্যস্ত আছিল যদিও আজিকালিৰ লৰা–ছোৱালীয়ে লৰালিৰে পৰাই বিজ্ঞান–প্রযুক্তিৰ আওতাত সোমাই পৰিছে আৰু লৰালিৰে পৰাই মবাইল ফোনৰ ব্যৱহাৰ তথা ইউটিউবৰ দ্বাৰা এলফাবেট, মেটছ, ৰাইম্ছ ইত্যাদি উপভোগৰ জৰিয়তে শিকিব লৈছে৷ বহুতো শিশুৱে নিজৰ অভিভাৱকসকলতকৈও আগতে এনেবোৰ ব্যৱস্থাৰ ব্যৱহাৰ শিকিছে৷ এইক্ষেত্রত অভিভাৱকসকলৰো কিছু কর্তব্য আছে৷ অভিভাৱকসকলে নিজৰ ব্যস্ততাপূর্ণ জীৱনৰ মাজত থাকিলেও নিজৰ সন্তানৰ হাতত তুলি দিয়া বৈজ্ঞানিক সামগ্রীসমূহৰ ব্যৱহাৰৰ সময়ত চকু ৰখা উচিত৷ দৰাচলতে আমাৰ জীৱনৰ প্রতিটো স্তৰতে সহায় হব পৰা প্রায়বোৰ সামগ্রীয়ে বিজ্ঞান তথা প্রযুক্তিৰ দ্বাৰা প্রভাৱিত৷ আমি বিজ্ঞান–প্রযুক্তিৰ দ্বাৰা আৱিষৃক্ত প্রতিটো বস্তুৰ যিদৰে আমেজ লৈছোঁ, তেনেদৰে এই সামগ্রীসমূহৰ সুস্থ ব্যৱহাৰৰ আমাৰ দায়িত্ব আছে৷ আজিৰ জীৱনশৈলীত প্রতিজন পুৰুষ তথা নাৰীৰ বাবে ছচিয়েল মিডিয়াৰ ব্যৱহাৰ এক অপৰিহার্য অংশ৷ গতিকে প্রতিজন নাগৰিকেই ছচিয়েল মিডিয়াৰ জৰিয়তে সুস্থ সমাজ গঠনত গুৰুত্ব প্রদান কৰিবলৈ আগ্রহী হোৱা উচিত আৰু ইতিবাচক চিন্তাৰে সুস্থ মনোভাবেৰে ছচিয়েল মিডিয়াত লেখা, বাতৰি প্রচাৰ কৰি সামাজিক ক্ষেত্রখনত অৱদান যোগান পাৰে৷ বিজ্ঞানে আৱিষ্কাৰ কৰা প্রতিটো বস্তু বা সামগ্রীয়ে আমাৰ জীৱনশৈলী অর্থাৎ লাইফ ষ্টাইলৰ অংশ আৰু আমি প্রতিজনে ছচিয়েল মিডিয়াৰ এক অংশস্বৰূপ৷

You might also like

Leave A Reply

Your email address will not be published.