দাক্ষিণাত্যৰ তাৰকা

গড ফাদাৰ অৱ ছাউথ ইণ্ডিয়ান মুভী ইণ্ডাষ্ট্রীৰ ৰজনীকান্ত....

দাক্ষিণাত্যৰ তাৰকা

বলীউডৰ ছবিৰ সমান্তৰালকৈ এটা বিশেষ আঞ্চলিক ভাষাৰ ছবিয়ে সম্প্রতি ভাৰতবর্ষত আধিপত্য বিস্তাৰ কৰি আছে৷ যিহেতু সমগ্র ভাৰত তথা বিশ্বৰ প্রান্তে প্রান্তে সেই বিশেষ ভাষাটোৰ লোক নাইবা ভাষাটো বুজাৰ ক্ষেত্রত কঠিনতা আহি পৰে৷ সেয়ে ডাবিং পদ্ধতিৰে সকলোৰে উপভোগ্য কৰি তোলাই নহয়, সম্প্রতি দেশৰ অন্যতম চহকী উদ্যোগৰূপে প্রতিষ্ঠা লাভ কৰিছে এই ছবিয়ে৷ প্রায় বলীউডৰ সতে ফেৰ মাৰিয়েই আগবািিছে৷ ভাৰতবর্ষত বাংলা ছবিৰো আছে এক চহকী সত্তা৷ আছে উডিয়া, পাঞ্জাবী, ভোজপুৰী, উত্তৰ–পূব ভাৰতৰ অসমকে আদি কৰি প্রায়কেইটা আঞ্চলিক ভাষাৰ ছবি উদ্যোগ৷ কিন্তু উন্নত কৌশল, পৰিচালনাৰ ক্ষেত্রত দুর্বলতা তথা বাজেটৰ সীমিত পৰিসৰৰ বাবে সেয়া উজ্জীৱিত হোৱাত তেনেই পিছপৰি আছে৷ কিন্তু এইক্ষেত্রত ব্যতিক্রম তামিল ছবি উদ্যোগ৷ বহু ব্লকবাষ্টাৰ ছবি উপহাৰেৰে ভাৰতীয় দর্শকৰ আপোন হব পাৰিছে এই উদ্যোগটো৷ সঠিক কাৰিকৰী কৌশল, পৰিচালনাৰ নিপুণতা তথা অত্যধিক বাজেটেৰে নির্মাণ কৰা ছবিয়ে বলীউডৰ বহু হিট ছবিকো পিছ পেলাইছে৷ পিছৰ আলোচনাত ছবিৰ গাঁথনিক দিশ সম্বন্ধে আলোচনা কৰি এই আলোচনাত দাক্ষিণাত্যৰে পাঁচগৰাকী ছুপাৰষ্টাৰৰ বিষয়ে আলোচনা কৰা হল
দাক্ষিণাত্যৰ ছবিৰ ছুপাৰষ্টাৰৰ কথা কবলৈ যাওঁতে প্রথমে নাম লব লাগিব গড ফাদাৰ অৱ ছাউথ ইণ্ডিয়ান মুভী ইণ্ডাষ্ট্রীৰ ৰজনীকান্তৰ নাম৷ ১৯৫০ চনৰ ১২ ডিচেম্বৰত জন্মলাভ কৰা ৰজনীয়ে কর্মজীৱন আৰম্ভ কৰিছিল এজন বাছ কণ্ডাক্টৰ হিচাপে৷ তেওঁৰ প্রকৃত নাম শিৱাজী ৰাও গাইকোৱাড৷ তেওঁৰ জন্মস্থান মাইচোৰত যদিও বর্তমান তেওঁ চেন্নাইৰ বাসিন্দা৷ ১৯৭৫ চনত অপূর্ব ৰায়াংলী নামৰ ছবিৰ যোগেদি আত্মপ্রকাশ কৰা ৰজনীকান্তে ২.০, কালা, কাবালী, লিংগা, ৰা–ৱান আদি ব্লকবাষ্টাৰ ছবি উপহাৰ দিছে৷ প্রায় ৪০-৬০ কোটি টকাৰ বিনিময়ত এখন ছবিৰ বাবে চুক্তিবদ্ধ হয় ৰজনীকান্ত৷ ভাৰত চৰকাৰে ২০০০ চনত পদ্মভূষণ আৰু ২০১৬ চনত সন্মানীয় পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰিছে৷
তামিল ছবিৰ অন্যতম এখন চিনাকি মুখ হৈছে বিজয়৷ ব্লকবাষ্টাৰ কেইবাখনো ছবিৰ মুখ্য চৰিত্রত অভিনয় কৰি প্রস্ফুটিত কৰিছে নিজৰ অভিনয় প্রতিভা৷ তেওঁ দাক্ষিণাত্যৰ ছবিৰ অন্যতম পৰিচালক এছ এ চন্দ্রশেখৰৰ পুত্র৷ প্রায় ২০-৩০ কোটি টকা পাৰিশ্রমিক লয় তেওঁ প্রতিখন ছবিৰ বাবে৷ অভিনয়েই নহয় গায়ক হিচাপেও পৰিচিত বিজয়৷ চৰকাৰ, মার্শ্বাল, ভৈৰৱা, থেৰী, পুলি, জিল্লা আদি সফল ছবিৰ নায়ক তেওঁ৷ ১৯৭৪ চনৰ ২২ জুনত তেওঁৰ জন্ম৷ তেওঁৰ প্রকৃত নাম যোছেফ বিজয় চন্দ্রশেখৰ৷ তেওঁৰ দাক্ষিণাত্যৰ তাৰকাৰ ভিতৰত অন্যতম সর্বাধিক পাৰিশ্রমিকপ্রাপ্ত অভিনেতা৷
চিনাকি চৰিত্রৰে সকলোৰে মাজত স্থান লাভ কৰা আন এজন তাৰকা হৈছে আজিত৷ আশাহ ছবিৰ জৰিয়তে ছবিজগতত তেওঁ পদার্পণ কৰে৷ অন্যতম দামী তাৰকা হিচাপে খ্যাতি থকা আজিতে ২০-২২ কোটিৰ পাৰিশ্রমিক লয় প্রতিখন ছবিৰ বিপৰীতে৷ বিশ্বম, বিবেগাম, বেডলাম, বাৰাম, আৰম্ভম, আচল আদি ব্লকবাষ্টাৰ ছবিৰ নায়ক তেওঁ৷ খলনায়কৰ চৰিত্রৰ ক্ষেত্রত তেওঁৰ আছে আন সফল ত্রাস৷ ১৯৭১ চনৰ ১৬ মেত জন্মলাভ কৰা আজিতৰ ছবিজগতত পদার্পণ ঘটিছিল অমৰাৱতী ছবিৰ যোগেদি৷
বহু সফল ছবিৰে দর্শকৰ মনত সাঁচ বহুওৱা আন এজন তাৰকা হল সূর্য৷ অন্যতম পাৰিশ্রমিকপ্রাপ্ত সূর্যই প্রতিখন ছবিৰ বিপৰীতে লাভ কৰে ১৭-২০ কোটি টকা৷ ১৯৭৫ চনৰ ২৩ জুলাইত জন্মলাভ কৰা সূর্যৰ প্রকৃত নাম সর্বানন শিৱকুমাৰ৷ এনজিকে, পেৰীনাম, সন্দীপ্পমা, কাথালে নিমাধী আদি ছবিৰ সফল নায়ক তেওঁ৷
সুদর্শন তাৰকাৰ শাৰীত তেওঁৰ নাম সদায় আগত৷ নাম তেওঁৰ মহেশ বাবু৷ ১৯৭৫ চনৰ ৯ আগষ্টত হাইদৰাবাদত জন্মলাভ কৰা মহেশ বাবুৰ প্রকৃত নাম মহেশ ঘট্টমানেনী৷ প্রায় ১৮-২২ কোটিৰ বিনিময়ত ছবিৰ বাবে চুক্তিবদ্ধ হয় মহেশ বাবু৷ মুৰাৰী, অকাড্ডু, অর্জুন, পকিৰী, ডকাডু, বিজনেছ মেন আদি ব্লকবাষ্টাৰ ছবিৰ তাৰকা তেওঁ৷
ইয়াৰ উপৰি প্রভাস, আল্লু অর্জুন, ৰবি তেজা, মোহনলাল, চিৰঞ্জীৱী, পৱন কল্যাণ, নাগার্জুন, জুনিয়ৰ এনটিআৰ, ভেংকটেশ, বিক্রম, ধনুষ, ৰামচৰণ, নীতিন আদি অভিনেতাসকলেও বহু পাৰিশ্রমিক লোৱাৰ বিপৰীতে উপহাৰ দিছে বহু ছুপাৰহিট ছবি৷

You might also like

Leave A Reply

Your email address will not be published.