হাঁহিৰে ৰচিলোঁ জীৱন সুৰভি

মই বৰ লাজুকীয়া স্বভাৱৰ আছিলোঁ৷ মানুহৰ লগত জোখৰ কথাকেইটাহে পাতিছিলোঁ৷ পপা–শুনা শেষ হোৱাৰ পিছত ঘৰত হুলস্থূল৷ মই বিয়া পাতিব লাগে৷ ইতিমধ্যে মোৰ লগৰসকলে ছোৱালী চোৱা আৰম্ভ কৰিছিল৷ কিন্তু মইতো একদম গাঁৱৰ লৰা৷ মা–পিতাই চাই দিয়া ছোৱালীজনীকহে যে বিয়া পাতিম, সেইটো খাটাং আছিল৷ এনেতে গম পালোঁ মাহঁতে ছোৱালী এজনী কৰবাত পছন্দ কৰিছে৷ মোক কলে তই লগ ধৰি আহিবি৷ বিয়াখন মোটামুটি ফাইনেল কৰিম বুলিয়েই ভাবিছোঁ৷ কথা আছিল সিমানেই তাৰ পিছত বন্ধু এজনৰ সৈতে মই গলো তেওঁক লগ ধৰিবলৈ৷ দুই–এটা কথা পাতিলোঁ৷ ঘৰত আহি কলোঁ হবদে বিয়া পাতিম আৰু কিন্তু মোৰ মনত এটা খুদুৱনি ৰৈ গল নহয়, মই মনে মনে ভাবি থাকিলোঁ যে ছোৱালীজনী মোতকৈ ওখ হব নেকি পিছত মোৰ বন্ধু এজনে একদম গেৰাণ্ঢী দি কলে যে ছোৱালী তোতকৈ কোনোগুণে ওখ নহয়৷ তই না নকৰিবি৷ ময়ো হা কৈ দিলোঁ আৰু বিয়া হৈ গল আৰু সংসাৰো আগবাঢ়িছিল খুব ৰসভৰা কথাখিনি কৈ তেওঁ খিলখিলাই হাঁহিলে৷ তেওঁৰ ৰসাল কথা–বার্তাই হাঁহিৰ খোৰাক যোগায় প্রতিজন দর্শকক৷ তেখেতৰ স্বভাৱসুলভ ৰসিক কথাবোৰেও মোহাচ্ছন্ন হৈ আমোদ লাভ কৰা প্রতিজন দর্শকৰ বাবে তেওঁ ৰসৰাজ৷ আমাৰ বিয়াৰ শিতানত পাঠকসকলক জনাব বিচাৰিছোঁ অসমীয়া চলচিচত্র জগতৰ জনপ্রিয় কৌতুক অভিনেতা হিৰণ্য ডেকা আৰু তেওঁৰ সহধর্মিণী ৰিতু ডেকাৰ বিয়াখনৰ কাহিনী৷
জন্মসূত্রে হিৰণ্য ডেকাৰ ঘৰ নলবাৰী জিলাৰ জাহা নামৰ ভিতৰুৱা গাঁও এখনত৷ পিতৃৰ ভুবনেশ্বৰ ডেকা, মাতৃৰ নাম কুঞ্জ ডেকা৷ কুমাৰপাৰাত শৈশৱকাল তথা সুক্লীয়া শিক্ষা সাং কৰি প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে৷ সৰুৰে পৰা অভিনয়ৰ প্রতি দুর্বাৰ হাবিয়াস থকা হিৰণ্য ডেকাই নাটক কৰিবলৈ আৰম্ভ কৰে৷ সকলো ধৰণৰ চৰিত্র তেওঁ ৰূপায়ণ কৰা হিৰণ্য ডেকাই সোণাৰাম হাইস্কুল পঢ়ি থকা দিনৰে পৰা নাটক কৰিবলৈ ধৰিলে৷
কোৱা হয় মনৰ দৃষ্টিভংগী সলনি কৰি মানুহে যে নিজৰ জীৱনলৈ ৰূপান্তৰ আনিব পাৰে, সেইটোৱে হল জীৱনৰ মহত্ত্বম আৱিষ্কাৰ৷ অকৃত্রিম বা নিভাঁজ ব্যক্তিত্বই মানুহৰ মন জয় কৰিব পাৰে৷ এজন মানুহে নিজে কৰা কামতেই তেওঁৰ ব্যক্তিত্ব ফুটি উঠে৷ পৃথিৱীৰ প্রত্যেকজন মানুহেই অসামান্য, অদ্বিতীয়৷ ব্যক্তিত্ব কেৱল দৈহিক অথবা মানসিক জগতৰ ক্রিয়া৷ ই সদা সতেতন মানৱ জীৱনৰ এক সত্তা৷
এগৰাকী অভিনেতাই এখন নিজস্ব জগত সৃষ্টি কৰে, দর্শকে সেই জগতখনত বিচৰণ কৰি ভাল পায়৷ দর্শকেই হল এজন অভিনেতাৰ প্রকৃত সমল৷ এষাৰ কথা আছে মানুহক কন্দুৱাবলৈ সহজ, কিন্তু হঁহুৱাবলৈ টান৷ হিৰণ্য ডেকাই বুজি উঠিছিল যে কি কৰিলে তেওঁ সফলতা লাভ কৰিব৷ জীৱনৰ বাবে এটা নিখুঁত পৰিকল্পনা কৰি, এক উচ্চ লক্ষ্য স্থিৰ কৰি তাৰ সাধনাতে সমস্ত শক্তি নিয়োজিত কৰিলে নিষ্চয় নিজে বিচৰা মতেই নিজক গগ দিব পাৰে৷ অভিনয়ৰ দিশত বিশেষকৈ হাস্যমধুৰ সংলাপবিলাক তেওঁৰ সৈতে খুব সুন্দৰকৈ খাপ খাই পৰিছিল৷ কৌতুক অভিনেতা হিচাপে তেওঁৰ প্রথম ছবি আছিল অপৰূপা৷ তেতিয়াৰ পৰা তেওঁ আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই৷ এইপর্যন্ত তেওঁ মুঠ ৫৮খন অসমীয়া ছবিত কাম কৰিছে৷ ১৯৯৩ চনত তেওঁ জীৱনৰ এক নতুন অধ্যায়ৰ পাতনি মেলিলে৷ এইবাৰ ৰীল লাইফ নহয় ৰিয়েল লাইফত তেওঁ পাণিগ্রহণ কৰিলে ৰিতু ডেকাৰ৷ নলবাৰী জিলাৰ ৰমাকান্ত বৈশ্য আৰু দময়ন্তী বৈশ্যৰ জীয়ৰী ৰিতু ডেকাই জীৱনৰ প্রতিটো মুহূর্ততে সাহস আৰু অনুপ্রেৰণা হৈ থিয় দিলে৷ আগবািি গল জীৱন ৰথৰ চকৰি৷
অত্যন্ত সহজ–সৰল আৰু হাঁহিমুখীয়া দিপলিপ ৰিতু ডেকাৰ আচাৰ–আচৰণত কিন্তু তিলমানো দেখা নগল এজন জনপ্রিয় অভিনেতাৰ পত্নী হিচাপে থাকিবলগীয়া মেজাজ৷ খুব মৰমিয়াল তথা অতিথিপৰায়ণ আবদাৰে তেওঁৰ স্বভাৱসুলভ আচৰণ প্রতিফলিত কৰিছিল৷ ইমান ব্যস্ত এজন অভিনেতাৰ পত্নী হৈও তেওঁ অনুভৱ কৰিব পাৰিছিল যে সংসাৰ এখন সুকলমে পৰিচালিত কৰাৰ মূলমন্ত্র কি মৰম, চেনেহৰ জৰীডাল যৌথ পৰিয়াল এটাত খুব আটোমটোকাৰিকৈ ৰক্ষা কৰিব পাৰিছিল বা কৰিব জানিছিল৷
দুটি সন্তান ক্রমে হিমাশ্রী আৰু ৰোহনৰ আগমনত জীপাল হল তেওঁলোকৰ সংসাৰখন৷
হাঁহিৰ ছলেৰে ৰিতু ডেকাক সুধিছিলোঁ এজন জনপ্রিয় অভিনেতাৰ পত্নী হিচাপে মাজে মাজে শংকিত হয় নেকি উত্তৰত তেওঁ কৈছিল নাই নহওঁ৷ অভিনয় জগতখনত থাকিলেই যে সংসাৰৰ দায়িত্ব পাহৰি যাব বা মই চিন্তিত হৈ থাকিম, তেনে কোনো কাৰণ আমাৰ মাজত হোৱা নাই আজিপর্যন্ত৷
কাজিয়া লাগেনে বুলি সুধিবলৈহে পালোঁ ৰিতু ডেকাই তপৰাই উত্তৰ দিলে লাগে লাগে, তুংগত৷ কাজিয়া আৰু নালাগিবনে
এজন ব্যস্ত অভিনেতা হিচাপে আপোনাৰ পেছাৰ সমান্তৰালকৈ সংসাৰ দায়িত্ব কিমানদূৰ নিয়াৰিকৈ পালন কৰিব পাৰিছে বুলি ভাবে
উত্তৰত তেওঁ কয় যে সংসাৰৰ দায়িত্ব মোতকৈ বেছি মোৰ পত্নী ৰিতুৱে সুচাৰুৰূপে পৰিচালনা কৰিছে বুলি কব লাগিব৷ কাৰণ ব্যস্ততাৰ বাবে মই বেছিভাগ ঘৰৰ বাহিৰত থাকিব লাগে৷ লৰা–ছোৱালী দুটাকো বেছি সময় দিব নোৱাৰোঁ৷ আমাৰ যৌথ পৰিয়াল আছিল৷ ৰিতুৱে সকলোখিনি আবদাৰ খুব আন্তৰিকতাৰে গ্রহণ কৰিছিল বা গ্রহণ কৰিব পাৰিছিল৷ মই ভাবোঁ ৰিতু সম্পূর্ণ সফল হৈছে৷
সংসাৰ চলোৱাৰ মূল চাবিকাঠী কি বুলি দুয়োকে একেলগে প্রশ্ণ কৰিছিলোঁ
উত্তৰত কৈছিল বুজাবুজি৷ বুজাবুজি থাকিলে বহু সমস্যা সমস্যা যেনেই নালাগে৷ সাংসাৰিক জীৱনত সৰু–সুৰা খুঁট–খাট লাগিয়েই থাকে, তাৰ মাজতে কিছুমানৰ সমস্যা স্থায়ী হৈ ৰৈ যায় আৰু কিছুমানৰ সমাধান হৈ যায়৷ মুঠৰ ওপৰত নিঃস্বার্থ প্রেম, বুজাবুজি আৰু দুয়োৰে ইজনে–সিজনৰ প্রতি সন্মান থাকিব লাগিব৷ অভিনয়ৰ দ্বাৰা যিদৰে হিৰণ্য ডেকাই প্রতিজন দর্শকক হঁহুৱায়, ঠিক সেইদৰে নিজৰ সাংসাৰিক জীৱনতো হাঁহিৰে বিষাদক নেওচি আশাৰ ফুল সঞ্চাৰ কৰি তেওঁলোকৰ এই সুন্দৰৰ ধৰণী সজাই তুলিছে৷
বর্তমান হিৰণ্য ডেকা আৰু ৰিতু ডেকাৰ সংসাৰখনে ২৫টা বছৰ অতিক্রম কৰিলে৷ বর্তমান বস্তুবাদী এই সমাজখনে যেন বৈবাহিক সম্পর্কটো থুনুকা কৰি পেলাইছে৷ কিন্তু জীৱনৰ ঘাত–প্রতিঘাত নেওচি ধনাত্মক দৃষ্টিভংগীৰে নিজৰ সংসাৰখন সৰগলৈ ৰূপান্তৰিত কৰিব পাৰে৷ হিৰণ্য ডেকা আৰু ৰিতু ডেকাৰ ধনাত্মক চিন্তাধাৰাই আৰু অধিক একাত্ম কৰিছে দুয়োকে
সঁচাকৈ সোণ ৰূপেৰেই জুখি চাব নোৱাৰি
এয়া অকমানি আমাৰে পৃথিৱী

বৰ্ণালী এছ ডেকা

You might also like

Leave A Reply

Your email address will not be published.