মানসিক স্বাস্থ্য

শুই উঠাৰ পৰা ৰাতি পুনৰ শোৱালৈকে আমাৰ জীৱন–ধাৰণ প্রণালীৰ প্রতিটো দিশেই আৱৰি ধৰি বর্তমান যুগত বিজ্ঞানৰ জয়গান তুংগত৷ ৫০-৬০ বছৰ আগৰ মানুহে নিশ্চয় কল্পনা কৰিবই পৰা নাছিল এই চমৎকাৰ৷ কিন্তু পৰিৱর্তনৰ এই যুগতো প্রায় অপৰিৱর্তিত হৈ থকা বিষয়বোৰৰ ভিতৰত অন্যতম এটা বিষয় মানসিক স্বাস্থ্য৷ মানসিক ৰোগ বুলিলে শব্দটো বেছি স্পর্শকাতৰ হব বুলিয়েই ব্যৱহাৰ নকৰিলোঁ৷

স্বাস্থ্যৰ দুটা দিশ

শাৰীৰিক আৰু মানসিক৷ কিন্তু সততে আমাৰ অৱহেলা কৰা যায় আমাৰ মানসিক স্বাস্থ্য বিষয়টো৷ এই অৱহেলাৰ বাবেই মানসিক সুস্বাস্থ্যৰ প্রতি আমাৰ সততে মনোযোগ নাথাকে আৰু ইয়াতকৈও ভয়ংকৰ কথাটো এই যে মানসিক ৰোগসমূহক বদনামী ৰোগ হিচাপে আমাৰ সমাজত এক ধাৰণা প্রচলিত হৈ আহিছে৷ মানসিক ৰোগীসকলক সাধাৰণ অর্থত ৰোগী হিচাপে চোৱাৰ পৰিৱর্তে বলিয়া বা পাগল বুলি চোৱা আৰু কোৱা হয়৷ শাৰীৰিক তথা মানসিকভাৱে অত্যাচাৰ, ইতিকিং কৰা হয় তেওঁলোকক৷ দুর্ভাগ্যবশতঃ পাহৰি যোৱা হয় তেওঁলোকো যে মানুহ, কি যন্ত্রণাত ভুগিছে তেওঁলোকে ইত্যাদিবোৰ মানৱীয় প্রমূল্যবোধ সম্পর্কীয় দিশ৷
ঠিক একেধৰণেই অৱহেলা কৰা যায় মানসিক স্বাস্থ্যৰ বিকাশ সাধন তথা মানসিক সুস্বাস্থ বিষয়টো৷ ফলত শিশু তথা ছাত্র–ছাত্রীসকলে এইক্ষেত্রত পাবলগীয়া শিক্ষা তথা যত্নখিনি নাপায়৷ এনে শিক্ষা তথা যত্নৰ অভাৱতেই পিছলৈ সৃষ্টি হয় বহুতো মানসিক ৰোগ তথা মানসিক সমস্যাৰ৷ বিশেষকৈ শিক্ষার্থীসকলে পপা–শুনাৰ চাপ সহ্য কৰি সমান্তৰালভাৱে অধ্যয়ন চলাই যোৱাৰ ক্ষেত্রত এনে শিক্ষা তথা জ্ঞানৰ খুবেই প্রয়োজন৷ মানসিক স্বাস্থ্য বুলিলে সাধাৰণতে আমাৰ মনবোৰ সুস্থ–সবল আৰু সতেজ হৈ থকা অৱস্থাটোকে বুজোৱা হয়, যিটো আমাৰ মনটো সমস্যা তথা ৰোগৰ পৰা বাচি থকাৰ বাবে অন্যতম প্রয়োজনীয় কথা৷ গতিকে মানসিক স্বাস্থ্যৰ বিষয়টো অৱহেলা নকৰি বৰং ইয়াৰ গুৰুত্ব বুজি যত্নসহকাৰে শিশু তথা চেমনীয়াসকলক এইক্ষেত্রত উচিত আৰু উপযোগী শিক্ষা প্রদানৰ সময় সমাগত৷
কিন্তু মানসিক শব্দটো আমাৰ সমাজত ইমানেই স্পর্শকাতৰ যে ইয়াৰ বিষয়ে উপযোগী জ্ঞান, শিক্ষা আহৰণ তথা প্রদানৰ পৰিৱেশেই প্রায় নাইকিয়া৷ বর্তমান সময়ত অৱশ্যে এই প্রতিচ্ছবি কিছু সলনি নিষ্চয় হব ধৰিছে৷ চৰকাৰী–বেচৰকাৰী চিকিৎসালয়সমূহত আগৰ তুলনাত মানসিক চিকিৎসা সুলভ আৰু সহজ হৈছে৷ এই আশাতেই আমিও বন্দী৷
মানসিক স্বাস্থ্য আৰু মানসিক ৰোগ দুয়োটা কথা সম্পর্কযুক্ত৷ মানসিক স্বাস্থ্যৰ সমস্যা বা জটিলতাই মানসিক ৰোগ৷ মানসিক বুলিলে কেৱল আমাৰ মনটোৰ সৈতে জডিত বুলি ভবা হয় যদিও আচলতে কিন্তু তেনে নহয়৷ বৰং আমাৰ মন বোলা বস্তুটোক নিয়ন্ত্রণ কৰে আমাৰ মগজুৱে আৰু এই মগজু আমাৰ শৰীৰৰ অন্যতম প্রধান অংগ৷ গতিকে মগজুৰ বেমাৰ বা বিসংগতি হলেই দেখা দিয়ে মানসিক ৰোগে৷ আমাৰ মনটো এটা অকলশৰীয়া বস্তু নহয়, যিটো সংযুক্ত আৰু নিয়ন্ত্রিত হয় আমাৰ মগজুৰ দ্বাৰা৷ গতিকে মানসিক ৰোগৰ শাৰীৰিক ভিত্তি নিষ্চয় আছে৷ সি এক কাল্পনিক বস্তু নহয়, বৰং এক ৰূঢ় সত্য৷
মানসিক স্বাস্থ্য বিভিন্ন কাৰকৰ ওপৰত নির্ভৰ কৰে৷ সাধাৰণতে ভবাৰ দৰে মানসিক ৰোগ বা মানসিক সমস্যা দুর্বল মানসিকতা, গ্রহদোষ, ভূত–প্রেত লম্ভা বা পাপৰ ফল আদিৰ বাবে নহয়৷ এনেবোৰ কথা ভবাটো এক ভ্রান্ত ধাৰণা মাথোঁ৷ মানসিক ৰোগো শাৰীৰিক ৰোগৰ দৰেই ৰোগহ্ল, যিটো মগজুত বিভিন্ন বিসংগতিয়ে দেখা দিলে সৃষ্টি হয়৷ তদুপৰি মানসিক ৰোগৰ আন কাৰণো থাকে৷ এইবোৰ বহলাই ব্যাখ্যা কৰাৰ প্রয়োজন আছে৷

অনন্যা ভাগৱতী

You might also like

Leave A Reply

Your email address will not be published.