বৃক্কৰ পাথৰ আৰু ইয়াৰ চিকিৎসা

মানুহৰ শৰীৰৰ ভিতৰত অতি গুৰুত্বপূর্ণ অংগবোৰৰ ভিতৰত দুটা বৃক্ক অন্যতম৷ ই মানুহৰ শৰীৰৰ বর্জনীয় আৰু অলাগতিয়াল পদার্থখিনি শৰীৰৰ পৰা বাহিৰ কৰি উলিয়াই দিয়ে আৰু অংগবিলাকৰ কার্যক্ষমতা বজাই ৰখাত সহায় কৰে৷ প্রতিজন মানুহৰ দেহত দুটাকৈ বৃক্ক থাকে যদিও কেতিয়াবা জন্মগত দোষৰ বাবে কাৰোবাৰ দেহত এটা বৃক্কও থাকে৷ কিন্তু তেনে ঘটনা খুব বিৰল৷ এক নিযুততকৈ অধিক নেফ্রনৰ সমষ্টিৰে এটা বৃক্ক গঠিত৷ সাধাৰণতে বৃক্কত ৰক্ত সঞ্চালনৰ মাত্রা শৰীৰৰ বাকী অংগতকৈ অধিক৷ বৃক্ক, ইবেটাৰ আৰু ইউৰেনাৰী ব্লাডাৰৰ সমষ্টি, ইউৰেনাৰী তন্ত্রটো গঠিত৷ বৃক্কই শৰীৰৰ জুলীয়া পদার্থৰ পৰিমাণ নিয়ন্ত্রণ কৰে আৰু হৰমন গ্রন্থিবিলাকৰ কার্যক্ষমতা নিয়ন্ত্রণ কৰে৷
প্রতিটো বৃক্কত অহৰহ গতিত মূত্র গঠন হৈ আছে আৰু ইউৰেটাৰৰ যোগেদি মূত্র মূত্রনলীত জমা হৈ আছে৷ মূত্রথলীত জমা হোৱাৰ পিছত মানুহৰ মূত্রৰ বেগ লাগে আৰু তেতিয়া প্রস্রাৱ হিচাপে মূত্রনলীৰে ওলাই যায়৷ যদি কেতিয়াবা কিবা কাৰণত এই অংগকেইটাৰ ভিতৰত কোনো এটাত বাধাৰ সৃষ্টি হয়, তেতিয়া মূত্র ওলাই অহাত অসুবিধা হয়৷ ফলস্বৰূপে শৰীৰৰ পৰা বর্জনীয় পদার্থবোৰ ওলোৱাত বাধা পায়, বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি কৰে৷ ফলত মূত্র নলীয়েদি মূত্র ওলোৱাত বিষ অনুভৱ হয় আৰু প্রস্রাৱ জলা–পোৱা কৰে৷ বৃক্কৰ ভিতৰত বিষ অনুভৱ হয় আৰু বিভিন্ন ধৰণৰ পার্শ্বক্রিয়াই দেখা দিয়ে৷ এই বাধাৰ সৃষ্টিৰ মূলতে হল মূত্রনলীত বা কিড্নীৰ ভিতৰত হোৱা পাথৰ৷ আজিকালি সাধাৰণ বেমাৰ হিচাপে অধিকাংশ মানুহৰে এই ৰোগ হোৱা দেখা যায়৷ সাধাৰণ শ্রেণীৰ মানুহখিনিও আজিকালি এই বেমাৰৰ দ্বাৰা আক্রান্ত হয়৷ প্রায় পাঁচ শতাংশ মহিলা আৰু দহ শতাংশ পুৰুষ ৭০ বছৰ বয়সৰ ভিতৰত বৃক্কত হোৱা পাথৰৰ দ্বাৰা বাৰুকৈয়ে আক্রান্ত হয়৷ বৃক্ক বা বৃক্কৰ পাথৰৰ ভিতৰত বেছিভাগ অক্সেলেট পাথৰৰ দ্বাৰা হোৱা দেখা যায়৷ প্রায় ১৪ শতাংশ ৰোগীৰ পাথৰ কেলচিয়াম অক্সেনেট আৰু কেলচিয়াম ফছফেটৰ দ্বাৰা হয় প্রায় ১৩ শতাংশ ৰোগী৷ কিছু অংশ ৰোগী মেগনেচিয়াম, এলুমিনিয়াম ফছফেটৰ দ্বাৰা হয়৷ ক্ষুদ্র পৰিমাণত ইউৰিক এচিডৰ দ্বাৰা তৈয়াৰী পাথৰো পোৱা যায়৷
বৃক্কত পাথৰ হলে প্রথম অৱস্থাত কোনো লক্ষণ আদি দেখা নিদিব পাৰে, যেতিয়ালৈকে ই লৰচৰ কৰি ইউবেটাৰক তলৰ পিনে হেঁচা নিদিয়ে৷

বৃক্কৰ পাথৰৰ লক্ষণঃ

ক৷ ৰোগীয়ে সদায় প্রস্রাৱ ত্যাগৰ ইচ্ছা কৰে, কিন্তু প্রস্রাৱ অলপ অলপকৈ হয় আৰু প্রস্রাৱ নলী জলা–পোৰা কৰে৷
খ৷ প্রস্রাৱ ত্যাগ কৰাৰ সময়ত তলপেটত বিষ অনুভৱ আৰু পেটৰ দুয়ো কাষতে বিষ হয়৷
গ৷ প্রস্রাৱৰ লগত সময়ে সময়ে তেজো ওলায়৷
ঘ৷ এই বিষ অসহ্য ধৰণৰ হব পাৰে, আনকি ৰোগী মূর্ছাও যাব পাৰে৷
ঙ৷ বিষৰ লগতে বমি ভাব আৰু হিকটি আহিব পাৰে৷
চ৷ বিষ বৃক্কৰ স্থানত হব আৰু ধোঁৱা ৰঙৰ প্রস্রাৱ ওলাব৷
ছ৷ ৰোগীৰ ৰ উঠিব পাৰে৷
জ৷ পুৰুষৰ এই ৰোগ হলে পুৰুষাংগৰ মূৰৰ ছাল সদায় টানি থাকিব৷
ঝ৷ দিনৰ ভাগত আৰু লৰচৰ কৰিলে প্রস্রাৱ ত্যাগৰ ইচ্ছা অধিক হয়৷
ঞ৷ বিষ পেটৰ দুয়ো কাষে হব পাৰে৷

বৃক্কৰ পাথৰ ধৰা পেলাবলৈ কি কৰিবঃ

বৃক্কৰ পাথৰ হোৱা সঠিকভাৱে ধৰা পেলাবলৈ প্রস্রাৱৰ ৰুটিন পৰীক্ষা কৰিবলৈ দিয়া হয়৷ ৰুটিন পৰীক্ষাত এনে ৰোগীৰ ক্ষেত্রত কেলচিয়াম অক্সেলেট, ফছফেট, আৰবিচি আদি বেছি পৰিমাণে পোৱা যায়৷ তদুপৰি সঠিকভাৱে নির্ণয় কৰিবলৈ এক্সৰে, আলড্রাছনগ্রাফী, চিটি স্কেন, এম আৰ আই আদি পৰীক্ষা কৰি পাথৰ হোৱাটো সঠিকভাৱে ধৰা পেলাব পৰা যায়

কি কি নাখাবঃ খোৱা খাদ্যত কিছু সাৱধানতা লব লাগে

ক৷ বৃক্কত পাথৰ হলে কেলচিয়াম, ইউৰিক এচিড আদিযুক্ত খাদ্য খাব নালাগে৷
খ৷ চাহ, কফী, চকলেট, মাংস, কণী আদি কমকৈ খাব লাগে৷
গ৷ তামোল–পাণৰ লগত চূণ আদি খাব নালাগে৷
ঘ৷ অত্যধিক কেলৰিযুক্ত খাদ্য বস্তু খোৱা নিষেধ৷
ঙ৷ ফ্রাষ্ট ফুড বা অন্যান্য তেনেজাতীয় খাদ্যবোৰ কমকৈ খাব লাগে৷
চ৷ দৈ খাব নালাগে

কি কি খাব লাগেঃ

ক৷ বৃক্কত পাথৰ হোৱা গম পালে বেমাৰীসকলে পানী অত্যধিক পৰিমাণে খাব লাগে৷ দিনত ৪-৫ লিটাৰ মানকৈ পানী পান কৰিব লাগে৷ পানী গৰম কৰি লৈ ঠাণ্ডা কৰি সেই পানী অত্যধিক পৰিমাণে পান কৰিব লাগে৷ পানী পান কৰিলে পাথৰৰ গাঢ়তা কমি যায়৷
খ৷ ফলৰ ৰস, কেঁচা শাক–পাচলি আদি অধিক পৰিমাণে খাব লাগে৷
গ৷ দুপৰটেঙাৰ পাতৰ ৰস আৰু মানিমুনি পাতৰ ৰস দুবেলা সৰহকৈ খালে পাথৰৰ গাঢ়তা ক্রমাৎ কমি যায়৷
ঘ৷ উপযুক্ত জিৰণি লব লাগে আৰু অত্যধিক পৰিশ্রম কৰা উচিত নহয়৷

চিকিৎসাঃ

বৃক্কত পাথৰ হলে পাথৰৰ আকাৰৰ ওপৰত ইয়াৰ চিকিৎসা প্রণালী নির্ভৰ কৰে৷ সৰু পাথৰ হলে অত্যধিক পৰিমাণে পানী আৰু জুলীয়া বস্তু খালে পাথৰৰ গাঢ়তা ক্রমাৎ ক্ষুদ্র ক্ষুদ্র হৈ যায় আৰু সেয়া প্রস্রাৱৰ লগত ওলাই যায়৷ তদুপৰি আজিকালি এটি নতুন পদ্ধতি আৱিষ্কাৰ হৈছে৷ সেয়া হৈছে লেথোড্রিপচি৷ এই পদ্ধতি মতে আলড্রাছনিক তৰংগৰ দ্বাৰা বৃক্কৰ ভিতৰৰ পাথৰ ভাঙি টুকুৰা টুকুৰ কৰি দিয়া হয়৷ তেতিয়া সেই সৰু টুকুৰাবোৰ পাইপ সংলগ্ণ কৰি বৃক্কৰ পৰা উলিয়াই দিয়া হয় আৰু বাকীখিনি প্রস্রাৱৰ লগত ওলাই যায়৷ অৱশ্যে অস্ত্রোপচাৰ চিকিৎসাই এইক্ষেত্রত বেছি সুফল দিয়া দেখা যায়৷ অস্ত্রোপচাৰ কৰি বৃক্কৰ ভিতৰৰ পৰা পাথৰ উলিয়াই দিয়া হয় আৰু লগতে প্রয়োজনীয় দৰব ব্যৱহাৰ কৰিব দি ৰোগীক সুস্থ কৰি তুলিব পাৰি৷

ডাঃ আশ্বৰাফুল আলম

You might also like

Leave A Reply

Your email address will not be published.