বিৰুদ্ধ আহাৰ

আহাৰ সকলো জীৱৰে মৌলিক প্রয়োজন৷ পৰিপুষ্টি, প্রাণশক্তি, তেজ, ওজঃ আদি সকলোৰে প্রধান উৎস হৈছে আহাৰ৷ আহাৰ যেনেকৈ শক্তি সামর্থ্যৰ মূল্য উৎস, তদ্রূপ আহাৰৰ অহিতকৰ সংযোগৰ ফলত জীৱনী শক্তি হ্রাস পোৱাৰ লগতে বিভিন্ন ৰোগ–ব্যাধিয়ে দেহত বাহ লয়৷ মাথোঁ অহিতকৰ সংযোগেই নহয় স্থান–কাল–পাত্র, সংস্কাৰ, বীর্য আদি বিভিন্ন কাৰকৰ সৈতে বিৰুদ্ধ আহাৰ জডিত হৈ থাকে৷ বিৰুদ্ধ আহাৰ খোৱাৰ ফলত দেহত থকা সপ্ত ধাতু দূষিত হৈ পৰে৷ বিভিন্ন প্রকাৰৰ বিৰুদ্ধ আহাৰৰ বিষয়ে তলত আলোচনা কৰা হলঃ
দেশবিৰুদ্ধ- শীতপ্রধান ঠাইৰ ব্যক্তিয়ে ঠাণ্ডা, স্নিগ্ধ খাদ্য সেৱন কৰাটো দেশবিৰুদ্ধ৷
কালবিৰুদ্ধ– শীত ঋতুত শীতল, ৰুক্ষ তথা লঘু আহাৰ সেৱন৷
অগ্ণিবিৰুদ্ধ- মন্দ অগ্নিৰ ব্যক্তিয়ে গুৰু, স্নিগ্ধ, মধুৰ পদার্থ সেৱন৷
মাত্রাবিৰুদ্ধ– মৌ আৰু ঘি সমান মাত্রাত সেৱন কৰা বিষতুল্য গণ্য কৰা হয়৷
সাত্ম্যবিৰুদ্ধ- দৈনন্দিন চাউল খোৱা ব্যক্তিয়ে ঘেঁহু, গম ভক্ষণ৷
দোষবিৰুদ্ধ- কফ, পিত্ত, বায়ু এয়া হৈছে ত্রিদোষ৷ কফ প্রকৃতিৰ ব্যক্তিয়ে কফবর্ধক খাদ্য খোৱা, পিত্ত প্রকৃতিৰ ব্যক্তিয়ে পিত্তবর্ধক খাদ্য খোৱা এইবোৰেই হৈছে দোষবিৰুদ্ধ আহাৰ৷
সংস্কাৰবিৰুদ্ধ- টেঙা বস্তু তাম বা পিতলৰ বাচনত ৰান্ধি খালে সেয়া হব সংস্কাৰবিৰুদ্ধ ভোজন৷ সেয়া এটি মাথোঁ উদাহৰণহে৷
বীর্যবিৰুদ্ধ- শীত বীর্য পদার্থ উষ্ণবীর্য পদার্থৰ সৈতে খালে সেয়া হয়গৈ বীর্যবিৰুদ্ধ৷ যেনে সুমথিৰা বা মৌচুম্বী দৈৰ সৈতে খোৱাটো বীর্যবিৰুদ্ধ৷
কোষ্ঠবিৰুদ্ধ- বাতবহুল কোষ্ঠ তথা কফবহুল কোষ্ঠৰ ব্যক্তিসকলে বাতবর্ধক, লঘু তথা কফবর্ধক পদার্থ সেৱন কৰাটো কোষ্ঠৰ দৃষ্টিৰে বিৰুদ্ধ আহাৰ হিচাপে গণ্য হয়৷
অৱস্থাবিৰুদ্ধ- অধিক চর্বিযুক্ত ব্যক্তিয়ে স্নিগ্ধ পদার্থ ঘি, মাখন, তেল আদি সেৱন তথা ক্ষীণকায় ব্যক্তিৰ দ্বাৰা ৰুক্ষ আৰু লঘু আহাৰ সেৱন শাৰীৰিক অৱস্থাৰ দৃষ্টিৰে বিৰুদ্ধ আহাৰ বিবেচিত হয়৷
ক্রমবিৰুদ্ধ- মলমূত্র ত্যাগ, স্নান আদিৰ পূর্বে আহাৰ গ্রহণ, ক্ষুধা অগ্ণি প্র্বলিত নৌহওঁতেই আহাৰ গ্রহণ আদি হৈছে ক্রমবিৰুদ্ধ আহাৰ৷
নিষেধবিৰুদ্ধ- ঘি খোৱাৰ পিছত ঠাণ্ডা পানী খোৱা, ঘেঁহুৰ পৰা বনোৱা খাদ্য ভক্ষণৰ ঠিক পিছতেই ঠাণ্ডা পানী খোৱা এইবিলাক হৈছে নিষেধবিৰুদ্ধ আহাৰৰ উদাহৰণ৷
পাকবিৰুদ্ধ- পাক কার্য কৰা ইন্ধনৰ সৈতে আহাৰৰ ওতপ্রোত সম্পর্ক আছে৷ দূষিত ইন্ধনেৰে ৰন্ধা খাদ্য, ভালকৈ নিসিজা, বেছিকৈ সিজা আদি আহাৰসমূহো পাকবিৰুদ্ধ আহাৰৰ শ্রেণীভুক্ত৷
সংযোগবিৰুদ্ধ- কিছুমান আহাৰৰ সৈতে আন কিছুমান আহাৰৰ সংযোগ কৰি ভক্ষণ স্বাস্থ্যৰ দৃষ্টিৰে অহিতকৰ৷ যেনে গাখীৰৰ সৈতে টেঙা বস্তু খোৱা, গাখীৰৰ সৈতে নিমখযুক্ত খাদ্য খোৱা, দৈৰ সৈতে তিয়ঁহ খোৱা আদি হৈছে কিছুমান অহিতকৰ সংযোগ অর্থাৎ সংযোগবিৰুদ্ধ আহাৰ৷

 কিছুমান অহিতকৰ সংযোগবিৰুদ্ধ আহাৰৰ উদাহৰণ

গাখীৰঃ দৈ, নিমখ, মূলা, মূলাৰ পাত, জাম, টেঙাফল, মাটিদাইল, ডালিম, নেমু আদি৷
দৈঃ গাখীৰ, পনীৰ, গৰম ভোজন, তিয়ঁহ আদি৷
মৌঃ সমান মাত্রাত ঘি, তেল, গৰম গাখীৰ, আঙুৰ আদি৷
ঠাণ্ডা পানীঃ ঘী, তেল, তেঁতেলি, মধুৰীআম, গৰম গাখীৰ আদি৷

ৰুচিবিৰুদ্ধ ভাল নোপোৱা খাদ্য বাধ্য হৈ খোৱা তথা ৰুচিসন্মত খাদ্য অৰুচি ভাবেৰে খোৱা এয়াই হৈছে ৰুচিবিৰুদ্ধ আহাৰ৷
গুণসম্পত্ত উৎকৃষ্টতাবিৰুদ্ধ ৰসহীন, বিকাৰযুক্ত, ৰস থকা খাদ্য সেৱন আদি হৈছে গুণসম্পত্বিৰুদ্ধ আহাৰ৷
বিধিবিৰুদ্ধ চৰক সংহিতাত আহাৰ সেৱনৰ অষ্টবিধি বর্ণিত আছে৷ এই বিধিসমূহ নামানি আহাৰ সেৱনেই হৈছে বিধিবিৰুদ্ধ আহাৰ৷
বিৰুদ্ধ আহাৰৰ ফলত বিভিন্ন ব্যাধিয়ে মানুহক আক্রমণ কৰে৷ বিৰুদ্ধ আহাৰ গ্রহণকাৰীৰ ধাতু, ত্রিদোষ আৰু মল বিকৃত হয়৷ এনে ব্যক্তিয়ে বহু বেমাৰৰ দ্বাৰা পীডিত হবলগীয়া হয়৷ যেনে অর্শ, প্রমেহ, ৰক্তহীনতা, মন্দাগ্ণি, গ্রহণী, চর্মৰোগ, নপুংসকতা, মূছা, উন্মাদ, বিভিন্ন উদৰ ৰোগ, ৰক্তপিত্ত, বুদ্ধিক্ষয়, স্মৃতিনাশ আদি

ভার্গৱ কলিতা

You might also like

Leave A Reply

Your email address will not be published.