সপ্ত ধাতু আৰু মানৱ স্বাস্থ্য

আয়ুর্বেদ হৈছে জীৱনৰ বিজ্ঞান৷ ই হৈছে জীৱন যাপনৰ পূর্ণাংগ বিধি৷ মহর্ষি চৰকে চৰক সংহিতাত কৈছে যিখন শাস্ত্রত হিত আয়ু, অহিত আয়ু, সুখ আয়ু, দুখ আয়ু এই চাৰি প্রকাৰৰ আয়ুৰ বাবে হিত আয়ু পথ্য, অহিত আয়ু অপথ্য, আয়ুৰ মান, আয়ুৰ স্বৰূপ বর্ণিত হৈছে, সেইখন শাস্ত্রই আয়ুর্বেদ৷ আয়ুর্বেদত শৰীৰৰূপী ক্ষুদ্র ব্রহ্মাণ্ড নির্মাণৰ বাবে ত্রিস্তম্ভৰ কথা কোৱা হৈছে৷ দোষ, ধাতু আৰু মলক শৰীৰ নির্মাণত তিনি স্তম্ভ বুলি কোৱা হয়৷ অষ্টাংগ হূদয়ম্ত কোৱা হৈছে দোষ ধাতুমল মুলম্ হি শৰীৰম্৷ শৰীৰৰ মূল আধাৰ হৈছে দোষ, ধাতু আৰু মল৷ আমি এই লেখাত ধাতু আৰু মানৱ স্বাস্থ্য সন্দর্ভত আলোচনা কৰিম৷
সপ্ত ধাতু ঃ শৰীৰ ধাৰণ কৰিবলৈ ধাতুৰ প্রয়োজন৷ এই সপ্ত ধাতু হৈছে ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা, শুক্র৷
ৰস:

শীত আৰু উষ্ণ বীর্যযুক্ত, পঞ্চ মহাভূতৰ পৰা উৎপন্ন ৰস ধাতু নির্মাণ হয় পাচনতন্ত্রত আৰু এই ৰস ধাতুৰ পৰাই ৰক্ত, মাংস, মেদ আদি ধাতু নির্মাণ হয়৷
ৰস কর্ম ঃ শৰীৰ নির্মাণৰ মূল আধাৰ হৈছে ৰস৷ ৰসৰ দ্বাৰাই শৰীৰৰ সঞ্চালন, সংৰক্ষণ, সংবর্ধন আৰু পোষণ হয়৷
ৰস বৃদ্ধিৰ লক্ষণ ঃ দেহত ৰস ধাতু বৃদ্ধি হলে পাচন শক্তিৰ দুর্বলতা, মুখৰ পৰা সঘনাই পানী ওলাই থকা, বমি হোৱা, আলস্য ভাব, অধিক নিন্দা, দেহ গধুৰ গধুৰ লাগি থকা আদি সমস্যাই দেখা দিয়ে৷
ৰস ক্ষয়ৰ লক্ষণ ঃ মুখ শুকাই যোৱা, ভাগৰুৱা অনুভৱ হোৱা, অধিক তৃষ্ণাৰ অনুভৱ, হূদয় স্পন্দন বৃদ্ধি পোৱা, বেছি শব্দ সহ্য কৰিব নোৱাৰা হোৱা আদি৷
ৰক্ত:

সুশ্রুত সংহিতাত ৰক্তক প্রাণ বুলি কোৱা হৈছে৷ ৰসেই ৰক্তৰ মূল আৰু ৰক্তই হৈছে শৰীৰৰ মূল৷
ৰক্ত কর্ম ঃ ৰক্তৰ দ্বাৰাই সমগ্র শৰীৰৰ বর্ধন, ধাৰণ আৰু যাপন হয়৷ ৰক্ত ধাতুতেই সমস্ত ধাতুৰ পোষক তত্ত্ব সমাহিত হৈ থাকে৷ ৰক্ত ধাতু হৈছে জীৱনদায়িনী৷ মাংস ধাতুৰ মূল হৈছে ৰক্ত৷ জ্ঞানেন্দ্রিয়, কর্মেন্দ্রিয় আদি সকলোৰে শক্তিৰ মূল স্রোত হৈছে ৰক্ত৷
ৰক্ত বৃদ্ধিৰ লক্ষণ ঃ ৰক্ত বৃদ্ধিৰ ফলত চকু, চাল, প্রস্রাৱ আদিৰ ৰং ৰঙা হোৱা, প্লীহা ৰোগ, বাতৰক্ত, ৰক্তপিত্ত, ৰক্তগুল্ম আদি সমস্যাই দেখা দিয়ে৷
ৰক্ত ক্ষয়ৰ লক্ষণ ঃ ছাল নিস্তেজ তথা ৰুক্ষ হয়, বাত প্রকোপ বৃদ্ধি পায়, ছাল ফাটে৷ ৰক্তক্ষয় হোৱা ব্যক্তিৰ টেঙা আৰু শীতল খাদ্য খাবলৈ তীব্র ইচ্ছা যায়৷

মাংস:

ৰক্ত ধাতুৰ পাচনৰ ফলত মাংস ধাতু নির্মাণ হয়৷ মাংস ধাতুৱে শৰীৰক পুষ্টি যোগায়৷
মাংস কর্ম ঃ মাংস ধাতুৰ মুখ্য কার্য হৈছে লেপন৷ যেনেকৈ ঘৰ এটি নির্মাণ কৰোঁতে চিমেণ্ট বা মাটিৰে লেপন দিয়া হয়, ঠিক তেনেদৰে মাংস ধাতুৰ কাম হৈছে শৰীৰক লেপন কৰা৷ মাংস ধাতুৱে শৰীৰক পুষ্টি যোগোৱাৰ লগতে সুৰক্ষাও প্রদান কৰে৷
মাংস বৃদ্ধিৰ লক্ষণ ঃ ডিঙি, নিতম্ব, উৰু, বাহু, পেট, বুকু আদি অংগত স্থূলতা অহাৰ লগতে শৰীৰৰ গুৰুত্ব বৃদ্ধি পায়৷ দেহত মাংস বৃদ্ধিৰ ফলত উৰু বৃদ্ধি, গলগণ্ড আদি বিকাৰে দেখা দিয়ে৷
মাংস ক্ষয়ৰ লক্ষণ ঃ শৰীৰ দুর্বল তথা শুকান হোৱা, সোনকালে ভাগৰ লগা, কাঁইটে বিন্ধাৰ দৰে দেহত যন্ত্রণা হোৱা আদি সমস্যাই দেখা দিয়ে৷
মেদ:

মাংস ধাতুৰ পৰা মেদ ধাতু নির্মাণ হয়৷ মেদ ধাতু হৈছে স্নেহ ধাতু৷ এই ধাতু প্রধানতঃ উদৰত সংগৃহীত হয়৷
মেদ কর্ম ঃ মেদ ধাতুৰ মুখ্য কাম হৈছে শৰীৰক স্নিগ্ধতা আৰু উষ্ণতা প্রদান কৰা৷ এই ধাতুৱে শৰীৰক শক্তি, সুৰক্ষা, দৃতা আৰু স্থিৰতা প্রদান কৰে৷
মেদ বৃদ্ধিৰ লক্ষণ ঃ শৰীৰত বহুত বেছি স্নিগ্ধতা উৎপন্ন হয়৷ অলপ কষ্ট কৰিলে ভাগৰুৱা অনুভৱ হয়, খোজ কািিলে হূদয় স্পন্দন বৃদ্ধি পায়, শৰীৰৰ পৰা দুর্গন্ধ ওলায়, ঘাইকৈ উদৰ আৰু নিতম্ব মেদবহুল হোৱা, আলস্য বৃদ্ধি পোৱা আদি৷
মেদ ক্ষয়ৰ লক্ষণ ঃ ৰুক্ষ ছাল, প্লীহা বৃদ্ধি, মেদস্বী প্রাণীৰ মাংস খাবলৈ ইচ্ছা যোৱা, উদৰ, নিতম্ব আদি ক্ষীণ হোৱা, চকু ক্লান্ত হোৱা, চুলি, কর্ণদ্বাৰ আদি ৰুক্ষ হোৱা, অলপ কষ্টতে ক্লান্তি অনুভৱ হোৱা আদিবোৰ হৈছে মেদ ক্ষয়ৰ লক্ষণ৷ মুখৰ মিঠা স্বাদ, ভৰি–হাত লা–পোৰা কৰা, মুখ, কণ্ঠ, তালু শুকাই যোৱা, অধিক তৃষ্ণা অনুভৱ, শৰীৰৰ পৰা বেছিকৈ মল বাহিৰ হোৱা আদি বিভিন্ন মেদজ ৰোগৰ লক্ষণ৷
অস্থি:

অস্থি ধাতু অবিহনে শৰীৰ ধাৰণ অসম্ভৱ৷ মেদ ধাতুৰ পৰা অস্থি ধাতু নির্মাণ হয়৷
অস্থি কর্ম ঃ অস্থিৰ আধাৰতে শৰীৰ তথা শাৰীৰিক অংগসমূহৰ আকৃতি নির্মাণ হয়৷ অস্থিয়ে মজ্জাৰ পোষণ কৰে৷ শৰীৰৰ স্থিৰতা, কঠিনতাৰ মূল স্রোত হৈছে অস্থি৷
অস্থি বৃদ্ধিৰ লক্ষণ ঃ অধ্যস্থি অস্থি আকাৰ বৃদ্ধি হোৱাৰ সমস্যা, চুলি আৰু নখ শীঘ্রে বৃদ্ধি হোৱা, এটা দদাতৰ ওপৰত আন এটা দদাত হোৱা, চুলি, দািি, মোঁচৰ নানা ৰোগ, নখৰ বিকাৰ, দদাতৰ বিষ আদি হৈছে অস্থি বৃদ্ধিৰ লক্ষণ৷
অস্থি ক্ষয়ৰ লক্ষণ ঃ হাডত বেজীয়ে বিন্ধাৰ দৰে যন্ত্রণা, গাঁঠিৰ দুর্বলতা, নখ ক্ষয়, দন্ত ক্ষয়, নখ আৰু দদাতৰ শুষ্ক্তা, চুলি সৰা আদি৷
মজ্জা:

মজ্জা হৈছে অস্থিৰ মাজত থকা স্নেহ ধাতু৷
মজ্জা কর্ম ঃ সকলো ধৰণৰ অস্থিৰ ভিতৰত খালী স্থান তথা ছিদ্রত মজ্জা বিদ্যমান৷ মজ্জাই শাৰীৰিক বল আৰু স্নিগ্ধতা বৃদ্ধি কৰে৷ এই ধাতুৱে প্রীতি, স্নেহ, শুক্র আৰু অস্থিৰ পোষণ কৰে৷
মজ্জা বৃদ্ধিৰ লক্ষণ ঃ সমগ্র শৰীৰ বিশেষকৈ চকুত গধুৰ গধুৰ অনুভৱ হোৱা, মূৰ ঘূৰোৱা, মূছা যোৱা, চকুৰে অন্ধকাৰ দেখা, আঙুলিৰ গাঁঠিত যন্ত্রণা হোৱা, অস্থি তথা ৰক্ত কর্কট হোৱা আদি সমস্যা হয়৷
মজ্জা ক্ষয়ৰ লক্ষণ ঃ বাৰে বাৰে বাত ৰোগ হোৱা, শুক্র কমি যোৱা, অস্থি দুর্বল হোৱা, মূৰ ঘূৰণি হোৱা আদি৷
শুত্র:

সকলো ধাতুৰ সাৰ অংশ হৈছে শুক্র৷ শুদ্ধ শুক্র নির্মল, স্নিগ্ধ, শুক্ল আৰু মধুগন্ধী হয়৷ যি শুক্র ডাঠ, স্নিগ্ধতাযুক্ত, দুর্গন্ধৰহিত, গুৰু, স্বেতবর্ণ আৰু ভৰপূৰ পৰিমাণৰ হয়, সেয়া শুক্র নিঃসন্দেহে ফলদায়ী৷ শৰীৰৰ সর্বত্র শুক্র বিদ্যমান৷
শুক্র কর্ম ঃ ধৈর্য, নির্ভয়তা, মৈথুনৰ সময়ত সুখানুভূতি, স্ত্রী–প্রীতি, শাৰীৰিক বল, উৎসাহ, পুষ্টি, কাম ইচ্ছা আদি হৈছে শুক্র কর্ম৷
শুক্র বৃদ্ধিৰ লক্ষণ ঃ অধিক কাম–বাসনা, শুক্রমার্গত পাত্থৰ হোৱা আদি৷ অষ্টাংগ হূদয়ম্ত আছে যে দেহত শুক্র বৃদ্ধি হলে অতি স্ত্রী কামনা হয় অর্থাৎ মৈথুনৰ ইচ্ছা প্রবল হয়৷
শুক্র ক্ষয়ৰ লক্ষণ ঃ শাৰীৰিক–মানসিক দুর্বলতা, মুখ, কণ্ঠ আদি শুকাই যোৱা, ৰক্তহীনতা, ভাগৰ ভাগৰ অনুভৱ হৈ থকা, নপুংসক হোৱা, সম্ভোগৰ সময়ত শুক্র স্রাব নোহোৱা, জননইন্দ্রিয়ত লা–পোৰা হোৱা আদি হৈছে শুক্র ক্ষয়ৰ লক্ষণ৷ মৈথুনৰ ইচ্ছা নোহোৱা ৰোগী সন্তান জন্ম, নপুংসক সন্তানৰ জন্ম, অল্পায়ু সন্তানৰ জন্ম, বিকলাংগ সন্তানৰ জন্ম আদি হৈছে কিছুমান শুক্রজ ৰোগ৷ আয়ুর্বেদ শাস্ত্রত সেই কাৰণে ইন্দ্রিয় সংযমৰ কথা কোৱা হৈছে৷ অতিৰিক্ত মৈথুনে বহু ধৰণৰ দৈহিক–মানসিক সমস্যাৰ সৃষ্টি কৰে৷ সেয়েহে আয়ুর্বেদত মাথোঁ সন্তানপ্রাপ্তিৰ বাবেহে মৈথুন কর্মৰ নির্দেশ দিয়া হৈছে, মনোৰঞ্জনৰ বাবে নহয়৷ কামনা–বাসনা চৰিতার্থ নহয়, আত্মোপলব্ধিহে জীৱনৰ উদ্দেশ্য৷

You might also like
Leave A Reply

Your email address will not be published.