আন্তঃৰাষ্ট্রীয় যোগ দিৱস আৰু ৰাজযোগ

বিনীতা কলিতা  

২০১৫ চনৰ ২১ জুনত প্রথমবাৰৰ বাবে ভাৰতবর্ষৰ লগতে বিশ্বৰ প্রায় ১৭৭ খন দেশত আন্তঃৰাষ্ট্রীয় যোগ দিৱস পালন কৰা হৈছিল৷ এই যোগ দিৱস উদ্যাপনতভাৰতৰ ভূমিকা উল্লেখনীয়৷ ইয়াৰ প্রথম পদক্ষেপ হিচাপে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ চনৰ ২৭ ছেপ্ঢেম্বৰত ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত আন্তঃৰাষ্ট্রীয় যোগ দিৱস পালন কৰিবলৈ প্রস্তাৱ দাঙি ধৰে ৷  প্রস্তাৱত লগতে তেওঁ উল্লেখ কৰিছিল যোগ দিৱস পালনৰ যোগেদি বিশ্বত শান্তি আৰু সহযোগিতা বৃদ্ধিৰ আশা কৰিব পাৰি ৷ ৰাষ্ট্রসংঘৰ অন্তর্গত ১৯৩খন দেশৰ আমেৰিকা যুক্তৰাষ্ট্র, কানাডা, চীনসহ ১৭৭খন দেশে প্রধানমন্ত্রী মোদীৰ এই প্রস্তাৱক সমর্থন জনায় ৷ ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদে সেই প্রস্তাৱত অনুমোদন জনায় আৰু ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্রীয় যোগ দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লয় ৷ আন দিৱস পালন কৰিবলৈ দিয়া অনুমোদনৰ তুলনাত ৰাষ্ট্রসংঘই অতি কম সময়ৰ ভিতৰত এই আন্তঃৰাষ্ট্রীয় যোগ দিৱস পালন কৰিবলৈ অনুমোদন জনোৱা দেখা যায় ৷ এই ২১ জুনৰ দিনটোত যোগ দিৱস পালন কৰাৰ তাৎপর্য এই যে এই দিনটো উত্তৰ গোলার্ধৰ আটাইতকৈ দীঘলীয়া দিন, যাক গ্রীষ্ম সংক্রান্তি বুলিও কোৱা হয় ৷ ভাৰতীয় পৰম্পৰা অনুসৰি গ্রীষ্ম সংক্রান্তিৰ পিছত সূর্য দক্ষিণায়ণ হয় ৷ জনবিশ্বাস মতে এই সময়ত আধ্যাত্মিক সিদ্ধি প্রাপ্ত কৰিলে বহুত লাভ হয় ৷

যোগ ভাৰতৰ প্রাচীন পৰম্পৰাৰ এক অমূল্য উপহাৰ ৷ ভগৱান শিৱই এই কলাৰ জন্ম দিছিল বুলি কোৱা হয় ৷ হিন্দু ধর্মত সাধু, সন্ন্যাসী বা যোগীসকলে আৰম্ভণিৰে পৰা যোগক প্রাধান্য দি আহিছে ৷ বেদান্ত অনুসৰি আত্মা আৰু পৰমাত্মাৰ পূর্ণ মিলনেই হল যোগ ৷ যোগ শব্দটো সংসৃক্ত শব্দৰ পৰা লোৱা হৈছে ৷ এই যোগ শব্দটোৰ শাব্দিক অর্থ হৈছে সংযোগ বা মিলন ৷ যোগ হল শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অভ্যাস, যিয়ে ব্যক্তিক শান্তি, আত্মবিশ্বাস আৰু সাহস প্রদান কৰে ৷ যোগৰ দ্বাৰা শাৰীৰিক বেমাৰৰ বাহিৰেও মানসিক সমস্যাও সমাধান কৰিব পাৰি ৷ যোগাভ্যাসৰ দ্বাৰা দুষ্চিন্তা মুক্তই নহয় মন আৰু মস্তিষ্ক্ শান্ত হয় আৰু আত্মা শুদ্ধ হয় ৷ যোগক এক বিজ্ঞান বুলিও কব পাৰি, কাৰণ ই হল অন্তর্জগতৰ বিষয়ে অনুসন্ধান এক বিষয় ৷ বর্তমান সময়ত যোগৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জ্ঞাত৷ সেয়েহে আজি বিশ্বই ভাৰতৰ প্রাচীন যোগ পদ্ধতিৰ প্রতি আকর্ষিত হোৱা দেখা গৈছে ৷

বর্তমান অনেক প্রকাৰৰ যোগৰ প্রচলন হৈ আহিছে ৷ তাৰ ভিতৰত যোগাসন, হঠযোগ, কর্মযোগ, বুদ্ধিযোগ, ভক্তিযোগ, সন্ন্যাসযোগ, সহজযোগ, ৰাজযোগআদি ৷ সাধাৰণতে দেখা যায় মানুহে যোগক কেৱল শাৰীৰিক আসন অথবা ক্রিয়া বুলিয়ে ভাবে ৷ বিভিন্ন প্রকাৰৰ যোগত এই শাৰীৰিক দিশটোকে মহত্ত্ব দিয়া দেখা যায় ৷ ব্যায়াম, প্রাণায়াম অথবা আসনৰ দ্বাৰা আমাৰ শাৰীৰিক লাভ হয়, যি শৰীৰৰ বাবে নিতান্তই প্রয়োজন ৷ কিন্তু মানসিক একাগ্রতা, আত্ম–নুশাসন, স্পষ্ট বিচাৰ, সন্তুলিত ব্যৱহাৰ, দুষ্চিন্তা মুক্তি আদি উপলব্ধিৰ পৰা বঞ্চিত হোৱা যায় ৷ স্বাস্থ্য সম্পর্কে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিভাষা মতে, Health is a complete state of physical, mental, social and spiritual well being and not just the absence of disease.” ইয়াৰ দ্বাৰা স্পষ্ট হয় যে কোনো এজন ব্যক্তি নিৰোগী হলে স্বাস্থ্যৱান বুলি কব নোৱাৰি, তেওঁ লগতে মানসিক, সামাজিক, আধ্যাত্মিক ৰীতিৰে স্বাস্থ্যৱান হোৱা উচিত ৷ সেয়েহে শাৰীৰিক ব্যায়াম, প্রাণায়াম আদি কৰাৰ লগতে সহজ ৰাজযোগৰ অভ্যাসৰ দ্বাৰা সম্পূর্ণৰূপে স্বাস্থ্যৱান হব পাৰি ৷

ৰাজযোগ মানে হল জীয়াই থকাৰ কলা ৷ ৰাজযোগ অর্থাৎ শৰীৰ আৰু মনৰ সন্তুলন ৷ ৰাজযোগ হল সাকাৰাত্মক চিন্তন কলা আৰু সাকাৰাত্মক জীৱন পদ্ধতি ৷ ৰাজযোগ সকলো যোগৰ ৰজা, কিয়নো ইয়াৰ আধাৰত আমাৰ জীৱনশক্তি আত্মাই আধ্যাত্মিক শক্তিৰ স্রোত পৰমাত্মাৰ লগত সম্বন্ধ স্থাপন কৰিব পাৰে ৷ আমি সকলোৱে উপলব্ধি কৰোঁ যে মনুষ্য শৰীৰ আৰু আত্মা দুটা বস্তুৰে গঠিত৷ শৰীৰ হাড় আৰু মাংসৰ দ্বাৰা গঠিত আৰু শৰীৰ পৰিচালনা কৰিবলৈ আত্মা যি জীৱনীশক্তি তাক আমি বেটাৰীৰ লগত তুলনা কৰিব পাৰোঁ ৷ এই আত্মাৰূপী বেটাৰীক চার্জ কৰাৰ একমাত্র উপায় হল পৰমাত্মাৰ লগত সম্বন্ধ যাক আমি ৰাজযোগ বুলি কওঁ ৷ এই ৰাজযোগ অতি সহজ পদ্ধতি, কর্মৰ মাজত থাকিয়েই ইয়াৰ অভ্যাস কৰিব পাৰি ৷ সকলো বয়সৰ লোকে ৰাজযোগ অভ্যাস কৰিব পাৰে ৷ শৰীৰক স্বাস্থ্যৱান কৰি ৰাখিবলৈ পুষ্টিকৰ আহাৰ, গভীৰ নিদ্রা, শাৰীৰিক ব্যায়ামৰ ওপৰত সদায় গুৰুত্ব দি অহা হৈছে ৷ কিন্তু শাৰীৰিক স্বাস্থ্য প্রাপ্তিৰ মনো স্বাস্থ্যৱান হোৱা আৱশ্যক, কিয়নো মনৰ বিচাৰ, ভাৱনা, আৱেগ এই সকলোৰে প্রভাৱ শৰীৰৰ কোষসমূহৰ ওপৰত পৰে৷ আজিকালি ডাক্তৰসকলেও স্বীকাৰ কৰিছে যে শৰীৰত উৎপন্ন হোৱা ৯০ শতাংশ বেমাৰৰ কাৰণ হল মন ৷ যিসকল মানুহৰ ভিতৰত নকাৰাত্মক বিচাৰ যেনে নিৰাশা, হতাশা, চিন্তা, ভয়, ঈর্ষা আদিৰ বশীভূত হয়, তেওঁলোক উগ্র, অধৈর্য, ক্রোধী হয় ৷ তেওঁলোকৰ বুকুৰ ধপ্ধপনি বাঢ়ি যায় আৰু পাচন শক্তি কম হয়, মস্তিষ্ক্ৰ ওপৰত অনবৰত চাপ পৰি থাকে, গ্রন্থিবোৰে ঠিককৈ কাম নকৰে আৰু এই সকলোৱে বিভিন্ন বেমাৰক আমন্ত্রণ দিয়ে ৷ ৰাজযোগৰ অভ্যাসৰ দ্বাৰা মনৰ শান্তি, আনন্দ আৰু সন্তুলিত ব্যক্তিত্বপ্রাপ্ত হয়, যাৰ দ্বাৰা শাৰীৰিক স্বাস্থ্যৰ প্রাপ্তি হয় ৷

ৰাজযোগৰ দ্বাৰা ব্যক্তিৰ মনোবৃত্তিৰ পৰিৱর্তন হয় লগতে ভয় আৰু অনিদ্রাৰ পৰা মুক্ত হৈ মস্তিষ্ক্ক স্বাস্থ্যকৰ কৰি তোলে, সহজ ৰাজযোগৰ অভ্যাসৰ দ্বাৰা ব্যক্তিয়ে সকলো চিন্তা তথা উত্তেজনাৰ পৰা মুক্তি লাভ কৰে ৷ ফলত উত্তেজনাৰ দ্বাৰা জন্ম হোৱা এজ্মা, উচ্চ ৰক্তচাপ আদি বেমাৰ কম হবলৈ ধৰে ৷ ৰাজযোগৰ দ্বাৰা সাত্ত্বিক গুণৰ বিকাশ হয়, ফলত শৰীৰৰ বাবে হানিকাৰক বেয়া অভ্যাস যেনে মদ, বিডি, চিগাৰেট আদি নিচাযুক্ত দ্রব্য সেৱনৰ পৰা মুক্তি লাভ কৰে ৷ যোগাভ্যাসৰ দ্বাৰা আন মানসিক ৰোগৰ ওপৰত বিজয় লাভ কৰিব পাৰি ৷ কিন্তু যদি আমাৰ শৰীৰ আৰু মন স্বাস্থ্যকৰ হয়, কিন্তু সমাজ, পৰিয়াল, সম্বন্ধত কলহ–ক্লেশ অথবা সংঘর্ষ হৈ থাকে, তাৰ প্রভাৱ আমাৰ শৰীৰ আৰু মনৰ ওপৰত নিষ্চয় পৰে ৷ সেইবাবে সমাজখনো সুস্থিৰ হোৱাটো অতি আৱশ্যক ৷ ৰাজযোগৰ অভ্যাসৰ দ্বাৰা আত্মা ভাই ভাই ভাৱনা জাগ্রত হয় আৰু প্রত্যেক আত্মাৰ প্রতি অন্তৰৰ সঁচা স্নেহ, সহযোগৰ ভাৱনা বাঢ়ে ৷

আমি যদি আমাৰ জীৱনটোক এটা পিৰামিডৰ লগত তুলনা কৰোঁ, তেন্তে এই পিৰামিডৰ তিনিখন বেৰ হল শাৰীৰিক, মানসিক আৰু সামাজিক স্বাস্থ্য আৰু ভেটি হল আধ্যাত্মিক স্বাস্থ্য ৷ সেয়ে সম্পূর্ণ স্বাস্থ্য লাভৰ বাবে আধ্যাত্মিকভাৱে স্বাস্থ্যৱান হোৱাটো অতি আৱশ্যক ৷ ৰাজযোগৰ আধাৰত বহুত সুন্দৰ আধ্যাত্মিক স্বাস্থ্য প্রাপ্ত কৰিব পাৰি ৷ আধ্যাত্মিক স্বাস্থ্যৰে সম্পন্ন ব্যক্তিয়ে প্রত্যেককে আত্মিক দৃষ্টিৰে দেখে আৰু আত্মিক স্থিতিত থাকে আৰু আত্মাৰ যি আচল গুণ আনন্দ, সুখ, শান্তি, পৱিত্রতা, প্রেম আদি তেওঁলোকৰ ব্যৱহাৰত প্রতিফলিত হয় ৷ যিকোনো জাতি, ধর্মৰ ভাই–ভগ্ণীক আত্মিক ভাই ভাইৰ ভাৱনাৰে স্বীকাৰ  কৰে ৷ তেওঁলোকৰ মনত হিন্দু, মুছলিম, শিখ, খ্রীষ্টান আদি ভেদভাৱ নাথাকে ৷ আধ্যাত্মিক ৰীতিৰে সম্পন্ন ব্যক্তিৰ জীৱন নির্বিকাৰী আৰু নিচামুক্ত হয়৷ তেওঁলোকে প্রতিটো কাম পৰমাত্মাৰ স্মৃতিত কৰে৷ পৰমাত্মাৰ প্রতি অবিচল নিশ্চয় হোৱা বাবে যিকোনো পৰিস্থিতিত স্বাস্থ্যৱান হৈ থাকে ৷

প্রজাপিতা ব্রহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় একমাত্র আধ্যাত্মিক শিক্ষানুষ্ঠান, যত আধ্যাত্মিক শিক্ষাৰ লগতে সহজ ৰাজযোগৰ অভ্যাস শিকোৱা হয় ৷ এই বিশ্ববিদ্যালয়ৰ সহযোগী সংস্থা ৰাজযোগা এডুকেচন এণ্ড ৰিচার্ছ ফাউণ্ডেচনৰ অন্তর্গত ২০টা বিভাগ যেনে যুৱ বিভাগ, শিক্ষা বিভাগ, মহিলা বিভাগ, চিকিৎসা বিভাগ, সমাজসেৱা বিভাগ, গ্রামীণ বিকাশ বিভাগ আদি বিভাগসমূহে সমাজৰ অন্তর্গত বিভিন্ন ক্ষেত্রৰ লগত জড়িত ব্যক্তিসকলক ৰাজযোগৰ প্রশিক্ষণ দি আহিছে, যাৰ দ্বাৰাতেওঁলোকে নিজৰ কার্যক্ষেত্রত ৰাজযোগৰ প্রয়োগ কৰি কুশলতাৰে কার্য সম্পন্ন কৰিব পাৰে ৷ এই বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্রীয় কার্যালয় ৰাজস্থানৰ মাউণ্ট আবুত অৱস্থিত হোৱাৰ লগতে পৃথিৱীৰ প্রায় ১৩৭খন দেশত ৪৫০০তকৈও অধিক সেৱাকেন্দ্র আছে ৷ গুৱাহাটীৰ ৰূপনগৰত নামনি–মধ্য অসম তথা উত্তৰ–পূর্বাঞ্চলৰ লগতে বাংলাদেশৰ উপক্ষেত্রীয় কার্যালয় অৱস্থিত ৷ তদুপৰি গুৱাহাটীৰ লগতে অসমৰ সকলো জিলাৰ বিভিন্ন অঞ্চলত ইয়াৰ সেৱাকেন্দ্রসমূহ আছে ৷ এই সেৱাকেন্দ্রসমূহত দৈনিক ৰাজযোগৰ অভ্যাস কৰা হয় ৷ ইতিমধ্যে হাজাৰ হাজাৰ লোকে ৰাজযোগ অভ্যাস আৰু কর্মক্ষেত্রত ইয়াক প্রয়োগ কৰি লাভৱান্বিত হৈছে ৷ সমাজৰ বিভিন্নজন যাৰ জীৱন বহুত হতাশা–নিৰাশাৰে ভৰপূৰ আছিল তেওঁলোকে ৰাজযোগৰ অভ্যাস কৰি নতুন উৎসাহেৰে জীয়াই থকাৰ প্রেৰণা পাবলৈ সক্ষম হৈছে ৷  তেওঁলোকে গভীৰ মানসিক শান্তিৰ অনুভৱ কৰাৰ উপৰি কার্যক্ষমতা বৃদ্ধি হৈছে, জীৱনৰ দুশ্চিন্তা সমাপ্ত হৈছে আৰু সম্বন্ধত মধুৰতা অহা বাবে জীৱন আনন্দৰে ভৰপূৰ হৈ পৰিছে ৷

আন্তঃৰাষ্ট্রীয় যোগ দিৱসত আমি শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিকভাৱে স্বাস্থ্যৱান হবলৈ শাৰীৰিক ব্যায়াম, প্রাণায়াম আদিৰ লগতে দৈনিক ৰাজযোগৰ অভ্যাস কৰিবলৈ সংকল্প কৰোঁ আহক৷ ৰাজযোগ যিহেতু মানসিক ব্যায়াম, সেয়ে কর্মক্ষেত্রত থাকিয়েই ইয়াৰ অভ্যাস কৰিব পাৰি ৷ তাৰ বাবে আপোনালোকে আপোনাৰ ওচৰত থকা প্রজাপিতা ব্রহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ শাখা কেন্দ্রৰ লগত সম্পর্ক কৰিব পাৰে ৷ বর্তমান সময়ত ডিজিটেল মাধ্যমৰ দ্বাৰাও এই ৰাজযোগৰ পাঠ্যক্রম উপলব্ধ ৷ ৰাজযোগ শিকিবলৈ কোনো মাচুল দিব নালাগে, সম্পূর্ণ বিনামূলীয়াকৈ শিকোৱা হয় ৷

ফোনঃ  ৮১৩৩০-০৭৫০১

You might also like
Leave A Reply

Your email address will not be published.