শিক্ষা জীৱন আৰু শিক্ষাগুৰু

গুৰু ব্রহ্মা গুৰু বিষ্ণু
গুৰুদেৱ মহেশ্বৰ৷
গুৰুৰ সাক্ষাৎ পৰম ব্রহ্ম
তষ্ময়ে শ্রীগুৰুৱে নমঃ৷৷
অজ্ঞানতাৰ তিমিৰে জীৱনৰ চৌদিশ আৱৰি ধৰাৰ সময়তে যেন শিক্ষাগুৰুৱে দেখুৱায় জ্ঞানৰ পোহৰ৷ আমাৰ জীৱন আদর্শক জীৱনৰ বিভিন্ন সময়ত প্রভাৱান্বিত কৰে আমি সান্নিধ্য লাভ কৰা জ্ঞানদায়িনী আমাৰ শিক্ষাগুৰুসকলে দিয়া জ্ঞানৰ পোহৰে৷ শিক্ষা জীৱনৰ এটি মধুৰতম সময় শৈশৱ৷ শৈশৱৰ ৰং প্রতিজন শিশুৰ বাবে একে৷ তেওঁলোকৰ কণমানি ধৰণীখন ৰামধেনুৰ ৰঙেৰে বোলোৱা৷ শিশুকালটোৱেই হল আমাৰ জীৱনৰ এনে এক স্তৰ যি স্তৰত সকলোটি শিশুৰ মনত ডোলা দি যায় কত যে কৌতূহল, নানানটা প্রশ্ণৰে ব্যতিব্যস্ত কৰে জ্যেষ্ঠজনক কিয় হল কেনেকৈ হল৷ নজনাটোৰ প্রতি অনুসন্ধিৎসা৷ জানিবলৈ আগ্রহ জাগে নতুন নতুন কথা, শিকাৰ হেঁপাহেৰে কণমানি শৈশৱে সদায় কৰি যায় কচৰৎ৷ একেবাৰে শিশু অৱস্থাত মাতৃ কোলাৰ পৰাই আৰম্ভ হয় শিক্ষা৷ এয়া নকৰিবা বা এনেকৈ কৰিবা৷ মাতৃগৰাকীকে কোৱা হয় এটি শিশুৰ প্রথম শিক্ষক৷ লাহে লাহে এটি শিশু ডাঙৰ হয়৷ শৈশৱৰ এই মধুৰতম সময়খিনিতে ঘৰৰ পদূলি নেওচি শিশুটি এজন শিক্ষার্থী ৰূপে বিদ্যালয়ত ভৰি দিয়ে আৰু তাৰেই পৰাই আৰম্ভণি হয় জ্ঞান আহৰণৰ অবিৰত যাত্রা৷ এই যাত্রাৰ শেষ নাই৷ জীৱনৰ বিয়লি বেলালৈকে এজন লোকে জ্ঞান আহৰণ কৰি যায়৷
পিতৃ–মাতৃয়ে সন্তানটিক লালন–পালন কৰে আৰু তেওঁলোকৰ সেই সন্তানটিক শিক্ষা–দীক্ষা, জ্ঞান–বুদ্ধিৰে উজলাই তোলে শিক্ষাগুৰুসকলে৷ জীৱনৰ আৰম্ভণি কালছোৱাতে আমাৰ মনত গভীৰভাৱে প্রভাৱ বিস্তাৰ কৰে আমাৰ শিক্ষকসকল আৰু শিক্ষানুষ্ঠানখনে৷ শিক্ষানুষ্ঠানৰ আনুষ্ঠানিকতা আৰম্ভ হোৱাৰে পৰা আমাৰ জীৱনত শিক্ষকসকল বা গুৰুসকলৰ উপদেশ বাণীয়েই যথেষ্ট প্রভাৱান্বিত কৰে৷ শিক্ষাগুৰুসকলৰ অৱদান কিমান সেয়া লিখা সম্ভৱ নহয়৷ তেওঁলোকৰ ওচৰত আমি আজীৱন ঋণী৷ জীৱনৰ মধুৰতম সময়খিনি যাক শৈশৱ বুলি কওঁ সেই সময়ৰ আৰম্ভণিতে বাট দেখুৱাই যোৱা শিক্ষাগুৰুসকলৰ অমৃতবাণীয়ে শিশুৰ কোমল মনক গাঢ় ভাবে প্রভাৱান্বিত কৰে৷
গুৰু–শিষ্য পৰম্পৰা অতীজৰে পৰা চলি অহা এক পৰম্পৰা৷ যি পৰম্পৰাত প্রৱহমান জ্ঞান, সংসৃক্তি, সন্মান, উপদেশ৷ গুৰুৰ শিক্ষা শিৰোধার্য কৰিয়েই এসময়ত দেশৰ ৰাজপৰিয়াল, ৰাজদৰবাৰ চলিছিল৷ আজিৰ আধুনিক শিক্ষা ব্যৱস্থাতো গুৰু–শিষ্যৰ সম্বন্ধ একেই হোৱা উচিত৷ প্রকৃত শিক্ষাগুৰুৰ মনত সকলো শিক্ষার্থী সমান৷ শিক্ষাগুৰুসকল ছাত্র–ছাত্রীসকলৰ বাবে যেন এখন সাঁকোস্বৰূপ, যত জ্ঞানৰ পোহৰ বিচাৰি সেই সাঁকোৱেদি পাৰ হয় শিক্ষার্থীসকল৷ সাঁকোখনে দি যায় অফুৰন্ত সাহস, বিশ্বাস, অনুপ্রেৰণা৷
সেয়েহে গীতিকাৰৰ গীতেৰ ভাষাৰে কওঁ
জ্ঞানৰ যোগী হে কর্মযোগী
কৰিছোঁ তোমাক আৱাহন,
আহা আহা, আহা আহা
তুমি জ্ঞানেৰে বন্তি লোৱা,
আমি তাৰেই কৰিছোঁ আয়োজন
আমি তাৰেই কৰিছোঁ আয়োজন৷
সমাজৰ গুৰি ধৰোঁতা শিক্ষাগুৰুসকল তেওঁলোকেই জন্ম দিয়ে এখন শিক্ষিত সমাজৰ৷ জন্মদায়িনী মাতৃৰ পিছতে জ্ঞানদায়িনী শিক্ষক সমাজে মূৰ পাতি লয় এই প্রতিটো প্রজন্মক৷ দি যায় জীৱন ধাৰণৰ মূল বাণী সততাৰ পাঠ৷ ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি ডঙ্ম এ পি জে আব্দুল কালামে কৈ গৈছিল যে শিক্ষকতা এক মহান বৃত্তি, শিক্ষকসকলেই এজন ব্যক্তিৰ চৰিত্র, বিদ্যাবুদ্ধি আৰু ভৱিষ্যৎ গগ দিয়ে৷ মানুহে আগলৈ তেওঁক এজন শিক্ষক হিচাপে যদি মনত ৰাখে তেনেহলে সেয়াই হব তেওঁৰ বাবে উচিত সন্মান৷
আন এক বিষয় হল আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ আমি পপা পপাশালিখন৷ এই পপাশালিখনেই আমাৰ ৰং–ৰইচ, আনন্দ, প্রাপ্তি , কৃতকার্যতা, অকৃতকার্যতা, সুখ–দুখৰ কাহিনীৰ মেটমৰা সোঁৱৰণীৰ দলিচা৷ প্রাক্–প্রাথমিক স্তৰৰ পপাশালিখনৰ পৰা আৰম্ভ কৰি বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পর্যায়লৈকে আমি বহুজন শিক্ষাগুৰুৰ সান্নিধ্য লাভ কৰোঁ৷ তেওঁলোকৰ মহান অৱদানে আমাৰ জীৱন মহীয়ান কৰি তোলে৷ তেওঁলোকক আমি পাহৰিব নোৱাৰোঁ৷ হয়তো কঠোৰ সময়ৰ আহ্বানত বহু লোককে আমি পাহৰি পেলাওঁ তথাপি আমাক জীৱনৰ পাঠ পেোৱা বহুজন শিক্ষাগুৰু আমাৰ মনৰ কোঠাৰ স্মৃতিৰ পেৰাত বন্দী হৈ ৰয়৷ আমি সেইসকলৰ আদর্শ জীৱনৰ সর্বক্ষণতে মানি চলিবলৈ যত্ন কৰোঁ৷ ঠিক সেইদৰেই বহুজন শিষ্য তথা শিক্ষার্থীৰ মাজৰ পৰা শিক্ষকতা জীৱনত লগ পোৱা কোনো কোনো ছাত্র–ছাত্রীক হয়তো শিক্ষাগুৰুসকলেও পাহৰিব নোৱাৰে৷ তেওঁলোকৰ এয়াই আত্মিক বন্ধন৷ হয়তো ইয়াকে কব পাৰি গুৰু–শিষ্যৰ আত্মিক বন্ধন৷ এনে শিক্ষক যে অকল বিদ্যালয়–মহাবিদ্যাল্ লগ পোৱাজনেই তেনে নহয়, অৱশ্যে আমি যাৰ জীৱন আদর্শক শিৰত তুলি আগুৱাই যাওঁ ,নিজৰ লক্ষ্য স্থিৰ কৰোঁ সেইসকলেই আমাৰ জীৱনৰ আদর্শ৷ ইংৰাজীত যাক আমি কব পাৰোঁ আমাৰ জীৱনৰFriend Philosopher and Guide.

শিক্ষাগুৰুৰ ঋণ কাহানিও পৰিশোধ কৰিব নোৱাৰাৰ দৰে শিক্ষাগুৰুসকলৰ বাবেও ছাত্রসকলৰ কৃতকার্যতাই যেন চৰমপ্রাপ্তি৷ ছাত্রৰ সফলতাত শিক্ষাগুৰুৱে সদায় গৌৰৱ কৰিব পাৰে৷ এয়াই তেওঁলোকৰ বাবে যেন গুৰু দক্ষিণা৷ ভাৰতবর্ষৰ দ্বিতীয় ৰাষ্ট্রপতি মহান শিক্ষাবিদ ডঙ্ম সর্বেপল্লী ৰাধাকৃষ্ণনে শিক্ষকসকলক যথেষ্ট শ্রদ্ধা–ভক্তি কৰিছিল৷ তেখেতৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্ঢেম্বৰত৷ সেয়ে ১৯৬২ চনৰ পৰা তেখেতৰ জন্মদিনটোক অর্থাৎ ৫ ছেপ্ঢেম্বৰত ভাৰতবর্ষত প্রতিবছৰে শিক্ষক দিৱস হিচাপে পালন কৰা হয়৷ শিক্ষাদানৰ দৰে মহৎ কর্মত আত্মনিয়োগ কৰা শিক্ষকসকল আমাৰ সমাজৰ চিৰনমস্য ব্যক্তি৷ এই মহান বৃত্তিত নিয়োজিত হোৱা প্রতিজন শিক্ষাগুৰুলৈকে লেখাটিৰ জৰিয়তে হূদয়ৰ পৰা প্রণিপাত জনাইছোঁ

পাপৰি বৰা

You might also like

Leave A Reply

Your email address will not be published.