আধুনিক জীৱনশৈলীৰ অভিশাপ মবাইল নির্ভৰশীলতা

হাতত থকামবাইলটো ব্যৱহাৰ নকৰাকৈ আপুনি কিমান দেৰি থাকিব পাৰে মবাইল নেটৱর্ক নোহোৱা হৈ পৰা সময়কণ আপোনাৰ বাৰু নাযায়–নুপুৱাই যেন লাগে নেকি কাৰণে–কাৰণে আপোনাৰ বাৰু হাতত থকা মবাইলটোৰ স্ক্রীনলৈ চকু দিয়াৰ অভ্যাস হৈছে নেকি আপুনি আপোনাৰ প্রিয় কাকত বা আলোচনী অথবা পছন্দৰ চিনেমা বা ছিৰিয়েলখন মবাইলতে চায় নেকি বহুতৰে বহুতৰে বুলিলে দৰাচলতে ভুল হব, অধিকাংশৰে উত্তৰ হয় বুলিয়েই হব৷ কাৰণ কব নোৱৰাকৈ আমাৰ সকলোৰে বর্তমানৰ জীৱনশৈলীত মবাইল এক এৰাব নোৱৰা অবিচ্ছেদ্য অংগস্বৰূপ হৈ পৰিছে৷ তাতে প্রতিযোগিতামূলক বজাৰ ব্যৱস্থাৰ বাবে কম দামত উপলব্ধ স্মার্ট মবাইল আৰু বিভিন্ন নেটৱর্ক অপাৰেটৰে তুলনামূলকভাৱে তেনেই কম খৰচত ডাটা সেৱা আগবেোৱাৰ বাবে দিনক দিনে আমাৰ সমাজত মবাইল ব্যৱহাৰকাৰী আৰু মবাইল নির্ভৰশীলতা ক্রমবর্ধমান হাৰত বৃদ্ধি পাইছে৷
মবাইল নির্ভৰশীলতা আধুনিক মানৱৰ জীৱনশৈলীত সবাতোকৈ প্রভাৱ পেলোৱা কাৰকবোৰৰ ভিতৰত অন্যতম প্রধান কাৰক হিচাপে বিবেচিত হৈছে৷ বিশ্বজুৰি বিভিন্ন সময়ত বিভিন্ন সংস্থাই চলোৱা সমীক্ষাত মবাইল নির্ভৰশীলতা দ্রুত গতিত বৃদ্ধি পোৱাৰ তথ্য প্রকাশ পাইছে৷ এনে এক সমীক্ষাত সাক্ষাৎগ্রহণ কৰা ব্যৱহাৰকাৰীসকলৰ্ ভিতৰত ৬৭ শতাংশই কৈছিল তেওঁলোকৰ মবাইল ফোনটো ৰিং নকৰিলেও ফোন কল বা মেছেজ আহিছে নেকি অথবা আন কিবা আপডেট আহিছে নেকি বুলি খুলি চোৱাটো এক অভ্যাসত পৰিণত হৈছে৷

প্রযুক্তিৰ অভাৱনীয় অগ্রগতিয়ে যিদৰে আমাৰ বাবে আশীর্বাদ কঢ়িয়াই আনিছে, সেইদৰে অভিশাপো কঢ়িয়াই আনিছে৷ মবাইল ফোন নির্ভৰশীলতা বা মবাইল ফোনৰ নিচা প্রযুক্তিগত উৎকর্ষতাৰ তেনে এক অভিশাপ৷ যোগাযোগৰ ক্ষেত্রত বৈপ্লৱিক পৰিৱর্তনৰ সূচনা কৰা মবাইল বা চেল ফোনটোৱেই সম্প্রতি অধিকাংশ ব্যৱহাৰকাৰীকেই জুৱা খেল বা অন্য মাদক দ্রব্যৰ নিচাখোৰ ব্যৱহাৰকাৰীৰ দৰে কৰি তুলিছে৷ মবাইল নির্ভৰশীলতাই ব্যৱহাৰকাৰীৰ মনত উদ্বিগ্নতা, হতাশাগ্রস্ততা, অকলশৰীয়া, বিভ্রান্ত আদি বিভিন্ন মানসিক ৰোগ বা সমস্যাৰ সৃষ্টি কৰাৰ কথা ইতিমধ্যে এই সম্পর্কীয় সমীক্ষা আৰু গৱেষণাবোৰত ধৰা পৰিছে৷ যাৰ বাবে দেশে দেশে মনোবিজ্ঞানী আৰু সমাজ বিজ্ঞানীসকলৰ বাবে এই সমস্যাৰ মোকাবিলা কৰাটো এক প্রত্যাহ্বান হৈ পৰিছে৷ মবাইল গেমবোৰৰ বাহিৰেও শেহতীয়াকৈ ফেচবুক, টুইটাৰ, ইউটিউব আদিৰ দৰে সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰে এই প্রত্যাহ্বান অধিক তীব্রতৰ কৰি তুলিছে৷ 

মবাইল নির্ভৰশীলতাই সৃষ্টি কৰা ৰোগৰ লক্ষণসমূহৰ সৈতে অৱশ্যে মাদক দ্রব্যৰ ব্যৱহাৰে সৃষ্টি কৰা ৰোগৰ লক্ষণসমূহতকৈ পৃথক৷ মাদক দ্রব্যৰ ব্যৱহাৰে সৃষ্টি কৰা ৰোগ ব্যৱহাৰকাৰীৰ দৈনন্দিন জীৱনশৈলী, তেওঁৰ ব্যৱহাৰ আদিতেই বাহ্যিক ৰূপত প্রকাশ পায়৷ কিন্তু মবাইল বা চেল ফোনৰ অত্যধিক ব্যৱহাৰ বা নির্ভৰশীলতাই সৃষ্টি কৰা ৰোগ সহজে চকুত নপৰিবও পাৰে৷ এই ৰোগক দৰাচলতে নির্ভৰশীল লক্ষণ বুলি অভিহিত কৰা হয়৷ ১৯৬৪ চনত বিশ্ব স্বাস্থ্য সংস্থাই প্রথমবাৰৰ বাবে এই সংজ্ঞাৰ ব্যৱহাৰ কৰিছিল আৰু ইয়াক আচৰণজনিত নিচা বুলি শ্রেণীভুক্ত কৰিছিল৷

আজিকালি কিশোৰ–কিশোৰী বুলিয়েই নহয়, শিশু অৱস্থাতেই স্মার্টফোনৰ সংস্পর্শলৈ অহাটো সাধাৰণ কথা হৈ পৰিছে৷ বহু সময়ত স্মার্টফোনৰ ব্যৱহাৰ এক সামাজিক আভিজাত্য প্রকাশৰ মাধ্যমো হৈ পৰিছে৷
এক সমীক্ষাত প্রকাশ পোৱা তথ্য অনুসৰি, ৭০ শতাংশ মবাইল ব্যৱহাৰকাৰীয়েই শোৱাৰ সময়ত কাষত মবাইল কাষত লৈ শোৱে৷ ৩৫ শতাংশ ব্যৱহাৰকাৰীয়েই শুই উঠিয়েই প্রথমে নিজৰ মবাইলটোলৈ হাত মেলে৷ ১৮-২৪ বছৰীয়া বয়সৰ মবাইল ব্যৱহাৰকাৰী কিশোৰী–কিশোৰী, যুৱক–যুৱতীৰ ৪৪ শতাংশই হাতত মবাইল লৈয়ে টোপনি যায়৷

প্রশ্ণ হৈছে, আজিকালি যিহেতু প্রায় সকলোৰে হাতত মবাইল থাকেই, তেনেস্থলত মবাইল নির্ভৰশীলতা ৰোগ তেওঁলোকৰ মাজৰ কাৰ হৈছে, সেয়া ঠাৱৰ কেনেকৈ কৰা যায় টেক্সাছৰ বেইলৰ বিশ্ববিদ্যালয়ৰ হানকামেৰ স্কুল অৱ বিজিনেছৰ অধ্যাপক জেমছ্ ৰবার্টে এই ৰোগৰ টা প্রাথমিক লক্ষণ চিহ্ণিত কৰিছে৷

১ টোপনিৰ পৰা সাৰ পাই উঠিয়েই নিজৰ মবাইলটো বিচৰাঃ মবাইল ফোন নথকাৰ আগেয়ে পুৱা প্রায়ভাগ মানুহেই হয় এলার্ম ঘডী বাজিলে উঠে, নহয় অভ্যাসগতভাৱে সাৰ পায়৷ কিন্তু আমি আজিকালি এলার্ম ঘডী কমেই ব্যৱহাৰ কৰোঁ৷ স্মার্টফোনবোৰে আগৰ এই এলার্ম ঘডীৰ স্থান গ্রহণ কৰিছে৷ যদিহে আপুনি টোপনিৰ পৰা সাৰ পাই উঠিয়েই প্রথমেই আপোনাৰ মবাইলটোলৈহে মনত পেলায় আৰু কোনোৱে কিবা মেছেজ দিছে নেকি বা ছচিয়েল মিডিয়াত কিবা আপডেট আছে নেকি বুলি মবাইলটো খুঁচৰি ফুৰে, তেনেহলে সেয়া হৈছে মবাইল নির্ভৰশীলতা ৰোগৰ প্রথমটো লক্ষণ৷

২ যেতিয়াই একো কৰিবলগীয়া নাথাকে অথবা আমনি লাগে, বেলেগ একো নকৰি মবাইললৈ ব্যস্ত হৈ পৰাঃ আপোনাৰ যেতিয়াই কৰিবলৈ একো নাথাকে, তেতিয়া আপুনি কব নোৱৰাকৈয়ে নিজৰ মবাইল ফোনটোলৈ কাৰোবাৰ ফোন কল অথবা মেছেজ অহালৈ অপেক্ষা কৰা অথবা ছচিয়েল মিডিয়াত সঘনে আপডেট বিচৰা আদি হৈছে এনে ৰোগৰ দ্বিতীয়টো লক্ষণ৷
৩ যেতিয়াই নিজৰ মবা

ইল ফোনটো দেখা নাপায়, তেতিয়াই উৎকণ্ঠিত হৈ পৰাঃ যেতিয়া নিজৰ মবাইলটো দেখা নাপায়, তেতিয়া এনে ৰোগ

ত আক্রান্ত ব্যক্তিজন উদ্বিগ্ণ, উৎকণ্ঠিত, ক্ষিপ্ত বা অস্থিৰ হৈ পৰে৷ এক সমীক্ষাত প্রকাশ পোৱা তথ্য অনুসৰি নিজৰ মবাইলটো নেদেখিলে ৬৮ শতাংশ প্রাপ্তবয়স্ক্ ব্যৱহাৰকাৰীয়েই এনে পৰিৱেশৰ স্বীকাৰ হয়৷

৪ আন লোকে যেতিয়া মবাইল ফোনটো বেছিকৈ ব্যৱহাৰ কৰিছে বুলি সকীয়াই দিবলগীয়া হয়ঃ এনে ৰোগত আক্রান্ত লোকৰ অত্যধিক মবাইল ব্যৱহাৰ চকুত লগা হোৱাৰ বাবেই আন লোকে তেনে ব্যৱহাৰকাৰীক সকীয়াই দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ এনে ৰোগত আক্রান্ত হলে, ব্যৱহাৰকাৰীয়ে অতি গুৰুত্বপূর্ণ কামত ব্যস্ত হৈ থকাৰ সময়তো নিজৰ মবাইলটোত কিবা ফোনকল আহিছে নেকি বা কিবা মেছেজ আছে নেকি বুলি ভাবি অসহজ হৈ থাকে৷

৫ যেতিয়া মবাইল ফোনত ব্যৱহাৰকাৰীয়ে অধিক সময় দিব ধৰেঃ যেতিয়া এগৰাকী মবাইল ব্যৱহাৰকাৰীয়ে হকে–বিহকে আৰু সঘনাই নিজৰ মবাইলটোত ছচিয়েল মিডিয়াই হওক, ইউটিউবেই হওক অথবা অন্যান্য বিষয় চোৱাৰ বাবে অধিক সময় দিব ধৰে, তেতিয়া তেনে লোক মবাইল নির্ভৰশীলতা ৰোগত আক্রান্ত হৈছে বুলি ধৰিব পাৰি৷ দৰাচলতে প্রযুক্তিৰ অভাৱনীয় বিকাশে আমাৰ সংসৃক্তি আৰু জীৱনশৈলীত অভূতপূর্ব প্রভাৱ বিস্তাৰ কৰিছে৷ মবাইল ফোনৰ যোগেদিয়ে আমি বহু কাম সমাধা কৰিব পৰা হৈছেছা৷ ইয়ে মবাইল ব্যৱহাৰকাৰীসকলক্ কব নোৱৰাকৈয়ে মবাইলত অধিক সময় দিয়াৰ বাবে লালায়িত কৰি আহিছে৷
৬ মবাইল ফোনৰ ব্যৱহাৰৰ পৰা আঁতৰি আহিবলৈ কঠিন হৈ পৰেঃ মবাইলৰ অত্যধিক ব্যৱহাৰ কৰিছে বুলি অনুভৱ কৰি মবাইল ফোন ব্যৱহাৰৰ আঁতৰি অহাৰ চেষ্টা কৰিলেও আঁতৰি অহাটো কঠিন হৈ পৰিলে, এই ৰোগত আক্রান্ত হৈছে বুলি বুজিব লাগিব৷ 
এতিয়া প্রশ্ণ হৈছে, এই ৰোগৰ কাৰকবোৰ কি হব পাৰে মন কৰিবলগীয়া যে মাথোঁ কিশোৰ–কিশোৰীসকলে এই ৰোগত আক্রান্ত নহয়, প্রাপ্তবয়স্ক্ লোকসকলো এই ৰোগত আক্রান্ত হবলগীয়া হৈছে৷ 

এই ৰোগত আক্রান্ত হোৱাৰ কাৰকসমূহক জনাৰ আগেয়ে আপুনি অৱশ্যেইDopamine বোলা শব্দটোৰ বিষয়ে জানি লোৱাটো সমীচীন হব৷ এইDopamine হৈছে আমাৰ মগজুত থকা ভাল লগা মনোভাব বা সুখানুভূতি সৃষ্টি কৰা এক ৰসায়ন৷ আমাৰ মগজুত ই নিঃসৃত হৈ আমাক ভাল লগা, সুখী অনুভৱ কৰা বা উৎসাহিত কৰি তোলাত সহায় কৰে৷
আমি যেতিয়া ব্যায়াম কৰোঁ, কোনো ঈপ্সিত লক্ষ্যত উপনীত হব পাৰোঁ বা কোনো কাম আশা কৰা ধৰণে সম্পূর্ণ কৰি তুলিব পাৰোঁ, তেতিয়া আমাৰ আনন্দ লাগে, সন্তুষ্ট অনুভৱ কৰোঁ৷ এয়াDopamineৰ বাবেই সম্ভৱ হৈ উঠে৷Dopamineয়ে আমাৰ উপহাৰপ্রত্যাশী আচৰণ গঠনৰ বাবে মানসিক আৰু শাৰীৰিক কার্যকলাপত যথেষ্ট প্রভাৱ পেলোৱাৰ লগতে সুখাদ্য গ্রহণ, কাম, মাদক দ্রব্য ব্যৱহাৰ আৰু কেতিয়াবা ইণ্ঢাৰনেট আদি ব্যৱহাৰৰ মাজেদি সুখ অনুভৱ কৰিবলৈ সহায় কৰে৷Dopamineৰ সহায় নাপালে হয়তো আমি এলেহুৱা আৰু একো কাম কৰিব মন নোযোৱা হৈ এনেয়ে বহি থাকিলোঁহেঁতেন৷

মগজুত সুখানুভূতি সৃষ্টিকাৰী এইDopamineয়ে তেনেহলে মবাইল নির্ভৰশীলতাৰ দৰে এক ৰোগ সৃষ্টিত কেনেকৈ অৰিহণা যোগায় বিশেষজ্ঞসকলে এইক্ষেত্রত তিনিটা কাৰকৰ কথা উল্লেখ কৰিছে৷

১Reward of the huntঃ আমি যেতিয়াই নিজৰ মবাইলটোলৈ চাওঁ, তেতিয়াই কিবা এক নতুন অভিজ্ঞতা বা তথ্য লাভৰ আশা কৰোঁ৷ বন্ধুসকলৰ পৰা ষ্টেটাছ আপডেট আশা কৰা, নতুন এপ্লিকেচন, নতুন মেছেজ আদিয়ে আমাৰ মগজুতDopamineৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে আৰু আমি আশা কৰা ধৰণে কিবা পালে এক মানসিক সন্তুষ্টি লাভত সহায় কৰে৷

২Reward of Self ঃ আমি স্বীকাৰ কৰিবই লাগিব যে মানৱ জাতিয়েই একমাত্র জীৱ যি সদায়েই প্রশংসা আৰু স্বীকৃতি পাবলৈ আশা কৰে৷ আমি আনে আমাৰ মত মানি লওক আৰু ভাল পাওক বুলি আশা কৰোঁ৷ আমি যেতিয়াই কোনো ফটো বা লেখা ছচিয়েল মিডিয়াত আপলোড কৰোঁ, তেতিয়াই কোনে কি মন্তব্য দিছে বা কিমানেLike কৰিছে, সেয়া চাবলৈ ঘনে ঘনে মবাইল চাওঁ৷ ছচিয়েল মিডিয়াত দিয়া ফটোখন কোনোৱেLike কৰিলে, প্রতিবাৰেই সিয়ে আমাক সুখী কৰে আৰু ইয়ে মগজুতDopamineৰ স্তৰ বৃদ্ধি কৰে,Dopamineয়ে সৃষ্টি কৰা সুখানুভূতিৰ বাবেই আমাৰ সঘনাই মবাইলত চকু ফুৰোৱাটো এক অভ্যাসত পৰিণত হয়গৈ৷ এই কথা আমি বুজি পাবলৈ লাগিব যে ইণ্ঢাৰনেট, ছচিয়েল মিডিয়া, গেম আদি নথকা মবাইল এটাই আমাৰ বাবে মবাইল নির্ভৰশীলতা ৰোগ সৃষ্টি কৰিব নোৱাৰে৷

৩Reward of the tribe ঃ মানুহ হিচাপে আমি অকলশৰীয়া হব নিবিচাৰোঁ আৰু সদায়েই এক বৃহৎ পৰিয়ালৰ সদস্য হব খোজোঁ৷ ছচিয়েল মিডিয়া আৰু আমাৰ মবাইল ফোনটোৱে আমাৰ এই চিৰাচৰিত আকাংক্ষাক আন এক মাত্রা প্রদান কৰিছে৷ ছচিয়েল মিডিয়াত আমি চিনাকি–চিনাকি বহুতৰে সৈতে মিলি কব নোৱাৰাকৈ এক বৃহৎ পৰিয়ালৰ সদস্য হৈ পৰোঁ৷ ছচিয়েল মিডিয়াক কোটি কোটি মানুহে ব্যৱহাৰ কৰাৰ দৰাচলতে ইয়েই প্রধান কাৰণ৷ আমি যেতিয়াই কোনো নতুন গোটৰ সদস্য হৈ পৰোঁ, তেতিয়াই আমি উৎকণ্ঠিত হৈ পৰোঁ আৰু গোটৰ কোনোৱে আমাৰ ষ্টেটাছlike কৰিলে, কমেণ্ঢ কৰিলে, শ্বেয়াৰ কৰিলে, আমি আপ্লুত হৈ পৰোঁ আৰু সেয়া আৰু বিচাৰোঁ৷

এনেদৰে এইDopamineয়ে সৃষ্টি কৰা সুখানুভূতিৰ বাবেই আমি কব নোৱাৰাকৈ ঘনে ঘনে মবাইলত চকু ফুৰাওঁ আৰু অৱশেষত ই আমাৰ এক এৰাব নোৱাৰা অভ্যাসত পৰিণত হয়৷ এই অভ্যাসেই মবাইল নির্ভৰশীলতা ৰোগৰ সৃষ্টি কৰে৷

মবাইল নির্ভৰশীলতা ৰোগে আমাৰ ব্যক্তিগত আৰু ব্যৱহাৰিক জীৱনত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে৷ সামগ্রিকভাৱে এই আচৰণগত নিচা আমাৰ বাবে ভয়াৱহো হৈ পৰিব পাৰে৷ এই মবাইল নির্ভৰশীলতাই সৃষ্টি কৰা কেতবোৰ ৰোগ হৈছে ক্রমে, এক ৰাজহাড আৰু ডিঙিৰ সমস্যা, দুই উৎকণ্ঠা, উদ্বিগ্নতা আৰু হতাশা, তিনি স্বাস্থ্যজনিত সমস্যা, চাৰি অনিয়মিত টোপনি, পাঁচ সামাজিক সমস্যা, ছয় সৃষ্টিশীলতা হ্রাস কৰা সাত চকু আৰু কাণৰ সমস্যা আদি৷
মবাইল ফোন নির্ভৰশীলতাই সৃষ্টি কৰা সমস্যাবোৰ সমাধান কৰাৰ বাবে বিশেষজ্ঞসকলে কেতবোৰ পৰামর্শ দিছে৷ তাৰ ভিতৰত কেইটামান হৈছে মবাইলৰ পৰা অপ্রয়োজনীয় এপছ্বোৰ আঁতৰাই দিয়া, আহাৰ গ্রহণ আৰু অন্যান্য গুৰুত্বপূর্ণ সময়ত মবাইল ব্যৱহাৰৰ পৰা বিৰত থকা, সঘনাই কিবা মেছেজ আহিছে নেকি চাই থকাৰ পৰিৱর্তে নটিফিকেচন ছেটিং নিজামতে ঠিক কৰি লোৱা, মেছেজ আৰু ই–মেইলবোৰ প্রত্যুত্তৰ দিয়াৰ বাবে নির্দিষ্ট এক সময় ঠিক কৰি লোৱা, পুৱা আৰু নিশা অতি কমেও ৬০ মিনিটকৈ সময় মবাইল ব্যৱহাৰৰ পৰা বিৰত থকা, কম মূল্যৰ সাধাৰণ মবাইল ফোন ব্যৱহাৰ কৰা, মনোৰঞ্জনমূলক কার্যসূচী চোৱাৰ বাবে স্মার্টফোনৰ ব্যৱহাৰ বন্ধ কৰা আদিয়েই প্রধান৷

মবাইল ফোন নির্ভৰশীলতা যিহেতুকে এক অভ্যাসজনিত আচৰণ বা ৰোগ, আপুনি যদিহে এই সমস্যাৰ পৰা পৰিত্রাণ পাব বিচাৰে, তেনেহলে আপুনি নিজকে আন সৃষ্টিশীল কামত নিয়োজিত কৰিব পাৰিব লাগিব৷ মবাইল ফোনটো ব্যৱহাৰ নকৰা সময়খিনিত আপুনি কৰিব পৰা আন কামৰ তালিকা এখন ভাবি লওক আৰু সেইমতে কৰক৷ উদাহৰণস্বৰপে, যদিও পুৱা শুই উঠিয়েই আপোনাৰ মবাইল ফোনটোত কিবা মেছেজ বা ফোনকল আহিছে নেকি চোৱাৰ পৰিৱর্তে শুই উঠি খোজ কাঢ়ক, কিতাপ পপক, দিনটোৰ বাবে পৰিকল্পনা যুগুত কৰক, ব্যায়াম কৰক, স্নান কৰক৷ আপুনি এই অভ্যাস অতি কমেও একেৰাহে ২১টা দিন পালন কৰাৰ বাবে বদ্ধপৰিকৰ হওক৷ 

মনত ৰাখিব, মবাইল নির্ভৰশীলতা হৈছে এক অভ্যাসগত ৰোগহে আৰু ইয়াক কিছু যত্ন কৰিলেই দূৰ কৰিব পাৰি৷ কিন্তু তাৰ বাবে প্রথমেই আপুনি মানসিকভাৱে দৃঢ় হব লাগিব আৰু আপুনি নিজকে পতিয়ন নিয়াব পাৰিব লাগিব যে আপুনি কিয় এয়া কৰিব খুজিছে৷ স্মার্টফোনবোৰ নিষ্চয়কৈ স্মার্ট আৰু এইবোৰক আমাৰ জীৱনশৈলী সহজ কৰাৰ বাবে আৱিষ্কাৰ কৰা হৈছে৷ কিন্তু আপুনিও এই স্মার্টফোনবোৰতকৈ অধিক স্মার্ট হব লাগিব, যাতে সিহঁতক আপুনিহে নিয়ন্ত্রিত কৰি ৰাখিব পাৰে৷ আপুনি আপোনাৰ মবাইল ফোনটোক আপোনাৰ জীৱনৰ গৰাকী হব নিদিব৷

ভৱেন বৰুৱা

You might also like

Leave A Reply

Your email address will not be published.