আকর্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হবলৈ কিটিপ

প্রথম দেখাতেই কাৰোবাৰ প্রতি আকৃষ্ট হোৱা যায়, অলপ কথা পতাৰ পিছতেই দ্বিতীয়বাৰৰ বাবে ভাবৰ আদান–প্রদান কৰিবলৈ মন যায়৷ এক আন্তৰিকতাপূর্ণ অনুভৱে তেওঁৰ প্রতি আকৃষ্ট কৰায়৷ কেতিয়াবা এনেকুৱাও হৈ যায় তেওঁ কাৰবোৰ জীৱনৰ বাবে অনুসৰণীয় বা অনুকৰণীয় ব্যক্তিও হৈ পৰে৷ আমাৰ সকলোৰে জীৱনত অনুসৰণীয় বা অনুকৰণীয় কোনোবা নহয় কোনোবা আছেই, যাৰ ব্যক্তিত্ব, আচৰণ, কথা–বার্তাই আমাৰ মনত গভীৰভাৱে ছাপ পেলায়৷ কিন্তু কেতিয়াবা চিন্তা কৰি চাইছেনে তেওঁ কিদৰে আপোনাৰ প্রিয় হৈ উঠিল 
লক্ষ্য কৰিলে দেখা যাব যে তেওঁ কেতিয়াও তেওঁৰ সুন্দৰ চেহেৰাৰ বাবে আপোনাৰ প্রিয় হৈ পৰা নাই৷ বৰং ইয়াৰ আঁৰত আছে এক গুৰুত্বপূর্ণ কাৰণ৷ তেওঁৰ সকলো কামেই ভাল লগাৰ কাৰণ হল তেওঁৰ উজ্জ্বল ব্যক্তিত্ব৷ আৰু নিজকে সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিলে আপুনিও হয়তো তেওঁৰ দৰে হৈ উঠিব পাৰে৷
তেতিয়াহলে প্রথমতে মনত ৰাখিব লাগিব, সকলোৰে আকাংক্ষিত ব্যক্তি হবলৈ হলে আপুনি এজন ভাল মানুহ হব লাগিব৷ তাৰ পৰাহে আহিব সকলো দিশ৷ আৰু নিজৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্রত কেইটামান মন কৰিবলগীয়া দিশ
ক৷ নিজৰ এটা সুন্দৰ তথা পৃথক ব্যক্তিত্ব তুলি ধৰাৰ চেষ্টা কৰক৷
খ৷ আনক অনুকৰণ কৰাতকৈ সকলোৱে যেন আপোনাক অনুকৰণ কৰে, সেই ভাবি নিজকে গঢ়ি তোলাৰ চেষ্টা কৰক৷ আৰু আপুনি যেনেদৰে আছে তেনেদৰে থকাৰ চেষ্টা কৰক৷ জোৰ কৰি একো নিজৰ ওপৰত আৰোপ কৰিবলৈ নাযাব৷
গ৷ যি কামেই কৰক শুদ্ধ আৰু মনোযোগেৰে কৰিব৷ অর্থাৎ কর্মক্ষেত্রত থকা অৱস্থাত সেই কামতে মনোযোগ দি থাকিব৷ যেতিয়া পৰিয়ালৰ লগত বা বন্ধু–বান্ধৱীৰ লগত থাকিব, তেতিয়া তেওঁলোকৰ সৈতেই সময় কটাব৷ এইদৰে আপুনি নিজৰ সময়খিনি সদ্ব্যৱহাৰ কৰিব৷

ঘ৷ মানুহ হিচাপে আপুনি যেনেকৈ আনৰ পৰা সন্মান পোৱাটো আশা কৰে, ঠিক তেনেকৈ আনকো সন্মান প্রদর্শন কৰাৰ চেষ্টা কৰক বা শিকক৷ ডাঙৰক শ্রদ্ধা–ভক্তি আৰু সৰুক মৰম–চেনেহ কৰক৷
ঙ৷ আপোনাতকৈ সৰু পদবী বা সৰু কাম কৰা মানুহর সৈতে মৰম–আদৰেৰে কথা পাতক৷ এজন ৰিক্সাচালকক তই বুলি কৈ বেয়া ধৰণে কথা পতা বা বজাৰত শাক–পাচলি বেপাৰী এজনক বেয়া ব্যৱহাৰ বা টান সুৰত কথা কবলৈ কেতিয়াও চেষ্টা নকৰিব৷ যাকে–তাকে যেতিয়াই–তেতিয়াই অপমান কৰিব নিবিচাৰিব৷ তেনে কৰিলে নিজৰ পর্যায়ৰ মানুহৰ সৈতে ভাল ব্যৱহাৰ কৰিলেও তেওঁক এজন ভাল মানুহ বুলি ভবা নহয়৷
ঙ৷ অন্য ব্যক্তিৰ ব্যক্তিগত জীৱনত তেওঁ নিবিচৰাকৈ হস্তক্ষেপ কৰাৰ পৰা দৃভাৱে বিৰত থাকক৷ মনত ৰাখিব আপোনাৰ নিজৰো এটা ব্যক্তিগত জীৱন আছে, যত আপোনাৰ বেলেগৰ হস্তক্ষেপ পছন্দ নহয়৷

চ৷ সকলো সময়তে খুউব দামী পোছাক পিন্ধি স্মার্টনেছ দেখাব নোৱাৰিলেও পৰিষ্কাৰ–পৰিচ্ছন্ন তথা পৰিপাটী হৈ থকাৰ চেষ্টা কৰক৷ একদম অপৰিষ্কাৰ কাপোৰ নিপিন্ধিব৷ আপোনাৰ শৰীৰৰ দুর্গন্ধ যদি অন্য কাৰোবাৰ সমস্যা হয়, তেন্তে আপুনি নিজকে স্মার্টনেছ হিচাপে তুলি ধৰিব নোৱৰিব৷ দামী–কম দামী, পুৰণা–নতুন পোছাক যিয়ে নহওক পৰিপাটী আৰু পৰিষ্কাৰ হয় নে নহয় তাৰ প্রতি সদা সচেতন হব৷

ছ৷ অপ্রয়োজনীয় তথা ফাচ্টু কথা কেতিয়াও নকব বা আনকো কবলৈ উৎসাহিত নকৰিব৷ বেছি কথা কৈ নিজকে স্মার্ট দেখাবলৈ নাযাব৷ বৰং পৰিস্থিতিৰ লগত খাপ খোৱাকৈ প্রয়োজনীয় কিন্তু জোৰদাৰ কথাহে কব৷ অপ্রাসংগিক কথা বা মন্তব্যই জীৱনৰ সকলো ক্ষেত্রতে ব্যক্তিত্বৰ ক্ষতি কৰে৷ আনকি লক্ষ্য কৰিলে দেখিব যে এটা অপ্রাসংগিক ফেচবুক কমেণ্টেও আপোনাক আনৰ চকুত কিমান তললৈ লৈ যাব পাৰে৷
জ৷ নিজৰ ওপৰত বিশ্বাস ৰাখক৷ আপুনি আত্মবিশ্বাসী নহলে আপোনাৰ প্রতি আনৰ আস্থা নাথাকিব৷ মানুহৰ আত্মবিশ্বাস প্রত্যেক মানুহৰ ব্যক্তিত্বৰ ছাতিৰ দৰে৷
ঝ৷ নিজকে ব্যক্তিত্বৱান দেখাবলৈ গৈ আপুনি অতিৰিক্তভাৱে বা মুড দেখাবলৈ নাযাব৷ তেতিয়া আপোনাৰ স্মার্টনেছ ভাবটো কমিহে যাব৷
ঞ৷ আপুনি সুন্দৰকৈ কথা কওক৷ তেতিয়া সকলোৱে আপোনাৰ কথাক মূল্য দিবলৈ বাধ্য হব৷ কথা কোৱাৰ সময়ত সহজ–সৰলভাৱে কব৷ বেঁকা কথা বা অতিৰিক্ত জটিল কথা কৈ নিজকে স্মার্ট প্রমাণ কৰিবলৈ গলে হিতে বিপৰীতহে হব৷
ট৷ কথা কোৱাৰ সময়ত চকুত চকু ৰাখি কব৷ হাঁহি–মুখে কথা কোৱাৰ চেষ্টা কৰিব৷ তেতিয়া আপোনাৰ কথাৰ প্রতি আপোনাৰ আস্থা প্রকাশ পাব৷ আপোনাৰ সন্মুখত থকা মানুহজনৰো আপোনাৰ ওপৰত আস্থা বাঢ়িব৷

ঠ৷ কথা পাতোঁতে সুন্দৰ শব্দ চয়ন প্রয়োগ কৰিব৷ পৰাপক্ষত নিজৰ মাতৃভাষা ব্যৱহাৰ কৰিব৷ অন্য ভাষাত কথা কোৱাৰ আগতে নিজৰ ভাষা সম্পর্কে জানি লব৷ যি ব্যক্তিয়ে নিজৰ ভাষা আৰু সংসৃক্তিৰ সম্পর্কে নাজানে, তেওঁ কেতিয়াও এজন ব্যক্তিত্বৱান মানুহ হব নোৱাৰে৷
ড৷ আনৰ কৃতিত্বক প্রশংসা কৰিবলৈ শিকক৷ আনৰ উন্নতি দেখি হিংসা নকৰিব৷ আনৰ কৃতিত্বক স্বীকৃতি দিব পৰাজনেহে এজন সবল, সঠিক ব্যক্তিত্বৱান ব্যক্তি হব পাৰে৷
উক্ত কিটিপকেইটা অৱলম্বন কৰিলে নিষ্চয় আপুনি এজন আকর্ষণীয় তথা ব্যক্তিত্বৱান ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিব পাৰিব৷

You might also like

Leave A Reply

Your email address will not be published.