হেৰোৱা শব্দৰ সন্ধানত

বহুতে কয় যে মোৰ অহংকাৰেই মোৰ মাতৃভাষা তথাপি হয়তো কৰবাত থমকি ৰৈ চালে দেখা যায় শব্দৰ অৱনতিৰ দিশ আজি দ্রুত গতিত৷ মই সুধিব বিচাৰোঁ সাম্প্রতিক জনগণক এয়া অসমীয়া ভাষাৰ পৰিসমাপ্তিৰ ইংগিত মাত্র নে সাম্প্রতিক নৱপ্রজন্মৰ ব্যস্ততাই হেৰুৱাই পেলোৱা অসমীয়া শব্দৰ আস্থাৰ প্রতীক৷
প্রত্যেক ভাষাৰেই স্বকীয় বৈশিষ্ট্য আৰু প্রকাশভংগী আছে আৰু সেই ভাষাৰ সৌন্দর্য নির্ভৰ কৰে শব্দৰ যথোপযুক্ত ব্যৱহাৰৰ ওপৰত৷ আমি য

দি বুৰঞ্জীৰ পাত লুটিয়াই চাওঁ অসমীয়া ভাষাৰ অভিধান প্রণয়নৰ ইতিহাস বৰ বেছি পুৰণি নহয়৷ আমেৰিকাৰ পৰা অসমলৈ অহা ব্যাপ্ঢিষ্ট মিছনেৰী মাইলছ ব্রন্সনৰ হাতত ঊনবিংশ শতিকাত অসমীয়া ভাষাৰ প্রথমখন দ্বিভাষিক অভিধানৰ সৃষ্টি হয়৷ অৱশ্যে ইয়াৰ আগতেও অসমত অভিধান প্রণয়নৰ উমান পোৱা যায়৷ অসমীয়া শব্দৰ ভঁৰাল যে চহকী সেয়া বাৰেবৰণীয়া অসমীয়া সাহিত্য, কলা–সংসৃক্তিৰ ক্ষেত্রখনলৈ চালেই উমান পোৱা যায়৷ ভাষাবিদসকলৰ মতে অসমীয়া ভাষা পৃথিৱীৰ শক্তিশালী ভাষাবোৰৰ ভিতৰত অন্যতম৷ এই ভাষাৰ ভৱিষ্যৎ অতি উজ্জ্বল৷ এই ভাষাৰ শব্দবোৰৰ মর্যাদা তথা অস্তিত্ব জীয়াই ৰখাটো প্রতিজন অসমীয়াৰ প্রথম আৰু প্রধান কর্তব্য৷ কোনো জাতিয়ে যদি নিজ মাতৃভাষাৰ প্রতি স্বাভিমানী নহয়, তেন্তে সেই জাতিৰ বিলুপ্তি নিষ্চিত৷
এটা জাতি যদি জীৱন হয়, তেন্তে সেই জাতিৰ শব্দ–ভাষা–সাহিত্যই হৈছে তাৰ আত্মা৷ আত্মা অবিহনে জীৱন অসম্ভৱ৷ নদীৰ গতি যিদৰে চিৰন্তন, এটা জাতিৰ বিকাশৰ ক্ষেত্রত সেই জাতিৰ ভাষা–সাহিত্যও চিৰকালেই চিৰন্তন৷ গতিকে এটা জাতিক যদি জীয়াই ৰাখিব লাগে, সেই জাতিৰ শব্দ, সেই জাতিৰ ভাষা আৰু সেই জাতিৰ সাহিত্য কেৱল কাগজৰ মাজতে লিপিবদ্ধ কৰি ৰাখিলে নহব৷ সাম্প্রতিক প্রজন্মই নিজৰ জাতিক, নিজৰ মাতৃভাষাক জীয়াই ৰাখিব বিচাৰে, যদি নিবিচাৰে নিজৰ জাতি, নিজৰ মাতৃভাষা এলান্ধুকলীয়া হৈ পৰক, তেন্তে আজিৰ প্রজন্মই উপলব্ধি কৰিব

লাগিব নিজৰ ভাষা–সাহিত্যৰ মর্যাদা৷
যিবোৰ জীয়া শব্দক লৈ সুধাকণ্ঠ ডঙ্ম ভূপেন হাজৰিকাই ৰচিছিল লুইতপৰীয়া গীতবোৰ, যিবোৰ শব্দক লৈ বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে সৃষ্টি কৰিছিল সত্য সুন্দৰৰ নিকা প্রতিচ্ছবি থকা প্রকৃতিসুলভ কবিতাবোৰ, যিবোৰ শব্দক লৈ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই চহকী কৰিছিল অসমীয়া শব্দৰ ভঁৰাল, ঠিক তেনেদৰেই পুনৰ সিঁচি দিব মন যায় সাম্প্রতিক জনগণৰ পথাৰখনত হেৰুওৱা শব্দৰ প্রাচীন বীজবোৰক৷ এইখিনিতে মনত এটি প্রশ্ণ জাগ্রত হৈছে৷ অসমীয়া ভাষাৰ শব্দত কিনো এনেকুৱা জুতি লুকাই আছে যিয়ে মোক উত্রাৱল কৰে হূদয়ৰ নিভৃত কোণত জাতীয় চেতনাৰ ভাব জাগ্রত হোৱাত৷ নাজানো এয়া কি এয়া নিজ মাতৃভাষাৰ প্রতি থকা মোৰ শ্রদ্ধা নে সীমাহীন ভালপোৱাৰ দুর্বলতা৷ কেতিয়াবা আৱেগিক হৈ পৰোঁ নিজ মাতৃভাষাৰ বিকৃত ৰূপ দেখি৷ কিন্তু ইয়াৰ বাবে দায়ী কোন কিজানি এয়া আমাৰ নিজ ভাষাৰ প্রতি থকা সচেতনতাৰ অভাৱ৷ এনে বহু লোক আছে যি ভাষাটো কওঁতে সচেতন নহয়েই, লিখাৰ বেলিকাও সাৱধান নহয়৷ এতিয়া সময় সমাগত সেই মহান মনীষী

সকলে প্রাণোচ্ছল কৰি তোলা অসমীয়া শব্দৰ যি লহৰ তাক পুনৰ সঞ্চাৰিত কৰি তোলা৷ এয়া সম্ভৱ একমাত্র চর্চাৰ মাধ্যমেৰে৷ চর্চাৰ গুৰুত্বহীনতা, গ্রন্থ অধ্যয়নৰ অৱহেলা আৰু সভ্যতাৰ সৈতে খোজ মিলাবলৈ গৈ অত্যাধুনিক সমাজৰ গ্রাসত পৰি অনাকাংক্ষিতভাৱে পাষ্চাত্য

শব্দৰ ব্যৱহাৰেই হয়তো অসমীয়া শব্দৰ অৱনতিৰ মূল কাৰণ আৰু শব্দৰ অৱনতিয়েই সৃষ্টি কৰিছে ভাষা প্রদূষণ৷ সাম্প্রতিক সময়ছোৱাত নৱপ্রজন্মই নিজৰ প্রকাশভংগীৰ মান উন্নত কৰিবলৈ গৈ অসমীয়া শব্দৰ সৈতে ইংৰাজী শব্দৰ যি অত্যাৱশকীয় ব্যৱহাৰ কৰা দেখা যায়, সেয়াই যে তেওঁলোকৰ প্রকাশভংগীৰ মান উন্নত কৰিছে সেইটো তেওঁলোকৰ ভুল ধাৰণা৷ বৰঞ্চ তেনে ব্যৱহাৰে তেওঁলোকৰ প্রকাশভংগীৰ মান নিম্নহে কৰে৷ সময় বৰ তাকৰ৷ সময় থাকোঁতেই যদি নিজৰ মাতৃভাষাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আমি ব্যর্থ হওঁ তেনেহলে হয়তো এদিন ইতিহাসৰ পাটতো লুপ্ত হৈ পৰিব সুৱদিসুৰীয়া অসমীয়া ভাষাৰ পৰিচয়৷ শব্দই সৃষ্টি কৰে ভাষা, ভাষাই সৃষ্টি কৰে সাহিত্য আৰু সাহিত্যই হৈছে এটা জাতিৰ মেৰুদণ্ড৷ সাহিত্যৰ ইতিহাসত জোনাকী যুগৰ পৰা আৰম্ভ কৰি সাম্প্রতিক সময়লৈকে বিভিন্ন আলোচনীয়ে অসমীয়া ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰি আহিছে৷ কিন্তু অনুভৱ হয়, সাম্প্রতিক যান্ত্রিক সমাজখনত অসমীয়া ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰা সেই প্রাচীন শব্দৰ বীজবো

ৰ কেৱল অসমীয়া অভিধানতেই সীমাবদ্ধ হৈ থাকিব নেকি নাই সেই শব্দৰ চর্চা, নাই সেই জীয়া শব্দৰ প্রচাৰ, নাই প্রসাৰ কিন্তু কিয় আজি পৰিৱর্তনৰ ঢৌ বলিছে চৌদিশে৷ কিন্তু এই পৰিৱর্তন সম্পূর্ণ ইতিবাচক নহয়৷ আজি নৱজাগৰণৰ ঢৌ তুলিবলৈ সাজু আমি৷ সেয়ে আজি হাতত জোলোঙা লৈ শব্দৰ আলিবাটত পথিকৰ ৰূপত হেৰোৱা শব্দৰ অনুসন্ধানত…

কিশোৰ কলিতা

You might also like

Leave A Reply

Your email address will not be published.