নৱদুর্গা আৰু নৱপত্রিকাৰ মাহাত্ম্য

দুর্গা পূজাত নৱৰাত্রি

যা দেৱী সর্বভূতেষু, শক্তিৰূপেন সংস্থিতা
নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ
শক্তি, শক্তিৰ অধিষ্ঠাত্রী দেৱী মা দুর্গা৷ এই পৃথিৱীখন সুচাৰুৰূপে চলিবলৈ যিবোৰ সম্পদৰ প্রয়োজন হয়, সেইসমূহ সম্পদৰ ভিতৰত শক্তিক অগ্রিম আসন দিব লাগিব৷ শক্তি নহলে পৃথিৱীত নতুন উৎপাদন, ন্যায়, ধর্ম, শান্তি একোৱে প্রতিষ্ঠা হব নোৱাৰে৷ শক্তিৰ অধিদেৱী মা দুর্গাক অসুৰ ঘাতিনী, দুর্গা দুর্গতিনাশিনী, জগত জননী, উমা আকৌ কার্যসূত্রে চণ্ডিকা, উমচণ্ডা, চামুণ্ডা, সনাতনী, নাৰায়ণী, কাত্যায়নী, ঈশ্বৰী, ভগৱতী, কালী, মহামায়া, জগদ্ধাত্রী, আদিশক্তি আদি এহেজাৰতকৈ অধিক নামেৰে সম্বোধিত কৰা হয়৷ মা দুর্গাক পূজা কৰিলে ৰোগৰ পৰা মুক্তি লাভ হয়, বিপদৰ পৰা পৰিত্রাণ পোৱা যায়, অকাল মৃত্যুৰ ভয় দূৰ হয়, ঋণ মুক্তি তথা আর্থিক দুৰৱস্থাৰ পৰা মুক্তি লাভ হয়৷ নিঃসন্তানে সন্তান লাভ কৰিব পাৰে, প্রয়োজন মাথোঁ ভক্তিভাবে, সশ্রদ্ধ তথা বিশ্বাসসহকাৰে মাৰ পূজা কৰা৷
দেৱী দুর্গাৰ উৎপত্তিৰ কাহিনী সর্বজনবিদিত৷ মহাপৰাক্রমী মহিষাসুৰক দেৱতাসকলে কোনোপ্রকাৰে পৰাভূত কৰিব নোৱাৰি, অসুৰৰ অত্যাচাৰৰ পৰা পৰিত্রাণ পাবলৈ ত্রিদেৱৰ ব্রহ্মা, বিষ্ণু, মহেশ্বৰ ওচৰ চাপে৷ অসুৰৰ অত্যাচাৰৰ কথা শুনি ত্রিদেৱ অতি ক্রোধান্বিত হয় আৰু তেওঁলোকৰ মুখৰ পৰা উদ্দীপ্ত অগ্ণিৰ দৰে তেজশক্তি নিঃসৃত হৈ লগে লগে তপ্তসুবর্ণৰ দৰে অতি উজ্জ্বল চকু চাট মাৰি ধৰা নাৰী মূর্তি এগৰাকীৰ সৃষ্টি হয়৷ তৎপষ্চাৎ বিভিন্ন দেৱতাৰ শক্তিৰ পৰা দেৱীৰ বিভিন্ন অংগৰাজি সৃষ্টি হয়৷ মহাদেৱৰ পৰা দেৱীৰ শ্রীমুখ, যমৰ পৰা কেশ, বিষ্ণুৰ পৰা দশভুজা, চন্দ্রৰ পৰা স্তনদ্বয়, দেৱীৰ মধ্যদেহ ইন্দ্রৰ পৰা, বৰুণৰ পৰা জংঘা আৰু উৰুদ্বয়, পৃথিৱীৰ পৰা নিতম্বস্থান, ব্রহ্মাৰ পৰা পাদদ্বয়, সূর্যৰ পৰা ভৰিৰ আঙুলি, অগ্ণিদেৱতাৰ পৰা চকুযুৰি, অষ্টবসুৰ পৰা হাতৰ আঙুলি, কুবেৰৰ পৰা নাক, দাঁত, দক্ষাদি প্রজাপতিগণৰ পৰা ভ্রুবগল, সন্ধ্যাৰ, কর্ণ বায়ুৰ পৰা তথা বাকী অংগ বিশ্বকর্মা প্রমুখ্যে অন্যান্য দেৱতাসকলৰ তেজোৰাশিৰ পৰা সৃষ্টি হয়৷ আৰু এনেকৈয়ে সৃষ্টি হয় প্রচণ্ড শক্তিধাৰিণী মহাশক্তি মহাদেৱীৰ৷ এই মহাদেৱীক পুনৰ দেৱতাসকলে অস্ত্র প্রদান কৰে৷ মহাদেৱৰ পৰা ত্রিশূল, বৰুণৰ পৰা শংখ, বিষ্ণুৰ পৰা চক্র, হুতাশনৰ শক্তি, পৱনৰ ধনুর্বাণ, ইন্দ্রৰ বজ্র, যমৰ কালদণ্ড, দক্ষ প্রজাপতিৰ অংগমালা, ব্রহ্মাৰ কমণ্ডলু, ঐৰাৱতৰ ঘণ্ঢা, মহাকালৰ খডগচর্ম, বিশ্বকর্মাৰ কুঠাৰ, সমুদ্রৰ অম্লান পংকজমালা, ক্ষীৰসমুদ্রৰ দুটা কুণ্ডল, হিমালয়ৰ সিংহৰূপী বাহন, কুবেৰৰ পৰা সুৰাপূর্ণ স্বর্ণপাত্র, সূর্যৰ পৰা ৰশ্মি, অনন্ত ঈশ্বৰৰ পৰা মহানাগমণি লাভ কৰে৷ অন্যান্য দেৱ–দেৱতাসকলেও দেৱীক বস্ত্র, অলংকাৰ, বলয়, কিংকিনী, আঙঠি আদি অর্পণ কৰে৷ দেৱীয়ে মহাকালৰূপ লৈ মহিষাসুৰক বধ কৰাৰ উপৰি বিভিন্ন সময়ত চণ্ড, মুণ্ড, শুম্ভ, নিশুম্ভ, দুর্গাসুৰ আদি দৈত্যক বধ কৰি ব্রহ্মাণ্ডত শান্তি স্থাপন কৰিছিল৷
দেৱী উৎপত্তিৰ কাহিনীৰ পৰা এটা কথা স্পষ্ট হয় যে অসুৰ নিধনৰ বাবে যিকোনো দেৱতাৰ একক শক্তিয়েই অসাৰ প্রয়োজন হল ত্রিদেৱকে আদি কৰি সকলো দেৱতাৰ পঞ্জীভূত শক্তিৰ৷ যি সমন্বিত শক্তিয়ে ব্রহ্মাণ্ডত শান্তি স্থাপন কৰিছিল, ঠিক তেনেদৰে প্রত্যেক পৰিয়াল বা সমাজলৈ অহা সকলো বিপত্তিয়ে পৰিয়ালৰ এজন মানুহে বা সমাজ এখনৰ মাত্র মুষ্টিমেয় এচামে সমাধান কৰিব নোৱাৰে৷ সমগ্র পৰিয়াল একত্র হৈ বা সামাজিক সমস্যা হলে সমাজখনৰ প্রতিজন ব্যক্তিয়ে নিজৰ ক্ষুদ্র স্বার্থ, ব্যক্তিগত লাভালাভ, তোষামোদ ইত্যাদি বর্জন কৰি নিজৰ নিজৰ অৱদান নিঃস্বার্থভাৱে আগববালে সমস্যাৰ সমাধান হব৷
মা দুর্গাৰ পূজাৰ দুটি বিশেষ তাৎপর্যপূর্ণ দিশ হল নৱৰাত্রি তথা নৱৰাত্রিৰ সময়ছোৱাত মা দুর্গাৰ জ্ঝটা ৰূপক পূজা কৰা৷ আনটো দিশ হল নৱপত্রিকা৷ নৱৰাত্রি আৰম্ভ হয় শুক্লপক্ষৰ প্রতিপদ তিথিৰ পৰা নৱমী তিথিলৈ৷ প্রকৃততে দুর্গা পূজা বছৰত দুবাৰকৈ অনুষ্ঠিত হয়৷ আহিন মাহত অথবা শৰৎ ঋতুত আৰু চত মাহত অথবা বসন্ত ঋতুত সেয়েহে এই পূজাক শাৰদীয় দুর্গা পূজা আৰু বাসন্তী পূজা বুলি অভিহিত কৰা হৈছে৷ উভয় ঋতুতে হোৱা পূজাত নৱৰাত্রি ব্রত ধাৰণ কৰিব পাৰি৷ নৱৰাত্রি পূজাৰ প্রথম দিনাৰ পৰা নৱম দিনালৈ দেৱীৰ নটা ৰূপৰ পূজা কৰা হয়৷ কিছুসংখ্যক লোকে এইকেইদিন অখণ্ড প্রদীপ প্র্বলিত কৰি ৰাখে তথা কিছু লোকে প্রতিদিনাই প্রত্যেক ৰূপৰ দেৱীৰ বাবে নতুনকৈ এগছি চাকি লাই পূজা কৰে৷
মা দুর্গাৰ প্রথম ৰূপটো হল শৈলপুত্রী৷ এই ৰূপে মা দুর্গা মেষ আৰু বৃষ্চিক ৰাশিৰ অধিপতি৷ দ্বিতীয় ৰূপ হল ব্রহ্মচাৰিণী আৰু দ্বাদশ ৰাতিৰ তুলা ৰাশিৰ অধিপতিনী৷ চন্দ্রঘণ্ঢা ৰূপে তৃতীয় দিনা পূজা কৰা হয়, যি কন্যা আৰু মিথুন ৰাশিৰ অধিপতিনী দেৱী৷ চতুর্থীৰ দিনা মাৰ কুষ্মাতা ৰূপৰ পূজা কৰা হয় এই ৰূপ ধনু ৰাশিৰ অধিপতিনী হয়৷ স্ক্ন্দমাতা ৰূপে পঞ্চমীৰ দিনা পূজা কৰা হয় এই ৰূপ কুম্ভ ৰাশিৰ অধিপতিনী, ষষ্ঠীৰ দিনা দেৱীৰ কাত্যায়নী ৰূপৰ পূজা কৰা হয় আৰু এই ৰূপ মকৰ ৰাশিৰ অধিপতিনী হয়৷ সপ্তমী আৰু অষ্টমীৰ দিনা ক্রমান্বয়ে দেৱীৰ কালৰাত্রি আৰু মহাগৌৰী ৰূপৰ পূজা কৰা হয়৷ কালৰাত্রিৰূপে দেৱী সিংহ ৰাশিৰ অধিপতিনী আৰু মহাগৌৰী ৰূপে দেৱী বৃষ ৰাশিৰ অধিপতিনী৷ নৱৰাত্রিৰ অন্তিম দিনা অর্থাৎ নৱমীৰ দিনা মা দুর্গাৰ সিদ্ধিধাত্রী ৰূপৰ পূজা কৰা হয়৷ এই ৰূপত মা কর্কট আৰু মীন ৰাশিৰ অধিপতিনী৷ নৱমীৰ দিনা কুমাৰী পূজা কৰি ব্রতৰ সমাপন কৰিব পাৰি৷ নজনী ন বছৰৰ তলৰ কুমাৰী কন্যাৰ ৰূপত মা দুর্গাৰ পূজা কৰি, ফল–মূল, ৰঙা বস্ত্র দক্ষিণা, শংগাৰৰ সামগ্রী তথা পায়স বা অন্যান্য মিষ্টান্নৰে ভোজন কৰাই মাৰ আশিস লাভ কৰিব পাৰি৷ আপোনাৰ গৃহত যদিহে অশান্তি আছে, শত্রুৰ পৰা ভয় আছে, সন্তানৰ পপা–শুনাৰ সমস্যা, বিবাহৰ সমস্যা, সুখ–সমৃদ্ধিৰ অভাৱ ইত্যাদি মিৰাময়ৰ বাবে মা দুর্গাৰ বিভিন্ন ৰূপৰ পূজা কৰক৷ সুখ–সমৃদ্ধিৰ বাবে মাৰ কুষ্মাণ্ডা ৰূপৰ পূজা কৰক৷ গৃহ শান্তিৰ নিমিত্তে মাৰ স্ক্ন্দমাতা ৰূপৰ পূজা কৰক৷ শত্রু ভয় তথা শত্রুৰ পৰা বাচিবলৈ মাৰ কাত্যায়নীৰ পূজা কৰক৷ অকাল মৃত্যুৰ ভয়ৰ পৰা বাচিবলৈ মা কালৰাত্রিৰ পূজা কৰক আৰু আধ্যাত্মিক সফলতা, পপা–শুনাত সফলতা পাবলৈ মা সিদ্ধিধাত্রীৰ পূজা কৰক৷ ইয়াৰ উপৰি প্রত্যেক ৰাশিৰ জাতক–জাতিকাই নিজৰ ৰাশিৰ অধিপতিনী মা দুর্গাৰ ৰূপৰ পূজা বিশেষকৈ কৰিব পাৰে৷ উদাহৰণস্বৰূপে মা যদিহে আপুনি মকৰ ৰাশিৰ জাতক–জাতিকা, মা কাত্যায়নীৰ পূজাই আপোনাক বিশেষ লাভান্বিত কৰিব৷
এইবাৰ আহিছোঁ দুর্গা পূজাৰ বিশেষ অংগ নৱপত্রিকাৰ দিশে৷ নৱপত্রিকা নবিধ গছ বা উদ্ভিদৰ সমষ্টি৷ প্রত্যেকবিধ উদ্ভিদ নৱপত্রিকাতে দেৱীৰ একোটাকৈ শক্তি নিহিত হৈ আছে৷ নৱপত্রিকা ক্রমান্বয়ে কলগছ, বেল, ডালিম, কচু, হালধি, জয়ন্তী, অশোক, মানকচু আৰু ধানৰ পত্রিকাৰ সমাহাৰ৷ কলগছত দেৱীৰ ব্রহ্মাণী ৰূপ বিৰাজমান, তেনেদৰে বেলত শিৱানী, ডালিমত ৰক্তদণ্ডিকা, কচুত কালিকা, হালধিত দুর্গা, জয়ন্তীত কার্তিকী, অশোকত শোকৰহিতা, মানকচুত চামুণ্ডা আৰু ধানত লক্ষ্মীদেৱীৰূপে মা দুর্গা বিৰাজিত হয়৷ সপ্তমীৰ দিনা শুভলগ্ণত নৱপত্রিকাক বিধিপূর্বক স্নানাদি অর্চন–বন্দন কৰি বিলযুগলসহ নৱপত্রিকাৰ সকলো দ্রব্য একত্রিত কৰি অপৰাজিতা লতাৰে মেৰিয়াই বান্ধি ৰঙা পাৰীৰ শাৰীৰে, কইনাৰ দৰে সজাই মৃণ্ময়ী প্রতিমাৰ দক্ষিণ বা পষ্চিম অভিমুখে ৰাখি দেৱীৰ যথাবিহিত পূজা কৰা হয়৷ দুর্গা পূজাৰ অংগ নৱপত্রিকা পূজাৰ বিশেষ এই যে প্রাচীন কালত ঋষি–মুনিসকলে উদ্ভিদ জগতৰ মাজত মহাশক্তিৰ তত্ত্ব উপলব্ধি কৰিছিল বা উদ্ভিদ জগতৰ পৰাই আমি খাদ্য, ঔষধ, বাসস্থান আৰু দৈনন্দিন জীৱনত ব্যৱহার্য প্রয়োজনীয় সামগ্রী পাওঁ, সেয়েহে মা দুর্গাক শস্যৰ দেৱী মাতৃৰূপেও কল্পনা কৰা হৈছে৷ উদ্ভিদ জগতত নিহিত এই শক্তিক পূজাৰ অর্থে মাৰ দশভুজা প্রতিমাত পূজা কৰাৰ পূর্বে নৱপত্রিকাত পূজা কৰিহে প্রতিমাস্থ দেৱ–দেৱীৰ পূজা কৰাৰ নিয়ম অতীজৰে পৰা প্রচলিত হৈ আহিছে৷

কৰবী বেজবৰুৱা

You might also like

Leave A Reply

Your email address will not be published.