বৈবাহিক অশান্তি, ডিভর্চ ইত্যাদি

  আজি কেইমাহমান পূর্বে হোৱাটছএপৰ যোগেদি এটি ভিডি চাবলৈ পাইছিলোঁ৷ ভিডিটো সম্পূর্ণভাৱে চোৱাৰ পিছত একমুহূর্তৰ বাবে স্তব্ধ হৈ পৰিছিলোঁ, কিন্তু পিছমুহূর্ততে বহু ইতিবাচক আৰু নেতিবাচক দিশ ভিডিটোৰ পৰা ভুমুকিয়াব ধৰিলে৷ ঘৰৰ পৰা ঠিক কৰা অর্থাৎ এৰেঞ্জ মেৰিয়েজ এখনত প্রথমে কইনা চোৱা পর্বত কইনাই দৰা তথা দৰাপক্ষক পোনপটীয়াকৈ তেখেতৰ আয়, সম্পত্তি, আচাৰ–ব্যৱহাৰ, বন্ধু–বান্ধৱ তথা শিক্ষাগত অর্হতাৰ চার্টিফিকেট বিচৰা ভিডিঅটোত কইনাৰ পিতৃয়ে কইনাৰ প্রশ্ণবোৰৰ সমর্থন কৰি কৈছিল যে এই তথ্যসমূহ সম্পূর্ণভাৱে শুদ্ধকৈ দিলেহে কোনো এক পিতৃয়ে ছোৱালীক বিবাহ দিবনে নিদিয়ে সিদ্ধান্ত লব পাৰি৷ তেওঁৰ মতে বিবাহৰ পিছত যদিহে আগতীয়াকৈ দিয়া তথ্যসমূহ ভুল প্রমাণিত হয়, তেন্তে পিছলৈ দুয়োৰে সম্পর্কত বিভিন্ন অজুহাতত ফাট মেলিব পাৰে৷ ভিডিটো চাই উঠি ভাবিবলৈ বাধ্য হৈছেছা যে কইনাজনী বা তেওঁৰ পিতৃৰ চিন্তা অমূলক নাছিল৷ কিন্তু বিবাহ এখন সুখৰ হবলৈ কেৱল আয়, সম্পত্তি, স্বভাৱ, আচাৰ–ব্যৱহাৰেই যথেষ্ট নে জ্যোতিষী হিচাপে যেতিয়াই মই কোনো পিতৃ–মাতৃক তেখেতৰ লৰা বা ছোৱালীৰ সোঁৱৰণী বিবাহৰ বাবে মিলাবলৈ অহা বাবে লগ পাওঁ, এটা প্রশ্ণৰ সন্মুখীন সতকাই হবলৈ পাওঁ, মোৰ সন্তানটি বিবাহৰ পিছত সুখী হব নে

এখন বিবাহত মাত্র দুজন ব্যক্তিৰে মিলন নহয়, মিলন হয় দুটা পৰিয়ালৰ, তেখেতসকলৰ ভিন্ন সংস্কাৰ, নিয়ম–নীতি, আদর্শৰ৷ গতিকে বিবাহৰ পিছত বহুতৰে মাজত মতভেদ, কাজিয়া আদিৰ সূত্রপাতৰ কাৰণ কেৱল স্বামী–স্ত্রীৰ মাজতেই সীমাবদ্ধ নাথাকিবও পাৰে বা নাথাকে৷ বর্তমান যুগত বিবাহৰ পিছত অশান্তিসমূহ আগৰ তুলনাত বৃদ্ধি পাইছে যেন অনুভৱ হয়৷ হয়তো সমস্যাসমূহ বহুক্ষেত্রত একেই আছে, কিন্তু পূর্বতে তাৰ বহিঃপ্রকাশ ঘটা নাছিল বা সমাজৰ ভয়ত বা অন্যান্য কাৰণতেই হওক, মতভেদসমূহ পৰিয়ালৰ মাজতেই সীমাবদ্ধ হৈ আছিল৷ কিন্তু যুগৰ পৰিৱর্তনৰ ফলত তথা আজিৰ এই যান্ত্রিক প্রতিযোগিতামূলক জগতত নিজকে সময়ৰ লগত মিলাবলৈ স্বামী–স্ত্রী, উভয়ে উপার্জনকাৰী হোৱা দেখা যায়৷ যাৰ ফলত ইজনে–সিজনক সময় দিব নোৱৰা হয় বা প্রয়োজনীয় সময় একেলগে কটাব নোৱাৰে৷ সময়ৰ অভাৱৰ ফলত পৰিয়ালৰ বাকী সদস্যৰ প্রতি থকা দায়বদ্ধতা পালন কৰাতো কিছু সমস্যাৰ সৃষ্টি হয়৷ ভুল বুজাবুজিয়ে হওক বা পৰিয়ালৰ আন ব্যক্তিসকলৰ লগত মনোমালিন্য হওক সকলো সমস্যা একেলগে বহি আলোচনা কৰি দূৰ কৰা সম্ভৱ৷ কিন্তু সময়, ইচ্ছা আদিৰ অভাৱত এনেবোৰ সমস্যাই বিকট ৰূপ লব পাৰে৷ বহুক্ষেত্রত স্বামী–স্ত্রীয়ে ইজনে সিজনক কৰা সন্দেহৰ ফলতো বিবাহত বিসংগতিয়ে দেখা দিয়ে৷ অমূলক সন্দেহে সংসাৰ ধবংস কৰি দিয়ে৷ গতিকে সন্দেহৰ থল থাকিলেও যিমান দূৰ পাৰি তাক মনৰ পৰা আঁতৰাই, পতি বা পত্নীক নিজৰ দায়িত্বৰ কথা কৌশলেৰে সোঁৱৰাই দিয়াৰ লগতে নিজৰ প্রতি আকর্ষিত কৰাৰ চেষ্টা কৰিব লাগে৷ আজিকালি বহু দম্পতীৰ মাজত অপ্রিয় হলেও দেখা যায়, যদিহে পত্নীৰ আয় বা মর্যাদা পতিতকৈ অলপ হলেও বেছি হয়, তেন্তে কিছুসংখ্যক পতি সকলোকে কোৱা নাই, যদিহে কোনোবা এই কথাষাৰত আঘাতপ্রাপ্ত, তেন্তে মই ক্ষমাপ্রার্থী হীনমন্যতাত ভোগা যায়৷ যাৰ ফলত সৰু সুৰা গৃহকন্দলৰ পৰা বিবাহ বিচেছদপর্যন্ত হোৱা দেখা যায়৷ পত্নীয়ে যেনেদৰে নিজৰ স্বামীৰ পদমর্যাদা তথা আয়ক লৈ গৌৰৱ অনুভৱ কৰে, সেই একেখিনি অনুভৱ স্বামীয়ে স্ত্রীক লৈ কৰি সমস্যাৰ সৃষ্টিহে কৰে৷ পৰিয়ালকেন্দ্রিক বিবাদৰ মূলতেই হওক নাইবা স্বামী–স্ত্রীৰ মাজত বিভিন্ন কথাতেই হওক বিবাহ সংকটত পৰিলে বহুতে মোৰ ওচৰ চাপে, এনেক্ষেত্রত সোঁৱৰণী চালে দেখা পোৱা যায় যে কেতবোৰ খণ্ডত গ্রহৰ প্রভাৱত সময়ে সময়ে জীৱনত এনেবোৰ সমস্যাৰ সৃষ্টি হৈ থাকে৷ কিন্তু সমস্যা কিমান গভীৰ বা স্থায়িত্ব কিমান, তাক বিচাৰ কৰি প্রতিৰোধ কৰিব পাৰি৷ সাধাৰণতঃ শনি, ৰাহু, কেতু আৰু মংগল গ্রহৰ প্রভাৱত বৈবাহিক জীৱনত কিছু খেলিমেলিৰ সৃষ্টি হব পাৰে৷ সাধাৰণতঃ মানুহৰ সোঁৱৰণীত লগ্ণৰ পৰা সপ্তম স্থান পতি বা পত্নী স্থান এই স্থান যদিহে দোষমুক্ত, পাপগ্রহযুক্ত, সেই স্থানৰ অধিপতি পাপভাবযুক্ত বা অশুভ গ্রহৰ দৃষ্টিত থাকে, তেন্তে বিবাহিত জীৱনত নানা সমস্যা আহিব পাৰে৷ কিন্তু সেই সমস্যা কেতিয়া আৰু কোন সময়ত অধিক জাগ্রত হব, সেয়া ব্যক্তি বিশেষৰ সোঁৱৰণীৰ দশা, অন্তর্দশা, প্রত্যন্তৰ পুংখানুপুংখভাৱে চালিজাৰি চাইহে কব পাৰি৷ গতিকে যদিহে আপুনি বৈবাহিক জীৱনত অশান্তিত ভুগিছে, তেন্তে নিশ্চয় এবাৰ সোঁৱৰণীখন চোৱাই লব পাৰে৷

মোৰ অভিজ্ঞতা তথা ইমান বছৰৰ পর্যবেক্ষণৰ পৰা লক্ষ্য কৰিছেছা, প্রধানতঃ কেইটিমান কাৰণত বিবাহত অশান্তি তথা দাম্পত্যত বিসংগতি দেখা যায়৷

ক৷ বিবাহৰ পিছতে স্বামী–স্ত্রীৰ উভয়ৰে ক্ষেত্রত সোমাই পৰা সাংসাৰিক সীমাবদ্ধতা৷
খ৷ ইজনে–সিজনৰ প্রতি প্রয়োজনীয় সন্মানৰ অভাৱ৷
গ৷ অধিক ব্যস্ততাৰ বাবে যৌথ জীৱনত আহি পৰা বাধাসমূহ৷
ঘ৷ সন্তানহীনতা
ঙ৷ ইজনে সিজনক পর্যাপ্ত পৰিমাণৰ মৰম নিদিয়াৰ অভাৱত সৃষ্টি হোৱা অবৈধ প্রেম৷
উপৰিউক্ত সমস্যাসমূহৰ সমাধান স্বামী–স্ত্রীৰ দুয়োজনৰ মাজতেই আছে৷ প্রয়োজন মাথোঁ বুজাবুজি আৰু ইজনে–সিজনক প্রয়োজনীয় মৰম, ভালপোৱা, সময় প্রদান কৰাৰ৷

You might also like

Leave A Reply

Your email address will not be published.