সৰাপাতৰ চেটাৰত জীৱন–প্রেম–মৃত্যুৰ ছিম্ফনী

তেজ–ঘাম আৰু উত্থিত ভালপোৱাৰ নাম জীৱন৷

সৰাপাতৰ চেটাৰত
জীৱন–প্রেম–মৃত্যুৰ ছিম্ফনী
ভূপেন ৰাজ


বাট নাই, সময়ে কাটে জীৱনৰ বাট৷ যি বাটেৰে গৈ গৈ এদিন জীৱনে স্পর্শে মৃত্যুৰ উচ্ছল জলপ্রপাত৷ সকলো অসত্য, আকাশ মাথোঁ ভ্রান্ত ধাৰণা, চিগাৰেটৰ সুখটানত মুক্তিৰ সন্ধান কেৱল বেপৰোৱা কায়দাহ্ল, প্রকৃত সত্য সময়৷ গতি–ৰূপান্তৰৰ নায়ক ঘঁডীৰ কাঁটাৰ টিক্ টিক্ প্রতিটো লহমা৷ সময়ৰ বুকুত সকলো স্থবিৰ, গান্ধী–লিংকন–হো চি মিন অথবা বহু ৰক্তাক্ত ইতিহাসৰ আৰম্ভণি কুৰুক্ষেত্র–কলিংগ–চ্৷ অনিৰুদ্ধ সময়ৰ মজিয়াত ঁকা থাকে দুঃস্বপ্ণৰো নক্সা, দুর্দিনৰ আল্পনা৷ সম্ভৱতঃ সময়–দুঃসময়ৰ ঘর্ষণে জীৱনক কৰি তোলে মাটি আৰু মানুহৰ প্রেমিক, শূন্যতাত প্রসাৰিত কৰিবলৈ শিকায় অসহায় ছছা৷
জীৱনে বিচাৰে কি কিয় গানৰ দৰে শ্রৱণ কৰে বিৰহ–আর্তনাদ কিয় অৱক্ষয়ৰ ধুমুহাত জাহ যায় আবাল–বৃদ্ধ–বণিতা কিয় অধিকাৰৰ প্রতিটো খোজৰ বাবে তেজেৰে লিখে কবিতা অথবা অনুবাদ কৰে কঁপি কঁপি সৰকিব খোজা ৰক্তভিজা এটা প্রাচীন সুহুৰি
তেজ–ঘাম আৰু উত্থিত ভালপোৱাৰ নাম জীৱন৷ ভাবনাৰ শেষত ৰৈ ৰৈ বাজি থকা বিষাদ তানপুৰাৰ নাম জীৱন৷ জাক জাক বতাহত কলিজাৰ তলৰ অৰণ্যত দুলি থকা আশা–সপোনৰ সুমথিৰাৰ ৰঙেৰে দুর্দান্ত জন্ম–মৃত্যুৰ শূন্য আস্থান আৰু এহেজাৰ এপাহ খৰিকাজজাইৰ শুভকামনা নিযুত সোণাৰুৰ হালধীয়াৰে জীপাল–দুর্দান্ত জীৱন৷ ভাল পাওঁ অ জীৱন সেয়ে ডেই যোৱা ৰুটীৰ গোন্ধ এটাৰ পিছে পিছে দৌৰি যাওঁ, চামিল হওঁ লাষ্টগেটৰ ধর্ণা কার্যসূচীত৷
সম্ভৱতঃ যিদিনা মানৱ মনৰ পৰা হেৰাই যাব অনুভূতি–নুৰাগ, সেইদিনা ৰদহীন হব পৃথিৱী স্তব্ধ হব বতাহ৷
– তোমাক বহুত ভাল পাওঁ অ
– প্লিজ, বিশ্বাস কৰা না৷
– আহ্ যাতনাৰ ছুৰীৰে ৰক্তাক্ত নকৰিবা মোৰ কলিজা৷
– মোৰ ওপৰত তোমাৰ তিলমানো আস্থা নাই
– কিয় কিয় অধীৰ অপেক্ষা কৰাজনেই হয়গৈ উপেক্ষিত
ভালপোৱা, বিশ্বাস, যাতনা, আস্থা, অপেক্ষা এই শব্দবোৰ উচ্চাৰিবলৈ মাথোঁ এটা ছেকেণ্ড৷ অথচ এই সৰু সৰু শব্দবোৰেই আমাৰ জীৱন পৰিক্রমাৰ সঞ্জীৱনী৷
সম্পর্কৰ বুৰঞ্জী সাৱটি জী থাকে মানুহ৷ স্নেহ–এনাজৰীয়ে একত্রিত কৰি ৰাখে পৰিয়াল–সমাজ–জাতি৷ দায়বদ্ধতা–সততা–শ্ আদি মানৱীয় গুণবোৰৰ বাবেই উত্থিত আমাৰ স্বাভিমান৷ সেয়ে হবলা সুখত ওপজি দুখত বাগৰি ভোকত চুঁচৰি ফুৰে মানুহ, এচলু তেজৰ প্রতি ভয়ানক তীব্রতা জাগে স্বাধীনতাৰ স্বপ্ণখেদা আত্মগোপনকাৰী বিদ্রোহীৰ৷
হয়, শূন্য সঁচা শূন্যৰ পৰাই আৰম্ভণি৷ সময় সত্য সময়ৰ লালিত্যত প্রতিদিনে নেহেৰাও বুলিও হেৰাই যায় জীৱন৷ বৰ অনুপম, বৰ অনুপম উত্তম এই জীৱন


উৰণীয়া গান এটাৰ দৰে তুমি নিখোজ হৈ গলা
কত আছা, কত আছা তুমি স্মৃতি বুটলি
পাতল কুঁৱলী ফালি জোনাক সৰিছে৷ গোলাপ সুবাসী গান এটা গুণগুণাবলৈ মন গৈছে৷ প্রিয় নাৰীৰ ওঁঠৰ উষ্ণতাত ডুবি দীঘলীয়া সপোন এটা দেখিবলৈ মন গৈছে৷
আহিবা অ এদিন চকুত চকু থম, হাতত হাত৷ মই সুখী হম তোমাৰ সতে, তোমাৰ অবিহনে কোন চন্দ্রমুখীয়ে শীতলাব মোৰ বিষণ্ণতাৰ নিচা৷
প্রিয়তমা, অনিদ্রাৰ ৰাতি দুফাল কৰি মায়াবী ভাবনাৰ ছিৰিৰে
তুমি যাত্রাৰ আৰম্ভণি পাহৰি গুচি যোৱা ৰেলৰ দীঘলীয়া উকি
প্রেম জীৱনৰ হেঙুলীয়া উৎসৱ৷ জীৱনৰ অচিন যাত্রাপথত হঠাৎ কেতিয়াবা কাৰোবাৰ সতে মুখামুখি হওঁ আৰু ভুলতে তেওঁক উশাহৰ ভিতৰৰ উশাহ বুলি ভাবিবলৈ লওঁ৷ পৰৱর্তী গাঁথাৰ সাক্ষী হৈ ৰয় জোন–তৰা–বেলি, আকাশ–পথাৰ–নদী৷ নীলাচলৰ প্রাচীন শিল এছটাত তেজেৰে আঁকো প্রাণময় হেঁপাহৰ ছবি৷ ভুলতে ভাবিবলৈ লওঁ ভালপোৱাৰ ভায়লিনত তেওঁ অম্লান সুৰ এটা হব, আকাশৰ থুপি থুপি তৰাৰ আলোকত তিতি গান এটা গাব আৰু প্রতিনিয়ত তেওঁৰ বাবে প্রার্থনা কৰিবলৈ লওঁ এটা শুভ দোকমোকালি৷
এয়াই প্রেম, যি সুগন্ধি মালিতাৰ কথা আনক কব নোৱাৰি৷ আপোনজনৰ বক্ষত নীৰৱে ঘৰ সাজিব খোজা মৃত্যুহীন ফিনিক্স প্রেমহ্ল, নির্জনতাৰ বন্দৰত ছছা–পোহৰৰ লুকাচুৰি খেলা নেজাল তৰাৰ নাম প্রেম৷ অ, তুমি স্পর্শ কৰিব নোৱৰা, তোমাতকৈ বহুগুণে সুউচ্চ প্রেম৷ নুৰ–ছাহজাহান, ডাণ্ঢে–বিয়েড্রিছ, ৰোমি–জুলিয়েটৰ অমৰ–গাথাই আমাক ইয়াকে সোঁৱৰায়৷
প্রেমৰ ভাষা কি নীৰৱতা৷ নিঃসংগ নক্ষত্রৰ দৰে ওৰেৰাতি অস্থিৰতাৰ শয্যাত দুহাতেৰে স্বপ্ণৰ মুদ্রা লিৰিকি–বিদাৰি ভাগৰুৱা আজিৰ প্রেমিক স্পষ্টবাদী৷ প্রিয় নাৰীক সন্মুখত বহুৱাই ছার্টৰ বুটাম খুলি অকপটে কৈ পেলায়
মই তোমাক ভাল পাওঁ, বিদ্যা–কামাখ্যা নকওঁ
বিশ্বাস কৰা বা নকৰা তোমাৰ কথা
তোমাৰ হূদয় ৰঙৰ চোলা পিন্ধি গাবলৈ মন যায় হিপ্ হিপ্ হুৰৰে
কোৱা না এবাৰ ভাল পাওঁ বুলি
তুমি ভাল পাওঁ বুলি কলে মই মদ নাখাওঁ
সন্ধ্যাৰ আড্ডাত চিগাৰেট
সংযোগবোৰ কত কেতিয়া কেনেকৈ ঘটে কোনেও নাজানে৷ জীৱনৰ অচিন যাত্রাপথত হঠাৎ কেতিয়াবা কাৰোবাৰ সতে মুখামুখি হওঁ আৰু ভুলতে তেওঁক কলিজাৰ ভিতৰৰ কলিজা বুলি ভাবিবলৈ লওঁ৷
ন–হন্যতেহ্ল, শৰীৰ বা শাৰীৰিক সৌন্দর্য– আকর্ষণ অবিহনে প্রেম
প্রচ্ছদহীন খোলা কিতাপৰ দৰে পিিবলৈ লৈছিলোঁ তেওঁক, পৃষ্ঠাৰ পিছত পৃষ্ঠা চুই চাইছিলোঁ চেলাউৰিৰ ছৈ নাও
তেওঁ ঃ তুমিয়েই মোৰ প্রথম পাঠক৷
মই ঃ সঁচানে সঁচানে
তেওঁ ঃ সন্দেহ পুৰুষৰ সহজাত প্রবৃত্তি৷
মই ঃ মিছা মিছা
তেওঁ ঃ জনকনন্দিনী সীতা
প্রকৃত প্রেম কি ওহো, সংজ্ঞা নাই৷ প্রেম স্বর্গীয় অনুভূতি, অনুভৱৰ আকাশ ছানি প্রেমবৃক্ষৰ ডাল–ঠেঙুলি আৰু বক্ষৰ নিলয়–লিন্দত ঘাই শিপা৷
শীতৰ ৰাতি যি নাৰীয়ে প্রিয়তমৰ বাবে প্রার্থনা কৰে
এটুকুৰা কোমল ৰদ
সেই নিশাবোৰত কোন কবিয়ে বিচাৰি ফুৰে
পুৰণি মদ

জীৱনৰ পৰা মোক আঁজুৰি নিবলৈ
মৃত্যুক মাতিলোঁ
তেনেতে কৰবাত
কঁপি কঁপি বাজি উঠিল জোনাকী বাঁহী

আৰু এদিন
বেলি গলি গলি ৰঙা হোৱা আবেলি
সপোনৰ ছছা–পোহৰ খেদি
চানমাৰিৰ উৰণীয়া সেতুত ৰৈ তোমাক মাতিছিলোঁ
তেতিয়া অদ্ভুত কোলাহল যেন নিঃসংগতাই
চেপি ধৰিছিল উশাহ
তাৰ পিছত
সৌৱা বুদ্ধ শুই আছে মাটিৰ কোলাত, মেঘে ছছা দি আছে৷ যদি এজাক বৰষুণ অথবা ধুমুহা আহে সাৰ পাবনে বুদ্ধ যদি বুদ্ধৰ সোঁ–কাষে অথবা বাঁও–কাষে বিজুতিত সৰি পৰে আকাশী যান এখন, সাৰ পাবনে তেওঁ
সৌৱা জীৱনক কিিয়াই কিিয়াই ভাগৰি মৰি শৱ হল বুদ্ধ৷ অতদিনে মৃত্যুৰ পাৰস্পৰিক অনুশীলনেৰে জী থকা বুদ্ধই এদিন যি দুটা ওঁঠেৰে চুমাচুমি কৰিছিল সেই দুটা ওঁঠত আজি ইমান দুর্গন্ধ যি দুখন হাতেৰে এদিন বুদ্ধই গোলাপ ৰুইছিল, সেই দুখন হাতত আজি ইমান জডতা পাৰহীন শূন্যতাৰ শুকান মৰভূমিত উভালি পৰা একমাত্র উদ্ভিদজোপাৰ দৰে মৃত্যুৰ অভিজ্ঞতাৰে অভিজ্ঞ বুদ্ধৰ দুর্গন্ধময় শৱ আৰু অবিচ্ছিন্ন স্মৃতি, অতৃপ্তিৰ স্বাদ, স্বপ্ণ–দুঃস্বপ্ণ চাৰিজন মানুহে কান্ধত তুলি নিব৷ তাৰ পিছত কলৈ যাব বুদ্ধ, সৰগলৈ নে নৰকলৈ পৰজন্মৰ আশাত জী থাকে নেকি অবয়ৱহীন মৃত মানৱ
মৃত্যুৰ অদৃশ্য ডেউকাই আৱৰি থাকে জীৱনৰ স্বর্ণ, জীৱনক নির্মাণ কৰাৰ জোখাৰে মৃত্যুৰো থাকে মহানতা৷ সেয়ে শূন্যতাৰ নাম জীৱন নহয়, মৃত্যু জীৱনৰ নির্লোভ ভাস্ক্র্য৷
যক্ষৰ প্রশ্ণৰ উত্তৰত যুধিষ্ঠিৰে কৈছিল সকলোৰে মৃত্যু অনিবার্য বুলি জানিও, মানুহ মৰিব নিবিচাৰেহ্ল, এয়া হল আটাইতকৈ আচৰিত কথা৷

পকেটে পকেটে পৃথিৱী, কোঠাই কোঠাই ব্রহ্মাণ্ড৷ সৌৱা লণ্ডন, সৌৱা নিউয়র্ক– প্রয়োজন মাথোঁ আঙুলিৰ কচৰতৰ৷ অত্যাধুনিক প্রযুক্তি আৰু বিজ্ঞানৰ চমকত শৈশৱতে ফুটবল ফুটবল খেলা ৰবাবটোৰ দৰেই সৰু হৈ পৰিছে পৃথিৱী৷ আৰু যন্ত্রৱৎ জীৱশ্রেষ্ঠ৷ বিজ্ঞান–প্রযুক্তিৰ হেঁচা প্রভাৱত আমি অলক্ষিতে শিথিল কৰি তুলিছেছা নেকি আত্মিক সম্পর্কৰ বুৰঞ্জী ককা–আইতাৰ সান্নিধ্যতকৈ আজিৰ শিশুৰ প্রিয় ভিডি গেম, চিলনীৰ জীয়েকৰ ৰূপকথাতকৈ আজিৰ শিশুৰ প্রিয় দূৰদর্শনৰ পর্দাৰ কমিক চৰিত্র৷ আৱেগ–নুভূতি–মায়াৰ্ বেহু ফালি যেন জীৱন যাযাবৰ৷ কেৱল সাফল্য–ঐশ্বর্য–বিভূ আহৰণৰ দৌৰ, প্রতিযোগিতাত ব্রতী থকাৰ স্বার্থত মগজুত অত্যধিক বোজা, ফলত চেপেটা হূদয়৷ দুই সন্তানক সময় দিব নোৱৰা পিতৃ–মাতৃয়ে শীতৰ সন্ধিয়া বন্ধুৰ সৈতে আড্ডাবাজ হৈ গাই কবিতা, অসম্ভৱ৷ অন্যহাতে আজি সুলভ আৰু সহজ মৃত্যুৰ সংবাদ৷ চৌদিশে ভয়ানক কোলাহল আৰু আর্তনাদ৷ প্রযুক্তিৰ ব্যৱহাৰ, বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ ধুমুহাত প্রকৃতিও যেন ৰুষ্ট৷ যেন জীৱনে হেৰুৱাইছে স্বাচ্ছন্দ্য, হূদয়ে হেৰুৱাইছে অমল অনুভৱৰ উৎস, মৃত্যুৱে হেৰুৱাইছে স্ব–গৰিমা৷
মুক্তি কত মুক্তি৷

ভূপেন ৰাজ
পেন্সনপাৰা ৰোড
গোস্বামী ছার্ভিচ
গুৱাহাটী–ব
মবাইল ঃ ৯৮৫৯০-৫২৫২৬

You might also like

Leave A Reply

Your email address will not be published.