সোণাৰু–এজাৰ, কৃষচূড়া–ৰাধাচূড়াই ৰঙৰে মেলা পাতিছে

গীতাশ্রী বৰা

বিভিন্ন ফুল–গছৰ সুকীয়া সৌন্দর্য আছে ৷ ফুলে ফুলে নানা প্রজাপতি উৰি মন ৰঙালে ৷ বসন্ত ঋতুলৈকে অপেক্ষাত থাকে বহু গছৰ ফুলৰ দৃষ্টিনন্দন ৰূপ ৷ সোণাৰু জোপাই বসন্ত ঋতুতে সোণসদৃশ অলংকাৰ গাতে মেৰিয়াই লোৱা যেন লাগে ৷ দীঘল দীঘল হালধীয়া ৰঙৰ ফুলবোৰ ওলমি ওলমি ফুলে ৷ পথৰ দাঁতিত ফুলি থকা সোণাৰু জোপাই সকলো পথৰুৱাক আৱেগিক কৰি তোলে ৷ কেৰালাত সোণাৰু ফুলক ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিছে ৷ থাইলেণ্ডত এই সোণাৰু ফুলক ৰাষ্ট্রীয় ফুলৰ গছ হিচাপে স্বীকৃতি দিছে ৷ আয়ুর্বেদিক চিকিৎসাত সোণাৰুৰ ফুল–গুটি ব্যৱহাৰ কৰা হয় ৷ শুকান জলবায়ুত সোণাৰু জীয়াই থাকে ৷ সোণাৰুৱে জানে আৱেগ ধৰি ৰাখিব ৷

হালধীয়া সোণাৰু ফুল

মনে মোৰ হেৰুৱাই কুল ৷

তোমাৰ চকুত দেখোঁ,

আকাশ লুকাই আছে,

দীপ্তিৰে বছা তৰাবোল ৷

সোণাৰু ফুলাৰ হাঁহি উপচি পৰা সময়ত নয়ন ভৰাই সোণাৰুৰ সৌন্দর্য বিচাৰিব জানিলে ভাগৰুৱা মনত মিঠা শিহৰণ জাগে ৷ বনৰ এই সোণালী ৰঙে গাব খোজে জীৱনৰ সোণালী গান ৷

প্রতি বসন্ততে এজাৰ ফুলে ৷ বাৰিষাৰ এক সুন্দৰ ফুল এজাৰ৷ থোপা থোপে ফুলি থকা এজাৰ ফুলে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে ৷ কেতেকী, নাহৰ, সোণাৰু আৰু এজাৰৰ হেজাৰ বেঙুনীয়া ফুলবোৰে বর্ষা ঋতুক স্বাগতম জনায় ৷ বেঙুনীয়া জকমকাই থকা ফুলবোৰ দেখিলে মনতে গুণগুণাই গাব মন যায় খগেন  মহন্তৰ সেই কালজয়ী গীতটো

এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ ৷

শ্রীলংকা, ম্যানমাৰ, মালয়েছিয়া, অষ্ট্রেলিয়া, চীন দেশত পোৱা যায় এজাৰ গছ ৷ এজাৰৰ ঔষধি গুণ অনেক ৷ নানাবিধ বনদৰবৰ লগতে বহুমূত্র ৰোগৰ বাবে এই গছৰ প্রতিটো অংশৰে ঔষধি গুণ আছে ৷

বেদনা জাগে জানো মনত এজাৰ ফুলাৰ বতৰত ৷

বেদনাৰ ৰং যদি থাকে,

সিঁচি দিলোঁ এজাৰৰ হেজাৰ ফুলত ৷

কত বিহুগীত ৰচনা হৈছিল এজাৰ ফুলক লৈ

আঁহত, এজাৰ, পলাশ পাত,

আমি নাচো জৰীৰ ছাঁত ৷

তেনেদৰে জনপ্রিয় চলচিচত্র বোৱাৰীত ডঃ উপেন কাকতি ৰচিত গীতত এজাৰৰ বর্ণনা আছে এনেদৰে ।

নাই নাই নাই এজাৰ ফুলা নাই ৷

নাই নাই বিহু অহা নাই ৷

এনেধৰণৰ বিহুগীতবোৰে বুজাই যে এজাৰৰ হেজাৰ ফুলত মন ৰঙিয়াল হয় ৷

এজাৰ গছৰ কাঠ পানীত পচি নাযায় বাবে তথা পানীত ওপঙি থাকে বাবে এজাৰ গছৰ কাঠেৰে নাও সাজে ৷ নাৱৰ বঠা এজাৰ গছৰ কাঠেৰে তৈয়াৰ কৰা হয় ৷ এজাৰ ফুলবোৰ সাধাৰণতে কোনো বোৱঁতী নৈৰ কাষে–পাঁজৰে ফুলি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে ৷ পথৰ দাঁতিত বেঙুনীয়া এজাৰ ফুলি পথৰুৱাৰ মন মোহে ৷ কোন প্রেমত নপৰে এজাৰ ফুলৰ হূদয়ৰ অনুভৱৰ দলিচাত ফুলি ৰওক হাজাৰ হাজাৰ বেঙুনীয়া এজাৰ ফুল ৷

আকাশ ৰঙাই তোলে কৃষচূড়াৰ ৰঙে ৷ এই ফুলক গুলমোহৰ বুলিও কোৱা হয় ৷

কৃষচূড়া, কৃষচূড়া

কৃষচূড়া তোমাৰ প্রাণত,

ৰঙেৰে মোৰ জীৱন,

এবাৰ ৰঙাই তোলা ৷

কৃষচূড়া যাৰ নাম শুনিলেই হূদয় তোলপাৰ কৰে ৷ এই ফুলৰ দৃষ্টিনন্দন ৰূপে সকলোকে ৰঙাই ৰাখিব পাৰে ৷ কলেজ, বিশ্ববিদ্যালয়ৰ সেই সোণালী দিনবোৰৰ স্মৃতিবোৰে ফুলৰ সুগন্ধ হৈ জীৱন বিয়পি আছে ৷ কৃষচূড়া আৰু ৰাধাচূড়াৰ গছ প্রায়ে একে ফুলবোৰহে বেলেগ ৷ এই দুজোপা গছক লৈ ৰাধা–কৃষৰ এক পৌৰাণিক প্রেমৰ কাহিনী আছে ৷

কৃষচূড়াৰ ৰং

হেঙুলীয়া সপোন বোলোৱা,

যেনিবা মোৰেই মন ৷

কৃষচূড়াৰ ৰঙা ফুল সৰি উপচি পৰে সেউজী বন ৷ এই ফুলে বেদনা প্রকাশ কৰে কোনো বাংলা গীতৰ মাজেৰে এনেদৰে –

তুমিতো দিয়েছিলে মোৰে,

কৃষচূড়াৰ ফুল চলে গেছ

কোথায় আমাৰ

ফেলে বহুদূৰ

নৱপ্রজন্মৰ হার্টথ্রব জুবিন গার্গৰ বিহুগীতত পোৱা যায় কৃষচূড়াৰ বর্ণনা ৷

কৃষচূড়াৰ ছিৰিলি ছিৰিলি পাত,

দুখৰ দিনত সময় পালে ,

লগাবানে মাত ৷

ফুলৰ মেলা হয় দেশে–বিদেশে ৷ ফুলৰ এখন বিশেষ লাভজনক ব্যৱসায় গঢ়া উঠিছে, সেইদৰে ফুল প্রেমীৰ সংখ্যাও বাঢ়িছে ৷ বিয়াকে ধৰি নানা অনুষ্ঠানত ফুলৰ সাজসজ্জা যথেষ্ট ব্যয়বহুল ৷ কৃষচূড়া সংসৃক্তত ইয়াক ৰাজ আভৰণ বুলি কোৱা হয় ৷ ফান্সত এই ফুলৰ আকর্ষণীয় ৰূপৰ বাবে ইয়াক স্বর্গৰ ফুল বুলি কোৱা হয় ৷ কৃষচূড়াৰ বীজ মটৰমাহৰ দৰে, এই ফুলৰ ৰং দুটা, এটাৰ ৰঙা আনটোৰ কমলা ৷ এই ফুলৰ পাঁচটা পাহি থাকে ৷ চাৰিটা পাহি ৰঙা আৰু বাকী পাহিটো অলপ দীঘল হয় আৰু বগা–হালধীয়া ৰঙৰ দেখা যায় ৷

কোনো ঠাইৰ কৃষচূড়াৰ দৃশ্যই সকলোকে আৱেগিক কৰে ৷ জালুকবাৰীত বর্ষাসিক্ত সময়ত কৃষচূড়াই ৰং ভৰায় ৷ চিৰযৌৱনা হয় বিশ্ববিদ্যালয় কৃষচূড়া ফুলিলে ৷

জালুকবাৰীৰ কৃষচূড়া,

তুমি যেন প্রেমৰ চামিয়ানা কবি মীনা পামেগাম

গীতিকাৰ মনোৰঞ্জন বৰুৱাৰ পুৰণি গীতত কৃষচূড়াৰ অনুভৱো সুকীয়া ৷

কৃষচূড়াৰ পাহি

তহ যে ইমান লাহি,

তোৰ যে পাতৰ আঁৰত শুনো,

বহাগৰে বাঁহী, শুনো বহাগৰে বাঁহী,

তোৰ যে বুকুত ইমান ৰং,

কোনে ছটিয়ালে

তাৰ এধানি মোৰ দেহটো,

সানি দিবিনে

কাৰ বাবে তোৰ ৰঙৰ পোহাৰ

ওঁঠৰ ইমান হাঁহি ৷

বনছাই পদ্ধতিৰে ফুল ৰুই সহজে ফুলপ্রেমীক আকর্ষণ কৰে ৷ কৃষচূড়াৰ বনছাই পদ্ধতিৰে যত্ন লওঁতে গছজোপাৰ ডালবোৰ চুটিকৈ কাটি লব লাগে ৷ গছজোপাৰ ডালবোৰ ছাতিৰ আকাৰে অধিক সৌন্দর্যবর্ধক কৰি তুলিব পাৰি ৷ কৃষচূড়াৰ ডালবোৰত কপাৰৰ তাঁৰ মেৰিয়াই সাৱধানেৰে ছাতিৰ আকাৰ দিব পাৰি ৷

নানা সৌন্দর্যৰে ভৰপূৰ আমাৰ দেশ ৷ মনত অপাৰ আনন্দ দিবলৈকে সুন্দৰ পৰিৱেশ সৃষ্টি  কৰে সোণাৰু, এজাৰ, কৃষচূড়া ফুল ফুলিলে ৷ দহোটা জনম পালেও আমি হয়তো তৃপ্ত নহয় ৷ পিছে অর্থপূর্ণ কৰিব পাৰিলে এটা জীৱন নালাগে, সেই জীৱনৰ খণ্ডিত অংশহ যথেষ্ট ৷ আমি সুন্দৰ ধৰিত্রীৰ সৌন্দর্য বিচাৰিব জানিব লাগিব ৷ ভাবি ভাল লাগে আমি চৰাই, ফুলেৰে সুশোভিত এখন মনোমোহা দেশৰ মানুহ ৷ ফুল, তৰা, গানেৰে উপচি পৰক এই সোণালী জীৱন ৷

ফোনঃ ৯৩৬৫৪-৫২৫৬৬

You might also like
Leave A Reply

Your email address will not be published.