সফল প্রেম, বিবাহ আৰু ফেংছুই

এক সুখী দীর্ঘদিনীয়া বৈবাহিক বা বন্ধুত্বৰ সম্বন্ধ পুৰুষ আৰু নাৰীৰ মাজত ফেংছুইৰ মতে শ্রেষ্ঠতম সুখ৷ সাধাৰণতে দেখা যায় বন্ধুত্ব, মিলন, বিবাহ, সংসাৰ আদি সামাজিক ব্যৱস্থাৰ ভিন ভিন স্থান আৰু সময়ত এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজৰ ভালপোৱাৰ মাত্রাত প্রায়ে ঘুণে ধৰে, প্রেম যন্ত্রণালৈ পর্যবসিত হয়, বন্ধুত্ব শেষ হয়, মুঠতে ক্ষন্তেকতে এক পূর্ণ সম্ভাৱনা থকা সম্বন্ধতো আউল লাগে৷ সেইবাবেই ফেংছুইত পুৰুষ আৰু নাৰীৰ অনিবার্য মিলনক গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছে৷

চীনাসকলে দীর্ঘদিনৰ কাৰণে বর্তি থকা সম্বন্ধবোৰক আটাইতকৈ উত্তম ডাবল হেপীনেছ বুলি কৈছে৷ এক সফল আৰু সুখী জীৱনৰ বাবে প্রেম–ভালপোৱাৰ সঠিক উপাদান অনিবার্য আৰু মূলধনসদৃশ বুলি চীনা সভ্যতাই বিশ্বাস কৰে৷ তেওঁলোকৰ মতে এক সুখী প্রেম জীৱন এজন ব্যক্তিৰ, তেওঁ পুৰুষেই হওক বা নাৰীয়েই হওক, সুস্বাস্থ্য আৰু দীর্ঘজীৱন প্রাপ্তিৰ বাবে প্রয়োজনীয় আহিলা৷

আৰু এইটো কাৰণতে ফেংছুইয়ে নাৰী–পুৰুষৰ মাজৰ সম্বন্ধটো অধিক গাা কৰিবলৈ, বেছি সুখী আাৰু পূর্ণ কৰিবলৈ বিভিন্ন ধৰণৰ উপায় নির্ধাৰণ কৰি দিছে৷ ৰোমাঞ্চ আৰু ভালপোৱা আদিৰ বাবে ঘৰৰ দক্ষিণ–পশ্চিম দিশটো শক্তিশালী কৰিবলৈ আপুনি মাটি আৰু জুই এই দুয়োটা তত্ত্বৰে প্রতীকসমূহ ব্যৱহাৰ কৰিব পাৰে৷ কিন্তু এই দিশত কাঠৰ প্রতীক বা সামগ্রীৰ পয়োভৰ ঘটিলে তাৰ ফল শুভ নহব, কাৰণ ধবংস চক্রৰ মতে কাঠে মাটিক শোষণ কৰে৷

মাটি তত্ত্বক বা দক্ষিণ–পশ্চিম দিশটোক কেনেকৈ সক্রিয় কৰিব

ফেংছুইত পঞ্চতত্ত্বৰ প্রতিটো তত্ত্বই শক্তিশালী হয়, যেতিয়া এই তত্ত্ববোৰক প্রতিনিধিত্ব কৰা সামগ্রী বা আহিলা এঠাইত প্রতিষ্ঠা কৰা হয়৷ দক্ষিণ–পশ্চিমৰ প্রেম ভাগ্যক অর্থাৎ ইয়াত থকা মাটিতত্ত্বক সক্রিয় কৰিবলৈ ব্যৱহাৰ হোৱা এক উৎকৃষ্ট সামগ্রী হৈছে ক্রিষ্টেল৷ বিশেষকৈ মাটিৰ পৰা খান্দি উলিওৱা প্রাকৃতিক কোৱার্টজ ক্রিষ্টেল৷

অশোধিত এমিথিষ্ট, কোৱার্টজ বা তেনে আন প্রাকৃতিক ক্রিষ্টেল দক্ষিণ–পশ্চিম দিশৰ বাবে ফেংছুইত ব্যৱহূত সর্বোত্তম সামগ্রী৷ এনেকুৱা সামগ্রী সহজে বিচাৰি নাপালে আপুনি কৃত্রিম, মানৱসৃষ্ট লীডযুক্ত ক্রিষ্টেলৰ সামগ্রীও ব্যৱহাৰ কৰিব পাৰে৷ এনে ক্রিষ্টেলৰ ভিতৰত পেপাৰৱেইট, ডেকোৰেটিভ্ শুভ চিহ্ণৰ প্রতীকৰূপে সাজি উলিওৱা সামগ্রী আদি চকুত পৰাকৈ টেবুলৰ ওপৰত প্রতিষ্ঠা কৰিব এই দক্ষিণ–পশ্চিম দিশত৷

ক্রিষ্টেল আৰু কাট্গ্লাছৰ অর্থাৎ সৰু সৰু পৃষ্ঠাবোৰে পোহৰৰ লগত সংযোগ ঘটাই সৃষ্টি কৰে এক শক্তিশালী ধনাত্মক চিচ শক্তিক৷

ক্রিষ্টেলৰ চেণ্ডেলিয়াৰবোৰে অতিমাত্রাত সৌভাগ্য কিিয়াই আনিব পাৰে৷ ঘৰৰ দক্ষিণ–পশ্চিম দিশত এনে এটা চেণ্ডেলিয়াৰ ওলমাই প্রেম আৰু সম্বন্ধৰ বাবে অতি শুভ ফল লাভ কৰিব পাৰি৷

পৃষ্ঠযুক্ত ক্রিষ্টেল বলেৰে তৈয়াৰী চেণ্ডেলিয়াৰ কোঠা এটাৰ আনবোৰ দিশক সক্রিয় কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি৷

আপুনি যদিহে এটা ক্রিষ্টেল চেণ্ডেলিয়াৰ ক্রয় কৰিবলৈ অসুবিধা পায়, তেন্তে সহজতে কৰিব পৰা এটা উপায় দিছোঁ৷ কেইটামান ক্রিষ্টেলৰ বল কিনি আনক, পাৰিলে এটা ক্রিষ্টেল বল লওক৷ এটা টেবুল লেম্প লওক, ষ্টেণ্ড লেম্প হলেও হব৷ লেম্পটোৰ শ্বেড্খন ৰঙা ৰঙৰ হলে ভাল৷ শ্বেড্টোৰ চাৰিওকাষে ৰঙা সূতা বা ৰছীৰে ক্রিষ্টেল বলবোৰ বান্ধি ওলমাই দিয়ক৷ এই লেম্পটো ঘৰৰ বহা কোঠাৰ দক্ষিণ–পশ্চিম দিশত ৰাখি নিতৌ সন্ধিয়া কমেও তিনি ঘণ্ঢা লাব৷ এইধৰণে এটা লেম্প আমি নিজে সাজি ব্যৱহাৰ কৰিছিলোঁ আৰু ভাল ফল পাইছিলোঁ৷

আন এটা একেবাৰে সহজ উপায় হৈছে কেইটামান ক্রিষ্টেল বল দক্ষিণ–পশ্চিম দিশত থকা খিৰিকী এখনত ওলমাই দিয়ক৷ পুৱা ৰদ পৰি ক্রিষ্টেল বলকেইটাৰ পৰা ধনাত্মক শক্তি নির্গত হৈ দক্ষিণ–পশ্চিম দিশৰ মাটিতত্ত্বক সক্রিয় কৰি তুলিব৷

মাটিৰ সামগ্রীৰ ব্যৱহাৰ ঃ

মজলীয়াৰ পৰা ডাঙৰ আকৃতিৰ ঘূৰণীয়া সজাব পৰা মাটি, চীনামাটিৰে নির্মিত পাত্র কোঠা এটাৰ দক্ষিণ–পশ্চিম দিশৰ বাবে উপযুক্ত৷ এই পাত্রবোৰত সতেজকৈ কটা ফুলৰ ঠানি, নহলে কৃত্রিম ছিল্কেৰে তৈয়াৰী ফুল, মৰাচৰাইৰ পাখি আদিৰ দৰে সামগ্রী সজাই থব পাৰি৷ কোনো কাৰণতে শুকান, মৰহি যোৱা ফুলপাত বা গছ এই দিশত নসজাব৷ আজিকালি দেখাত ধুনীয়াবোৰো এই দিশত নাৰাখিব৷ মৰা গছ, কাঠ, ফুলৰ চানেকিয়ে এই সম্বন্ধৰ মৃত্যু হোৱা সূচায়৷

এটা ক্রিষ্টেল গ্লোব মাটি তত্ত্বৰ উত্তম প্রতীক৷ এই সামগ্রীবিধ দক্ষিণ–পশ্চিম দিশবোৰ সক্রিয় কৰিবলৈ ব্যৱহাৰ কৰি উত্তম ফল লাভ কৰা হৈছে৷ এনে এটা ক্রিষ্টেল গ্লোব কোঠাটোৰ দক্ষিণ–পষ্চিম দিশৰ টেবুল এখনৰ ওপৰত ৰাখিব আৰু নিতৌ আঙুলিৰে ঘূৰাব৷ এই কামটোৱে য়াং শক্তি সৃষ্টি কৰি দক্ষিণ–পশ্চিম দিশটোৰ অন্তর্নিহিত য়িন শক্তিৰ লগত সমতা স্থাপন কৰি শুদ্ধ ফেংছুই সৃষ্টি কৰিব৷

দক্ষিণ–পশ্চিম দিশত ৰঙৰ ব্যৱহাৰ ঃ

দক্ষিণ–পশ্চিম দিশৰ মাটি তত্ত্বক সক্রিয় কৰিবলৈ জুই আৰু মাটিতত্ত্বৰ প্রতীকী ৰঙৰ মিশ্রণ ঘটাই বিভিন্ন সামগ্রী ব্যৱহাৰ কৰিব পাৰি৷ সামগ্রীবোৰৰ ভিতৰত পর্দা, ছোফাৰ কুশ্বন কভাৰ, কার্পেট, টেবুল ক্লথ, এই দিশত ব্যৱহাৰ কৰা আচবাব–পত্র আদি আপুনি ব্যৱহাৰ কৰিব৷ এইবোৰ সামগ্রীৰ বাবে ৰঙা, স্কাৰলেট, মেৰুণ, পাতল কমলা, হালধীয়া, মুগা, চকলেট, সামান্য পৰিমাণৰ কলা ৰঙো ব্যৱহাৰ কৰিব পাৰি৷

ফেংছুই ব্যৱহাৰ কৰি প্রেম ভাগ্যক সক্রিয় কৰি তোলাৰ অর্থ হৈছে আমি আমাৰ বৈবাহিক আৰু সম্বন্ধ ভাগ্যক সক্রিয় কৰি তোলা৷ নাৰী–পুৰুষৰ মাজৰ সম্বন্ধৰ বিভিন্ন সম্ভাৱনাবোৰ বৃদ্ধি কৰি সুখ আৰু পাৰস্পৰিক সন্মান লাভ কৰিবলৈ ফেংছুইৰ আহিলা আৰু উপায় ব্যৱহাৰ কৰিব পাৰি৷ এই উপায়বোৰৰ দ্বাৰা পুৰুষ–নাৰীৰ মাজত হেৰোৱা বিশ্বাস ঘূৰাই আনি পৰিয়ালটিৰ মাজৰ একতা বৃদ্ধি হোৱাত আৰু শক্তিশালী কৰাত অৰিহণা যোগাব পাৰি৷ ইয়াৰ দ্বাৰা ঘৰখনত সমতা আৰু শান্তি ঘূৰাই আনিব পাৰি৷

প্রেম আৰু বিবাহৰ বাবে ফেংছুই ব্যৱহাৰ কৰাৰ আৰম্ভণি হৈছে ফেংছুইৰ মূল প্রতীক পা–কুৱা যিটো চীনা ভাষাত পাৰ্ক্কাৰ বুলি উচ্চাৰণ কৰা হয়ৰ বিষয়ে জানি লব লাগিব৷

ফেংছুইৰ ব্যৱস্থাপনাত পা–কুৱাক এক নিৰাপত্তাদায়ক আহিলা বুলি বিশ্বাস কৰা হয়৷ ঘৰৰ মূল দুৱাৰৰ বাহিৰৰ ফালে ওপৰত এখন পা–কুৱা আইনা আঁৰি দিলেই ঘৰটো আৰু ইয়াৰ বাসিন্দাসকলৰ বাবে বিপজ্জনক যিকোনো ঋণাত্মক শক্তিক প্রতিহত কৰিব পাৰে৷

কিন্তু অষ্টপদী আকৃতিৰ পা–কুৱাখন প্রকৃততে এক বিশেষ গণনা কার্যৰ বাবেও ব্যৱহাৰ কৰা হয়৷ পা–কুৱা প্রতীকটোৰ চাৰিওফালে থকা সৰু সৰু প্রতীকবোৰৰ প্রতিটোৰে গভীৰ অর্থ আছে৷ এই অষ্টপদী আকৃতিটোৰ প্রতিটো কোণকে একোটাকৈ ড্রাইগ্রামেই ফেংছুইৰ বাবে বিশেষ অর্থ বহন কৰে৷ পা–কুৱাৰ পৰা গণনা কৰা এই ব্যৱস্থাটো লেটাৰ হেভেন ব্যৱস্থাপনাৰ মাজত ধৰা হয়৷

চীনাসকলে বিশ্বাস কৰিছিল যে অষ্টপদী পা–কুৱাৰ চাৰিওকাষে থকা আঠোটা ড্রাইগ্রামে মানৱ জীৱনৰ ৰহস্যটোক প্রতিনিধিত্ব কৰে৷ এই আঠোটা ড্রাইগ্রাম সৃষ্টি হৈছে য়িন আৰু য়াঙৰ সম্ভৱপৰ কেউটা বিন্যাসৰ সমষ্টিৰে৷

ড্রাইগ্রামবোৰৰ প্রতিটোৱেই তিনিডালকৈ বিভক্ত ভগা আৰু অবিভক্ত নভগা ৰেখাৰ একো একোটা সমষ্টি৷ নভগা ৰেখাবোৰে য়াঙক প্রতিনিধিত্ব কৰেহ্ল, আৰু ভগা ৰেখাবোৰে য়িনক প্রতিনিধিত্ব কৰে৷ প্রথমবোৰ পুৰুষ শক্তি আৰু দ্বিতীয়বোৰ স্ত্রী শক্তি৷

আঠোটা ড্রাইগ্রামৰ ভিতৰত যিটোৱে প্রেম–ভালপোৱা আৰু পুৰুষ–স্ত্রীৰ মাজৰ সম্বন্ধক প্রতিনিধিত্ব কৰে, সেই ড্রাইগ্রামটোৰ নাম হৈছে  ষ্চক্কোৱেন আৰু লেটাৰ হেভেন ব্যৱস্থাপনাত ড্রাইগ্রামটোৰ স্থান হৈছে দক্ষিণ–পশ্চিম৷ যিকোনো ঘৰ বা ঘৰৰ এটা কোঠাৰ এই দিশটোৱেই হৈছে ৰোমাঞ্চ, প্রেম আৰু বিবাহৰ স্থান৷ যদি এই দিশটোৰ ফেংছুই শুদ্ধ হৈ থাকে, তেনে ঘৰটোৰ বাসিন্দাসকলৰ বৈবাহিক আৰু প্রেমজনিত সম্ভাৱনাবোৰ ধনাত্মকভাৱে সক্রিয় হৈ থাকিব৷ আনহাতে এই দিশটোত বেয়া ফেংছুইৰ প্রভাৱে বেয়া প্রেম–ভাগ্যক সক্রিয় কৰি ঘৰৰ বাসিন্দাসকলৰ মাজত খামখেয়ালি, কাজিয়া, হিংসা–ঘৃণা আদি সৃষ্টি কৰিব৷ এনে এক অৱস্থাত স্বামী–স্ত্রীৰ মাজত কাজিয়া, বিবাহ বিচেছদ পর্যন্ত ঘটাব পাৰে৷ বাসিন্দাসকল অকলশৰীয়া মনোভাবৰ গৰাকী হব, অসুখী হব আৰু বিবাহোপযুক্ত লৰা–ছোৱালীৰ বাবে ভাল সম্বন্ধৰ সম্ভাৱনা একেবাৰেই নোহোৱা হব৷ সেইবাবে ৰোমাঞ্চ, প্রেম–ভালপোৱাৰ বাবে ফেংছুই ব্যৱহাৰ কৰাৰ আগতে ঘৰৰ এই দিশটো এবাৰ চাই লোৱাটো প্রথম আৰু প্রধান কর্তব্য৷

ক্কোৱেন নামৰ ড্রাইগ্রামটো তিনিডাল বিভক্ত য়িন ৰেখাৰ সমষ্টি৷ এই ড্রাইগ্রামটোৱে ধৰিত্রী মাতৃ বা মাদাৰ আর্থক প্রতিনিধিত্ব কৰে৷ এই ড্রাইগ্রামটো হৈছে পৰিয়ালটোৰ মাতৃগৰাকীৰ প্রতীক, যিসকলো কথাৰে দায়িত্ব চম্ভালে৷ পৰিয়ালটোক একত্রিত কৰি ৰখাৰ বাবে যি আটাইতকৈ গুৰুদায়িত্ব বহন কৰে, সন্তান জন্ম দিয়ে, সন্তানক তুলি–তালি ডাঙৰ–দীঘল কৰে, পৰিয়ালৰ সকলোৰে মাজত প্রেম–ভালপোৱা, স্নেহ–মৰম বিলায়৷ এই আটাইবোৰ কাম কৰা মাতৃগৰাকী শ্রেষ্ঠতম য়িন শক্তিৰ প্রতীক৷

ক্কোৱেন এটা অতি শক্তিশালী ড্রাইগ্রাম৷ ইয়াৰ এটা ভাল প্রতিনিধি হৈছে পর্বত আৰু ঘৰৰ দক্ষিণ–পশ্চিম দিশত এখন পর্বতৰ ছবি বা চিত্রকার্য আঁৰি থলে অভূতপূর্ব প্রেম ভাগ্য সৃষ্টি কৰি এই বিষয়ৰ সুখ–শান্তি অর্জন কৰিব পাৰি৷

কেনেকৈ প্রয়োগ কৰিব

ৰোমাঞ্চ ভাগ্যক সক্রিয় কৰিবলৈ আপুনি শক্তিশালী কৰিব লাগিব আপোনাৰ দক্ষিণ–পশ্চিম দিশটো৷ এই বিষয়ত আপোনাৰ প্রথম কর্তব্য হব পঞ্চতত্ত্বৰ যুক্তিযুক্ততাক ব্যৱহাৰ কৰা৷

ফেংছুই শাস্ত্রসমূহৰ মতে বিশ্বব্রহ্মাণ্ডৰ সকলো বস্তু, সকলো জীৱন আৰু জড পঞ্চতত্ত্বৰ কোনো এটা তত্ত্বৰ পৰা উদ্ভৱ হৈছে৷ এই পঞ্চতত্ত্বকেইটা হৈছে জুই, কাঠ, পানী, ধাতু আৰু মাটি৷ এই আটাইকেইটা উৎপাদন চক্র আৰু ধবংস চক্র নামৰ দুটা চক্রত অহর্নিশে সক্রিয় হৈ থাকে৷

বিশেষত্ব

প্রেম–ভালপোৱাৰ দিশ দক্ষিণ–পশ্চিমৰ তত্ত্ব হৈছে মাটিহ্ল, ইয়াৰ প্রতীকৰূপে ক্রিষ্টেল, শিল, ডাঙৰ শিলাখণ্ড বা মাটিৰ পৰা সৃষ্টি হোৱা সকলোবোৰ সামগ্রীকে ব্যৱহাৰ কৰিব পাৰি৷

You might also like
Leave A Reply

Your email address will not be published.