বিয়া–বাৰু আৰু নকৰিবলগীয়া কিছু চিন্তা

আগত আহি আছে বিয়াৰ বতৰ৷ বিয়া হবলগীয়াসকলৰ ঘৰবোৰত অলপ অলপকৈ পর্ববোৰ আৰম্ভ হৈছে৷ এই ধৰক তামোল–পাণ পেলোৱা, আঙঠি পিন্ধোৱা ইত্যাদি৷ ছোৱালীৰ ঘৰটোত বাৰুকৈ হেঁচা পৰে৷ গামোচা, চেলেং, ৰুমাল আদিৰ যোগাৰত সম্পূর্ণ ব্যস্ত থাকিব লাগে৷ কম সময়ত বিয়াখন হলে কিছু ক্ষেত্রত ভাল, বিশেষকৈ ছোৱালীজনীৰ ক্ষেত্রত৷ গামোচা, চেলেং, ৰুমাল আদিৰ খৰচটো হ্রস্বম্যাদী হয়৷ এতিয়া ধৰক ছোৱালী ঠিক হোৱাৰ পিছত লৰা ঘৰৰ সম্পর্কীয় মানুহ সময় সুবিধা পালে গৈ থাকে বিশেষকৈ অলপ ওচৰত হলে ছোৱালী ঘৰলৈ৷ নতুনকৈ যোৱাজনক কিবা এটাতো নিয়ম কৰিব লাগিব, গতিকে বিয়াখন দীঘলীয়া হলে আৰু লগতে যোৱাবোৰ দীর্ঘম্যাদী হলে কইনা ঘৰৰো বৰ খৰচ বােে৷ নিদিলেও বিপদ, গৈয়ে দৰাঘৰত কথা শুনাবগৈ বোলো গৈছিলোঁ, মান এটাও নধৰিলে৷ এনেধৰণৰ কিছু কথাৰে লেখাটিৰ পাতনি মেলিলোঁ

ক৷ কইনা ঘৰলে নিয়ম কৰিবলৈ যাওঁতে ধৰক ছোৱালী চাবলৈ যাওঁতে, তামোল–পাণ পেলোৱাৰ পৰত, আঙঠি পিন্ধোৱাৰ সময়ত দৰাঘৰৰ পৰা প্রায় একেখিনি মানুহেই অহা–যোৱা কৰাৰ দৰে৷ কইনাই প্রতিবাৰতে সকলোকে মান ধৰে, পুনৰ বিয়া হৈ দৰাৰ ঘৰতো আহিও একেখিনি মানুহকে মান ধৰে৷ এনে অৱস্থাত কইনা ঘৰৰ যথেষ্ট হাৰাশাস্তি হয়৷ তাতে কাপোৰৰ মান ভাল নহলে, ফোন কৰি হয়তো দৰাৰ ঘৰৰ পৰা জনাব যে ষ্টেণ্ডার্ড মিলা নাই৷ সঁচাকে পয়মাল ঢেৰ৷ গতিকে এনেক্ষেত্রত দৰাঘৰৰ মানুহে কইনা ঘৰক সহায় কৰিব লাগিব৷ মান ধৰাৰ সুবিধা আৰু অসুবিধাবোৰ বুজি দুই ঘৰৰ বুজাবুজিৰে কামবোৰ কৰিলে কইনা ঘৰৰ সমস্যা সমাধান হব৷ সামর্থ্য অনুযায়ী মান ধৰাৰ নিয়ম কৰিলেই হল৷

খ৷ বিয়াখন হলে ছোৱালীজনীৰ লগত ঘৰখনে কিছু সম্পত্তি দি পঠিয়ায়৷ যদি দৰাৰ ঘৰত পর্যাপ্ত সম্পত্তি ইতিমধ্যেই আছেই বা দৰাৰো ক্রয় কৰাৰ সামর্থ্য আছে, তেতিয়া অন্ততঃ সেইখিনি সম্পত্তিৰ নামত অযথা টকা খৰচ কৰাতকৈ টকাখিনি ছোৱালীজনীৰ নামত একাউণ্ট খুলি জমা থলে দেখোন ভৱিষ্যতে তেওঁলোকৰে কামত আহিব৷ দৰাজনে কব নোৱাৰেনে যে আপোনাৰ ছোৱালীজনীয়েই মোৰ বাবে সকলো মোক আৰু একো নালাগে বুলি৷

গ৷ বিয়া যিমানেই ৰাজকীয় কিয় নহওক, ফলাফল এটাই৷ প্রথম কথা হিচাপৰ মানুহখিনি মাতক, ভালকৈ আপ্যায়িত কৰক৷ কেতিয়াবা বিয়াঘৰৰ পৰা অতিথিয়ে ঘৰৰ মানুহৰ মাত এষাৰ পোৱাটো বাদেই, লগতে খাবলৈ নাপাই উভতি আহে৷ গতিকে চমক লগাই সাহিত্য সভাৰ দৰে অতিথি নিমন্ত্রণ দি শেষত অতিথিৰ আলৈ–আথানি কৰাতকৈ নিজে বলে পৰাৰ ভিতৰত কামবোৰ কৰা উচিত৷ কথাতেই কয় বোলে ধনীৰ ঘৰত চাবলে যাবা, দুখীয়াৰ ঘৰত খাবলৈ যাবা৷

ঘ৷ চুৰিয়া–চোলা হয়তো বর্তমান নামঘৰৰ মাজতহে সীমাবদ্ধ হৈ ৰব৷ আজিকালি দৰাই যেনেতেনে হোমৰ গুৰিতহে সেই সাজ পৰিধান কৰে৷ আমাৰ নাৰীয়ে মেখেলা–চাদৰসাজ নিপিন্ধিলে গোটেই পৰিৱেশেই প্রদূষণমুক্ত হৈ পৰে৷ কিন্তু পুৰুষৰ নামত থকা সাজযোৰো বর্তমান বর্ডাৰ লাইনত৷ কাৰোৰে একো সমস্যা নাই তাত৷ কিন্তু বিয়াৰ পৱিত্র দিনটোত চেৰোৱানীযোৰ পৰিধান কৰাতকৈ চুৰিয়া, পাটৰ চোলা, চেলেং, ফুলাম গামোচা পৰিধান কৰিলে ক্ষতি কিবা হব জানো, সেইযোৰ আমাৰ জাতীয় সাজ৷ আৰু সেই সাজত দৰাজনক ইমান যে ধুনীয়া লাগে৷ জীৱনৰ শুভ কর্মত আমি নিজস্ব সাজযোৰ এৰি পৰৰযোৰ কিয়নো আঁকোৱালি লওঁ

ঙ৷ বিয়া মানেই হৈছে শাৰীৰিক সম্পর্কৰ এক বৈধ স্বীকৃতি৷ বিশেষকৈ ঘৰৰ পৰা ঠিক হোৱা বিয়াত কইনাজনীক নতুন পৰিৱেশটোৰ সতে সহজ হোৱাত সহায় কৰিব লাগে৷ বিয়াৰ প্রথম নিশা দৰাজনে কইনাগৰাকীক প্রকৃতিস্থ হোৱাত সহায় কৰিব লাগে৷ কিন্তু তাকে নকৰি স্বীকৃতি পালোঁ বুলি কইনাৰ অসন্মতিত শাৰীৰিক সম্পর্ক স্থাপন কৰি ন–কইনাক অসুখী কৰাটো ধর্ষণতে পৰে৷

বিবাহ এদিন–দুদিনৰ লৰালিৰ ধেমালি নহয়৷ গোটেই জীৱনজুৰি কোনো ভিন্নতা নাথাকিব৷ ইজন–সিজনৰ এৰাব নোৱাৰা সম্পর্ক৷ গতিকে দুটা মন, দুখন হূদয়, দুখন ঘৰ, দুটা পৰিয়াল, দুটা পৰিৱেশ নিজৰ নিজৰ ভাল লগা, বেয়া লগাৰ বুজাবুজিৰে এৰাধৰাৰ মাজেৰে সজীৱ হৈ ৰওক৷ ভালপোৱা, বিশ্বাস, বুজাবুজি, আস্থা, সন্মান, দায়িত্ববোধৰ মায়াৱী ডোলেৰে বান্ধ খাই পৰক এই বিয়া নামৰ শব্দটো৷ এটাই আশা কৰোঁ বিয়াই সমস্যা নহয় সকলোৰে বাবে যাতে সমাধান আনে৷ সুখী হওক মনে বিচৰাৰ দৰে৷

You might also like
Leave A Reply

Your email address will not be published.