চিত্ৰগ্ৰহণ চলি থাকোঁতে অথন্তৰো ঘটিছিল। এবাৰ ‘জয়মতী’ চৰিত্ৰত অভিনয় কৰা আইদেউ সন্দিকৈয়ে কিবা কাৰণত ঠেহ পাতিলে। সেই কথা সুঁৱৰি সন্দিকৈয়ে লিখিছে— ‘সেইদিনা জয়মতীৰ দৃশ্য এটা লোৱাৰ কথা। যথাসময়ত মেকআপ কৰি মোক উলিয়াই দিলে। অলপ আগতে কলঘৰত শ্বুটিং হৈছে। খৰধৰকৈ ছেট সজোৱা হৈ গ’ল। কেমেৰা ৰেডী। লাইট যেন সাজু হৈ আছে। কিন্তু জয়মতী নাই। মই ধ্যানস্থ শিলামূৰ্তিৰ দৰে বহি আছোঁ। ছেটলৈ নাযাওঁ। ইচ্ছা নাই। আমনি লাগিছে। জ্যোতি ককাইদেৱে বুজালে মৰমেৰে, চেনেহকৈ। নাই মই নুবুজোঁ। শেষত কোব খোৱা সাপৰ দৰে ফোঁচ কৰি কৈ উঠিলোঁ— আমি ফটৰু নমৰাওঁ অৰ্থাৎ মই আৰু ফটো নুঠো।’ (আইদেউ সন্দিকৈঃ আপোন ককাইদেউ; জ্যোতিপ্ৰসাদঃ জ্যোতিৰ সান্নিধ্যত গ্ৰন্থত; পূৰ্বে উল্লিখিত, পৃঃ ৮৫) এই সকলো সমস্যা জ্যোতিপ্ৰসাদে মৰমেৰে বুজাই সমাধান কৰিছিল। একেধৰণৰ সমস্যা হৈছিল ‘ডালিমী’ চৰিত্ৰত অভিনয় কৰা স্বৰ্গজ্যোতি বৰুৱাৰ ক্ষেত্ৰতো। স্বৰ্গজ্যোতিয়ে লিখিছে— ‘জয়মতী ছবিত মই আছিলো নগা ছোৱালী ডালিমী, বাকীবোৰ অভিনেত্ৰী আছিল ৰজাঘৰীয়া। গতিকে তেওঁলোকৰ সাজসজ্জা আছিল উচ্চ ধৰণৰ। আনবিলাকে ধুনীয়া ধুনীয়া মেখেলা-চাদৰ, সোণৰ গহনা আদিবোৰ পিন্ধা দেখি মোৰ মনটো বেয়া লাগে। সিহঁতে ধুনীয়া কাপোৰ পিন্ধে আৰু মই পিন্ধো বনৰীয়া ফুল গছৰ পাত। কথাটো ভাবি ৰাতি মই কান্দিলোঁ। পিছদিনা মোৰ দৃশ্য গ্ৰহণ আছিল মই জ্যোতি ককাইদেউক ক’লোঁ— ‘মই অভিনয় নকৰোঁ মোক ঘৰত থৈ আহিব’। ককাইদেউ অবাক। তেওঁ মোক সুধিলে— ‘কিয় তোমাক কোনোবাই কিবা কৈছে নেকি ?’

‘নাইকোৱা’
তেনেহ’লে ?

মোক সদায় গছৰ পাত বান্ধি ফটো তোলে, মোক কিয় ধুনীয়া কাপোৰ পিন্ধিবলৈ নিদিয়ে ?

জ্যোতি ককাইদেউ কিছু সময় নীৰৱে ৰ’ল। তাৰ পিছত কি ভাবি জানো মোক ক’লে— ‘ঠিক আছে আজি তোমাৰ যিমান ইচ্ছা কাপোৰ, অলংকাৰ পিন্ধা, তোমাৰ তেনেকুৱা ফটো ল’ম।’ মই মেখেলা-চাদৰ পিন্ধিলোঁ। ডিঙি আৰু হাতত যিমান ইচ্ছা সিমান অলংকাৰ পিন্ধিলোঁ। বা মোৰ কি যে আনন্দ, ককাইদেৱে মোক তেনে ৰূপত শৰাই এখন আগত দি ফটো তুলিলে। তাৰ পিছত ক’লে— ‘মাকন যোৱা, তোমাক এতিয়া নগা পাহাৰলৈ নিওঁ।’ (স্বৰ্গজ্যোতি বৰুৱা – ‘ডালিমীজনী’ পূৰ্বে উল্লিখিত জ্যোতিৰ সান্নিধ্যত গ্ৰন্থ। পৃঃ ১৩০) জ্যোতিপ্ৰসাদে একান্ত অনুভৱেৰে ডালিমীৰ মনোবাঞ্ছা পূৰণ কৰি, ডালিমীৰ অভিমান ভাঙিলে। জ্যোতিপ্ৰসাদে ‘ডালিমী’ ৰূপী মাকন ওৰফে স্বৰ্গজ্যোতি বৰুৱাৰ মনৰ হেঁপাহ পূৰ্ণ কৰিছিল। জ্যোতিপ্ৰসাদে মনৰ হেঁপাহক সন্মান জনাইছিল। খং কৰা নাছিল।

জয়মতীৰ চিত্ৰগ্ৰহণৰ কথা সুঁৱৰি শুভ বৰুৱাই লিখিছে— ‘চুটিঙৰ সময়ত নানা ধৰণৰ মানুহৰ প্ৰয়োজন; কিন্তু তেনে মানুহৰ অভাৱ। গতিকে আমিয়েই অভিনেতা, ছেট নিৰ্মাতা, কলা-কুশলী সহায়কাৰী হ’লোঁ। আজিৰ দিনৰ দৰে তেতিয়াৰ দিনত দিনে-নিশাই চুটিং ল’ব পৰা হাজাৰ হাজাৰ ভ’ল্টৰ বিজুলী চাকি নাছিল। সকলো দৃশ্যগ্ৰহণৰ কাম দিনত লোৱা হয়, সূৰ্যৰ পোহৰত। বতৰ যদি ডাৱৰীয়া হয় চুটিং বন্ধ। … ডাঙৰ আইনা আৰু ছিলভাৰ পেপাৰেৰে ডাঙৰ ৰিফ্লেক্টৰ তৈয়াৰ কৰা হৈছিল, আমিয়েই আছিলোঁ ৰিফ্লে”ৰ ধৰা মানুহ। তদুপৰি অসমীয়া সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰৰ ফটো তুলিবলৈ গাঁৱৰ ভিতৰত থকা দুৰ্গম বাট অতিক্ৰম কৰি যাবলগীয়া হৈছিল।’ (শুভ বৰুৱা – ৰোমন্থন জয়মতীৰ পূৰ্বে উল্লিখিতঃ জ্যোতিৰ সান্নিধ্যতঃ ৪ গ্ৰন্থত পৃঃ ১৩৭) দৃশ্য গ্ৰহণতো অনেক অথন্তৰ, কিছুমান দৃশ্য অতি দুঃসাহসিক আছিল। ক’তো কৃত্ৰিমতা নাছিল। সেই কথা সুঁৱৰি শুভ বৰুৱাই লিখিছে— ‘জয়মতী বোলছবিৰ এটা দৃশ্যত চোৰাংচোৱা আৰু গদাপাণিৰ লগত এখন সৰু নদীত যুঁজ কৰা দৃশ্যত মোৰেই ডিঙিৰ পৰা প্ৰয়াত মহাদেৱ শৰ্মাৰ ঘৰৰ পৰা গোটোৱা সোণৰ মণি এডাল ছিগি গৈছিল। নগা যাঠীৰে যুঁজ কৰাৰ দৃশ্যত প্ৰায় মৰাৰ নিচিনাই অৱস্থা হৈছিল।’ (শুভ বৰুৱা – উল্লিখিত প্ৰবন্ধ পৃঃ১৩৭)

প্ৰতিনিয়ত অসুবিধা বহু অসুবিধা। বৰষুণ, বতাহ, বেমাৰ। মাজে-সময়ে কেমেৰা আদিৰ বাবে দিগদাৰী হোৱাত ছবিৰ কাম পলম হ’বলৈ ধৰিলে। মাজে মাজে খোৱা-বোৱা আদিতো দিগদাৰী হ’বলৈ ধৰিলে। তথাপি আমি মন ভঙা নাছিলোঁ। সকলো দৃঢ় সংকল্প আছিল, ছবি উলিয়ামেই। (শুভ বৰুৱাঃ উল্লিখিত প্ৰবন্ধ – পৃঃ ১৩৭)

সকলোৰে সাহস, উদ্দীপনা অসীম কষ্টৰ অন্তত এদিন জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ বোলছবিৰ চিত্ৰগ্ৰহণৰ কাম শেষ হয়। ছবিৰ কাম শেষ কৰি বুকুত বহুত সপোন লৈ ছবিখনৰ সম্পাদনাৰ বাবে জ্যোতিপ্ৰসাদ এদিন লাহোৰলৈ গ’ল। হাতত কেচি লৈ সম্পাদনাৰ টেবুলত বহিল জ্যোতিপ্ৰসাদ। ছবিৰ সম্পাদনাও কৰিব জ্যোতিপ্ৰসাদে নিজে। কিন্তু সম্পাদনাৰ টেবুলত বহি দেখিলে যে সৰ্বনাশ, ছবিখনৰ আধাতকৈয়ো বেছি অংশত ঘৰঘৰণিৰ বাহিৰে একো শব্দ নাই। জ্যোতিপ্ৰসাদে মূৰে-কপালে হাত দিলে। কথা বিষম যেন দেখি ফৌজী চাহাব চকুৰ আগৰ পৰা আঁতৰ হ’ল।

কি কৰিব এতিয়া জ্যোতিপ্ৰসাদে সন্মুখত দুটাই উপায়। হয় অসমৰ পৰা সকলো অভিনেতা-অভিনেত্ৰীক মাতি আনি শব্দবোৰ ডাব কৰিব লাগিব। নহয় ওচৰতে পোৱা কোনো অভিনেতা-অভিনেত্ৰীৰ যোগেদি সংলাপসমূহ ডাব কৰিব লাগিব। কিন্তু টকা ক’ৰ পৰা পাব। ইমানবোৰ শিল্পী অসমৰ পৰা অহা-যোৱা থকা-খোৱা। অসম্ভৱ। ওচৰতো তেনে কোনো অসমীয়া শুদ্ধ উচ্চাৰণৰ অভিনেতা নাপাব। পালেও চৰিত্ৰ এটাৰ মেজাজ বুজি ওঁঠৰ লগত ওঁঠ মিলাই ইমানবোৰ সংলাপ কোৱা সম্ভৱ নহ’ব। শেষত তেওঁ যিটো সিদ্ধান্তত উপনীত হ’ল, সেয়া কেৱল জ্যোতিপ্ৰসাদৰ বাবেহে সম্ভৱ। কাৰণ এটা-দুটা চৰিত্ৰ নহয়। এশাৰী-দুশাৰী সংলাপ নহয়, প্ৰায় ডেৰকুৰি চৰিত্ৰৰ বিভিন্ন অভিব্যক্তিৰ বিভিন্ন সংলাপ। জ্যোতিপ্ৰসাদে সংকল্প ল’লে, সেই সকলোখিনি তেওঁ নিজেই কৰিব। সাজু হ’ল জ্যোতিপ্ৰসাদ। সেই যে গীতটি— ‘সাজু হ’বৰে হ’ল ডেকা ল’ৰা সাজু হ’বৰে হ’ল’। সেই গীতটিক সুঁৱৰি যেন তেওঁ সাজু হ’ল। তেওঁ প্ৰথমে অস্পষ্ট বচনবোৰ কাকতত টুকি ল’লে। তাৰ পিছত এদিনৰ কাৰণে ষ্টুডিঅ’ ভাৰা লৈ ডেৰকুৰি অভিনেতা-অভিনেত্ৰীৰ বিভিন্ন অভিব্যক্তিৰ সংলাপ তেওঁলোকৰ নিচিনা মাত উলিয়াই ছয় হাজাৰ ফুট দীঘল চেলুলয়ডত বাণীবদ্ধ কৰিলে। গুৰুত্বপূৰ্ণ কথা যি সময়ত জ্যোতিপ্ৰসাদে ডাবিং কৰিছিল। সেই সময়ত আজিৰ দৰে ডাবিং বা পুনৰ ৰেকৰ্ডিঙৰ ব্যৱস্থা নাছিল। ফৌজী চাহাবে প্ৰথমখন অসমীয়া বোলছবিত যি ভাগ বহুৱালে। তাৰ যথেষ্টখিনি মচি পেলালে জ্যোতিপ্ৰসাদে। প্ৰণিধানযোগ্য যে জয়মতী আছিল প্লেবেক পদ্ধতিত কৰিবলৈ লোৱা আৰু আৱহ সংগীত আৰোপণ কৰা প্ৰথমখন ভাৰতীয় বোলছবি।

জ্যোতিপ্ৰসাদৰ সেই অসাধ্য সাধনক অনুভৱ কৰি বিষ্ণুপ্ৰসাদ ৰাভাই লিখিছে— ‘জয়মতী বোলছবি জ্যোতিৰ প্ৰতিভাৰ পূৰ্ণ বিকাশ। ভাৰতীয় চিনেমা জগতত বোলছবিৰ পথাৰত চতুৰ্থ পদক্ষেপ। এই অসমীয়া কথাছবি ‘জয়মতী’। প্লেবেক তেওঁ প্ৰথম প্ৰৱৰ্ৰ্তন কৰে। প্ৰৱাহ সংগীত প্ৰথমে প্ৰচলন কৰে এই ভাৰতত। যেতিয়া লাহোৰত তেওঁৰ হিয়াৰ আমঠু ‘জয়মতী’ নীৰৱ, নিমাত তথাপি হতাশ নহৈ আগত প্ৰজেক্সন চাই অৰ্গেন লৈ একেবাৰে আৱহ সংগীতৰ পৰা আৰম্ভ কৰি সকলো বচন মাতি নিজেই গায়, মতাৰ মতা মাতেৰে, তিৰোতাৰ কৃত্ৰিম মাতেৰে, অলৌকিক। (বিষ্ণু প্ৰসাদ ৰাভাঃ জ্যোতিৰ জেউতিঃ বাবুল দাস সম্পাদিত ‘জ্যোতিৰ সান্নিধ্যত’ পূৰ্বে উল্লিখিতঃ পৃঃ ২৫)

তথাপি শব্দ গ্ৰহণত আসোঁৱাহ থাকি গ’ল, তাৰ বাবে কিন্তু জ্যোতিপ্ৰসাদ জগৰীয়া নহয়। এই প্ৰসংগত আলতাফ মজিদে অতি আক্ষেপেৰে লিখিছে— ‘জয়মতী বোলছবিৰ এই আসোঁৱাহৰ বাবে সবাতোকৈ নিন্দনীয় ভিলেইন ৰূপে ভূপাল শংকৰ মেহতা আৰু ফৌজী ভাতৃদ্বয় সদায় চিহ্নিত হৈ থাকিব। (আলতাফ মজিদ ঃ উল্লিখিত প্ৰবন্ধ, পৃঃ ৩২৬)

কিনো বিশেষত্ব আছিল। এই ফৌজী ভাতৃদ্বয়ৰ। ফৌজী ভাতৃদ্বয়ে স্বনামেৰে উদ্ভাৱন কৰিছিল এটি শব্দ গ্ৰহণ কৌশল (ছাউণ্ড টেকিং ছিষ্টেম)। তেওঁলোকৰ যন্ত্ৰপাতিৰ ভিতৰত আছিল এটা বাকচ, এটা বেটাৰী আৰু এটা মাইক। ইয়াৰ বিশেষত্ব আছিল ইয়াক অনায়াসে অ’লৈ-ত’লৈ লৈ ফুৰাব পাৰি। সেই বিশেষত্বৰ বাবেই হয়তো জ্যোতিপ্ৰসাদে এওঁলোকক নিৰ্বাচন কৰিছিল। জ্যোতিপ্ৰসাদৰ নিৰ্বাচন হয়তো তেখেতৰ যুক্তিৰে শুদ্ধই আছিল। কাৰণ তেতিয়াৰ দিনত বিজুলী যোগান আজিৰ দৰে সহজলভ্য আৰু সুগম নাছিল।

১৯৩৫ চনৰ ১০ মাৰ্চত কলিকতাৰ ৰাওনাক হলত ‘জয়মতী’য়ে মুক্তি লাভ কৰিলে। তাৰ দহ দিনৰ পিছত ২০ মাৰ্চত গুৱাহাটীৰ উজান বজাৰত কামৰূপ নাট্য মন্দিৰত জ্যোতিপ্ৰসাদে নিজে উপায় উদ্ভাৱন কৰি ‘পৰ্টেবল প্ৰজেক্টৰ’ৰ সহায়ত অসমত প্ৰথমবাৰৰ বাবে প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ প্ৰদৰ্শন কৰালে। আৰম্ভ হ’ল অসমীয়া বোলছবিৰ ইতিহাসৰ প্ৰথম পৃষ্ঠা।

‘জয়মতী’ বোলছবি চাই গোপীনাথ বৰদলৈ আৰু লক্ষ্মীনাথ বেজবৰুৱাই ভূয়সী প্ৰশংসা কৰিলে। বিষ্ণুপ্ৰসাদ ৰাভাই ‘জয়মতী’ সন্দৰ্ভত লিখিলে— ‘জয়মতী বোলছবি ওলায়, সকলোৰে শলাগৰ জাউৰি উঠে। অসমীয়াৰ গীত-মাত, অভিনয় চাই অসমীয়াই বিস্ময় মানে। জ্যোতিপ্ৰসাদৰ অন্তৰত বেজাৰ থাকিলেও আনন্দ বিৰিঙি উঠে। অসমীয়াৰ চকুত ‘জয়মতী’ অনিন্দ্যসুন্দৰ। গীত-মাত নিভাঁজ অসমীয়া। অসমীয়াৰ চিনা চিনা, শুনা শুনা, জনা জনা সুৰ, লগতে ‘লুইতৰ পানী যাবি ঐ বৈ’ শেষৰ গীতটি আৰু আৰম্ভণী গীতটিৰ সুৰ অসমীয়াৰ হিয়াৰ আমঠু পৰশ কৰে।’ (বিষ্ণুপ্ৰসাদ ৰাভাঃ উল্লিখিত প্ৰবন্ধঃ পৃঃ ২৫) ইয়াৰ বিপৰীতে বহুতে জয়মতীক চোকা ভাষাৰে সমালোচনা কৰিলে। কোনোবাই ‘জাপিমতী’ বুলি উপলুঙাও কৰিলে। উমেশ চন্দ্ৰ বৰুৱাই ব্যক্তিগত অনুভৱেৰে সমালোচনা কৰি লিখিছে— ‘সাধাৰণ দৰ্শকে ছবিখনৰ প্ৰথমৰ কেইটামান দৃশ্যৰ অৰ্থকে বুজিব নোৱাৰিব। বহুৱা মানুহৰ সাজ পিন্ধি, চাৰিওফালে পিয়াপি দি লৰি ফুৰা মানুহকেইটা যে ৰজাৰ চোৰাংচোৱা, তাক প্ৰথম দৃষ্টিত বুজি পোৱা টান কথা। তামোল গছত উঠি চাৰিওপিনে চোৱা, বিছনাৰ আঁৰত লুকাই ফুচ-ফুচকৈ কথা পতা আদি আভাস দিয়া সত্ত্বেও আমি প্ৰথমতে কথাটো টং কৰিব পৰা নাছিলোঁ। পিছত ৰাজকোঁৱৰবোৰক হত্যা কৰোৱা হোৱাতহে আমি বুজিলোঁ, সেই মানুহকেইটা চোৰাংচোৱা আছিল। বেয়া ফটোগ্ৰাফীৰ পৰা কথাটো ফুটি নুঠাটো অসম্ভৱ নহয়, কিন্তু আমি এই বিষয়ে পৰিচালকৰ চেষ্টাৰ একো গম নাপালোঁ। ষড়যন্ত্ৰ আৰু হত্যালৈ যি গল্পৰ আৰম্ভ সেই গল্পটোক প্ৰথমতে ভাওনাৰ নাচ আৰু অলপ পিছতেই সোৱণশিৰিৰ লিগিৰীৰ নাচটো সুমুৱাই দি গল্পৰ মূল ৰসলৈকে অৱহেলা আৰু অৱমাননা কৰা হৈছে।’ (উমেশ চন্দ্ৰ বৰুৱাঃ জয়মতী সম্পৰ্কে উমেশ চন্দ্ৰ বৰুৱাৰ কঠোৰ সমালোচনাটিঃ গীতাশ্ৰী তামুলী আৰু অখিল গগৈ সম্পাদিতঃ শিল্পীৰ আলোক যাত্ৰাঃ গ্ৰন্থত পূৰ্বে উল্লিখিত পৃঃ ৩৩৫-৩৩৬) বিশ্ব চলচ্চিত্ৰৰ ইতিহাস আৰু চলচ্চিত্ৰ শিল্পত অগাধ দখল থকা তথা পণ্ডিত্য থকা ব্যক্তি উমেশ চন্দ্ৰ বৰুৱাৰ এই সমালোচনাই বোলছবিখনৰ এটি সুন্দৰ অংশ আমাৰ মানসপটত জিলিকাই তুলিলে। সমালোচকক এই কাৰণেই ধন্যবাদহে জনাব লাগিব যে এইখিনি কথা লিখি নোযোৱা হ’লে আমি ‘জয়মতী’ বোলছবি নোচোৱাসকলে জ্যোতিপ্ৰসাদৰ সেই চিন্তাৰ উমান নাপালোঁহেঁতেন। শ্ৰদ্ধাৰ সমালোচকগৰাকীয়ে ‘সাধাৰণ দৰ্শকে ছবিখনৰ কেইটামান দৃশ্যৰ অৰ্থ বুজিবকে নোৱাৰিব’ বুলি কওঁতে চেৰেং কৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে নিৰক্ষৰ মানুহৰ বাবে ৰচনা কৰা ‘পূৰ্বকবি অপ্ৰমাদী’, ‘হামু সম্প্ৰতি’, ‘তুহু বিদ্যমান’, ‘সতিনীক অদ্ভুদয়’, ‘শোক মোহ মহা পংক মাজে’, ‘মহদানন্দ কন্দ পৰমানন্দ’ প্ৰভৃতি শব্দসমূহলৈ মনত পৰে। সাধাৰণ মানুহে নুবুজিব বুলি গুৰু দুজনাই ৰচনা কৰা নাছিল। ৰচনা কৰিছিল বুজিবৰ বাবেহে, তেওঁলোকে হয়তো ভাবিছিল, তুমি বুজিব লাগিব, তুমি জানিব লাগিব আৰু সুন্দৰ সুন্দৰ শব্দ সাধনাৰে নিজৰ প্ৰকাশ চমৎকাৰ কৰিব লাগিব। সেয়াও অন্য এক অধ্যায়।

‘জয়মতী’ৰ দৃশ্যগ্ৰহণৰ মহত্ত্বৰ দিশটো উপলব্ধি কৰি বিতোপন বৰবৰাই লিখিছে— ‘কোনোবাই লক্ষ্য কৰিছেনে নাই নাজানো, জয়মতীৰ শেহৰ সেই সূৰ্যমুখী শ্বট দুটা নিশ্চয় আছিল চিনেমাটোগ্ৰাফীৰ জগততে যুগান্তকাৰী। যাৰ বাবে পৰিচালক জ্যোতিপ্ৰসাদ আৰু কেমেৰামেন ভূপাল শংকৰ মেহতাৰ নাম বিশ্ব চলচ্চিত্ৰ ইতিহাসতে সোণালী আখৰেৰে লিখা থাকিব লাগে। কৰণ মেহতাই দৃশ্যটো লৈছিল যদিও শ্বট দুটাৰ পৰিকল্পনা যে জ্যোতিৰ চিত্ৰনাট্যতে আছিল সেয়া জয়মতীৰ আখ্যানৰ শেষৰ বাক্যটোৰ পৰাই জানিব পাৰি। কাৰণ ১৯৩৫ চনতটো দূৰৰে কথা আমি জনাত ১৯৫০ চনত আঁকিৰা কুৰ’শ্বাবাই তেওঁৰ প্ৰখ্যাত ছবি ‘ৰশ্ব’মন’ কৰালৈকে এনে দৃশ্য কোনেও ল’বলৈকে সাহস কৰা নাছিল আৰু বিশ্ব চলচ্চিত্ৰ ইতিহাসত এনে দৃশ্য প্ৰথমে ৰশ্ব’মনৰ কেমেৰামেন মিয়াগাৱা কাজুঅ’ইহে বুলি গণ্য কৰা হয়। এই সন্দৰ্ভত কুৰ’শ্বাৱাই ১৯৭৫ চনত লিখি উলিওৱা তেওঁৰ আত্মজীৱনী ‘ছামথিং লাইক এন অটোবায়গ্ৰাফী’ত লিখিছে— These
days it is not uncommon to point the camera directly at the Sun, but at the time ‘Rasomon’ was being made (1950) it was still one of the ta boos in Cinematography, it was even thought that the sun’s rays Shinning directly into your Lens would burn the film in your camera. But my camera man Miyagawa Kazuo, boldy defied this convention and created superb images. The introdueing section in particular, which leads the viewer through the light and shadow of the forest into a world where human heart loses its way, was truely magnificent camera work. This is not only one of Miyagawa’s masterpieces but a world class masterpiece of black and white cinematography.. (বিতোপন বৰবৰাঃ জ্যোতিপ্ৰসাদৰ জয়মতীঃ জ্যোতি প্ৰপাতঃ সম্পাদক- দীপাংক হাজৰিকা প্ৰকাশকঃ ডঃ ভূপেন হাজৰিকা ফাউণ্ডেচনঃ প্ৰাগজ্যোতি কমিউনিকেচনছ গুৱাহাটীঃ ২০১৪ পৃঃ ১৪৬)। কুৰ’শ্বাৱাই ১৯৭৫ চনত আত্মজীৱনীত লিখিছে— কেমেৰামেন মিৱাগাৱা কাজুৱাই ১৯৫০ চনতহে সূৰ্যৰ ফালে কেমেৰাটোৱাই প্ৰথম ফটোগ্ৰাফী লৈছিল। তাৰ আগতে ভবা হৈছিল যে সূৰ্যৰ ফালে কেমেৰা পোনালে কেমেৰাৰ ভিতৰৰ ফিল্মখিনি জ্বলি যাব। কিন্তু ১৯৩৫ চনতে সেই কাম জ্যোতিপ্ৰসাদ আৰু ভূপাল শংকৰ মেহতাই সম্পাদন কৰি ইতিহাস ৰচনা কৰি গ’ল জয়মতী বোলছবিত।

জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ বোলছবিত বহুতো অভিনৱ আৰু হদয়স্পৰ্শী ‘চিত্ৰ-অনুক্ৰম’ ৰচনা কৰা হৈছে। বিতোপন বৰবৰাই উল্লিখিত ‘জ্যোতিপ্ৰসাদৰ জয়মতী’ প্ৰবন্ধটিত কেইবাটাও তেনেকুৱা অপূৰ্ব আৰু মৰ্মস্পৰ্শী দৃশ্যৰ ব্যাখ্যা আগবঢ়াইছে। সেইখিনিৰ ভিতৰত জয়মতীক ৰজাৰ ঘৰলৈ ন-কইনাক নোৱাই-ধুৱাই নিয়াৰ দৰেই, নেপথ্যত বিয়ানাম গাই গাই ঘৰৰ পৰা উলিয়াই নিয়াৰ দৃশ্য, গদাপাণিয়ে ডালিমীৰ পৰা বিদায় লোৱা দৃশ্য, পুৰুষৰ বেশ ধৰি সেউতীয়ে এটা পুখুৰীৰ পাৰত দিলিহিয়াল ফুকনক লগ কৰাৰ দৃশ্য, দিলিহিয়াল ফুকনৰ সৈতে জয়মতীৰ সখী সেউতীয়ে ঘোঁৰা চেকুৰাই শক্ৰৰ সন্মুখীন হোৱা দৃশ্য, জয়মতীক জেৰেঙা পথাৰত শাস্তি দিয়াৰ দৃশ্য, জয়মতীয়ে মৃত্যুবৰণ কৰাৰ সময়ত ‘সন্ধিয়া মাৰ যোৱা বেলি’ মুভী কেমেৰাৰ আগেৰে জয়মতীক জেৰা-অত্যাচাৰৰ নায়ক গাঠি হাজৰিকা প্ৰমুখ্যে লোকসকল আঁতৰি যোৱা দৃশ্যসমূহ আৰু অনেক দৃশ্য জয়মতীৰ অতি অপূৰ্ব দৃশ্য। (বিতোপন বৰবৰাঃ উল্লিখিত প্ৰবন্ধত সবিশেষ।) যিসমূহ দৃশ্যই ‘জয়মতী’ বোলছবিক ৰসোত্তীৰ্ণ কৰি তুলিছে।

‘অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ’ গ্ৰন্থত অপূৰ্ব শৰ্মাই লিখিছে— ‘১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ৰে অসমীয়া চলচ্চিত্ৰৰ শুভাৰম্ভ হয়। জ্যোতিপ্ৰসাদৰ প্ৰতিভাৰ গুণত ই আছিল এক সুস্থ, বাস্তৱমুখী, অভাৱনীয়ভাৱে প্ৰেৰণাদায়ক প্ৰয়াস। জ্যোতিপ্ৰসাদ আগৰৱালা এজন বোলছবি পৰিচালক হিচাপে সৰ্বভাৰতীয় প্ৰেক্ষাপটত অথবা ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত জিলিকি থাকিব লাগিছিল।’ সেই কাৰণ ব্যাখ্যা কৰি অপূৰ্ব শৰ্মাই পুনৰ লিখিছে— ‘খুউব সম্ভৱ চলচ্চিত্ৰকাৰ হিচাপে জ্যোতিপ্ৰসাদৰ অসম্পূৰ্ণ প্ৰতিশ্ৰুতিৰ ফলতেই বা জাতি হিচাপে আমাৰ অতীত-ঐতিহ্যক ভাৰতীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ আমাৰ ব্যৰ্থতাৰ বাবেই প্ৰচলিত ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত জ্যোতিপ্ৰসাদৰ যথোপযুক্ত উল্লেখ নাই। কিন্তু উত্তৰ-পূব ভাৰতত চলচ্চিত্ৰৰ প্ৰথম বাটকটীয়া হিচাপেই তেওঁৰ আলোচনা ভাৰতীয় চলচ্চিত্ৰ ইতিহাসত প্ৰশ্নাতীতভাৱে প্ৰাসংগিক।’ জ্যোতিপ্ৰসাদৰ চলচ্চিত্ৰ নিৰ্মাণ আৰু পৰিচালনাৰ দক্ষতাৰ গুৰুত্ব অনুভৱ কৰি অপূৰ্ব শৰ্মাই পুনৰ লিখিছে— ‘আলম আৰাৰ মুক্তিৰ মাত্ৰ চাৰি বছৰৰ পিছতেই আধুনিকতা আৰু কাৰিকৰী দিশত পশ্চাৎপদ, অসমত স্থানীয়ভাৱে অস্থায়ী ষ্টুডিঅ’ নিৰ্মাণ কৰি, যন্ত্ৰপাতি ভাৰা কৰি আনি তেওঁ ‘জয়মতী’ নিৰ্মাণ কৰি উলিয়ায়। কাৰিকৰী আৰু অন্যান্য ত্ৰুটি সত্ত্বেও ‘জয়মতী’ৰ সামগ্ৰিক দৃশ্যধৰ্মী গুণ (Visual quality) আৰু চলচ্চিত্ৰধৰ্মী অভিনয়ৰ (Cenematic acting) পৰাই চলচ্চিত্ৰ মাধ্যমটিৰ ওপৰত জ্যোতিপ্ৰসাদৰ যথোপযুক্ত জ্ঞান আৰু দখল অনুভৱ কৰিব পৰা যায়। তাতোধিক গুৰুত্বপূৰ্ণ কথা হ’ল যি সময়ত ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঠাইতে চলচ্চিত্ৰক আমোদ-বিলাসৰ সীমাবদ্ধ ৰখা হৈছিল, সেই সময়ত জ্যোতিপ্ৰসাদে এটা বুৰঞ্জী আশ্ৰিত কাহিনীৰ বাস্তৱ ৰূপহে তেওঁৰ প্ৰথম চলচ্চিত্ৰখনৰ বাবে নিৰ্বাচন কৰিছিল। ই তেওঁৰ শিল্পবোধ আৰু ৰুচিৰ সাক্ষ্য দিয়াৰ উপৰি তেওঁৰ দুঃসাহসিকতাকো নিশ্চয় প্ৰমাণ কৰে।’ (অপূৰ্ব শৰ্মা অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰঃ দুৰ্গাচৰণ পূজাৰী স্মৃতি ন্যাসৰ হৈ প্ৰকাশক জ্ঞান পূজাৰীঃ ২০০১, পৃঃ ১০)। প্ৰফুল্ল চন্দ্ৰ বৰুৱাই অতি আক্ষেপেৰে লিখিছে— ‘বোলছবিখন নিৰ্মাণ কৰিবৰ বাবে জ্যোতিপ্ৰসাদে যি সংগ্ৰাম কৰিব লগা হ’ল আৰু যেনেবোৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হ’ল, সেয়া বৰ্ণনা কৰাতকৈ কল্পনাহে কৰিব পাৰি। ই আছিল প্ৰকৃততে এক দুঃসাহসিক উদ্যোগ। অসৎ কাৰিকৰসকলে তেওঁক প্ৰতাৰণা নকৰাহেঁতেন, জয়মতী এখন অসাধাৰণ বোলছবিত পৰিণত হ’লহেঁতেন’ (প্ৰফুল্ল চন্দ্ৰ বৰুৱা উল্লিখিত প্ৰবন্ধ – পৃঃ ১১৮)

হাজাৰ বাধা অতিক্ৰমি জ্যোতিপ্ৰসাদে প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণ কৰিলে। যাৰ প্ৰতিটো চিন্তাই আছিল অসমীয়া, কাহিনী, সাজপাৰ, আ-অলংকাৰ, আচবাব, দৃশ্যসজ্জ, সংগীত… সকলো অসমীয়া। লুইতৰ পানী বৈ থাকিব। ‘জয়মতী’ও জিলিকি থাকিব। জিলিকি থাকিব জ্যোতিপ্ৰসাদ অসমীয়া মানুহৰ হদয়ে হদয়ে।

ডঃ অনিল শইকীয়া

LEAVE A REPLY

Please enter your comment!
Please enter your name here